অপাংক্তেয় (ধনজিৎ কলিতা)
কোনেও কাৰো শূণ্যতাক চুই চাব নোৱাৰে বুলি জানিও
চুই চাব খুজিছিলোঁ তোমাৰ দুওঁঠৰ শূণ্যতাৰ সাগৰ,
উৰণীয়া পখীটিয়ে শূণ্যতে জিৰাব নোৱাৰে বুলি জানিও
জুৰাব খুজিছিলোঁ— তোমাৰ দুবাহুৰ ছাঁত মোৰ শূণ্যতাৰ ভাগৰ |
সন্ধ্যাকাশৰ মলিনতাক সন্ধ্যাতৰাই মচাৰ দৰেই
তোমাৰ আচলৰ সেউজীয়াৰে মচি দিব খুজিছিলো
শূণ্যতাৰ সমস্ত মৌনতা ;
অপাংক্তেয় পংক্তিৰেই ব্যক্ত কৰিব খুজিছিলো জানা
অব্যক্ত্য বেদনাৰে অৰিক্ত হৈ থকা
হৃদয়ৰ গভীৰ ৰিক্ততা |