অপমৃত্যু(-প্ৰদ্যুৎজ্যোতি শইকীয়া)
নাজ আহমেদ, ভাঙ্গাৰ কোটিপতি ব্যৱসায়ী আলতাফৰ তিনি নম্বৰ সন্তান নাজ পঢ়াত ভালেই বুলি ক’ব পাৰি। স্থানীয় কলেজৰ পদাৰ্থ বিজ্ঞান শাখাৰ স্নাতক তৃত্বীয় বাৰ্ষিকৰ ছাত্ৰ। বাইক ৰাইডিঙত নাম্বাৰ ওৱান। পিছে নাজৰ বৰ বেয়া অভ্যাস এটা আছে। সন্ধিয়া হ’লেই সেই বিলাতীবিধ এটুপি নধৰিলে পঢ়াত মন নবহে। যদিও মুছলমান সমাজত সেইবিধ নচলে, তথাপিও অভ্যাসতো বজাই ৰাখিছে নাজে। আচলতে এই অভ্যাসৰ আঁৰত দুই একজন হিন্দু বন্ধুৰ হাত নথকা নহয়। তাৰ ভিতৰত ৰাজু পালৰ নাম উল্লেখযোগ্য। ৰাজু পাল মেকানিক হিচাপে খুব সুপৰিচিত। বাইকৰ ভাল মেকানিক। এনেয়েও বদৰপুৰ আৰু কৰিমগঞ্জত মেকানিকগিৰি খুব চলে। কাৰণ ৰেলৱে লাইন এতিয়াও ব্ৰডগজ হোৱা নাই। সেয়ে স্থল পথেৰেই সকলো আমদানি ৰপ্তানি চলে। আৰু স্থলপথৰ বাবে গাড়ীৰ প্ৰয়োজন। ৰাজু পালৰ বন্ধু হিচাপে নাজৰ নাম এক নম্বৰত। নাজৰ শেহতীয়া মডেলৰ R15 বাইকখনৰ চোৱাচিতাৰ ভাৰ ৰাজুৰ ওপৰতে। ৰাজুৱে সকলোফালে চাই টিপটপ কৰি ৰাখে নাজৰ বাইকখন। সেয়ে হয়তো সন্ধিয়াৰ বিলাতী সুৰাৰ দামটো নাজৰ পকেটৰ পৰাই যায়। নাজেও ভাল পায়। কাৰণ লগৰ ল’ৰাৰ লগত বহি মদ খাব নোৱাৰে সি। দেউতাকে গম পাই যাব। আৰু সেইটো হ’লেই শেষ। ঘৰৰপৰাই বাহিৰ হ’ব লাগিব। গতানুগতিক ভাৱেৰেই চলি আছিল নাজৰ জীৱন। নতুন হিন্দু গাৰ্লফ্ৰেণ্ড ৰূপশ্ৰীৰ লগত প্ৰেম চলাৰ বাহিৰে। নৱেম্বৰৰ ৯ তাৰিখ। সদায় যোৱাৰ দৰে সেইদিনাও বদৰপুৰৰ ঘূমটিখনৰ ভিতৰত বহি ৰাজু আৰু নাজে খুলি ল’লে এটা “চহী(Signature)” নাম লিখা বিলাতী সুৰাৰ বটল। নাজৰ ফেভাৰিট ব্ৰেণ্ড। ৰূপশ্ৰীক পটোৱাৰ পাৰ্টিৰ নামত খাইছে সি আজি। আধা(half) এটা শেষ কৰাৰ পাছত আৰু খোৱাৰ মন মেলিলে নাজে। পিছে মদ দোকানত শেষ। গতিকে উপায়ন্তৰ হৈ কৰিমগঞ্জলৈ ঢাপলি মেলিবলৈ বাধ্য হ’ল নাজ আৰু ৰাজু। পিছে “মকৈ ভাঙ্গা” পোৱাৰ আগৰ ব্ৰীজ খনত ৰাজুৱে বাইক ৰখাই কাঁহৰ ঔষধ “কৰেক্স” অলপ খাই ললে। নাজৰো সৰু কাঁহ এটা হৈ থকা বাবে সিও অলপ খাই ল’লে ৰাজুৰ পৰা। পিছে ৰাজুৱে কাঁহৰ কাৰণে নে অন্য কিবাৰ কাৰণে খালে ৰাজুৱেহে জানে। ৰাজুৰ ওঁঠৰ তলৰ মিচিকিয়া হাঁহিটোৱেহে কৈ গ’ল অন্য কিবা এটা। কৰিমগঞ্জৰ বাবা হোটেলত বহি “বাতানুকুল ক’লা(AC black)” এটাৰ দুই পেগ খোৱাৰ পাছতেই বেহুচ হৈ পৰিল নাজ। পাছত নাজে কেতিয়া হুচ ঘুৰাই পালে নে নাপালে জনা নাযায়। কাৰণ তিনিদিন পাচত বৰ হৰফৰ আখৰেৰে “দৈনিক যুগশঙ্খ” আৰু বৰাক উপত্যকাৰ আন কাকতত প্ৰকাশ হ’ল “প্ৰখ্যাত তৈল ব্যৱসায়ী আলতাফ আহমদৰ পুত্ৰ নাজ আহমদক অপহৰণ কৰি হত্যা।” অ’ এটা কথা ক’বলৈ পাহৰিছিলো ৰাজু মেকানিকৰ আন এটা পৰিচয়ও আছে “তলৰ সমাজত(underworld)।” সি দুৰ্ধৰ্ষ মাফিয়া গোট এটাৰ অপহৰণ বিশেষজ্ঞ। এটা অপহৰণ পাৰ্ফেক্ট কৰিবলৈ যি কোনো পন্থা অৱলম্বন কৰিবলৈ সদায় প্ৰস্তুত থাকে সি। নাজক অপহৰণ কৰিবলৈও সি একবছৰ চাৰি মাহ সময় লৈছিল। আৰু সময়মতে সি কাম পূৰাও কৰিলে।
চাৰি পাঁচবাৰমান ফৰ্মূটি মাৰি ভাগৰি পৰিল আহাদৰ কনমানি হাতখন। মোৰ হস্পিতালৰ পাছফালে থকা চলটাজোপাৰ পকা চলটা(ঔটেঙা) তিনিটা তাৰ ফৰ্মূটিৰ লক্ষ্য। দহ বছৰীয়া আহাদৰ সবল নোহোৱা হাতৰ পেশী কেইটাই অসহযোগ কৰি উঠিল। ফৰ্মূটিডালেও যেন আদেশ মানিবলৈ প্ৰস্তুত নহয়। মনতো সেমেকি উঠিল আহাদৰ। মাকৰ কাঁহি থকা মুখখনলৈ মনত পৰিল তাৰ। লগতে দাৰিদ্ৰ সীমা ৰেখাৰ তলত থাকিও চাৰিজনী মানুহ বিয়া কৰোৱা তাৰ দুই নম্বৰ বাপেকটোলৈও। বাপেকলৈ মৰমত নহয় ঘৃণাতহে মনত পৰে তাৰ। আগৰ দ্ৰাইভাৰ বাপেকলৈও মনত পৰে তাৰ কেতিয়াবা।আগৰ বাপেক যদি এতিয়া জীয়াই থাকিলেহেঁতেন তেন্তে নিশ্চয় মাকক তাৰ জেঠুৱেকে মানে তাৰ বৰ্তমান বাপেকে বিয়া পাতিব নোৱাৰিলেহেঁতেন। বিয়া পাতিও কি সুখ দিছে তাৰ মাকক। ভনীয়েক ইস্তানাৰ জন্মৰ পাছৰ পৰাই মাকৰ গাত অসুখে লগ নেৰা হ’ল। হোঃ! মনটো জোকাৰি অতীতৰ পৰা ঘূৰি আহিল আহাদ। শইকীয়া ছাৰে মাকৰ কাৰণে লিখি দিয়া ঔষধ কেইটা আনিবলৈ সি এই চলটা কেইটা গছৰ ডালৰ পৰা নমাব লাগিবই। বাধ্য সি। কমেও তিনিশ টকাৰ জোখেৰে আজি চলটা পাৰিব লাগিব। আল্লাক সুঁৱৰি আকৌ ফৰ্মূটি মৰা আৰম্ভ কৰিলে আহাদে। বহুত কষ্টৰ মূৰত টকাৰ জোখাৰে চলটা পাৰিব পাৰিলে সি। সময়ৰ অপব্যয় নকৰি খৰকৈ খোজ ল’লে সি ভাঙ্গা বজাৰ অভিমুখে।
স্থান: ভাঙ্গা বজাৰ। পৰিবেশ ঠাণ্ডা। নাজৰ হত্যাত সকলো মুক হৈ আছে। তথাপিও পেটৰ দায়ত পৰি সৰুকৈ বজাৰ বহিছে। তাৰ মাজতে আহাদে চলটাখিনি লৈ বহিল। মনটো অজান আশংকাত ভূগিল। চলটা কেইটা বিক্ৰী নোহোৱাৰ আশংকা। বিক্ৰী নহ’ব লাগিলে তাৰ বাৰ বাজিব। মাকৰ ৰোগও বাঢ়িছ। একমাত্ৰ ঔষধেহে কমাব পাৰে ৰোগ। সি সেইটো খুব ভালকৈ জানে। ঔষধৰ দোকানখনলৈ এবাৰ চালে সি। প্ৰেছস্ক্ৰিপছনখনো খেপিয়াই চালে মোনাৰ ভিতৰত। আছে, সকলো ঠিকেই আছে। চলটা কেইটা বিক্ৰী হ’লেই কাম শেষ। লাহে লাহে মানুহ বাঢিব ধৰিলে বজাৰত। প্ৰায় ৬ টামান চলটা বিক্ৰী হ’লেই তাৰ। মনটো ভাল লাগি গ’ল তাৰ। পিছে সেই সময়তে শোভাযাত্ৰা কৰি নাজৰ শৱ আহি পালে ভাঙ্গা। ভাঙ্গাৰ স্থানীয় ল’ৰা হিচাপে খুব জনপ্ৰিয় নাজৰ মৃতদেহ দেখাৰ পাচতেই ৰাইজৰ মাজত কান্দোনৰ ৰোল উঠিল। বজাৰ স্তব্ধ হৈ গ’ল। শোকাৰ্ত্ত হ’ল সকলো। আহাদ পিছে অন্য আশংকাতহে ভূগিল। যদিও বজাৰৰ পৰা বহু আঁতৰত জানাজাৰ স্থান। তথাপিও নাজৰ মৄতদেহ দেখি দুই একোজন ৰাইজ খঙত ফাটি পৰিল। কাৰণ মদ খোৱাৰ পৰা আৰম্ভ কৰি হত্যা কৰালৈকে সকলোখিনি উদ্ধাৰ কৰিছিল পুলিছে। কেৱল ধৰিব পৰা নাছিল ৰাজুক। জানাজা প্ৰায় শেষ হওঁ হওঁ। সেই সময়তে চিঞৰ উঠিল “এই মদৰ দোকানবোৰৰ কাৰণেই এনে হ’ল।” এই শাৰী বাক্য যথেষ্ঠ আছিল সকলোকে উত্তেজিত কৰাৰ বাবে। উত্তেজিত জনতাই আৰম্ভ কৰিলে ভাঙ্গাৰ মদৰ দোকান আৰু মদ চুৰকৈ বেচা ঘুমটি বিলাকৰ ধ্বংস যজ্ঞ। পৰিস্থিতি দেখি লৰালৰিকৈ চলটা কেইটা বস্তাত ভৰোৱা আৰম্ভ কৰিলে আহাদে। শান্তি শৃংখলা বজাই ৰাখিবৰ বাবে পুলিচ বাহিনীয়ে আহিয়েই দোকান ধ্বংস কৰাসকলৰ ওপৰত লাঠী চালনা আৰম্ভ কৰিলে। ভয়াৰ্ত জনতাই ভাঙ্গাৰ মূল বজাৰ অভিমুখে দৌৰ লগালে। ভিৰৰ এই হেঁচা ঠেলাত আহাদৰ হাতৰ পৰা বস্তাটো এৰা খাই গোটেই সোপা চলটা ৰাস্তাত সিঁচৰতি হৈ পৰিল। সি বুটলিবলৈও চেষ্টা কৰিব নোৱাৰিলে। কাৰণ ভৰিৰ উজুটিত সোপাকে চলটা নৰ্দমাত পৰিলগৈ। শোকত কিনাৰৰ ফুটপাথতে বহি পৰিল আহাদ। নাজ অপহৰণ আৰু হত্যাৰ লগতে কেইটামান চলটা, আহাদৰ আশাবোৰৰো অপমৃত্যু ঘটিল। মই ঠাৱৰ কৰিব নোৱাৰিলো কাক সমবেদনা জনাওঁ, চলটা কেইটাক, নে আহাদক নে নাজৰ পৰিয়ালক নে লাঠী খোৱা জনতাক নে মদৰ দোকানৰ মালিকবোৰক?
(কৰিমগঞ্জৰ ভাঙ্গাত ৯ নবেম্বৰত ঘটি যোৱা নাজ অপহৰণ আৰু হত্যাৰ ঘটনাৰ আলম লৈ গল্পটো ৰছনা কৰা হৈছে।)