অপাত্র: উজ্জ্বল ফুকন
নীলা আকাশ সদায় নাথাকে
ক’লা মেঘো কেতিয়াবা আগবাঢ়ি আহে।
মেঘৰ চকুলো বৰষুণ হৈ তোমাৰ তিতি থকা চুলিত পৰে
প্রেম চাগৈ সেই টোপালটো আৰু চুলিখিনিৰ মাজতে জীয়াই আছে।
চুলিৰ আগত বহি টোপালটোৱে তোমাৰ গালখন মৰম কৰে,
দুখত মেঘে কৰা আৰ্তনাদ সিহঁতে ভুলতো নুবুজে।
প্রেমে মূল্য নিবিছাৰে
প্রেম অমূল্য।
দাম-দৰ কৰি প্রেমক কিয় বজাৰ কৰিলা!
নাজানো, তোমাৰ দৰে বেপাৰী মানুহ কিয় প্রেমত পৰিলা?