অপাৰেচন ৰাইনো (মল্লিকা কলিতা)


চনটো খুবসম্ভৱ ১৯৯১ চন, মাহটো পাহৰিছোঁ, কিন্তু গৰমৰ বন্ধ আছিল। সময় ভৰদুপৰীয়া। মই ভন্টিৰ সৈতে বাহিৰত খেলি আছিলোঁ। মা কাষৰ বৰমা এজনীৰ ঘৰলৈ গৈছিল। এটা সময়ত আমি দুয়ো ভাগৰ লাগিলত টিভি চোৱাত লাগিলোঁ। বাহিৰত ‘খুড়ী’ ‘খুড়ী’ বুলি কাৰোবাৰ এটা চিনাকী মাত শুনা গ’ল। ওলাই আহিলত মোৰ আৰু ভন্টিৰ মুখৰ মাত হৰিল। দুয়ো তেনেই থৰ লাগিলোঁ। আমাৰ চোতালত প্ৰায় ১০/১২ জন ভাৰতীয় সৈন্যৰ পোচাকত সেনাবাহিনীৰ জোৱান দেখোন। তেতিয়া বাতৰি কাকতত প্ৰায়ে পঢ়িবলৈ পাইছিলোঁ ভাৰতীয় সেনাবাহিনীৰ আলফা ধৰাৰ নামত নিৰীহ লোকৰ ওপৰত কেনে বৰ্বৰ অত্যাচাৰ চলাইছিল। কিমান লোক যে চিৰদিনৰ বাবেই ঘূণীয়া হৈ পৰিছিল। বিশেষভাৱে গাঁও অঞ্চলৰ ডেকা তথা জীয়ৰী-বোৱাৰী থকাটোৱেই অসম্ভৱপ্ৰায় হৈ পৰিছিল। মই তেতিয়া সপ্তম মানত পঢ়ি আছিলোঁ, গতিকে কথাবোৰ বুজি পাইছিলোঁ আৰু কথাবোৰ পঢ়ি বুজি (!) আমি ভীতিগ্ৰস্তও আছিলোঁ।
 
-“খুড়ী ক’ত?” আমি তেতিয়াহে মন কৰিলোঁ, এয়াচোন আমাৰ বৰদেউতাৰ ল’ৰা ‘হিৰেণ দাদা’। কিন্তু আৰ্মীৰ লগত কিয়?
 
শিক্ষক দাদা আগদিনা আমাৰ ঘৰৰ পৰাই গুৱাহাটীৰ হাতীগাঁৱৰ পেহীহঁতৰ ঘৰলৈ গৈছিল, আজি ঘূৰি আহিম বুলি। ভন্টিয়ে মাক মাতিবলৈ কাষৰ ঘৰলৈ লৰ দিলে, ময়ো ৰৈ নাথাকিলোঁ। আমি মাক আৰ্মীয়ে দাদাক ধৰি আনিছে বুলি কোৱাত মা ঢপলিয়াই আহিল। দাদাই মাক দেখি, আতংকিত স্বৰত ক’লে- ”অ’ খুড়ী, মোক ইহঁতৰ পৰা বচোৱা। মোক ইহঁতে গাড়ীত তুলি লৈ যাব ওলাইছে।” পাৰিলে মাৰ যেন কোচত লুকাই পৰিব দাদাই।
মাই চিঞৰ বাখৰ লগালে, “কথা নাই বতৰা নাই কেনেকৈ নিব তোমাক?” দাদাই মাৰ গাতে গা লগাই থিয় হৈ ৰ’ল। মাৰ চিঞৰ বাখৰত সৰু-সুৰা ভিৰ এটাই জমা হ’ল। আৰ্মীয়ে হিন্দীতে কৈ আছে “চলো, চলো”। আৰ্মীয়ে যিমানে “চলো, চলো” বুলি কয় মাই অসমীয়াতে “কিয় যাব আমাৰ ল’ৰা?”, “ক’লৈ লৈ যা তাক?” বুলি হাল্লা আৰম্ভ কৰি দিয়ে। মাই অসমীয়াতে অনৰ্গল কৈ আছে। হিন্দীত ঘটনাৰ বিৱৰণী দিবলৈ কোনো আগবাঢ়ি অহা নাই। মাই দাদাক সুধিলে, “তোমাক কিয় ধৰিলে? … কিয় চকুত পৰিলা ইহঁতৰ?” দাদাই সৰু সৰু মাতেৰে যিখিনি কথা ক’লে তাৰ পৰা বুজা গ’ল যে- পেহীহঁতৰ ঘৰৰ পৰা আহি থকা অৱস্থাত চ’কটোত আৰ্মীৰ গাড়ী দেখি সি ভয়তে বেগাই খোজ ল’লে। আৰ্মীয়ে প্ৰথমবাৰ ৰ’বলৈ কোৱাত সি হেনো ৰখা নাছিল। পিছত আৰ্মীৰ গাড়ীয়ে তাৰ পিছ ল’লে। তাক ইমান বেগাই যোৱাৰ কাৰণ সুধিলত, সি তাহাঁতক ক’লে, “মাৰ বেমাৰ…. এয়া গাখীৰ লৈ গৈ আছোঁ।” পেহীহঁতৰ আকৌ সেইসময়ত গাই গৰু আছিল আৰু সি আমালৈ দি পঠিওৱা গাখীৰৰ বটলটো দেখুৱাই নিজৰ সত্যতাৰ প্ৰমাণ দিব বিচাৰিছিল। এবাৰ তাৰ লগৰ বন্ধু এজনে মাকৰ অসুখৰ বৰ্ণনাৰে আৰ্মীৰ কবলৰ পৰা সহজতে নিষ্কৃতি পাইছিল। সেয়ে তাৰ মূৰত খেলালে এই কথাখিনি। পিছে দাদাৰ কথা-বতৰা, চাল-চলনত সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ “গাড়ীৰে ঘৰত থম আৰু বেমাৰী মায়েৰক চোৱাও হ’ব” বুলি তাক এইখিনি পোৱালেহি। দাদাই আগৰে পৰাই বেগাই খোজ কাঢ়ে। মাক ঘৰত নেদেখি আৰ্মীৰ সন্দেহ দুগুণ হ’ল। “মাৰ যদি বেমাৰেই ঘৰত কিয় নাই(?)” জোৱান কেইজন বিৰক্তও হৈছিল, অসমীয়া শুনি শুনি। খঙতে দাদাক নিবলৈ একপ্ৰকাৰ সাজুৱেই হ’ল।
উল্টা-পুল্টা কথা কাণ্ড, ইটোৰ লগত সিটোৰ মিল নাই, খেলিমেলি ঘটনা। মাৰ খং উঠিছে। প্ৰথম কাৰণ— ভতিজা ল’ৰাই মিছা মাতিছে। আৰু দ্বিতীয়তে হিন্দী বিষয়ত প্ৰৱীণ পাছ দাদাই এটা শব্দও হিন্দীত ক’বলৈ পাৰা নাই। নিশ্চুপ হৈ কেৱল মাৰ শৰণাপন্ন হৈছে। মাৰ সৈতে ওচৰ-চুবুৰীয়া দুই এগৰাকী খুড়ীয়েও মাত মাতিছে, কিন্তু সেয়া সকলো মিছা। কলা-বোবাৰ কথোপকথন হে যেন(!)।
ভগৱানৰো কি ইচ্ছা, সেই দুৰ্বিসহ সময়তে ‘ডেকা জেঠা’ ওলালহি আৰু ইংৰাজীতে তেওঁলোকক বুজাই দিলে যে, “এই ল’ৰাটো গাঁৱলীয়া…. অলপ বুৰ্বক ধৰণৰ সেয়ে এনে ঘটনা হ’বলৈ পালে”, ডেকা জেঠা অসম চৰকাৰৰ ৰাজপত্ৰিত বিষয়া। সেই হিচাপে তেখেতক সন্দেহ কৰাৰ থল আৰ্মী অফিচাৰজনে বিচাৰি পোৱা নাছিল। শেষত হাঁহি মাৰি জেঠাৰ সৈতে কৰৰ্মদন কৰি আৰ্মীৰ অফিচাৰ আৰু তেওঁৰ সাংগোপাংগই সেই স্থান পৰিত্যাগ কৰে। আমিও স্বস্তিৰ নিশ্বাস লওঁ। আমি দাদাক বহুদিনলৈ এই ঘটনা লৈ জোকাইছিলোঁ। আজিও মনত পৰিলে হাঁহি উঠে আমাৰ।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!