অপূৰ্ব কলিতাৰ ভাৱৰ জোঁট-পোট (অপূৰ্ব কলিতা)

(১)

সু-নাগৰিক :-
***********

নাৰ্ছাৰী বাচ ষ্টপেজ পাওতেই আহিল নহয় ফোনটো , গাড়ী চলাই থাকোঁতে মই ফোন ৰিচিভ কৰিব টান পাওঁ । মই সৰুৰ পৰাই এজন দায়িত্বশীল নাগৰিক ৰ ভূমিকা পালন কৰি আহিছোঁ । সমাজৰ নীতি-নিয়ম সকলো মানি আহিছোঁ । নাজানোঁ মানুহ বোৰে কিয় এই নিয়ম বোৰ মানিব টান পায় ? কোনোবা পুৰুষৰ কন্ঠস্বৰ শুনা পায়েই কাটি দিলোঁ । নিয়ম ইচ নিয়ম ভাই । এন আৰ এল পেট্ৰ’ল পাম্পত তেল ভৰাম বুলি গাড়ীখন সোমাই দিলোঁ । ১০০০ টকাৰ তেল ভৰাব দি চালো আকৌ ফোন । পেট্ৰল পাম্পত ফোনত কথা পাতিব নালাগে । নিয়ম ইচ নিয়ম ভাই । ফোনটো বন্ধ কৰি চিগাৰেট এটা জ্বলাই ললোঁ আৰু জুইশলাই কাঠীটো খিৰিকীৰে বাহিৰত পেলাই দিলোঁ । মিটাৰত জিৰ’ আছিল নে নাই মই সদায় লক্ষ্য কৰো আৰু পুৰাপুৰি ১০০০ টকাৰ দিছে নে নাই চাই আছিলোঁ । তেল দিয়া ল’ৰাকেইটাই কিবা ইংগিত দি আছিল , নাজানোঁ কি ইংগিত । তেল ভৰোৱা হোৱাত গুছি আহিলোঁ । জু তিনিআলিৰ জেব্ৰা ক্ৰচিঙত গাড়ী খন লাহেকৈ ৰখালোঁ , কোনোবা পাৰ হব আছে নে নাই চালো , সেই সময়তেই ৰঙা লাইটটো জ্বলি উঠিল আৰু মই তীব্ৰ গতিত গাড়ী খন আগবঢ়ালোঁ । ট্ৰেফিক পুলিচটোৱে জোৰকৈ হুইচেল বজাই আছিল , কোনোবাই কিজানি আইন মনা নাই । ট্ৰেফিকৰ নিয়ম বোৰ মানুহে যে কিয় মানিব নুখুজে নহয় , জেব্ৰা ক্ৰচিংত গাড়ী সদায় লাহে লাহে চলাব লাগে । কিছুমানে আকৌ মদ খায়ো গাড়ী চলাই । নাপাই দেই এনেকৈ গাড়ী চলাব । এইবুলি কালিয়েই বনাই ৰখা মনিপুৰী ভাঙৰ চিগাৰেটতো জ্বলাই ললোঁ । গাড়ী চলাওঁতে সদাই মনোযোগ দি চলাব লাগে , বাকী একো কথা ভাবিব নালাগে । ভাঙৰ  চিগাৰেটতো শেষ হোৱাত ম’বাইলটো খুলি ফেচবুক উলিয়াই যোৱা কালি দিয়া কবিতাটোত কেইটা লাইক আৰু কোনে কোনে কি কমেন্ট দিছে চাই চাই গাড়ী আগবঢ়াই নি আছোঁ । ঠিক গুৱাহাটী ক্লাৱৰ গোল চকটো পাওতেই সোঁ ফালৰ চিগনেল লাইটটো দি মই বাওঁফালে উলুবাৰীলৈ গাড়ী ঘুৰালোঁ । এই চিগনেল বোৰ দিওঁতে মই বৰ সতৰ্ক । বি বৰুৱা কলেজৰ সন্মুখত গাড়ীখন ইমান জোৰকৈ জাম্পিং কৰিলে নহয় , মোৰ মূৰটো একেবাৰে থেকেচি গ‘ল । এই স্পীদ বেকাৰবোৰো য’ত ত’তে দিয়ে চৰকাৰে । কাণ্ডজ্ঞানহীন ক’ৰবাৰ । খঙতে গাড়ীৰ স্পীড মোৰ ১২০ ৰ ওপৰত গ‘ল । ঠিক ভঙাগড় উৰণীয়া সেতুৰ পষ্ট এটাত হঠাৎ গাড়ীখনে খুন্দিয়ালে । উপাই নাই আৰু এই মগজহীন ইঞ্জিনিয়াৰ সোপাৰ , ইমান ডাঙৰ খুটা কিয়নো দিব লাগে । দিলেও লিখি দিব লাগে তাৰ মাজেৰে গাড়ী চলাব নালাগে বুলি । ভালদৰে সু নাগৰিক হব খুজিও হব নোৱাৰি এই দেশত । ধেত ।

(২)

নাৰী আৰু কবি :-
************

বিখ্যাত কবি ( বন্ধা কবিতকৈ ও ডাঙৰ ) হ’বলৈ মোৰ মন যায় কেতিয়াবা । তাতে আকৌ এইকেইদিন একেধাৰে ডাক্তৰ , ৱিকি পেদিয়ান , প্ৰেমিক আৰু বহু কিবা কিবি গুণ থকা স্বামী এজনৰ কবিতা পঢ়ি মই তেখেতৰ একেবাৰে বিচনী ( ফেন) হৈ গলো । মই ঠিক কৰিলোঁ ময়ো কবি হ’ম । সেই স্বামী জনক ফোনালোঁ , তেখেতে কলে বৎস নাৰী হ‘ল কবিতাৰ এটা প্ৰকাণ্ড উৎস । নাৰী ক ভাল পালে , নাৰীৰ সান্নিধ্য পালে কবিতা নিজে নিজে ওলাই আহে । ময়ো কথাটো গভীৰ ভাৱে ললোঁ আৰু তেতিয়াৰ পৰাই মোৰ প্ৰিয় ফল নাৰিকল হিচাপে ললোঁ , কাৰণ তাতেও নাৰী শব্দটো সোমাই আছে । নাৰিকল খাই খাই হাতত এখন ডিক্সনাৰী লৈ নাৰিকল বস্তিত সোণাৰী ৰ দোকানৰ আগত বহি আছোঁ । আগত কবিতা গাৰ্লছ হোষ্টেল । তাৰ পৰা ওলাই অহা প্ৰতিজনী ছোৱালী ৰ নাম শুধি আছো , কবিতা এজনীৰো নহয় । তথাপিও কবিতা অহাৰ অপেক্ষাত বহু সময় ৰলোঁ । অলপ দেৰিকৈ হলেও কবিতা আহিল কিন্তু তেখেত ৯০ বছৰীয়া বৃদ্ধাহে দেখোন । হে ৰাম …………………………পলালোঁ ।
বেলেগলৈ আশা নকৰি নিজৰ ক্ৰিয়েতিভিতি খটাই কবিতা উলিয়াম বুলি এই বাৰ মনটো ডাঠ কৰি ললোঁ

। ঘৰৰ পৰা ফটা চিতা কুৰ্তা পাইজামা , হাতত এখন কাপোৰৰ মোনা , ভৰিত ফটা চামৰাৰ চেণ্ডেল লৈ কবিতা লিখিবলৈ ওলালোঁ । চন্দ্ৰপুৰৰ ফালে মানুহ এঘৰৰ বাৰীত ধুনীয়া ধুনীয়া কবি ৰ খেতি আছে । তাত ফুলকবি , বন্ধা কবি , ওলকবি আদি গোটেই কবি য়ে ই আছে । তাৰ মাজত বহি লৈ কাগজ কলম উলিয়ালোঁ । গোটেই বতাহ একেবাৰে কবি কবি গোন্ধাই গৈছিল । তথাপিও দেখোন কবিতা নাহেয়ে নাহে । ফুলকবি এটা চিঙি মুৰৰ ওপৰতো থলো , কিজানি কবিৰ ভৰত ময়ো কবি হৈ যাওঁ । সময় গৈ আছে , কিন্তু শব্দ হে নাহে । আজিকালি কবিবোৰো ভেজাল হল দেই , ইউৰিয়া দি দি শেষ কৰি পেলালে গোটেই । ধেত ………….গুছি আহিলোঁ ।
ঘৰত আহিও শান্তি পোৱা নাই । কবি হোৱাৰ বাসনাই দগ্ধ কৰি ৰাখিছে । এইবাৰ ফোনালো জগত বিখ্যাত মহাকবি কৰিমগঞ্জ শইকীয়াক । তেখেতে কলে বৎস নাৰী ৰ চকু , হাঁহি , চুলি আদিবোৰ অবজাৰভেচন কৰিবা , কি কি দেখা পাইচা চন্দ লগাই লিখি যাবা , সেয়াই কবিতা । মই কলো দেউ কেনে ধৰণৰ বা ? তেখেতে ক’লে— ফৰ এগজামপোল লাইক – তোমাৰ হাঁহিত মুকুতা সৰে , তোমাৰ চকু সাগৰৰ এচামুচ নীলা , চুলি খিনি তোমাৰ সাগৰৰ ঢৌ ৰ দৰে ইত্যাদি ইত্যাদি । মই দেৰি নকৰি লগে লগেই ওলাই গলোঁ ঘৰৰ পৰা । বাটত যিজনী ছোৱালীকে পাও সুধি সুধি গলো ,” মোৰ লগত যাবা নেকি ? “। বৰ মেজাজী আৰু অভদ্ৰ দেই ছোৱালীবোৰ , সেইটো কথাতেই মোক চৰ সোধাব লাগে নে ? গালি বোৰটো আছেই । তথাপিও এজনী পালোঁ , গনেশগুৰিত । লগে লগেই যাম বুলি কলে । তাই কলে ঘন্টা হিচাপত হে যাম কিন্তু । ৰেট চাৰ্ট এখন উলিয়াই দিলে মোক । ময়ো পূৰা দেদিকেতেদ , কবিতা ৰছিহে এৰিম । ঘন্টা চিচতেমত তাইক লৈ কবিৰ খেতিৰ মাজত বহিলোঁ আকৌ । বেছি দেৰি কৰিব নোৱাৰি কাৰণ তাইৰ মিটাৰত বিল বাঢ়ি থাকিব । এইবুলি তাইৰ চকু , উঠ , চুলি , মুখ আদি তন্ন তন্ন কৈ চায় কলমেৰে লিখি গলোঁ কাগজ এখনত । তলত দিলো কবিতাটো । এইবাৰৰ সাহিত্য সভাৰ সভানেত্ৰীয়ে কবিতাটোৰ বাবদ পুৰস্কাৰ এটা দিলে নথৈ আনন্দিত হ’ম ।

****************
তোমাৰ চুলি
তোমাৰ চুলি মৰাপাটৰ ৰছী
তাতেই দিম কাচাবক ফাঁচী

তোমাৰ হাঁহিত
তোমাৰ হাঁহিত তিৰংগাৰ গোন্ধ
কৰিব লগা হৈছে মই নাক বন্ধ

তোমাৰ চকু
তোমাৰ চকু নৰমেল
একেই একদম ফেমেল

তোমাৰ ওঁঠ
তোমাৰ ওঁঠত লিপষ্টিক
তাৰ বৰণ ৰঙা

তোমাৰ ফেচ
তোমাৰ ফেচকাটিং সুন্দৰ
মই হে এটা বান্দৰ

তোমাৰ নাক
তোমাৰ নাক এখন নৈ
পানী আহে অনবৰত বৈ
**************

 

One thought on “অপূৰ্ব কলিতাৰ ভাৱৰ জোঁট-পোট (অপূৰ্ব কলিতা)

  • December 17, 2012 at 3:34 pm
    Permalink

    হা হা হা মোৰ দৰেই নেকি ঔ কাৰ্টুন টো ?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!