অপেক্ষাত – অতনু ভট্টাচাৰ্য
মই অপেক্ষা কৰি থাকোঁ
ফলবোৰ পূৰঠ হৈ ৰঙচুৱা হ’ব, পকিব
সৰি পৰোঁ পৰোঁ হৈ থকা তাৰে এটা
দূৰৈৰ পৰা উৰি আহি ডালত পৰা এটি ভাগৰুৱা চৰাইৰ ডেউকাৰ বতাহ লাগি সৰি পৰিব
সেই সৰি পৰালৈ মই অপেক্ষা কৰি থাকোঁ
মোৰ সংস্কাৰে মোক চিঙি আজুৰি আনিবলৈ নিদিয়ে
মোৰ পৰম্পৰাই মোক আঘাত কৰিবলৈ নিদিয়ে
ভালপোৱা বিচাৰি ব্যাকুল হোৱাৰ বেলিকাও মোৰ স্থিতি সেই একেই৷