অপেক্ষাৰ অন্তত এজাক প্ৰেমৰ বৰষুণ (লাকি আহমেদ)
অপেক্ষাৰ অন্তত এজাক প্ৰেমৰ বৰষুণ
লাকি আহমেদ
(১) ২০০৭ চনৰ ডায়েৰীৰ অন্তিম পৃ্ষ্ঠা:
এতিয়াতো ডায়েৰীখনেই যে মোৰ একমাত্ৰ সম্বল নিজৰ কথাবোৰৰ সৈতে মুখামুখি হোৱাৰ কাৰণ মই যে বহুত অন্তৰ্মুখ স্বভাৱৰl কলেজৰ প্ৰথম দিনটোতে ভাল লাগি গৈছিল তোমাক, তোমাৰ পৰিচয় নজনাকৈয়েl ক্লাছৰ ফাঁকে ফাঁকে মোৰ অস্থিৰ চকুযুৰিয়ে মাথো বিচাৰি ফুৰিছিল তোমাকl লাহে লাহে দিনবোৰ পাৰ হৈ গ’ল, কিন্তূ একো কোৱা নহ’লl তোমাক কম বুলি ভবা কথাবোৰে যে তুমি নথকা সময়খিনিতহে মোৰ মনত হেতা-ওপৰা লগায় প্ৰকাশৰ বাট বিচাৰি। কিন্তু যেতিয়াই তুমি সন্মুখত থাকা, কথাবোৰ হৈ পৰে নীৰৱ সময়ৰ মৌন কোলাহল মাত্ৰl
কিদৰেনো প্ৰস্তাৱ দিওঁ তোমাক মোৰ অনুভূতিৰ সৈতে একাত্ম হোৱাৰl তুমি যে মোক বহুত ভাল ফ্ৰেণ্ড বুলি ভাবা, মনৰ সকলো কথা মোক কোৱাl এই বন্ধুত্বক প্ৰেম নাম দিবলৈ গৈ কিজানিবা হেৰুৱাই পেলাওঁ তোমাকl তাতে যে মই নিঃস্ব,পৰিচয়বিহীন..প্ৰেমিক হোৱাৰো যোগ্যতা নাই মোৰl তদুপৰি তোমাৰ হৃদয়খনো যে প্ৰতাৰণাৰ ঢৌত উটি যোৱা এখন প্ৰেমহীন হৃদয়, অস্বীকাৰ কৰে পুনৰ বিশ্বাসৰ সৈতে মিতিৰালি পাতিবলৈl তথাপি তোমাৰ কাষত থাকোl আগুৱাই যোৱা তুমি, মই জ্বলি জ্বলি শেষ হৈ গ’লেও সেই পোহৰত আগুৱাই যোৱা তুমিl মাত্ৰ শেষত থাকি যোৱা ছাঁইখিনি এৰি নিদিবা ৰু-ৰুৱাই বলা সময়ৰ বতাহজাকৰ বুকুত,যাতে সিচঁৰতি কৰি পেলাব পাৰে সমগ্ৰ পৃ্থিৱীl ধৰি ৰাখিবা তোমাৰ দিয়োহাতৰ মুঠিত, কাৰণ এয়া মাত্ৰ তোমাৰ বাবে…
..একো কোৱা ন’হল, অথচ মোৰ চকুৰ আগতে যে আনৰ হৈ গ’লা এদিনl সৰুতেই দেউতাই শিকাইছিল-“দিনটোত এবাৰ হলেও আকাশলৈ মূৰ তুলি চাবাচোন, মনটো বহল হ’বl দুখে পাৰ ভাঙিব খুজিলে আকাশৰ নীলা ৰংটোৱেই মনটোক বিষণ্ণতাৰ পৰা বাহিৰলৈ আনিব!”..সৰুতেই দেউতাই গঢ় দিয়া এই অভ্যাসটো মোৰ এতিয়াও আছেl কিন্তু তথাপি তোমাৰ কথা ভবাৰ লগে লগে মোৰ মনতো ঠেক হৈ যাব খোজেl সেয়ে মোৰ মনে সজোৰে অগ্ৰাহ্য কৰে তোমাৰ অন্তৰত আন কাৰোবাৰ উপস্থিতিকl কিন্তু কি কৰিম? আকাশখনৰ সৈতেই মোৰ দুখৰ ভাগ-বতৰা কৰোl ৰাতিৰ আকাশৰ তলতো বহিব নোৱাৰা হ’লোঁl ক’ৰবাৰ অকলশৰীয়াকৈ থকা তৰা এটা দেখিলেই যে দুচকু পানীৰে ভৰি পৰেl তথাপি মনলৈ সাহস এটা আহে-এই পৃ্থিৱীত ময়েই অকলশৰীয়া নহয়, মোৰ দৰে সেই তৰাটোও অকলশৰীয়া..! সেয়ে নিজেই মনটোক সান্ত্বনা দিও সেই কথাশাৰীৰে-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়/যি শোকৰ ৰ’দত পোৰা নাই/জুৰুলি-জুপুৰি হোৱা নাই দুখৰ বৰষু্ণত/যি শংকিত হোৱা নাই/ভালপোৱাই যাক ব্যাকুল কৰা নাই/যাৰ বাবে নদীবোৰ মাথো নদী/শিলবোৰ মাথো শিল/যাৰ বাবে সমস্ত পৃ্থিৱী মাথো মাটিৰ ভূগোল/যিজনে মানুহৰ শোভাযাত্ৰাত চামিল হবলৈ শিকা নাই/তেওঁৰ বাবে সুখো এক ধৰণৰ দুখ…”
…কি জানো লিখিছো এইবোৰ! সামঞ্জস্যবিহীন…টুকুৰা-টুকুৰ..মোৰ স্বভাৱেই এনেকুৱা চাগে’ ..সংগতিবিহীন..ক’ৰবাৰ পৰা উটি ভাহি অহা কথাবোৰৰ দৰে ক’ৰবাৰ পৰা ভাহি বৈ অহা এটা মন…এটা জীৱন!
(২)
ক্ৰিং…ক্ৰিং…
হঠাৎ মাজৰাতি টোপনি ভঙা টেলিফ’ন কলটোৰ সিপাৰে বর্ষাৰ কণ্ঠ ভাহি আহিছিলl সিদিনা হঠাৎ লগ পাই গৈছিলো তাইকl তেতিয়াই নাম্বাৰ লৈছিলো ইজনে সিজনৰl এক অজান দুখে জোকাৰি গৈছিল মোক পুনৰl তাতে বর্ষাক তেনে এটা অৱস্থাত দেখিl ইমানদিনে যোগাযোগ নকৰাৰ বাবে মোকে দোষাৰোপ কৰিছিল তাইl কৈ গৈছিল অত’দিন মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কথাবোৰl মোৰ সন্মুখত মেলি দিছিল অপ্ৰেমৰ অলেখ দস্তাবেজl… কৈ গৈছিল প্ৰেমহীন, বিশ্বাসহীন, আন্তৰিকতাশূণ্য স্বাৰ্থপৰ পৃ্থিৱীখনৰ কথা, দেহ সৰ্বস্ব প্ৰেমৰ কথা..!
কিমান যে ল’ৰা পাগল আছিল এসময়ত বর্ষাৰ ৰূপতl তাৰে কোনোবা এজন বর্ষাৰো আপোন হৈ পৰিছিল এদিনl সপোনৰ ডেউকাৰে উৰি যাব খোজা মনক বাস্তৱৰ মুখামুখি কৰে দুখেl হঠাৎ এক দূৰ্ঘটনাত বর্ষাৰ সুন্দৰ মুখমণ্ডলৰ এছোৱা জ্বলি গৈছিলl বাস্তৱ যেন ক্ৰমশঃ নিষ্ঠুৰ হৈ পৰিছিল বর্ষাৰ লগতl লাহে লাহে বর্ষাৰ এসময়ৰ দুৰ্দান্ত প্ৰেমিকজনো আতৰি গৈছিল, হয়তো আন কোনো সুন্দৰ নতুন মুখৰ সন্ধানতl এটা সময়ত হুকহুকাই কান্দিছিল তাই!মই বাধা দিয়া নাছিলো..চকুপানীৰ স্মৃ্তি যুগমীয়া, চকুপানী হৃদয়ৰ ভাষা..চকুপানী হৈ উটি যাওক তাইৰ সমস্ত দুখ..!
(৩)
এতিয়া বর্ষা কাষত নাই, টেলিফ’নটোও স্তব্ধl তথাপি মোৰ কোঠাত যেন এতিয়াও অনুৰণিত হৈ আছে বর্ষাৰ কান্দোনৰ শব্দl নাই..এইয়াটো প্ৰেম হব নোৱাৰেl বাহ্যিক সৌন্দৰ্যইটো প্ৰেমৰ কাৰক নহয়, দৈহিক আবেদনেই প্ৰেম নহয়..প্ৰেম হৃদয়ৰ আবেদন..প্ৰেম কেতিয়াও জীৱনহীনতাৰ শ্মশান হ’ব নোৱাৰে..প্ৰেম দুখন হৃদয়ৰ মিলন..এমুঠি বিশ্বাস!
বাহিৰত খুব জোৰেৰে বৰষুণ দিছেl খুব ভাল পাওঁ মই বৰষুণl মোৰ মনৰ মাজতো তেনে এজাক বৰষুণেই আৰম্ভ হৈছিলl লাহে লাহে বৰষুণজাকে পৰিষ্কাৰ কৰি দিছিল মোৰ মনৰ মাজত, হৃদয়ত এতিয়াও বৈ থকা বর্ষাৰ অস্তিত্ব!
বৰষুণজাক চাবলৈ বাহিৰলৈ ওলাই আহিলোl অপেক্ষা কৰিলো এটা নতুন পুৱালৈl কাইলৈ বর্ষাক ক’ব লাগিব ইমানদিনে ক’ম বুলি ভবা কথাবোৰl ক’ব লাগিব –“এতিয়াও প্ৰেম আছে,প্ৰেমহীন হৈ পৰা নাই পৃ্থিৱীখন..!”