অপেক্ষা…এটি সপোনৰ : ৰাজীৱ ৰঞ্জন
সপোনত কেতিয়াও নেদেখা ৰঙৰ ফাঁকু
কালি দেখিলোঁ তোমাৰ চকুত
সপোনতে দেখা সপোনটোত।
সাৰ পাই উঠি চালোঁ
হৃদয়ৰ গভীৰতাত নিয়ৰ সিক্ত দুবৰি
আছে, খোজৰ চিন
যিফালেদি তুমি আহিছিলা মই গম নোপোৱাকৈ।
বহুতো উত্তৰ নোহোৱা ‘কিয়’ মনৰ ভিতৰত
কিয়বোৰৰ নিচুকনিত টোপনি ধৰে নে ভাঙে নাজানো।
কিন্তু আহিবা তুমি আকৌ, সপোনতে
কিয়বোৰক শুবলৈ দি দুয়ো কথা হ’ম
নিশব্দ ৰাতিবোৰ সশব্দ কৰি
জোন-বেলি-তৰা আৰু আমিবোৰৰ কথা
খোজ কাঢ়িম নিয়ৰ সৰা দূবৰিৰ দলিচাত।