অপৰাধ -(মল্লিকা শৰ্মা বৰদলৈ)
অপৰাধ
মল্লিকা শৰ্মা বৰদলৈ
চোৰ চোৰ, ধৰ তাক, মাৰ মাৰ …সকলোৱে সমস্বৰে চিঞৰি উঠিছে৷ কি হৈছে নজনা বোৰেও মাৰিবলৈ খেদি আহিছে অপৰাধীক৷
চৰ, ঘোচা, ভুকু, যিয়ে যেনেকৈ পাৰিছে হাত দুখন ব্যৱহাৰ কৰিছে, কোনোৱাই লঠিয়াইছে…৷ তথাপি, তথাপি সি হাতৰ মুঠিটো খুলি দিয়া নাই৷ ভনীয়েকক যে আজি কিবা এটা আনিবই বুলি কথা দি আহিছে, সেয়ে হাতৰ মুঠিটো দেহৰ জোৰেৰে খামুচি ধৰিছে৷
কোনোৱাই তাৰ ফিচিকি যোৱা হাফপেণ্টটো টান মাৰি দিলে, আৰু তাৰ হাতৰ মুঠিৰ পৰা সুলকি পৰিল দুখন বিলাসী মূল্যৱান “শুকান ৰুটি “……৷ ৷