অপৰাহ্ণৰ ৰং – জ্যোতিৰূপা কোৱঁৰ খাটনিয়াৰ

”এইজনী মাধু নহয়নে?”
”হয়, কিন্তু আপুনি?”
”ইমান বছৰৰ মুৰত, কি খবৰ তোৰ?”

মই একো তলকিব নোৱাৰোতেই মানুহজনীয়ে আহি সাৱটি ধৰিলে মোক। কপালেৰে হাত এখন চুঁচৰাই আনি গাল এখনত চিকুটি দিলে তেওঁ। পথাৰৰ বুকুত কঠীয়া গুজি গুৰিটো আলফুলে চুই দিয়াৰ দৰে লাহেকৈ মোৰ থুতৰিত থকা ৰঙচুৱা তুলসী পাতটো চুই দিলে মানুহজনীয়ে। মনত পৰি গল মোৰ লগে লগে।

” মন্দাকিনী! “

জোৰেৰে সাৱটি ধৰিলো তাইক। জোখতকৈ হয়তো ডাঙৰকৈ ওলাইছিল মোৰ মাতটো। আশে-পাশে থকা মানুবোৰে পৰস্পৰক আলিংগন কৰি ৰোৱা দুজনী পৌঢ় মহিলালৈ কৌতূহলী দৃষ্টি নিক্ষেপ কৰিলে। পাহৰণিৰ বুকুত ঘৰ সজা মোৰ ভিতৰৰ চঞ্চলা গাভৰুজনীক পলকতে সাৰ পোৱাই দিলে মন্দাকিনীয়ে। তাইৰ হাত দুখনত মোৰ দুহাতৰ উম দি হেঁপাহ পলোৱাই চাই ৰলো তাইলৈ। হাঁহিলে তুল পৰা মুখখনত অভিজ্ঞতাৰ আঁচুৰ কেইদালমান পৰিছে। কাজল সনা চকু কেইটাত শুকতৰাটোৰ দৰে সেই একেই তিৰবিৰণি এতিয়াও বিৰাজমান। আগৰ কিচকিচিয়া চুলিখিনি বাৰগেন্দী ৰঙে সাৱটি মানুহজনীক এটা সুকীয়া গাম্ভীৰ্য দিছে। ফেহুবৰনীয়া কাপোযোৰৰ বুটা কেইটাৰ লগত মিলাই অকণমানি গোলাকাৰ আকাশ এখন কপালত জিলিকি আছে। পলাশৰঙী ওঁঠে তাইৰ সুখী সুখী জীৱনৰ বতৰা কঢ়িয়াই ফুৰিছে।

”অই তই মোক এতিয়া এনেকৈ চাইয়ে থাকিবি নেকি? হোষ্টেলত থাকোঁতে স্বপ্নাবাই তোক এনেই লেসব’ বুলি মাতা নাছিল।”
হাঁহি উঠি গ’ল মোৰ, তাই একেই আছে একো পাহৰা নাই তাৰমানে। তেনেহলে ইমান বছৰে ক’ত হেৰাই গৈছিল তাই।
”লেসব’ ক’লেও ক, বুঢ়ী এজনীৰ এই ধুনীয়াখিনি নাচায় পাৰিনে।”
”কথাৰে তোক আৰু হৰোৱাব পাৰিবনে কোনোবাই, সেই তাত বহো ব’ল চাহ একাপ একাপ খাম আৰু মোক সন্মুখত বহুৱাই লৈ মোৰ সৌন্দৰ্য উপভোগ কৰিবি।”
মোক এপপ্ৰকাৰ টানি আজুৰি নি সৰু বেকাৰী কাম ৰেস্তোঁৰাখনৰ চিয়াৰ এখনত বহুৱাই দিলে। কোমল বয়সৰ হাঁহিমুখীয়া ল’ৰা এটা আমাৰ কাষ চাপি আহিল।
”ভাইটী, চাহ দুকাপ দিয়া। মাধু কি খাবি ক পেষ্ট্ৰী খাই ভালপাৱ নে এতিয়াও।”
”নাই নাই পেষ্ট্ৰী নালাগে, ভেজ চেন্দউইছ হ’ব নেকি ভাইটি।”
”হয় আছে।”
”সেইয়া এটা আৰু পেষ্ট্ৰী এটা দিবা বাটাৰ স্কট্চ”
মই ল’ৰাটোৰ লগত কথা পাতি থকা সময়খিনি চেলাউৰি দুটা নচুৱাই নচুৱাই ৰহস্যময় হাঁহি ছটিয়াই থাকিলে মন্দাকিনীয়ে।
”কি মৰমলগা ন লৰাটো!”
লৰাটোৱে দি যোৱা বটলটোৰ পৰা ডিঙিত ঢালি লোৱা পানীখিনি মুখত হাত দি কোনোমতে গিলিলোঁ মই।
”চুলিত ৰঙ সানি এই কণীৰ পৰা এইমাত্ৰ ফুটা ল’ৰাটোক চকু দিছ, কি অসভ্য তই।”
”ইহহ্ ভাললগাবোৰৰ বয়সৰ লগত কি সম্পৰ্ক।”

মই একো উত্তৰ নিদিলো। চাৰিওফালৰ পৰিবেশটো এনেই এপাক চকু ফুৰালো। ল’ৰাটোৱে অৰ্ডাৰ কৰা মতে গোটেই কেইপদ আনি টেবুলখনত সজাই দিলে।
”পেষ্ট্ৰী কিয় বেয়া পোৱা হলি মাধু?”

চাহকাপত প্লেটখনৰ পৰা চুগাৰ কিউব চাৰিটামান পেলাই দি খুটুং খুটংকৈ চামুচখনেৰে লৰাই লৰাই মোৰ ফালে পেষ্ট্ৰীৰ প্লেটখন ঠেলি দিলে। চুগাৰ কিউব নিদিয়াকৈ বেস্বাদ মোৰ চাহকাপ হাতত তুলি ললো।

”পেষ্ট্ৰী কি একো মিঠা বস্তুৱে খাব নোৱাৰা হলো।”
”কি এইটো বয়সতে তোৰ এই অবস্থা!”
পেষ্ট্ৰীত লাগি থকা চেৰীটো অভ্যাসবসত: হাতেৰে তুলি খাবলৈ লৈ আশ্চৰ্যত মুখ মেলি দিলে মন্দাকিনীয়ে।

”কি এইটো বয়স, অহা বছৰ ৰিটায়াৰ হ’ম, বেমাৰবোৰ নাথাকিলে কাক সময় দিম।”

একো নামাতাকৈ তাই তাইৰ পেষ্ট্ৰীটো আৰু মই মোৰ ভেজ চেণ্ডউইচটো খাই শেষ কৰিলো। চুৰুপ চুৰুপ কৈ লাহে লাহে দুয়োজনীয়ে চাহৰ কাপত চুমুক দিলো।

”ক’ত আছিলি ইমান বছৰে মন্দো? তোক মই কিমান বিছাৰিছো জাননে? কাৰো ওচৰতে তোৰ একো খবৰ নাপালো! ফেচবুক, ইনষ্টাগ্ৰাম কোনো চচিয়েল মিডিয়াত তই নাই। ক’ত গুচি গৈছিলি মন্দো?”
”আছিলো এইখন দুনিয়াতে সবৰে পৰা পলাই নিজক লুকুৱাই।”
”কিন্তু কিয় মন্দো?”
”সেইবোৰ ঢেইৰ কথা আজি ইমান দিনৰ মুৰত লগ পাইছো বাকীবোৰ থ হাঁহিকে অকণমান ভগাই লও আহ।”
”তেনেহলে আৰু কেতিয়া লগ পাম তোক মোৰ প্ৰশ্নৰ উত্তৰবোৰ পাবলৈ”
”ফোনটো উলিয়া, চেভ কৰ মোৰ নম্বৰ।”
”বাৰু তোৰ ঘৰৰ এড্ৰেচটো দে মই যাম তোৰ ওচৰলৈ।”
”নিদিও তোক এড্ৰেছ, তই যিদিনা যাম বুলিবি মই নিজেই আহি লৈ যাম তোক মিছেছ মাধৱী খনিকৰ।”

ম’বাইলটো উলিয়াই মন্দাকিনীৰ নম্বৰটো চেভ কৰি তাইলৈ ডাইল কৰি দুটামান ৰিং কৰাৰ পিছত কাটি দিলো। হোৱাট্চএপত চাই দেখিলো দিছপ্লে পিকছাৰ খনত তাইক এহেতেৰে সাৱটি আছে মানুহ এজনে, নিশ্চয় তাইৰ স্বামী। কলেজীয়া দিনৰ স্মৃতি খুচৰি হাঁহিবোৰ ভগাই ললো দুয়োজনীয়ে। বেলিটো সাগৰৰ কোলাত জিৰনি লোৱা সময়ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় দিলো ইজনীয়ে সিজনীক। যাৱৰ সময়ত মন্দাকিনীয়ে আকৌ এবাৰ জোৰেৰে সাৱটি ধৰিলে মোক। লাহেকৈ থুতৰিৰ তুলসী পাতটো চুই হাত জোকাৰি ৰাস্তাৰ সিটো পাৰ পালেগৈ তাই। তাই যোৱাৰ ফালে চাই ৰলো মই। দুয়োজনীক একেলগে দেখিলে কোনেও বিশ্বাস নকৰিব যে আমি একে বয়সৰ। মন্দো এতিয়াও ধুনীয়াজনী হৈ আছে। বয়সে দিয়া মেদ অকণমান তাইৰো আছে কিন্তু আটিল মোৰ দৰে শৰীৰৰ যতে ত’তে উলমি থকা নহয়। আলফুলে চামুচখনৰে পেষ্ট্ৰীটুকুৰ কাটোতে দেখিছিলো যত্নপালিত তাইৰ নখৰ গুলপীয়া অৰ্ধচন্দ্ৰ। তাৰ বিপৰীতে কলডিল, কচু, ডালিমৰ ৰঙ ঢাকিবলৈ মই মোৰ নখ লুকুৱাই থৈছিলো ইষৎ ৰঙা নেইল পেইণ্টেৰে। তাই একেই আছে তাৰমানে সলনি মইহে হৈছো। কলেজত থাকোঁতে বহুতেই কৈছিল আমি দুজনী হেনো একদম একেই। সদায় পৰিপাটি, নিজক ইমানেই ভাল পাঁও যে প্ৰানঢালি নিজৰ যতন লৈছিলো। মন্দাকিনীয়ে দেখোন এতিয়াও নিজক সিমানেই ভাল পায় তেনেহলে মইহে নিজক ভাল পাবলৈ পাহৰি গলো নেকি। বিপ বিপকৈ বাজি ফোনটোৱে মোক বৰ্তমানলৈ ওভতাই আনিলে। অলপ আগতে কনটেক্ট লিষ্টত নতুনকৈ যোগ কৰা নম্বৰটো ম’বাইলৰ স্ক্ৰীনত জিলিকি উঠিল।
”মন্দো, মিছ কৰিলিয়ে নেকি মোক?”
”তোৰ বেগত কিবা এটা আছে চা”
বেগটো খুচৰি মই কোনোদিনে নলগোৱা হেয়াৰ কালাৰৰ কিট এটা দেখিলো।
”কিয় মোৰ বেগত দিলি এইটো?”
”মোৰ বাবে কিনিছিলোঁ, তোক দি দিলো ইমান সোনকালে বুঢ়ী ভাৱ নধৰিবি নেক্সট টাইম যাতে তোৰ মুৰত পকা চুলি নেদেখো”

মই কিবা এষাৰ কোৱাৰ আগতেই ফোনটো কাটি দিলে তাই। মন্দো তেনেকুৱাই, ময়ো তেনেকুৱাই আছিলো কিন্তু কেতিয়া জানো সলনি হলো গমেই নাপালো। আজি মন্দাকিনীয়েহে যেন মোক মনত পেলাই দিলে মই আজি যি মই সেইয়া হোৱাৰ কথা কোনোদিনে নাছিল। অলপ হাঁহি অলপ খেলিমেলি চিন্তা লৈ ঘৰলৈ বুলি কেব এখনত উঠি পৰিলো মই।

”আজি দেৰি হ’ল দেখোন মাধু? কিবা অসুবিধা হৈছিল নেকি?”
দুৱাৰখন খুলিয়ে প্ৰশ্নৰ বান এৰি দিলে মোৰ মৰমিয়াল স্বামী অম্লানে। অবসৰৰ পিছত তেওঁৰ নাযায় নুপুৱাই সময়বোৰ চিন্তাৰে গধুৰ কৰি মোৰ বাবেই ৰৈ থাকে। মই স্কুলৰ পৰা আহালৈ পাইচাৰি কৰি কৰি ক’তো যাবলৈ নোপোৱা চেণ্ডেলযোৰৰ আয়ুস কমায়। অকণমান দেৰি হলেই অস্থিৰ হৈ পৰে মানুহজন। গোটেইখন চম্ভালি এইটো বয়স পালো তথাপি মানুহজনৰ মনত এতিয়াও সৰু ছোৱালী মই, এই যেন কৰবাত হেৰাই যাম।
” মাধু; দেউকনে ফোন কৰিছিল, সিহঁত এই শনিবাৰে নাহে হেনো।”
অ বুলি লাহেকৈ শলাগি থলো মই। এইবাৰ লৰা বোৱাৰী হালে কি অজুহাত দেখুৱাইছে জানিবলৈ একেবাৰে মন নগল। বোৱাৰীজনী বাৰু লোকৰ ঘৰৰ লৰাটোটো মোৰ নিজৰে তথাপি কিয় জানো মোক নুবুজে সি। এনেকুৱা নহয় যে মই বুজি নাপাঁও যে সিহঁতৰ এতিয়া নিজাকৈ জীৱন জীয়াৰ আৰু গঢ়াৰ সময়। তথাপিও সিহঁতৰ হাত কেইখন মই এৰি দিব নিবিচাৰো। মোৰ মন যায় এতিয়াও সৰুতে ধৰি থকাৰ দৰে মোৰ এটা আঙুলি সি প্ৰতিটো খোজতে ধৰি থাকক, নালাগে সি ডাঙৰ হব। কি যি কুক্ষনত মোৰ মুখৰে ওলাইছিল সি সোনকালে ডাঙৰ হলে অলপ আজৰি বুলি। সময়বোৰ ওভতাই আনিব পাৰা হেঁতেন দেউকন আৰু মামুনুৰ মোৰ হাতত ধৰি খোজ কাঢ়া সময়কনকে ওভতাই আনিলো হেঁতেন।
”চাহ খোৱা মাধু।”
অম্লানে আথেবেথে আগবঢ়াই দিয়া বৰ যতনেৰে আদা আৰু তেজপাত দি কৰা চাহকাপ তুলি ললো মই। চুগাৰফ্ৰী বিস্কুট কেইটাক ইমান বেৰঙী কোনোদিন লাগা নাছিল। সদায় অমৃতৰ দৰে লগা মোৰ অৱসাদৰ দৰব চাহকাপ খাই মুখখন বিদিৰায় দিলো মই। চাহকাপৰ দৰেই বেস্বাদ বিস্কুট কেইখনৰ দৰে ৰসবিহীন হৈ পৰিছে জীৱনটো। অকল মোৰেই নহয় অম্লানৰো একেই অবস্থা। কাৰোবাৰ অপেক্ষাত থকাৰ দৰে বাৰে বাৰে পদূলিলৈ চাই। ফোনটো উলিয়াই ঘনে ঘনে কিজানে কোনোবাই ফোন কৰিছেই। মিছড্ কল দেখিলে আশা এটা উলমি দিয়ে অম্লানৰ মুখত কিজানি তেওঁক বিচাৰে কোনোবাই ফোন কৰিছেই। কাষ্টমাৰ কেয়াৰৰ নম্বৰে আশাহত কৰা তেওঁৰ আশাহত চকুহাল আঁৰ চকুৰে চাই হুমুনিয়াহ এটা ঘৰখনত এৰি দিও আৰু সেই হুমুনিয়াহটো অম্লানলৈ খুচৰে মই গম পাঁও। কিবা এটা বিচাৰি বেলেগে বেলেগে আমি দুয়োটা ককবকাই থাকো। স্মৃতিবোৰ খুচৰিবলৈ ভয় হৈ তাত বেছিখিনি মামুনু আৰু দেউকনে থকা বাবে। আমি দুটা মানুহ মানুহ বিচাৰি ফুৰো। এনেকুৱা নহয় যে আমাৰ মাজত দুৰত্ব আছে, এতিয়াও অম্লানক সাৱটি ঘণ্টাৰ পিছত ঘণ্টা মই আকাশৰ তৰা গনো নাইবা অপৰাহ্ণৰ বেলিৰ শেষ ৰঙকন বুটলো। তথাপি কিবা এটাই জীৱন জীয়াৰ হেঁপাহখিনি পঙ্গু কৰি আনিছে।
এনেকৈয়ে চলি গৈ আছো।

০০০০০০০০০০০০০০০০০০০০০০০

আজি দেওবাৰ। সাধাৰণতে সপ্তাহৰ এই দিনটো মই ব্যস্ত হৈ থাকিব বিচাৰো। দেউকন আৰু বোৱাৰীৰ বাবে নিজ হাতে কিবাকিবি ৰান্ধো। মই নিবিচাৰো দেউকনে তাৰ মাকৰ হাতৰ সোৱাদ পাহৰি যাওক। আচলতে মোৰ ভয় হয় মানসীয়ে যদি মোৰ লৰাটোক কাঢ়ি তাইৰ ফলীয়া কৰি লৈ। মই খুব যত্ন কৰো মানসীতকৈ ভালকৈ ৰান্ধিবলৈ। ইউটিউবতো খুচৰি ফুৰো ৰেচেপিবোৰ। সি আহিলে এটাৰ পিছত এটাকৈ খোৱা বস্তুবোৰ যতনাই দিও, সি যিমান মানা কৰিলেও নুশুনো। মই যেতিয়া তাক জোৰ কৰি বহুৱাই মুৰত তেল সানি মালিচ কৰি দিঁও মানসীয়ে তাক কেঁচুৱা বুলি জোকাই। অবশ্যে মোৰ সন্মুখতে তাক জোকাই। কেতিয়াবা তাই মোৰ পাছফালে বহি চুলিত তেল সানি দিয়ে। জোৰ কৰে পকা চুলিত ৰঙ সানি দিবলৈ বিচাৰে। মই কিন্তু নিদিও, শাহু যেতিয়া অলপ ব্যৱধান ৰাখিবই লাগিব।
কিন্তু আজি দেউকনহঁত নাহে। একো কামেই কৰিবলৈ মন যোৱা নাই মোৰ। বিপ বিপকৈ ফোনটো বাজি উঠিল। মন নাই যোৱা যদিও চেণ্ডেল চোচৰাই বেডৰূমৰ পৰা ফোনটো আনিলো। উদাস মোৰ মনটোত স্ক্ৰীনত জিলিকি উঠা নম্বৰটোৱে ফাকু এমুঠি ছটিয়াই দিলে।
”মন্দো! ক, মই ফোন কৰিলে নুঠাৱ যে কিয়?”
”কি কৰিছ”
”আছো এনেই, অম্লানো নাই ওচৰৰ ক্লাবৰ কিবা মিটিঙলৈ গৈছে।”
”চুলি কালাৰ কৰিলি।”
”ধেতত্ বেলেগ কথা নাই এইটো সুধিবলৈহে ফোন কৰিছ নেকি।”
”তাৰ মানে নাই কৰা, যা চুলিখিনি কালাৰ ক’ৰ আজি আবেলি চাৰিটা বজাত মই বজাৰ তিনিআলিৰ ওচৰত ৰৈ থাকিম। তোক মোৰ ঘৰলৈ নি তই জানিব বিচৰা কথাবোৰৰ উত্তৰ দিম।”
মই জানো মন্দোক এবাৰ তাই কিবা এটা কলে যেতিয়া কোনো নাই নুই নুশুনে। তাইৰ মাতটোৱে দিয়া ফুৰ্তিখিনি লৈ আইনাৰ সন্মুখত থিয় হলো। কিটটোত থকা হেয়াৰ ব্ৰাছডালেৰে খুব সাবধানে পকা চুলিবোৰত ৰঙবোৰ সানি দিলো।
উগ্ৰ গোন্ধ এটাই আৱৰি ধৰিলে মোক ধুই পেলাবৰ মন গল বিজলুৱা ৰঙখিনি কিন্তু মন্দোৰ বাবে সেইখিনি সহ্য কৰি থাকিলো। তৰিৎ গতিৰে গৈ এটা কুকাৰত দাইল আন এটাত ভাত বহাই দিলো।
ফ্ৰীজৰ পৰা মাছ উলিয়াই অম্লানৰ প্ৰিয় মাছৰ টেঙা এখন ৰান্ধিবলৈ যা যোগাৰ কৰি ললো। সকলো কামবোৰ সামৰি গা মুৰ ধুই আজৰি হৈ ললো। তেতিয়ালৈ অম্লানো আহি পালে।
দুৱাৰ খোলাৰ লগে লগে বহুদিনৰ আগতে মাৰা হাঁহি এটা মাৰিলে আজি।
”ইমান কম সময়তে কেনেকৈ গাভৰু হৈ গলা মাধু!”
মোৰ মেলি থোৱা চুলিখিনিত হাত ফুৰাই দিলে অম্লানে।
”ভাল লাগিছে তোমাক, এনেকৈ নিজৰ যত্ন লবাচোন। মনটোক বুঢ়া হবলৈ নিদিবা।”
মই একো নকলো। ভাত খাবলৈ ফ্ৰেছ হৈ আহিবলৈ কৈ ডাইনিং ৰূম পালোগৈ মই। তেওঁ আহালৈ দেউকনক আৰু মামুনুক দিয়াৰ সমান হেঁপাহেৰে ভাতসাজ সজাই নিজৰ বাবেও বাঢ়ি ললো।
ভাত খাবলৈ আহি আকৌ এবাৰ মোলৈ মৰম লগাকৈ চালে অম্লানে। শুই থকা লাজ এটাই মোক হেচুকি দিলে।
”তুমি ভাত খাই ৰেষ্ট লবা মই অকণমান ওলাই যাম। ঘূৰি আহি ক’ম কলৈ গৈছিলো।”
আচৰিত হল অম্লান। সাধাৰণতে তেওঁ নজনাকৈ মই কোনোদিন ক’তো যোৱা নাই। মোৰ উছাহ, ৰঙে ঢকা চুলি দেখি অলপ আগলৈকে সুখী হৈ থকা মুখখন ডাৱৰে ঢাকি পেলালে।
একো নোকোৱাকৈ ভাত খাই উঠি নিজৰ পঢ়া কোঠাত সোমাই পৰিল তেওঁ। কিবা এটা বেছ উপভোগ কৰিলো মই। দৌৰাদৌৰিকৈ পাকঘৰ সামৰি ৰাতিৰ বাবে বুটৰ দাইল কেইটামান তিয়াই দি কি পিন্ধি যাম ভাবি আলমাৰীটো খুলি ললো।
আমাৰ দহ বছৰীয়া বিবাহ বাৰ্ষিকত অম্লানে দিয়া মেটেকা ফুলীয়া কাপোৰযোৰ বাছি ললো। আইনাৰ সন্মুখত থিয় হৈ নিজকে অন্য দিনতকৈ বহুত সৰু যেন অনুভৱ হল।
বিচাৰি বিচাৰি কাপোযোৰৰ লগত মিলাকৈ পাৰ্লৰ সৰু কানফুলিযোৰ পিন্ধি ললো। ওলাই যাবৰ সময়ত পঢ়া কোঠাত ভূমুকিয়াই চালো। কৌতুকমিহলি চাৱনি এটা দি মই হাত জোকাৰি উলাই আহিলো।
মই জানো ষ্টাডী ৰূমৰ খিৰিকীৰে অম্লানে আহত দৃষ্টিৰে মোক চাই আছে। মই এবাৰো ঘূৰি নুচুৱাকৈ গেটখন পাৰ হৈ গুচি আহি বজাৰ তিনিআলিলৈ বুলি অটো’ এখনত উঠি ললো।
মন্দাকিনী ৰৈ আছে। সোণালী পাৰী দিয়া কলা তাঁতী শাৰীএখনে গোটেই মানুহজনীক বগা গালৰ কলা তিলটোৰ দৰে জিলিকাই ৰাখিছে।
”বাহ, তই তাৰমানে এতিয়াও ঘড়ীৰ কাটাই কাটাই চল’।”
হাঁহি দিলো মই মন্দোৰ কথা কোৱাৰ ভংগী দেখি। তাই কাষ চাপি আহি থুতৰিৰ তুলসীটো চুই দিলে।
”বল এতিয়া মোৰ ঘৰলৈ।”
ৰঙা চাৰিচকীয়া গাড়ীখনৰ সন্মুখত মোক বহুৱাই দি ড্ৰাইভিং চিটত বহি বেল্টডাল লগাই ললে।
”মন্দো, গাড়ী কি তই চলাবি।”
”অ! আৰু কি, চিট বেল্ট মাৰি ল।”
ঘৰত গাড়ী থাকিও ড্ৰাইভাৰ নাপালে ৰিক্সাই বাছে ঘূৰি ফুৰা বা অম্লানক লগ ধৰা মই জনীয়ে অকণমান লাজ পালো আত্মনিৰ্ভৰশীল মন্দোৰ আগত।
ব্ৰেক মাৰি ধুনীয়া আহলবহল কেম্পাচ্ এটাৰ সন্মুখত ৰৈ গল গাড়ীখন। দৌৰি আহি ডেকা লৰা এটাই খুলি দিলে গেটখন।
”অপৰাহ্ণৰ ৰঙ, বৃদ্ধ আশ্ৰম।”
বিৰবিৰাই পঢ়ি চালো গেটত লিখা ফলকখন। অলপ আগলৈকে উছাহ ভৰা মোৰ মনটো সেমেকি গল।
”এইখন দেখোন বৃদ্ধাশ্ৰম মন্দো।”
”অ এইখনেই মোৰ ঘৰ, আহ ভিতৰলৈ।”
আচাম টাইপৰ এটা ডাঙৰ ঘৰ। সন্মুখত ধুনীয়া ফুলনি এখন। নানাৰঙী বগেনভিলিয়াই এখন তোৰন সাজিছে বাটচৰাত। ডাঙৰ চোতালখনৰ একাষে শাক পাচলিৰে সেউজীয়া এখন ডলিচা।
বাঁহৰ চাঙখনক চুবলৈ লাউ কোমোৰাৰ কেকুৰা চুলিবোৰে হাত মেলি দিছে।
”আহ আকৌ!”
”তই ইয়াত কিয়? মই জনাত এই বৃদ্ধশ্ৰমবোৰত দুখবোৰে কুণ্ডলী পকাই বহি থাকে।”
”ধেতত্, তই ভবাটোৱেই যে সঁচা হব তেনেকুৱা কোনো কথা নাই। আহ তোক বৃদ্ধশ্ৰমৰ তই নপঢ়া পৃষ্ঠা দুটামান পঢ়োৱাম।”
কোনোদিন বৃদ্ধশ্ৰমত যাতে আহিব লগা নহয় বুলি ভগৱানক কাকূতি কৰা মইজনীয়ে লাহেকৈ সোমাই গলো ঘৰটোলৈ।
মোক চাই হাঁহি দিয়া মানুহবোৰলৈ সৌজন্যমুলক হাঁহি এটা মাৰি মন্দাকিনী কোঠাত সোমাই বেতৰ ছোফা এখনত বহি পৰিলো। সৰু টেবুলখনত কুৰ্ছাৰে গুঠা বৰ ধুনীয়া কভাৰখন চুই চালো মই।
”সেইখন ৰীনা বাইদেৱে গুঠা, বৰ ধুনীয়া নহয়নে। মোক এটা হাফ চুৱেটাৰ গুঠি দিছে যোৱা বছৰ।”
”তাৰমানে তই যোৱা বছৰৰ পৰা ইয়াত আছ?”
অভিমানত একো মাতিব নোৱাৰা হৈ গলো মই। মন্দাকিনীৰ মানুহজন আৰু তাইৰ লৰা ছোৱালীলৈ এসোপামান ঘৃণা উথলি উঠিল।
”তই বৰ কষ্টত আছ ন মন্দো। মোক ক্ষমা কৰিবি তোৰ কোনো নথকা সময়ত আৰু অলপ কষ্ট কৰি তোক বিচিৰিলে হয়তো মই তোৰ কাষত থাকিব পাৰিলোহেতেন।”
হাঃ হাঃ কৈ হাঁহি উঠিল মন্দো। মৰম লগা ছোৱালী এজনীয়ে চাহ দুকাপ দি গল কেক কেইটুকুৰামানৰ সৈতে। চাহ কাপ হাতত তুলি চুগাৰফ্ৰী বুলি কোৱাৰ বাবে কেক এটুকুৰ ডাঙি ললো।
”ক’ৰ কেক ভাল দেখোন।”
”ইয়াতে থকা মন্দিৰা বাইদেৱে বনোৱা, বৰ পাকৈত ৰান্ধনী।”
চাহকাপ খাই উঠি মন্দাকিনীলৈ মোৰ এশ এবুৰি প্ৰশ্ন লৈ চাই ৰ’লো। মিচিকিয়া হাঁহি এটা দি মুড়া এটাত মোৰ মুখামুখিকৈ বহি ললে তাই।

”তই চাগৈ ভাবিছ ঘৰৰ পৰা পৰিয়ালে উলিয়াই দিয়াত ইয়াত আছোহি। ভুল ভাবিছ। মোৰ লৰা ছোৱালী এইখন চহৰতে আছে, আচলতে আমাৰ বাবে মানে মোৰ আৰু অংশুৰ বাবেই সিহঁতো ইয়ালৈ গুচি আহিল।
ব্যস্ততাভৰা জীৱনে মোক এদি আমুৱালে। তোৰ দৰে চুলিবোৰে ৰূপালী ৰঙ ৰৈ মোক বয়সতকৈ বুঢ়ী কৰি পেলালে। অৰঙে দৰঙে অংশু আৰু লৰা ছোৱালী হালক লৈ চাকৰিৰ খাটিৰত ঘূৰি ফুৰিলো।
কেতিয়াবা অংশু আৰু মই লৰা ছোৱালী কেইটাৰ পঢ়া শুনাৰ খাতিৰত বেলেগ বেলেগ ঠাইতো থাকিব লগা হ’ল। সিহঁতৰ ভালদৰে সংস্থাপিত হোৱাৰ পিছত এদিন অংশু ৰিটায়াৰ হল।
মই এমাহৰ ছুটি লৈ দুয়োটাই জীৱনৰ সোণালী সময় পাৰ কৰা চহৰ বোৰত ঘূৰি ফুৰিলো। জীৱনৰ দ্বিতীয় ইনিংছটোত এসোপামান ৰঙ ছটিয়াই দিবলৈ উঠি পৰি লাগিলো।
বেমাৰে হেঁচা মাৰি ধৰা শৰীৰটোৰ আকৌ যত্ন লবলৈ ললো। মুঠতে জীয়াবলৈ শিকিলো। ইয়ালৈকো আহিলো। সাত বছৰ মানৰ আগতে।
এই প্লটটো কিবা এটা ভাল লাগিলত অংশোৱে ৰিটায়াৰমেণ্টৰ পইচাৰে কিনি পেলাই এই ঘৰখন আৰম্ভ কৰিলে। জীৱনত এটা নতুন উদ্যম নতুন লক্ষ্য পালো।
জোৱাই এইখন চহৰৰে সি বহুত সহায় কৰিলে শহুৰেকক। দুবছৰ আগত ময়ো ভলেণ্টীয়াৰ ৰিটায়াৰমেণ্ট লৈ গুচি আহিলো। আহিবৰ দিনা লৰা বোৱাৰীয়ে উফন্দ পাতিলে।
মোৰ কথা হ’ল তঁহতৰ জীৱন তঁহতৰ ধৰণে উদযাপন ক’ৰ আমাৰ জীৱন আমাৰ ধৰণেৰে উদযাপন কৰিম “

মন্দাকিনীৰ কথাখিনিয়ে মোৰ ইমান দিনৰ জীৱন দৰ্শনক ভেঙুচালি কৰি উঠিল। সূতাৰ নেছাটোৰ দৰে জঁট লাগি গল মোৰ চিন্তাধাৰাবোৰত।

”তোৰ বেয়া নালাগেনে নিজৰ লৰা ঘৰৰ পৰা আঁতৰি থাকি।”

মোৰ প্ৰশ্নত মিচিকিয়াই দিলে মন্দাকিনীয়ে।

”নীলা আকাশ ধিয়াই উৰা চিলাখন দেখিছনে। সম্পৰ্কবোৰো তেনেকুৱাই মাধু। যিমানে জোৰ কৈ টানি ধৰিবি বতাহ পালে সিমানেই দুৰলৈ যাবলৈ জোৰ দিব আৰু যদি তাক আকাশত উৰিবলৈ সূতাদাল ঢিলাই নিদিয় চিলাখন বতাহে সূতাৰ পৰা বিছিন্ন কৰি পেলাব নাইবা চিলাখন মহতিয়াই নি কোনোবাখিনি পোৱাবগৈ।”

মোৰ হৃদয়খন আদালতৰ মজিয়া হৈ পৰিল। নিজেই যুক্তি দিছো নিজেই খণ্ডাইছো। বহুদেৰি টু শব্দ বিনিময় নকৰাকৈ বহি ৰলো মন্দাকিনী আৰু মই। মোৰ হাতত ধৰি লাহেকৈ টানি বাহিৰলৈ লৈ গল তাই। হ’লৰূমটোত সোমাই দেখিলো ঘৰটোৰ আবাসীসকল তাত গোট খাই আছে।
”সেই যে নীলা শাৰী পিন্ধা মানুহগৰাকী কালি আহিছে আমাৰ ইয়ালৈ, দুসপ্তাহৰ আগতে নাতিয়েকৰ জন্মদিন উদযাপন কৰিবলৈ আহিছিল। বন্ধু বান্ধবী বিচাৰি লৰা বোৱাৰীৰ বাধা নেওচি ইয়ালৈ গুচি আহিল।”
নীলা শাৰী পিন্ধা মানুহজনীৰ পৰা আৰম্ভ কৰি সবৰে কাহিনী কৈ গ’ল মন্দাকিনীয়ে। কোনো যদি স্বইচ্ছাই অপৰাহ্ণৰ ৰঙ বুটলিবলৈ আহিছে কোনোবা আহিছে জীৱনৰ কঠিন বাটত পৰিয়ালৰ অনাদৰ অবহেলাৰ মুখামুখি হোৱাৰ পিছত। ইয়ালৈ আহি জীয়াবলৈ শিকিছে সবেই। সময়ৰ সুতত হেৰাই যোৱা হেঁপাহবোৰক সাৰ পানী দি পোখাবলৈ দিছে। জীৱনৰ বেছি সময় পাকঘৰত পাৰ কৰা মানুহজনীয়ে অভিজ্ঞতাবোৰ সামৰি চপা ৰূপ দিছে। সত্তৰ বছৰীয়া অংকৰ শিক্ষক জনে বিনামূল্যই লৰা ছোৱালীক অংকৰ ফৰ্মূলা বুজাইছে। দিহানাম বিয়ানাম বিহুগীত বনগীত নতুন প্ৰজন্মৰ মাজত ভগাই দিছে কোনোবাই। গোটেই জীৱন ভাড়াঘৰত কটোৱা মানুহজনে নিজাকৈ এখন ফুলনি, এখন শাকনি পাতিছে। ক’তো নৈৰাশ্য নাই। কোনেও নোপোৱাখিনিক লৈ শোকৰ সাগৰত বুৰ গৈ থকা নাই। জীৱনৰ নতুন মন্ত্ৰ যাপ কৰিছে একেলগে হাতত হাত ধৰি। চকুপানীবোৰ মচিবলৈ আগবাঢ়ি আহিছে হাতবোৰ। কান্দিবলৈ ইজনে সিজনক পাতি দিছে নিজৰ কান্ধ। কোনো অকলশৰীয়া নহয়। দুখৰ সাগৰত সুখবোৰ বুটলি ভগাই লৈছে নিজৰ মাজত।
ইমান দিনে মই ভাবি আহা ঋনাত্মক চিন্তাবোৰ অপৰাহ্ণৰ ৰঙে উটুৱাই নিলে। মন্দাকিনীৰ হাত এখনত আবেগেৰে বহুদেৰিলৈ ধৰি থাকিলো।
”বল এতিয়া তোক অকণমান আগবঢ়াই থৈ আহো নহলে অম্লানে চিন্তা কৰিব।”
এবুকু প্ৰশান্তি লৈ লাহে লাহে গেটৰ ওচৰ পালোহি। মোৰ তেতিয়াহে মনত পৰিল মন্দাকিনীৰ স্বামী অংশুমানক দেখোন লগ নাপালো। অংশুৰ কথা সোধাত তাই গেটৰ ওপৰৰ তোৰন খনলৈ আঙুলিয়াই দিলে।
”স্বৰ্গীয় অংশুমান বৰদলৈ সোঁৱৰণী তোৰন”
মন্দোৰ হাঁহি থকা মুখখন দেখি একো কবলৈ মন নগল। অস্তগামী বেলিয়ে আলোকিত কৰি তুলিছে মন্দাকিনীৰ মুখখন। জোৰেৰে সাৱটি ধৰিলো তাইক। আকৌ আহাৰ প্ৰতিশ্ৰুতি দি তাইৰ পৰা বিদায় মাগিলো। তাই মোৰ তুলসী পাতটো চুবলৈ নাপাহৰিলে। জীৱন জীয়াৰ মন্ত্ৰবোৰ অম্লানৰ সৈতে ভগাই লবলৈ মই ঘৰলৈ ঢাপলি মেলিলো। ৰান্ধনি বেলিয়ে তেতিয়ালৈ মোৰ ভিতৰখনতো ফাকুগুৰি ছটিয়াই পেলাইছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!