অবিনশ্বৰ (মালবিকা বৰা)
অবিনশ্বৰ
আমিবোৰ
আহি আছোঁ, গৈ আছোঁ
সোমাইছোঁ, ওলাইছোঁ
ওমলা ঘৰৰ চাবি–কাঠি খুলি
ই আত্মাৰ ওমলা ঘৰ।
নেদেখা সূতাৰ টানত
হাঁহিৰ মেলিছোঁ পোহাৰ
পট পৰালৈ কৰি অভিনয়
চকুলো টুকিছোঁ দেধাৰ।
আমি মাটিৰ পুতলা
গঢ় লৈছোঁ
ধ্বংসও হৈছোঁ
মাটিকেই আঁকোৱালি।
আমিবোৰ,
এজাক ঘূর্ণীবতাহ হৈ ঘূৰি আছোঁ,
বিন্দু এটাৰ পৰিক্রমা কৰি
সেই বিন্দু অবিনশ্বৰ,
হয়তো ঈশ্বৰ !!!