অব্যক্ত…(- চন্দ্রমা কলিতা )
মনালিছা,
হাতৰ মুঠিত আৰু কিমান দিনলৈ লুকুৱাবি
অব্যক্ত আশাৰ মধুৰ ব্যঞ্জনা?
পিৰালিত যেতিয়া ফুলি উঠে
প্রার্থনাৰ গধূলিগোপাল
তই হিয়াৰ দুৱাৰ কিয় জপাই থৱ?
খিৰিকি মুখত ৰৈ থাকে সন্মোহনী ফাগুন
চকুত তোৰ ছবি
বুকুত তোৰ সপোন।
তই মূৰ তুলি কেতিয়াবা ক’বিনে
পোহৰলৈ ইমান অভিমান কিয়?
বৰষুণজাকত তিতাৰ হেপাঁহ তই ক’ত লুকুৱালি
মনালিছা?
সেই যে সেউজে আঁচল পতা এটা বাট
খোজবোৰ কিয় পিছুৱাই আন,
মনালিছা?
চকুত তোৰ নীলা অপেক্ষা
ওঁঠত মৌন অভিলাসা
কোনদিনা মুকলি হ’ব
পদুমপাতত উপঙা মনৰ গোপন গধুৰ বেথা?
butiful poem~~~~~~
i like this
be write more