অব্যক্ত (ৰশ্মিৰেখা দাস)
অনুভৱ মোৰ তেজে তেজে বৈ যায়
সুৰৰ মূৰ্চ্ছনা হৈ
কেতিয়াবা নিষাদ
কেতিয়াবা গান্ধাৰ
এটি অব্যক্ত সুৰৰ গান হৈ উজাই।
আপোনাৰ সত্তা মোৰ হৃদয়ৰ আভৰণ
জুৰ মলয়াত কঁপি কঁপি মোৰ
বুকুৱে চকুৱে শিহৰণ
সেয়াও যেন অব্যক্ত সুৰৰ ছন্দে ছন্দে
থৰকাছুটি হেৰুওৱা স্বৰগম।
সন্ধ্যা নামিলে আবেগৰ খটখটি বগাই
এবাৰ উঠোঁ এবাৰ নামোঁ
শুই নিঃপালি দিয়া আকাশখনত
আঙুলি বুলাই সুধোঁ
দিবানে মোৰ আজলি ভৰাই এধানি নীলা?
আঙুলিবোৰ কঁপে
নাই নাই…
নগ্ন দুহাতেৰে মাটিকেই খামুচি ধৰোঁ
নীলাবোৰ মাথোঁ সপোন
সহানুভূতিৰে সন্ধ্যাবোৰ উশাহত মেৰিয়াই
মই আজি ভৰুণ।