অভিজ্ঞতাৰ খনি (নিয়ৰ পাৰ্থ প্ৰতিম বুজৰবৰুৱা)

 

(১)

বৰফাবৃত হিমালয় পর্বত শ্ৰেণী আনফালে অমাৱস্যাৰ আন্ধাৰ নিশা । তথাপি আন্ধাৰৰ আঁচলৰে লুকুৱাই ৰাখিব পৰা নাই হিমালয়ৰ সুউচ্চ বুকুৰ ধুনীয়াখিনি । টিলাটোৰ মাজত সৰু তম্বু এটা, ভিতৰত এখন টুল আৰু টুল খনক কেন্দ্র কৰি বহি আছে দুজন ডেকা ল’ৰা আৰু সেই ঠেঁটুৱৈ লগা জাৰতো মাথো এখন কমলা ৰঙৰ বস্ত্র পৰিহিত এজন বৌদ্ধ ভিক্ষু । টুল খনত এখিলা কিবা সাংকেতিক চিহ্ন থকা কাগজ, এটা ওলোটাই থোৱা কাঁচৰ গিলাচ আৰু ধিমিক ধামাককৈ জ্বলি থকা এডাল মম বাটি । তিনিওজনৰে মুখ কেইখন উৎকণ্ঠিত, ডেকা দুজনে এবাৰ ভিক্ষু জনৰ ফালে আৰু এবাৰ কাগজ খিলালৈ ভয়ে ভয়ে চাই আছে ।
তম্বুৰ বাহিৰত সেয়া জান আৰু বিশাল । এক নিৰাপদ দূৰত্বত সেয়া জান, তাৰ নিকন ডি৯০ টো ট্রাইপড ত বহোৱাত ব্যাস্ত । আনফালে বিশালে লগত আনা মেগনেটিক ফিল্ড ৰিডাৰ আৰু ফ্রিকুৱেন্সি মিটাৰ কেইটা ঠায়ে ঠায়ে লগাই আছে আৰু আউটপুট কেবল কেইডাল তাৰ লেপটপৰ পর্ট কেইটাত সংযোগ কৰিছে ।
– “অই জান, তোৰ হ’লনে? নাইট ভিজন চেন্সৰ খন লগাব নাপাহৰিবি আকৌ ।”
– “ হমম ৰেডি দোস্ত । মোৰ হৈ গ’ল, তই চা মিটাৰে ৰিডিং লৈছেনে নাই । বিকিহঁতক কৈ দে বুঢ়াক আৰম্ভ কৰাবলৈ ।
এয়া হ’ল হিমাচল প্রদেশৰ ‘চিচ্ছু’। এখন সৰু চহৰ । নাই নাই, চহৰ বুলি কলেও ভুল হ’ব । এখন সামৰিক হেলিপেড আছে । লাগতিয়াল সামগ্রীৰে কেইখনমান সৰু সৰু দোকান । বাকী চাৰিওফালে বৰফ । মানালীৰ পৰা প্রায় ৯০ কিঃমিঃ দুৰত্ব পাহাৰীয়া ৰাষ্টাত গাড়ী চলাই আহিও যেন আজি ভাগৰি পৰা নাই বিকি, জান, বিশাল আৰু নিশান্ত । তেওঁলোক নাচোৰবান্দা তেওঁলোকৰ লক্ষ্যৰ কাৰণে, যদিও আটাইকেইজনে জানে ইয়াৰ সফলতাৰ আশা নিমিত্তহে মাত্র । তথাপি আগুৱাব বিচাৰিছে কিছু নতুন অভিজ্ঞতাৰ বাবে, সম্বল মাথো এসাগৰ কল্পনা আৰু কিছু বিজ্ঞান ।

(২)

 
চিকিৎসা বিজ্ঞানৰ ছাত্র বিকি আৰু নিশান্তৰ মনত এই হিমালয়ৰ দুর্গম অভিযানৰ সপোনৰ বীজ অংকুৰিত হৈছিল, সিহঁতৰ কলেজৰে বায়োকেমিষ্ট্রিৰ প্রফেছাৰ শ্রীনিবাসনৰ মৃত্যুৰ পিছৰ পৰাই । শ্রীনিবাসন আছিল এজন উদীয়মান ডেকা প্রফেছাৰ । যোৱা দুবছৰ ধৰি তেওঁ মানুহৰ কোষ বিভাজনৰ ওপৰত গৱেষণা কৰি আছিল । কিছুমান নিৰ্দিষ্ট বিপদৰ সময়ত যাতে মানুহৰ কিছু নিৰ্দিষ্ট অংশৰ কোষ সমূহ বিভাজিত নোহোৱাকৈ, অথচ কোষটো নষ্ট নোহোৱাকৈ ৰাখিব পাৰি তাৰে কাৰনে ভেকচিন এটা উলিওৱাৰ কামত মনোনিবেশ কৰিছিল । তেওঁৰ প্রধান লক্ষ্য আছিল কর্কটৰ দৰে ভয়াবহ ব্যাধি সমূহ । কর্কট সাধাৰণতে কোষ বিভাজনৰ ফলতে এটাৰ পৰা আনটো অংগলৈ বিয়পি যায় অথবা কর্কট আক্ৰান্ত ঠাইটুকুৰা বহল হৈ গৈ থাকে । গতিকে শ্রীনিবাসনৰ মতে যদি সেই নির্দিষ্ট আক্রান্ত কোষ সমূহ বিভাজিত নোহোৱাকৈ ৰাখিব পৰা যায়, তেন্তে কর্কটৰ দৰে ৰোগ সমূহ বাধা দিয়াত সহজ হৈ পৰিব । এনেকুৱা এটা মহৎ উদ্দেশ্য লৈয়ে আগবাঢ়িছিল শ্রীনিবাসন । লগত আছিল দুই অসমীয়া যুৱক বিকি আৰু নিশান্ত । দিন ৰাতি অহৰহ প্রচেষ্টাৰ অন্তত লাহে লাহে সফলতাৰ মুখ দেখিছিল তেওঁলোকে । গৱেষণাগাৰত থাকি থাকি ক’লা পৰি যোৱা মুখবোৰ ক্রমাৎ উজলিবলৈ ধৰিছিল সফলতাৰ আনন্দত । এতিয়া প্রয়োজন মাত্র পৰীক্ষামূলক ভাবে প্রয়োগ কৰাত । কিন্তু চিকিৎসা বিজ্ঞানৰ নিয়মমতে মানুহৰ দেহত কেতিয়াও প্রথমে প্রয়োগ কৰিব নিদিয়ে, নতুনকে আৱিষ্কৃত ভেকচিন । গতিকে পৰীক্ষাৰ বাবে সাজু কৰা হ’ল এন্দুৰ ।
সফলতাৰ ফালে যিমানে আগবাঢ়িছে, সিমানে আধীৰ হৈ গৈ আছিল শ্রীনিবাসন । তেওঁ যেন ৰ’ব পৰা নাছিল আনুষ্ঠানিকতাৰ দিনলৈ । এদিন ৰাতি অকলে থাকিল গৱেষণাগাৰত, নিশান্তহঁত গুছি অহাৰ পিছত । তেওঁ অকলেই প্রয়োগ আৰম্ভ কৰিব খুজিছিল । কিন্তু ভেকচিনটো দিয়াৰ সময়তে তেওঁৰ হাততে দুর্ভাগ্যবশতঃ বেজীটো সোমাই গ’ল, আৰু তাৰ পৰিণতিটো কেতিয়াও কোনেও ভাবিব নোৱাৰা । অতি শীঘ্ৰেই ভেকচিনে তেওঁৰ শৰীৰত ক্ৰিয়া আৰম্ভ কৰিলে আৰু সমগ্র শৰীৰৰ কোষ বিভাজন বন্ধ হৈ গ’ল । ৰাতিপুৱা গৱেষণাগাৰৰ নিৰীক্ষকে পালে শ্রীনিবাসনৰ নশ্বৰ দেহ । এনেকৈ শেষ হ’ল চিকিৎসা বিজ্ঞানৰ এটা উজ্জল জ্যোতি । সফলতাৰ দুৱাৰখন দেখা পায়ো বেয়াকৈ মুখথেকেচা খালে চিকিৎসাশাস্ত্র ।
শ্রীনিবাসনৰ মৃত্যুৰ পিছত সকলোৰে চকু বিকি আৰু নিশান্তৰ ওপৰত । আৰম্ভণিৰ পৰা গৱেষণাৰ কামত লাগি আছিল সিহঁত দুয়োটা । গতিকে শ্রীনিবাসনৰ মৃত্যুৰ পিছত গৱেষণা আগবঢ়াই নিব লাগিব নিশান্ত আৰু বিকিয়ে । যিমান পাৰে সিমান কষ্ট কৰিলে দুইয়ো, তেওঁলোকৰ গুৰুৰ আশাবিলাক আগুৱাই নিবলৈ । কিন্তু এটা বিন্দুলৈ গৈ থমকিব লগা হ’ল দুই ডেকা চিকিৎসক । ভেকচিন প্রয়োগৰ দ্বাৰা কোষ বিভাজন ৰোধ কৰিবলৈ সক্ষম হ’ল, কিন্তু কোনো নির্দিষ্ট ঠাইত প্রয়োগ কৰাৰ সূত্ৰটো বিচাৰি পোৱা নাছিল । অৱশেষত ভাগৰি পৰিল সকলো । লাহে লাহে গৱেষণাৰ বিষয়ো তল পৰিল ক্ৰমাৎ ।

(৩)

 
ভাগৰি পৰা নাছিল বিকি আৰু নিশান্ত । শ্রীনিবাসন আছিল সিহঁতৰ পিতৃ স্বৰূপ । গতিকে যেনেকৈ নহওক তেওঁৰ সপোন বিলাক আগুৱাই নিবই লাগিব, লাগিলে যিমানেই কষ্ট নহওক ।
বিকিয়ে এদিন ঘটনাক্ৰমে লগ পালে তাৰ বাল্যকালৰ বন্ধু জানক । ৱাইল্ড লাইফ ফটোগ্রাফাৰ হিচাপে বৰ্ত্তমান পৰিচিত । ফটোৰ বাবে সি বহু ঠাই ঘূৰে, হাবি- জংঘল, পর্বত- নদীৰ মাজতে তাৰ জীৱন । এদিন হঠাৎ জানে বিকিক এটা প্ৰস্তাৱ দিলে, যিটো প্ৰস্তাৱ পাব বুলি চিকিৎসা বিজ্ঞানৰ ছাত্র হিচাপে বিকিয়ে কেতিয়াও আশা কৰা নাছিল ।
জানঃ আৰে দোস্ত, এটা কথা কচোন । তোৰ গৱেষণাৰ কামত তোক কোনে সহায় কৰিব পাৰে?
বিকিঃ মই নিজেও নাজানো দোস্ত । সহায় কৰিব লগা যিজন আছিল তেওঁতো এতিয়া নাইয়েই । তথাপি আশা কৰি আছো এদিন কিবা সম্ভেদ পাম ।
জানঃ মই যদি তোক শ্রীনিবাসনৰ লগত লগ কৰাই দিব পাৰোঁ?
বিকিঃ পাগল হৈছ তই?
জানঃ মই পাগল হোৱা নাই দোস্ত । তোৰ দিনে দিনে বাঢ়ি যোৱা টেনছ্যন দেখি মোৰ সহ্য হোৱা নাই । গতিকে মই তোক সহায় কৰিব বিচাৰিছোঁ । হিমালয়ত এজন বৌদ্ধ ভিক্ষু থাকে, তেওঁ মৃত মানুহৰ আত্মা মাতিব পাৰে । যদি তই বিচাৰ তেন্তে এটা চাঞ্চ লৈ চাব পাৰোঁ ।
জানৰ কথা শুনি মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে বিকিৰ । কি শুনিছে সি এইবিলাক । সঁচা হ’ব পাৰে জানো এইবিলাক? লগে লগে নিশান্তক ফোন কৰি মাতিলে আৰু আলোচনাত বহিল । এফালে বিজ্ঞান, আনফালে কল্পনাৰ ভূত-প্রেত । কাক বিশ্বাস কৰিব এতিয়া । তথাপি সিঁহতৰ লক্ষ্যত উপনীত হ’বলৈ মান্তি হ’ল জানৰ কথাত । কিন্তু এটা চর্ত্তত…… সম্পূর্ণ বিজ্ঞানৰ ছত্রচায়াত হ’ব লাগিব এই পৰিঘটনা, কি ঠিক আত্মা মতাটো বৌদ্ধ ভিক্ষুৰ এক ভেল্কীবাজিও হ’ব পাৰে ।
হিমালয় যোৱাৰ যো-জা আৰম্ভ হ’ল বিকি, জান আৰু নিশান্তৰ । লগত পদার্থ বিজ্ঞানৰ ছাত্র বিশাল । এই অভিধানত বিশাল অন্তৰ্ভুক্ত হ’ল একমাত্র তাৰ ভৌতিকতাৰ ওপৰত থকা নিছাৰ কাৰনে । সিহঁতে সকলোৱে নিজা নিজাকৈ প্ৰস্তুতি চলালে । বিকিয়ে বৌদ্ধ ভিক্ষুৰ লগত আত্মা মাতিব । নিশান্ত মনোবিজ্ঞানৰ ছাত্র, গতিকে যদি আত্মা আহে, সি আত্মাক নিজৰ আয়ত্বলৈ আনিবলৈ চেষ্টা কৰিব । কথাটো যদিও অলপ খোকোজা লাগে, তথাপি নিশান্তে বিশ্বাস কৰে যে যদি আত্মাই সঠিক ভাবে কথা- বতৰা ক’ব পাৰে, তেন্তে নিশ্চয় মগজু থাকিবই লাগিব । আৰু মগজু থাকিলে নিশান্তৰ দৃঢ় বিশ্বাস যে, সি আয়ত্বলৈ আনিব পাৰিবই । আনহাতে জানে কেমেৰাত নাইট ভিজন চেঞ্চৰ লগাব আৰু গোটেই ঘটনা ধৰি ৰাখিব । আকৌ সকলোতকৈ আগত বিশাল, মেগনেটিক ফিল্ড ৰিডাৰ, ফ্রিকুৱেন্সি ৰিডাৰ লৈ আত্মাৰ গতি বিধি লক্ষ্য কৰিব । এই গোটেই ঘটনা সিহঁতে সম্পূর্ণ গোপনে ৰাখিব বিচাৰিছিল । কাৰণ চিকিৎসা বিজ্ঞানৰ ছাত্র হৈয়ো আত্মা মাতিব যোৱাৰ দৰে লাজৰ কথা একো নাথাকিব ।

(৪)

 
মানালীৰ পৰা পাহাৰ ফালি একা বেঁকা পথেৰে ৮৭ কিঃমিঃ গাড়ী চলোৱাৰ পিছত চিচ্ছু আহি পালে বিকি, জান, নিশান্ত আৰু বিশাল । ইয়াৰ পৰা আৰু গাড়ীৰে আগুৱাব নোৱাৰি । তাতেই ৰখি আছিল শ্রীনিবাসনৰ অশৰীৰী আত্মাৰ জগতৰ লগত সিহঁতক সংযোগ কৰিব পৰা ভিক্ষুজন । প্রথম দেখিয়েই আচৰিত হৈছিল বিকি । চামৰাৰ জেকেট জোতা পিন্ধিও ঠাণ্ডাক আঁতৰাব পৰা নাই সিহঁতে, অথচ এখন বস্ত্র পৰিধান কৰি কেনেকৈ খোজ দিছে এই বৰফৰ পর্বতত । আচৰিত ! সেই ভিক্ষু জনৰ পিছে পিছেই সিহঁতে খোজকাঢ়ি পাহাৰ বগালে প্রায় ২০ মিনিটমান । এইখিনি ঠাই ভিক্ষুজনৰ পছন্দৰ ঠাই, তেওঁৰ মতে অকাল মৃত্যু বৰণ কৰা লোকসকলৰ আত্মাই হেনো মাটিৰ পৰা ওপৰত আৰু স্বর্গৰ তলত ঠিক এইখিনি উচ্চতাতে ঘূৰি ফুৰে । আনহাতে ঠাই খিনি ভাল পালে বিশালেও । তাৰ মতে এইখিনি ঠাইত অন্য ধাতবীয় পদার্থৰ উপস্থিতি তেনেই নগণ্য । গতিকে ভৌতিক তৰংগৰ ৰিডিং সহজেই ধৰা দিব মিটাৰত ।
সূর্য্যদেৱতাই বিদায়ৰ শেষ হাঁহিটো মৰাৰ পিছতে মম বাটি ডাল জ্বলালে ভিক্ষুজনে । চাৰিওৰে জয়াল জয়াল লাগিল পৰিৱেশটো । মমবাটি ডালৰ সামান্য পোহৰখিনিয়ে যেন আন্ধাৰৰ গভীৰতা খিনি বেছিকৈ উদঙাই দিলে । বিকি আৰু নিশান্ত সাজু সিহঁতৰ আদর্শৰ গুৰুক আকৌ এবাৰ অনুভৱ কৰিবলৈ, আকৌ এবাৰ তেওঁৰ মাতটো শুনিবলৈ, নজনাখিনি জানিবলৈ । আনহাতে জান আৰু বিশাল বাহিৰত । বিশালে যেতিয়া তাৰ মেগনেটিক ফিল্ড ৰিডাৰটো সংযোগ কৰিলে, সি তেতিয়াই এটা আচৰিত অভিজ্ঞতাৰ সন্মুখীন হ’ল । তাৰ মিটাৰটোৱে ১০০ মিটাৰ ব্যাসার্ধত বহু কেইখন সৰু সৰু ফিল্ডৰ উপস্থিতি দেখাইছে, আৰু আচৰিত ভাবে এখনো স্থিৰ নহয় । তথাপি সি বেছি চিন্তিত হোৱা নেদেখাই বিকিহঁতক আৰম্ভ কৰিবলৈ ক’লে ।
টুল খনৰ ওপৰত থকা কাগজ খনত ভিক্ষুজনে কাঁচৰ গিলাচটো ওলোটাকৈ থলে আৰু ইয়াৰ ওপৰত বিকিৰ হাতখন থ’বলৈ কলে । লাহে লাহে তেওঁ মন্ত্র উচ্চাৰণ আৰম্ভ কৰিলে । বিকি আৰু নিশান্তে একান্তমনে চকু মুদি মন্ত্র শুনি আছে, লাহে লাহে সিহঁতৰো ভয় ভয় ভাব এটা লাগি আহিছে ।
বিশালৰ চুম্বক ক্ষেত্র মিটাৰটোৰ কাঁটাডাল ক্রমাৎ ‘হাই চেনজিটিভ’ বুলি দেখুৱাব আৰম্ভ কৰিছে কিন্তু ক্ষেত্রৰ উপস্থিতি এতিয়াও ধুষৰ হৈয়ে আছে, চুম্বক দণ্ড এডাল কম্পাছৰ ওপৰেৰে অঁকাই পকাই ঘুৰালে যেনেকুৱা হয়, ঠিক তেনেকুৱা ৰিডিং দি আছে মিটাৰটোৱে । অথচ কম্পনাংক মিটাৰ তেতিয়াও নিষ্প্রভ । আচৰিত হ’ল বিশাল, কি হৈছে এইবোৰ । সাগৰৰ পৰা ৮০০০ ফুট উচ্চতাত কিহে প্ৰভাব পেলাইছে ইমানকে? তেতিয়ালৈকে জানৰ কেমেৰাতো একো বন্দী হোৱা নাই । মাজে মাজে মাথোঁ বতাহত বৰফৰ টুকুৰাবোৰ উৰি থকাৰ দৃশ্য ।
হঠাৎ জলি থকা মমডাল নুমাই গ’ল তম্বুৰ ভিতৰত । ভিক্ষুজনে সোঁৱৰাই দিলে শ্রীনিবাসনৰ আত্মাৰ উপস্থিতিৰ প্রমাণ সেয়া । বিকিয়ে হেঁচি ধৰি থকা গিলাচটো যেন কোনোবাই টানি আছে। কাগজ খিলাৰ ওপৰত যেনি তেনি ঘূৰিব ধৰিলে গিলাচটো । ভিক্ষুজনে অশৰীৰীক উদ্দেশ্যি পৰিচয় সুধিলে । লগে লগেই বতাহৰ লগতে ভাহি আহিল শ্রীনিবাসনৰ সেই গলগলীয়া অথচ নম্র মাত । মাতষাৰ শুনাৰ লগে লগে থাকিব নোৱাৰিলে নিশান্ত । মৰমৰ গুৰুজনাক একেবাৰে ওচৰতে পোৱা যেন লাগিল । সি লগে লগে ক’বলৈ আৰম্ভ কৰিলে কেনেকৈ তেওঁৰ মৃত্যুৰ পিছত সিহঁতৰ গৱেষণা স্থবিৰ হৈ পৰিল, তাৰ পিছত সিহঁত কিমানদূৰ আগুৱাব পাৰিলে, ইত্যাদি ইত্যাদি…। কিন্তু আচৰিত ভাবে কোনো প্রতিক্রিয়া নাহিল সেই অশৰীৰীৰ পৰা । লগে লগে ভিক্ষু জনে সিহঁতক সচেতন কৰি দিলে যে মাত্র প্রশ্নহে সুধিব পাৰিবা । সৰু সৰু প্রশ্ন সোধা, যাতে আত্মা অশান্ত হৈ নাযায় ।
প্রত্যেকটো অশৰীৰী শব্দৰ লগে লগেই বিশালৰ কম্পনাংক মিটাৰে সংকেট দি আছে । ইয়াৰ লগে লগে সি নিশ্চিত হ’ল যে সিহঁতে শুনা প্রত্যেকটো শব্দৰে বাস্তৱিক ভিত্তি আছে,আৰু ইয়াৰ উৎসও আছে, কিন্তু সিহঁতে দেখা পোৱা নাই । এতিয়া সি সন্তুষ্ট যে সিঁহত কোনো ভ্রমৰ চিকাৰ হোৱা নাই । এইবাৰ চুম্বক মিটাৰটো চাই সি ইফালে সিফালে খোজ দিব ধৰিলে । লাহে লাহে ধুষৰ হৈ থকা ক্ষেত্র খন ধৰা দিবলৈ আৰম্ভ কৰিলে তাৰ মিটাৰটোত । মিটাৰটোৱে লাহে লাহে তাক বিকিহঁত বহি থকা তম্বুটোৰ ফালেই নি আছে ।
বিকিঃ ছাৰ আমি বহুত কষ্ট কৰিলোঁ কিন্তু আগুৱাব পৰা নাই । আপুনি ক’ৰবাত লিখি থৈ গৈছিল নেকি প্রণালীবিলাক?
– নাই
বিকিঃ আপুনি আমাক আগতে কৈছিল যে মানৱ শৰীৰটো আপুনি ছয় ভাগত ভগাইছিল, আৰু প্রত্যেক ভাগৰ ভেকচিনৰ অনুপাত বেলেগ বেলেগ আছিল । তেতিয়াহে আমি ভেকচিন ঠাই বিশেষে প্রয়োগ কৰিব পাৰিম । অথচ আমি এতিয়ালৈ নাজানো সেই ভাগ কেইটা কি কি?
– ভাগ সমূহ কৰা হৈছিল দেহত তেজৰ চলাচলৰ ওপৰত নির্ভৰ কৰি । ভাগকেইটা হ’ল ৰাজহাড়ৰ মধ্যম অংশ,……………
বিপ, বিপ, বিপ……
ধাতৱ শব্দৰ আচম্বিত শব্দত চকু মেল খুৱালে আটাইৰে । চকু মেলি দেখে টুল খনত থকা মমডাল পুনৰ জ্বলি উঠিছে আৰু তম্বুৰ ভিতৰত সেয়া বিশাল তাৰ মিটাৰটোৰ সৈতে । এতিয়া শ্রীনিবাসনৰ কণ্ঠও নাই, নাই বিশালৰ সেই চুম্বকত্ব মিটাৰটোৰ বিপ শব্দও । আচলতে বিশালে আন্ধাৰত গমেই পোৱা নাছিল সি কোনফালে গৈ আছে, মাথো ডিস্প্লেইৰ ৰঙা ডটটোৰ পিছ লৈয়ে সি আহি পাইছিল তম্বুৰ ভিতৰত ।
ভিক্ষুজনে ক’লে যে আত্মা গ’লগৈ । আত্মা আৰু তোমালোকৰ মাজত সংযোগ বিচ্ছিন্ন হ’ল এই ধাতৱ শব্দৰ দ্বাৰা । …………
গোটেইকেইজন ওলাই আহিল ভিতৰৰ পৰা । এইবাৰো থমকি ৰ’ব লগা হ’ল থিক সফলতাৰ দুৱাৰমুখতে । তথাপি মন গধুৰ নকৰিলে সিহঁতে । বিচৰা বস্তুটো নাপালেও আন এটা নভবা বস্তু পালে গৱেষণাৰ বাবে । সকলোতকৈ ডাঙৰ কথা হ’ল, সিহঁতে কিছু নতুন অভিজ্ঞতা গোটালে ।
ৰাতিপুৱা ভিক্ষুজনৰ পৰা বিদায় লৈ সিহঁত গাড়ীত উঠিল । মুখেৰে একো নকলেও আটাইয়ে বুজি পালে যে অহাতকৈ বিৰক্তিকৰ হ’ব এই অপ্রাপ্তিৰ ৰাষ্টা । তথাপিও উভতিবতো লাগিবই ।
গাড়ীখন ষ্টার্ট কৰাৰ আগতে কাষতে থকা বৌদ্ধ মঠটোত সেৱা জনাব গ’ল আটাইকেইজন । উভতিবৰ সময়ত সিহঁতে দেখা পালে মন্দিৰৰ বেৰত লিখা আছে- “অভিজ্ঞতাই তোমাক সফলতা দিব । ভাগ্য, দুৰ্ভাগ্য নিমিত্তহে মাত্র । ঈশ্বৰত বিশ্বাস ৰাখা আৰু কাম কৰি যোৱা ।”
যাত্রা আৰম্ভ হ’ল । কাৰো দেহত ভাগৰ বা বিৰক্তিৰ চিন নাছিল । একো নাপালেও বহুত পালে সিহঁতে । এনেকৈয়েতো আগবাঢ়িব লাগিব । কিছু অভিজ্ঞতা, কিছু কল্পনা আৰু কিছু বিজ্ঞানকে সাৰথি কৰি অনাগত দিনবোৰলৈ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!