অভিনয়( – জগদীশ চন্দ্ৰ শৰ্মা)

maskঅভিনয়
– জগদীশ চন্দ্ৰ শৰ্মা।

ইমান খোলাকৈ
দাঁত নিকটাই নাহাঁহিবা
মানুহে গাঁৱলীয়া বুলিব..
ভুলতো নুখুলিবা
চহৰীয়া ভেমৰ মুখা
নিজৰ দৰে নহ’বা কাহানিও,
অভিনয় কৰি যোৱা
আঢ্যবন্ত সুখী মানুহৰ;
দুখ লুকুৱাবা সুখৰ পৰ্দাৰে
চকুলো উলিয়াই নিতিয়াবা কেতিয়াও
গোলাপী গালৰ উজ্বলতা…
কেতিয়াবা মনে নামানিলে
নিজান দুপৰীয়া এটাত
কোনেও নেদেখাকৈ মাথো
দাপোণত নিজকে চাবা
অথবা আপোনমনে
ঘূৰি ফুৰিবা অনাই বনাই
সোণোৱালী শৈশৱৰ দিনবোৰৰ দৰে,
জোনাক ৰাতিৰ নিমজ পোহৰত
এটি দুটিকৈ তৰা লিখিবা…
পোনাটিক ক’বা বুঢ়ী আইৰ সাধু,
কোনেও নুশুনাকৈ….
নহ’লে তোমাক গাঁৱলীয়া বুলিব !!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!