অভিনৱ শাস্তি- (কন্দৰ্প কুমাৰ নাথ)
উমা কান্ত শৰ্ম্মাৰ এটি কাহিনী । দেউ আছিল এক ব্যতিক্ৰমী চৰিত্ৰৰ ব্যক্তি । তেখেতৰ কিছুমান নাভূত-নাশ্ৰুত কাণ্ডই আমাৰ অঞ্চলৰ সকলোৰে চকু কপালত তোলাই নহয় , খুব আমোদো দিছিল । গোটেই নিশা তাচপাত খেলি সময় কটোৱা চাৰিজন পুতেকক পুৱতি নিশা নিজে ফিকা চাহ কৰি বান-বাটিত সজাই পৰাই লৈ গৈ ‘বোপাইহঁত , গোটেই নিশাটো বৰকৈ কষ্ট কৰিলি । ডিঙিটো এতিয়া তিয়াই ল । ‘ – বুলি যেতিয়া পুতেকহঁতৰ আগত দিছিলহি , সিহঁত লাজত মৰি যোৱা যেন হৈছিল আৰু সেইদিনাৰ পৰা পুতেকহঁতৰ তাচপাত খেলোৱাও বন্ধ হৈছিল । হয়তো সিহঁতক গালি শপনি বা অন্য কঠোৰ শাস্তিৰে সিহঁতৰ সেই বদভ্যাস কেতিয়াও আঁতৰাব নোৱাৰিলেহেঁতেন । দৈহিক শাস্তিতকৈ মানসিক শাস্তিক অধিক প্ৰাধান্য দিছিল ।
এবাৰ উমা কান্ত শৰ্মাৰ বাৰীত নাৰিকল চোৰৰ উপদ্ৰৱ বাঢ়িল । দুই তিনিদিনৰ মূৰে মূৰে দেউৰ বাৰীৰ ডাব নাৰিকল চোৰে চুৰি কৰি নিয়ে । দেউৱে চোৰৰ প্ৰকৃতি অধ্যয়ন কৰি নিশ্চিত হ’ল যে চোৰ নাৰিকল পাৰি নি বজাৰত বেচা চোৰ নহয় , নাৰিকল পাৰি ঠাইতে খোৱা চোৰহে । গছৰ পৰা পাৰি নাতিদূৰৈত খাই বাকলিবোৰ পেলাই থৈ যায় । দেউৱে ভাবিলে অভাৱত নহয় , স্বভাৱত নষ্ট হোৱা ওচৰ-পাজৰৰে কোনোবা চোৰহে । গতিকে চোৰ ধৰিবলৈ দেউৱে নিজেই পহৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।
চোৰ অহাৰ সম্ভাব্য দিন এটাত দেউ তামোল বাৰীৰ জোপোহাৰ আৰত চোপ লৈ থাকিল । মহ-ডাহৰ কামোৰলৈ ভ্ৰূক্ষেপ নাই , কাঁহ আহিব খুজিলেও কিবাকৈ বাৰণ কৰি চোৰ অহাৰ অপেক্ষাত বোন্দাপৰ দি থাকিল । মাজ নিশা সঁচাকৈয়ে চোৰ আহিল । আহিয়েই ছান্দনী জৰীৰে হুৰমুৰকৈ গছত উঠি যাবলৈ ধৰিলে । দেউ সন্তৰ্পণে জোপোহাৰ আঁৰৰ পৰা নাৰিকল গছৰ ওচৰ পালেহি আৰু চোৰৰ গালৈ টৰ্চৰ পোহৰ মাৰি পঠিয়ালে । চোৰে ইতিমধ্যে গছৰ থোক পাইছিলগৈ । টৰ্চৰ পোহৰ পাই চোৰে গছৰ ওপৰতে কাপোৰে-কানিয়ে সৰু পানী চোৱা কাম ফেৰা কৰি দিলে ।
-অ’ এইটো হৰেশ্বৰৰ পুতেক ডিম্বেই নহয়নে ? নামি আহ বোপাই , নামি আহ । মই তই অহালৈয়ে বাট চাই আছোঁ ।
সি নামি আহি দেউৰ ভৰিত দীঘল দি পৰিলহি।
– খুড়া, আজিৰ পৰা আৰু মই এনে কাম নকৰোঁ । মোক মাফ কৰি দিব ।
– ভৰিত পৰিব নালাগে । এই জুনা নাৰিকলটো ল । নাৰিকল কেইটা কুমলীয়া হৈয়ে আছে , পূৰঠ হলে নিবি আহি যা ।
এই বুলি চোৰক নাৰিকল দি স-সন্মানে বিদায় দিলে । চোৰেও ‘বৰ ৰক্ষা পৰিলোঁ দেই’ বুলি সাত জাপ মাৰি উধাও হ’ল । সেই দিন ধৰি দেউৰ নাৰিকল চোৰৰ হাতৰ পৰা ৰক্ষা পৰিল আৰু পূৰঠ হোৱাৰ পিছতো গৃহস্থই পাৰি খাবলৈ সক্ষম হ’ল ।