অভিমান : ৰ’দালিসপোন বৰগোঁহাই
অভিমান জানো মোৰ এইয়া ?
হাজাৰগৰাকী প্রেয়সীৰ মাজত
মোৰ স্থান?
নে কেৱল নামধাৰী পত্নী ?
শিৰত তোমাৰ হৈ যোৱাৰ বতৰাৰে
কপালত জিলিকি উঠা
তেজ ৰঙা বেলিটিৰে
মই কেৱল পত্নী।
প্রেয়সী জানো হ’ব পাৰিলোঁ?
অভিমান জানো এইয়া মোৰ?
মই যে সত্যভামাও হ’ব নোৱাৰিলোঁ
পাৰিজাতৰ বাবে দুখো নকৰোঁ
হ’ব নোৱাৰিলো মই ৰাধাও
মই বুজোঁ
আজিও ৰাধা তোমাৰ হৃদয়তে
আৰু মই…..
সকলো জানিও নজনাৰ ভাও ধৰোঁ
ভ্রাতৃ-পিতৃৰ হৃদয় শেষ কৰা
মই ৰুক্মিণী
মোৰ অভিমান?
মই কেৱল পত্নী।