অশান্তিৰ মাজতো প্ৰশান্তি (নিকুঞ্জ কাশ্যপ)

খুব ৰাতিপুৱাতে উঠিছো। ৫ টা বজাতে ট্ৰেইন ধৰিব লাগে। লৰালৰিকৈ গৈ ষ্টেচন পালোঁ পিছে লাগিল নহয় সিটো৷ ঘৰত শুই উঠিয়েই এবাৰ প্ৰয়াস কৰিছিলোঁ পিছে ইমান ৰাতিপুৱাই প্ৰেচাৰটো নাহে।ষ্টেচনত ট্ৰেইন আহি পাবৰ হৈছে। পিছে ভাগ্য ভাল সেই সময়তে ষ্টেচনত এনাউন্স হোৱা শুনিলোঁ। মই যাবলগীয়া ৰেলগাড়িখন হেনো দুঘন্টা দেৰিকৈ চলি আছে। বেলেগ যাত্ৰীবোৰে উচ-পিচ কৰি আছে মই পিছে পেটে-পেটে ভালহে পালোঁ।
দৌৰাদৌৰিকৈ গৈ বাথৰুমত সুমাব খোজোতেই গেটত বহি থকা পেটুৱা জনে সুধিলে
-“ইটো নে সিটো ” ?
মই ক’লোঁ -“সিটো”৷
-“পাঁচটকা”।
মই পাঁচটকা চিক্কা এটা তেওঁক দি লেটিনৰ শাৰীত ঠিয় দিলোঁ। পেটে ঘোৰঘোৰাই আছে৷ ইপিনে প্ৰেচাৰো বাঢ়িছে। আৰু মোৰ এই কন্ট্ৰল কেপাচিটিটো বহুত কম৷
সৰুতে পিতাইৰ সৈতে মুনলাইট চাৰ্কাচ চাব গৈ সিটো লাগি মানুহৰ ভিৰৰ মাজত হেঁচা ঠেলাত কম দূৰ্দশা হৈছিলনে মোৰ।
শাৰীত ঠিয় দি থাকোতে কথাষাৰ মনত পৰি অকলে অকলে হাঁহি উঠিল।
ইপিনে এজনৰ ভিতৰত সুমুৱা দুইমিনিটমান নহওঁতেই ইফালৰপৰা পাঞ্জাৱী এজনে দৰ্জাত টুকুৰিয়াব আৰম্ভ কৰিলেই;
-অই চ’ গেয়া ক্যা?
ভিতৰৰ পৰা তেখেতৰ উত্তৰ –
“আৰে অভিটু বেইথা হু য়্যাৰ “।
মই ভাবিলোঁ এনেকুৱা হ’লেচোন বৰ মচকিল। মোৰটো অলপ বেছি সময় লাগে৷ মোৰ নম্বৰ অহালৈ তেতিয়াও আৰু তিনিটামান বাকী৷ পিছপিনে চালোঁ মোৰ পিছপিনেও পাঁচটামান ঠিয় হ’লহি৷ শাৰীটো ক্ৰমান্বয়ে দীঘলীয়া হ’বহে ধৰিছে। মই অস্হিৰ হৈ পৰিছোঁ৷ পিছৰজনে ক’লে,
“অলমসময় ধৈয্য ধৰক পুৱাৰ সময়খিনিত অলপ ভিৰ হয়েই “।
অৱশেষত চাওঁতে চাওঁতে মোৰ আগৰজন ভিতৰ সুমাল৷ দহমিনিটমান পাৰ হৈ গ’ল৷ নোলায়হে নোলায়৷ মোৰ ধৈৰ্য্যৰ সীমা পাৰ হওঁ হওঁ। উশাহটো বন্ধ কৰি লৈ ভৰি দুখন যোৰ লগাই লৈ কেনেবাকে ঠিয় দি আছো। আগৰকেইজনে দিয়াৰ দৰে মইয়ো দুৱাৰখনত এবাৰ টুকুৰীয়াই দিলোঁ।
-” থৰা জল্দি কৰলে ভাই “।
সিফালৰপৰা একেবাৰে গোঁজৰি উঠিল –
– ” হাল্লা মত কৰ বে। পাঁচ ৰূপীয়া এদভান্স দেকৰ আয়া হু৷”
কি অদ্ভুত মানুহ হে৷ যেনেকুৱা পেটটো তেনেকুৱাই কামটো৷ অৱশেষত পানীৰ খলখলনিৰ শব্দ এটা হ’ল। দুৱাৰখন খুলি তেওঁ কেটেৰাকৈ মোৰপিনে চাই থৈ গ’ল৷ যেন মই কোনো জনমৰ দুৰ্ঘোৰ শত্ৰুহে।
ভিতৰ সুমাই একেবাৰে উশাহ বন্ধ হৈ যোৱা যেন লাগিল৷ তাতএবাৰ উশাহ এৰিলে পুণৰ উশাহ লোৱাটো বৰ টান।
আস্!
পেটুৱাই খাই থৈ যোৱা শুকাণ বিৰিৰ গোন্ধটো আৰু সমুহীয়া লেটিনৰ গোন্ধটো লগ লাগি কিযে এক বিক্ৰুত গেছৰ উৎপন্ন হৈছিল নহয়। তথাপি উপায় নাই। সিটোই নামানে। প্ৰেচাৰো বাঢ়িচে। ইপিনে দুৱাৰত টুক টাক আৰম্ভ হ’লেই।
” জল্দি কৰ লে ভাই “।
ধেত তেৰি! ভালকৈ বহিবই পোৱা নাই কিবা মেচিন ফিট কৰি থৈ দিয়া যেন পাইছে নেকিহে ?
মনে মনে ভোৰভোৰাই যিমান পাৰো সোনকালে কামফেৰা কৰি ওলালোঁ ।একেবাৰে যুদ্ধ জয় কৰি অহা যেন লাগিল।
যুদ্ধজয়ী সেনাপতিৰ দৰেই ক’লোঁ –
ভাল বাচিলোদেই আজি নহ’লে হয়তু আজি কানি কাপোৰ সৰ্বনাশ হ’ল হয়৷ ইমান অশান্তিৰ মাজতো যে এইখিনি প্ৰশান্তি পালোঁ।
এষাৰ কথা কিন্তু সঁচা বুলি উপলদ্ধি কৰিলোঁ যে ত্যাগৰ সমান আনন্দ আন একোতেই নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!