অশালীন —অসীম তালুকদাৰ
“কোৱা
কি হৈছিল? শাশ্বতীক
কি কৈছিলা?” এইবাৰ
অধ্যক্ষ চাৰে অলপ খঙেৰেই কলে৷
উত্তৰত
একো নোকোৱাকৈ তলমূৰ
হৈ থিয় হৈ থাকিল ৰাহুল৷ অংগনা
বাইদেউ কাষতে ৰৈ আছে গতিকে
সি মিছাও মাতিব নোৱাৰে৷ যোৱা
চাৰিমাহত এয়া তৃতীয়বাৰ অধ্যক্ষৰ
অফিচলৈ ৰাহুলৰ
বিৰুদ্ধে অভিযোগ আহিছে৷ অপৰাধ
একেটাই– একে
শ্ৰেণীৰে ছাত্ৰ-ছাত্ৰীক
উদ্দেশ্যি অশালীন
শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ৷
ৰাহুলে ভয়ে ভয়ে এবাৰ অংগনা
বাইদেউৰ ফালে চালে
কিন্তু তেওঁৰ কঠোৰ মুখখন দেখি
কোনো সহানুভূতিৰ আশা বাদ
দিলে৷
আজি
দুটা ক্লাছৰ মাজৰ বিৰতিৰ সময়ৰ
কথা৷ টেবুলৰ তলত পৰা পেঞ্চিল
এডাল হাতেৰে ঢুকি নোপোৱাৰ
কাৰণে ভৰিৰে অলপ কাষলৈ আনিবলৈ
চেষ্টা কৰিছিল
শাশ্বতীয়ে৷ তেতিয়াই সন্মুখত
বহা ৰাহুলৰ গাত শাশ্বতীৰ ভৰিখন
লাগিল৷ ৰাহুলে ঘূৰি
চাই কিবা কলে তাইক৷ আচলতে যে
ভুলকৈহে ভৰিখন লাগিছিল সেয়া
শাশ্বতীয়ে ৰাহুলক
বুজাবলৈ চেষ্টা কৰিলে৷ কিন্তু
ৰাহুলে নামানে৷ তাৰ মতে
শাশ্বতীয়ে ইচ্ছাকৃত
ভাবে তাক ‘লাথ’
মাৰিছে৷ অৱশেষত অলপ
বিৰক্ত হৈ শাশ্বতীয়ে “তই
ইমান ব’ৰ” বুলি
কোৱাত ৰাহুল জাঙুৰ খাই উঠিল৷
“মই ব’ৰ
যদি তই কি? তই
ডবল ব’ৰ৷
পেটলী কৰবাৰ৷”
পেটলী
বুলি কোৱা কাৰণে শাশ্বতীৰ
খং উঠি ৰাহুলক অলপ
জোৰকৈ ঠেলি দিলে৷ কিতাপৰ
বেগটোৰে সৈতে ৰাহুলো কৰ্ফাল
খাই পৰিল৷ তেতিয়াই
খঙত অগ্নিশৰ্মা ৰাহুলে শাশ্বতীক
উদ্দেশ্যি এৰিছিল সেই
বাক্যবাণ৷ শ্ৰেণীৰ
সমুদায় ছাত্ৰ-ছাত্ৰীৰ
লগতে সেই সময়তে শ্ৰেণীকোঠালৈ
সোমাই অহা অংগনা
বাইদেউও স্তম্ভিত হৈ পৰিল৷
ত্ৰিছবছৰীয়া শৈক্ষিক জীৱনত
আজিলৈকে অংগনা
বৰমুদৈয়ে কোনো ছাত্ৰ-ছাত্ৰীয়ে
তেনে কথা কোৱা শুনা নাই৷ আজি
ষষ্ঠ শ্ৰেণীত পঢ়া
এঘাৰ-বাৰ
বছৰীয়া ল’ৰা এজনৰ
মুখত শুনিবলৈহে বাকী আছিল!
পঢ়াওঁতে
আজি অকণো মন দিব নোৱাৰিলে
অংগনা বাইদেৱে৷ সময়তকৈ অলপ
আগতেই ক্লাছটো শেষ কৰি
ৰাহুলক লৈ অধ্যক্ষৰ অফিচ
পালেহি৷ থুলমুলকৈ কথাখিনি
কলে প্ৰিন্সিপাল চাৰক৷
কিন্তু সেই বিশেষ কথাখিনি
তেওঁ ক’ব
নোৱাৰিলে৷ সেয়ে অলপ খঙাল
প্ৰকৃতিৰ অধ্যক্ষ
যুগল বৰুৱাই ৰাহুলৰ পৰা শুনিব
বিচাৰিছে৷
–
শাশ্বতীয়ে
মোক ঠেলি পেলাই দিছিল৷ সেয়ে
মোৰ খং উঠিছিল৷
–
মই
যি সুধিছো সেই প্ৰশ্নৰ উত্তৰ
দিয়া৷
–
চাৰ
প্লিজ৷ আগলৈ কেতিয়াও নকৰোঁ৷
–
মোৰ
প্ৰশ্নৰ উত্তৰ দিয়া৷
সেই
সময়ত অধ্যক্ষৰ কোঠাত
অন্য দুজন শিক্ষকো উপস্থিত
আছিল৷ সকলোৱে ৰাহুলৰ মুখলৈ
চাই আছে৷ অলপ সময়
নিৰুত্তৰ আৰু তলমূৰ হৈ থাকি
ৰাহুলে লাহে লাহে কলে ‘মই
খঙতে কৈছিলো–
শাশ্বতী,
ইউ
ব্লাডী হোৰ,
ইউ
ফা… বিটছ৷ ’
গোটেই
অফিচটোত কাঁহ পৰি জীণ
যোৱা অৱস্থা৷ নিজৰ অজানিতে
প্ৰিন্সিপাল চাৰে সোঁহাতখনেৰে
নিজৰ মুখখন ঢাকি ধৰিলে৷ তেওঁ
বিশ্বাস কৰিব পৰা নাই৷ তেওঁ
বাৰু ভুল শুনিলে
নেকি?
নিজৰ
স্কুলীয়া জীৱনৰ হাইস্কুলৰ
প্ৰধান শিক্ষক হৰমোহন
পাটগিৰিৰ কথা তেওঁৰ
মনলৈ আহিল৷ এবাৰ বন্ধু এজনৰ
লগত কাজিয়া কৰা অপৰাধত
দু্য়োজনকে গুৰুলা
গুৰুলকৈ বেতেৰে কোবাইছিল৷
যুগল বৰুৱাৰ পিঠিত বেতৰ দাগ
বহি ৰৈছিল৷ ঘৰত
কথাটো গম পাই কিবা সহানুভূতি
পোৱা বহুত দূৰৰ কথা,
দেউতাকৰ
পৰা পুনৰ পিটন
খাইছিল৷ পাটগিৰি চাৰে যে ভালেই
কৰিছিল কথাটো আজিও যুগল বৰুৱাই
হাড়ে হিমজুৱে বিশ্বাস
কৰে৷ কিন্তু আজিকালি সময় সলনি
হ’ল৷ ল’ৰা-ছোৱালীক
এতিয়া শাৰীৰিক শাস্তি
বিহিব নোৱাৰি৷ অভিভাৱকে
শিক্ষকক কোৰ্ট-কছাৰীলৈ
টানি নিয়ে৷ তেওঁ
ৰাহুলক সঁকিয়াই দিলে পুনৰ
যদি অভিযোগ আহে ৰাহুলক সেই
মুহূৰ্ততে স্কুলৰ
পৰা বহিষ্কাৰ কৰা হ’ব৷
ৰাহুলৰ মাক-দেউতাকক
স্কুললৈ মাতি পঠিয়াই চিঠি
এখন লিখিলে৷
সিদিনা
সন্ধিয়া আঠ মান বাজিছে৷ কাম
কৰা মানুহজনীয়ে ৰাতিৰ
সাজ বনাই সকলোৰে কাৰণে ডাইনিং
টেবুলত সজাই থৈ গৈছে৷ এইমাত্ৰ
কামৰ পৰা ঘৰ আহি
পোৱা ৰাহুলৰ দেউতাক বিদ্যুতে
সদায় কৰাৰ দৰেই কাপোৰ-কানি
নসলোৱাকৈয়ে এক পেগ
মদ লৈ বহিছে৷ ৰাহুল কাষতে বহি
আছে,
কিন্তু
ৰাহুলক তেওঁ এষাৰো মাত দিয়া
নাই৷ আধাঘণ্টা মান আগতে কামৰ
পৰা আহি পোৱা ৰাহুলৰ মাক
ৰশ্মিয়েও ইতিমধ্যে
দ্বিতীয় গিলাচ ৱাইন বাকি লৈছে৷
ৰাহুলৰ দিনটোৰ বিষয়ে আনকি
মাকেও এবাৰো সোধা
নাই৷ তেতিয়াই বিদ্যুতে ৰাহুলক
টিভি ৰিমোটটো ক’ত
আছে বিচাৰি দিব দিলে৷
চোফাৰ তলত পৰি থকা ৰিমোটটো
ৰাহুলে দেখা নাছিল৷ বিদ্যুতৰ
ধৈৰ্যচ্যুতি ঘটিল৷
চোফাখনৰ ফালে আঙুলিয়াই দি
তেওঁ ৰাহুলক গৰজি উঠিল –
‘চকুৰে নেদেখ নেকি?
ইউ
ষ্টুপিড ম’ৰণ৷
’ ফোনত কিবা চাই
থকা মাকে এবাৰ কেৰাহিকৈ চালে৷
একো প্ৰতিক্ৰিয়া
প্ৰকাশ নকৰি পুনৰ ফোন লৈ ব্যস্ত
হৈ পৰিল৷ একো নমতাকৈ ভয়ে ভয়ে
ৰিমোটোটো আনি ৰাহুলে
দেউতাকৰ হাতত দিলে৷
বিদ্যুতৰ
ফোনটো বাজি উঠিল৷ ফোনটো
মাকৰ কাষতে আছিল৷ জিলিকি উঠা
নামটো দেখি ৰশ্মিৰ খঙতে একো
নাইকিয়া হ’ল৷
বিদ্যুতৰ অফিচৰ ব্যক্তিগত
চেক্ৰেটাৰীৰ ফোন৷ “হোৱাই
ইজ দেট ফা… বিটছ
কলিং ইউ এট দিছ টাইম?”
ৰশ্মিয়ে
দলিয়াই দিলে ফোনটো বিদ্যুতৰ
ফালে৷ দুটামান কথা
পাতি ফোনটো থৈ দিলে বিদ্যুতে
আৰু দাঁত কৰচি ৰশ্মিৰ ফালে
চাই কৈ উঠিল–
‘দেটছ
নান অব ইওৰ বিজনেছ– ব্লাডী
হোৰ৷ ইউ ফাৰ্ষ্ট ষ্টপ শ্লিপিং
উইথ দেট চন অব এ
বিটছ,
দেন
লেকছাৰ মি৷”
সেয়াই
আৰম্ভণি৷ তাৰ পাছত ৰশ্মি আৰু
বিদ্যুতে ইজনে
সিজনক আৰু লগতে পৰিয়ালকো
সাঙুৰি অসমীয়া-হিন্দী-ইংৰাজীত
সানমিহলি কৰি গালি
গালাজ আৰম্ভ কৰিলে৷ ৰাহুলে
ভয়তে কুচিমুচি এটা চুকত বহি
ৰল৷ এটা সময়ত ৰাহুলৰ
ফালে চাই মাকে চিঞৰি উঠিল
–”হোৱাই
ডোণ্ট ইউ গো টু ইওৰ ৰুম এণ্ড
ষ্টাডী৷ গাধ,
ইদিয়ত৷”
নিজৰ
ৰুমলৈ দৌৰি গৈ ৰাহুলে দুৱাৰখন
বন্ধ কৰি ললে৷ সেয়া
তেওঁলোকৰ ঘৰৰ নিত্যনৈমিত্তিক
ঘটনা৷ বহুত সময় বিদ্যুত আৰু
ৰশ্মিৰ কাজিয়া চলি
থাকিল৷ গালি-গালাজৰ
মাজতে এটা বিশেষ শব্দ ভাঁহি
আহিল৷ দময়ন্তী খুড়ীয়ে
সজাই থৈ যোৱা খানাখিনি আৰু
কাঁহী-বাতি
কোনোবা এজনে যে দলিয়াইছে সেয়া
বুজাত ৰাহুলৰ অসুবিধা
নহল৷ এনেকুৱা বহুত ৰাতি ৰাহুলে
কান্দি কান্দি একো নোখোৱাকৈ
পাৰ কৰিছে৷ মাক-দেউতাকৰ
মাজত যেন মাৰ-পিট
নালাগে তাৰ বাবে সি হাতযোৰ
কৰি প্ৰাৰ্থনা কৰিলে৷
হঠাতে
ৰাহুলৰ চকু গল প্ৰিন্সিপাল
চাৰে দি পঠোৱা
খামটোলৈ৷ যদি মাক আৰু দেউতাকে
চিঠিখন দেখে তাৰ অৱস্থা কি
হব ভাবি সি শিয়ৰি
উঠিল৷ আগৰ বাৰ ঘৰলৈ অভিযোগ
আহোঁতে দেউতাকে তাৰ পঢ়াৰ নামত
কিমান পইছা খৰচ
কৰিছে সেয়া সোঁৱৰাই দি ইমানকৈ
পিটিছিল যে দুই-তিনিদিনলৈ
তাৰ গা বিষাই আছিল৷
কোনোবাই দেখাৰ আগতেই সৰু সৰু
টুকুৰা কৰি সি চিঠিখন ফালিলে৷