অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
৷৷অষ্টাদশ খণ্ড৷৷
৷৷মুচুকুন্দ স্তুতি৷৷
৷৷প্ৰথম কীৰ্ত্তন৷৷
ঘোষা৷৷
ৰামক নাম আতি অনুপাম৷
ৰামক নাম ৰামক নাম ৷৷১০৯৷৷
পদ৷৷
ৰাজাত কহন্ত শুকে কথাক৷
মান্ধাতাৰ পুত্ৰ জানিবা তাক৷৷
ইক্ষাকু বংশত ভৈলন্ত জাত৷
মুচুকুন্দ নামে জগতে খ্যাত৷৷১৩৫৪৷৷
অসুৰত ভয়ে দেৱতাজাক৷
ৰাজাক বোলন্ত ৰাখা আহ্মাক৷৷
নৃপতি পাছে ভৈলা স্বৰ্গপাল৷
ৰাখিলা ত্ৰিদশক চিৰকাল৷৷১৩৫৫৷৷
যেৱে সেনাপতি কাৰ্ত্তিক ভৈলা৷
ৰাজাক দেৱে বুলিবাক লৈলা৷
এৱে মুচুকুন্দ কৰা বিশ্ৰাম৷
কৰিলা আহ্মাৰ দুষ্কৰ কাম৷৷১৩৫৬৷৷
সমস্ত ৰাজ্যভোগ পৰিহৰি৷
ৰাখিলা আহ্মাক নিদ্ৰাক এড়ি৷৷
তোহ্মাৰ আৱে পুত্ৰ পৌত্ৰগণ৷
জ্ঞাতি মিত্ৰ আৰ সেৱক জন৷৷১৩৫৭৷৷
পৃথিৱীত কেহো নাহিকে ভালে৷
সৱাকো সংহৰি নিলেক কালে৷৷
মোক্ষ ব্যতিৰেকে লৈয়োক বৰ৷
বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ৷৷১৩৫৮৷৷
বুলিলা দেৱক ৰাজা প্ৰণামি৷
নলাগে বৰ নিদ্ৰা কৰো আমি৷৷
বোলন্ত এহি হৌক দেৱগণে৷
নিদ্ৰাত জগাৱৈ আসি যিজনে৷৷১৩৫৯৷৷
হৈৱেক ভস্ম তযু দৰশনে৷
মৰিল যৱন এহি কাৰণে৷৷
পাছে মাধৱে কৰি অল্প হাসি৷
নৃপতিক দেখা দিলন্ত আসি৷৷১৩৬০৷৷
ৰাজা মুচুকুন্দে কৃষ্ণক দেখি৷
পৰম বিস্ময়ে চান্ত নিৰেখি৷৷
উদিত চন্দ্ৰৰ যেন প্ৰকাশ৷
শ্যামল দেহে শোভে পীতৱাস৷৷১৩৬১৷৷
শ্ৰীবৎস পান্তি শোভে বক্ষস্থলে৷
সূৰ্য্য সম জ্বলে কৌস্তুভ গলে৷৷
কৰ্ণত মকৰ দোলে কুণ্ডল৷
পদ্মসম শোভে মুখমণ্ডল৷৷১৩৬২৷৷
অৰুণ লোচন পঙ্কজ পাসি৷
নুগুচে সদা মুখে অল্প হাসি৷৷
দশন পান্তি মুকুতাৰ শাৰী৷
প্ৰলম্ব স্থল জ্বলে ভুজ চাৰি৷৷১৩৬৩৷৷
প্ৰকাশে কণ্ঠত পদ্মৰ মালা৷
কটিত ৰত্নৰ শোভে মেখলা৷৷
পদযুগ যেন পঙ্কজ কোষ৷
শুনি সুৱৰ্ণৰ নূপুৰ ঘোষ৷৷১৩৬৪৷৷
ত্ৰৈলোক্যত ৰূপে নাহিকে সম৷
মৃগেন্দ্ৰৰ যেন লীলা বিক্রম৷৷
শৰীৰৰ জৌতি লাগে আখিত৷
দেখি মুচুকুন্দ ভৈলা শঙ্কিত৷৷১৩৬৫৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷
কৃষ্ণকথা শুনা সমস্ত জনে৷৷
কৰিয়ো কীৰ্ত্তন আলাস এড়ি৷
বোলা হৰি হৰি সমাজে বেঢ়ি৷৷১৩৬৬৷৷
৷৷দ্বিতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷ ৰাম কৃষ্ণ গোৱিন্দ৷
ত্ৰাহি হৰি মুকুন্দ৷৷১১০৷৷
পদ৷৷
পাছে মুচুকুন্দ ৰায়৷
সোধে মাধৱক চাই৷৷
কোন তুমি থাকা কৈত৷
কি কাৰ্য্যে ভ্ৰমিছা ঐত৷৷১৩৬৭৷৷
পদ্মপত্ৰ সম ভৰি৷
কণ্টকত কেন কৰি৷৷
ফুৰা গিৰি গহ্বৰত
নুবুজো তোহ্মাৰ মত৷৷১৩৬৮৷৷
কিবা ইন্দ্ৰ সূৰ্য্য শশী৷
মূৰ্ত্তি ধৰি আছা আসি৷৷
ব্ৰহ্মা বিষ্ণু ত্ৰিনয়ন৷
তাসম্বাৰ একজন৷৷১৩৬৯৷৷
আসি আছা তুমি স্বামী৷
মূৰ্ত্তি দেখি বোলো আমি৷৷
জন্ম কৰ্ম্ম গোত্ৰ নাম৷
কৈয়ো যদি আছে কাম৷৷১৩৭০৷৷
আহ্মাৰ শুনিয়ো কথা৷
ইক্ষবাকু বংশত তথা৷৷
মান্ধাতাত ভৈলো জাত৷
মুচুকুন্দ নামে খ্যাত৷৷১৩৭১৷৷
উজাগৰে শ্ৰান্ত হুয়া৷
গহ্বৰত আছো শুয়া৷৷
মোক জগাই কোন জনে৷
ভস্ম ভৈল তাৱক্ষণে৷৷১৩৭২৷৷
তোহ্মাক দেখিলো পাছে৷
দেহা প্ৰকাশন্তে আছে৷৷
তোহ্মাৰ দুঃসহ জৌতি৷
নিষ্প্ৰভ কৰিলে আতি৷৷১৩৭৩৷৷
দেখি মহা চমৎকাৰ৷
সুুধিবে নৱাৰো আৰ৷৷
এহি বুলি মৌন ভৈলা৷
মাধৱে কহিবে লৈলা৷৷১৩৭৪৷৷
মোৰ জন্ম কৰ্ম্ম যত৷
কোনে কহি পাৱৈ অন্ত৷৷
তথাপিতো নৃপবৰ৷
শুনা কথা ইজন্মৰ৷৷১৩৭৫৷৷
প্ৰাৰ্থিলন্ত প্ৰজাপতি৷
ধৰ্ম্মক ৰাখিবে প্ৰতি৷৷
যদুকুলে ভৈলো জাত৷
বসুদেৱ মোৰ তাত৷৷১৩৭৬৷৷
আতেসে পণ্ডিত লোকে৷
বাসুদেৱ বোলে মোকে৷৷
কালনেমি দৈত্য বংশ৷
ভৈল আসি ৰাজা কংস৷৷১৩৭৭৷৷
লীলায়ে মাৰিলো তাক৷
আনো যত দৈত্যজাক৷৷
বধিলো সমৰে সৱে৷
দুৰ্জ্জন যৱন এৱে৷৷১৩৭৮৷৷
তযু তেজে ভস্ম ভৈল৷
মহাভাৰ দূৰ গৈল৷৷
তোমাকেসে দয়াতৰে৷
আইলো ঐকে একেশ্বৰে৷৷১৩৭৯৷৷
তুমি মোৰ প্ৰিয়তৰ৷
যেহি লাগে লৈয়ো বৰ৷৷
কহিয়োক অভিপ্ৰায়৷
ভক্তৰ দুৰ্ল্লভ নাই৷৷১৩৮০৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে৷
শুনিয়োক সৰ্ব্বজনে৷৷
সমস্ত সমাজে ঢাকি৷
হৰি হৰি বোলা ডাকি৷৷১৩৮১৷৷
৷৷তৃতীয় কীৰ্ত্তন৷৷
ঘোষা৷৷ ও হৰি নমো নাৰায়ণ
চৰণে মাগো তৰণ উপায়৷
তোহ্মাৰ ভকতি বিনে বাসুদেৱ
বৃথা আয়ু বহি যায়৷৷১১১৷৷
পদ৷৷ পাছে মুচুকুন্দে কৃষ্ণক জানিলা
গৰ্গৰ বাক্য সুমৰি৷
পৰি তুতি আতি কৰিবে লাগিলা
চৰণে প্ৰণাম কৰি৷৷
মায়ায়ে মোহিত হুয়া যিটোজন
নভজৈ প্ৰভু তোহ্মাক৷
সুখক আশায়ে গৃহবাসে থাকৈ
দৈৱে বঞ্চিলেক তাক৷৷১৩৮২৷৷
ভাৰতে দুৰ্ল্লভ নৰদেহা পায়া
নভজৈ তোহ্মাৰ পাৱ৷
গৃহ অন্ধকূপে পড়িয়া থাকয়
পশুৰ যেন স্বভাৱ৷৷
ৰাজ্য ছিৰী মদে ভৈলোহো প্ৰমত্ত
দেহে আত্মা বুদ্ধি ভৈল৷
পুত্ৰ দাৰা ধন আহাৰ চিন্তায়ে
বিফলে জনম গৈল৷৷১৩৮৩৷৷
গৃহ ঘট সম দেহত নৃপতি
বোলাওঁ কৰি চটিমতি৷
তোহ্মাক নগণি হয় হস্তী ৰথে
পৃথিৱী ফুৰো পৰ্য্যটি৷৷
বিষয় চিন্তায়ে পৰম প্ৰমত্ত
থাকে মহামোহ দৰ্পে৷
তুমি অপ্ৰমত্ত হেলে মাৰা তাক
এন্দুৰক যেন সৰ্পে৷৷১৩৮৪৷৷
সুৱৰ্ণৰ ৰথে যিটো হস্তীস্কন্ধে
ফুৰয় ৰাজা বোলাই৷
কালে প্ৰাণ গৈলে সেহিটো শৰীৰ
হোৱৈ বিষ্ঠাপলু ছাই৷৷
যিটো সাৰ্ব্বভৌম সিংহাসনে থাকে
সামৰাজে সেৱা কৰৈ৷
স্ত্ৰীৰ অধীন হুয়া সিটো প্ৰভু
গৃহতে থাকিয়া মৰৈ৷৷১৩৮৫৷৷
দুনাই ইন্দ্ৰ হৈবো বুলিয়া অনেক
কৰৈ কায়ক্লেশ দুঃখ৷
সিটো অভিলাষ ব্যৰ্থ হোৱৈ তাৰ
কহিতো নাহিকে সুখ৷৷
যাহাৰ সংসাৰ গুচিবেক তাৰ
মিলয় সাধু সঙ্গতি৷
যেৱে সাধু সঙ্গ ভৈল তেৱে প্ৰভু
তোহ্মাত উপজৈ মতি৷৷১৩৮৬৷৷
কিনু অনুগ্ৰহ কৰিলা মাধৱ
গুচাই মোৰ ৰাজ্যভাৰ৷
মহাজ্ঞানী গণে আকেসে বাঞ্ছয়
মনত বিৱেক যাৰ৷৷
নৱাঞ্ছোহো আন মাধৱ তোহ্মাৰ
চৰণ সেৱাত পৰে৷
মুকুতিদাতাক আৰাধি খুজিবে
আন বৰ কোন নৰে৷১৩৮৭৷৷
হেন জানি প্ৰভু যত সুখ ভোগ
দূৰতে তেজিয়া থৈলো৷
পৰম পুৰুষ তোহ্মাৰ চৰণে
সদায়ে শৰণ লৈলো৷৷
সংসাৰ চক্রত চিৰকালে ভ্ৰমো
তোহ্মাত নভৈল বোধ৷
একোৱে প্ৰকাৰে সুখ শান্তি নাই
নিজিনিলো কাম ক্রোধ৷৷১৩৮৮৷৷
প্ৰণতপালক তোহ্মাৰ চৰণে
লৈলোহো আৱে শৰণ৷
ভয় শোক মৃত্যু গুচয় যিমতে
ৰক্ষা কৰা নাৰায়ণ৷৷
হেন তুতি কৰি মুচুকুন্দ ৰাজা
কৃষ্ণক প্ৰণামি আছে৷
প্ৰণতপালক দেৱ সনাতন
ৰাজাক মাতিলা পাছে৷৷১৩৮৯৷৷
ভণিল শঙ্কৰে শুনা সৰ্ব্ব নৰে
নকৰিও জন্ম বৃথা৷
শ্ৰৱণতে সুখে মোক্ষপদ পায়
শুনা হেন কৃষ্ণ কথা৷
হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ
মুণ্ডত মাৰিয়ো বাড়ি৷
আন কাম এড়ি বোলা হৰি হৰি
পলাওক পাতক ছাড়ি৷৷১৩৯০৷৷
৷৷চতুৰ্থ কীৰ্ত্তন৷৷
ঘোষা৷৷
মন ৰাম বোল ৰাম বোল ৰাম বোল ৰাম৷
চিত্তে চিন্ত চতুৰ্ভুজ চতুৰ্ভুজ হৰি৷৷১১২৷৷
পদ৷৷
মাধৱে বোলন্ত শুনা মুচুকুন্দ ৰায়৷
তোহ্মাৰ নিৰ্ম্মল মতি ভৈল সমুদায়৷৷
প্ৰলোভিলো বৰ লোৱা বুলি বাৰম্বাৰ৷
তথাপিতো কিছু বাঞ্ছা নভৈল তোহ্মাৰ৷৷১৩৯১৷৷
বৰ দিবে চাহিলো তোহ্মাক দায়া পদে৷
ভকতক লন্দ্ৰিবাক নপাৰে শ্ৰীমদে৷৷
যোগক অভ্যাসে যিটো ভকতিক এড়ে৷
তাহাৰেসে মন দুনাই বিষয়ত পড়ে৷৷১৩৯২৷৷
মোত চিত্ত দিয়া পৰ্য্যটিয়ো বসুমতী৷
তোহ্মাৰ আহ্মাত আছে একান্ত ভকতি৷৷
ক্ষত্ৰিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ৷
কৰি আছা বধ তুমি জন্তু বহুতৰ৷৷১৩৯৩৷৷
শ্ৰৱণে কীৰ্ত্তনে মোক কৰিয়া আশ্ৰয়৷
তপ কৰি এৱে সিটো পাপ কৰা ক্ষয়৷৷
আউৰ জনমত তুমি হুইবা দ্বিজবৰ৷
মোক পাইবা আসি ৰাজা তেজি কলেবৰ৷৷১৩৯৪৷৷
পূৰ্ব্বত অনেক যজ্ঞে যজি আছা মোক৷
মই ৰক্ষা কৰিবো নিৰ্ভয়ে চলিয়োক৷৷
হেন অনুগ্ৰহ আজ্ঞা পায়া মাধৱৰ৷
কৰিলা কৃষ্ণক প্ৰদক্ষিণ নৃপবৰ৷৷১৩৯৫৷৷
চৰণে প্ৰণামি বাজ ভৈলা গহ্বৰৰ৷
দেখে ক্ষুদ্ৰ ভৈল সৱে বৃক্ষ পশু নৰ৷৷
পাইল কলি যুগে আসি মানি মহাৰথ৷
ধৰিলন্ত উত্তৰ দিশক লাগি পথ৷৷১৩৯৬৷৷
ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে৷
কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে৷৷
বদৰিকাশ্ৰমে গৈয়া ধৰিয়া সমাধি৷
থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি৷৷১৩৯৭৷৷
পাছে দুনাই আসিয়া মাধৱ মথুৰাক৷
মাৰিলন্ত তিনিকোটি যৱন সেনাক৷৷
তাৰ ধন মানে সৱে বলদ জোড়াইল৷
দ্বাৰকাত নিয়া যদুৰাজাত যোগাইল৷৷১৩৯৮৷৷
তেইশ অক্ষৌহিণী সেনা সাজিয়া প্ৰবন্ধে৷
সেহি সময়ত খেদি আইল জৰাসন্ধে৷৷
পৰম আটোপে মহাকোপে আসে ধাই৷
দেখি লৰ দিলা ৰাম কৃষ্ণ দুয়ো ভাই৷৷১৩৯৯৷৷
মনুষ্য চেষ্টাক দেখাই যেন ভয়াতুৰ৷
ভৰিগতি দুয়ো পলাই গৈলা বহুদূৰ৷৷
হেন দেখি ৰঙ্গে আসি মাগধ নিষ্খলে৷
ধৰ বুলি পাছে পাছে খেদে সমদলে৷৷১৪০০৷৷
পলাইবে নপাৰি যেন ৰাম দামোদৰে৷
আৰোহিলা পৰ্ব্বতৰ উছিত শিখৰে৷৷
পৰ্ব্বতক বেড়িয়া সসৈন্যে জৰাসন্ধে৷
লগাইলেক জুই তাত অনেক প্ৰবন্ধে৷৷১৪০১৷৷
এঘাৰ যোজন সিটো পৰ্ব্বত উছিত৷
তাৰপৰা ডেৱে দুয়ো নামিলা ভূমিত৷৷
নলক্ষিলে কেৱে শত্ৰু সেনা তাসম্বাক৷
ৰঙ্গে ৰাম কৃষ্ণ দুয়ো গৈলা দ্বাৰকাক৷৷১৪০২৷৷
দগ্ধ ভৈলা ৰাম কৃষ্ণ মানি মহাবলী৷
জৰাসন্ধো সসৈন্যে দেশক গৈল চলি৷৷
নজানয় ঈশ্বৰৰ বলৰ প্ৰমাণ৷
শত্ৰু বুদ্ধি খেদে সিটো পৰম অজ্ঞান৷৷১৪০৩৷৷
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷
কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা একো নৰে৷৷
পাপ সাগৰত ইসে কৰিবে নিস্তাৰ৷
বোলা হৰি হৰি হৌক পুৰুষ উদ্ধাৰ৷৷১৪০৪৷৷
৷৷ মুচুকুন্দ স্তুতি সমাপ্ত৷৷১৮৷৷