অসমত থকা মাকলৈ বিদেশত থকা পুত্ৰৰ চিঠি (ধীৰাজ কলিতা)
মৰমৰ মা,
সেৱা ল’বি। তহঁতৰ আশীৰ্বাদত মই কুশলে আছোঁ। তোৰ চিঠিখন অলপ আগতে পাই কাপোৰ নসলোৱাকৈয়ে উৰাই-ঘূৰাই দুবাৰ পঢ়িলোঁ। মই গৈ পাওঁ ৰ, তোক যদি দুভুকু নিদিওঁ দেউতাই মতা বুবু নামটো ওলোটাই থ’ম! তই মোক কন্দুৱাম বুলিয়েই চিঠিখন লিখিছিলি, নহয়নে বাৰু? মা,কথা এটা কওঁ, তই যেতিয়া মোৰ কথা মনত পেলাই উচুপ, বাবলীয়ে শুনে, দেউতাই শুনে, বাৰান্দাৰ ঢেঁকীটোৱে শুনে, গোহালীৰ ক’লীজনীয়ে শুনে। পিছে মই কান্দিলে?
বাদ দে এইবোৰ। ডেকা ল’ৰা, তাতে আকৌ বিদেশত থাকে, কান্দিলে শুৱাই নে বাৰু। আৰু মা, এই বংশী-চংশীৰ লগত মোক তুলনা নকৰিবি। মই তহঁতৰ ল’ৰা। বংশীৰ ৰ্চিন্তা-চৰ্চা, স্বভাৱ-চৰিত্ৰ, তাৰ ফেমিলী বেকগ্ৰাউণ্ড আমাৰ লগত নিমিলে। সি মোৰ ভাল বন্ধু আছিলহে। সি এতিয়া বহুত সলনি হ’ল। পৃথিৱীত মানুহ চিনি পোৱাটো আটাইতকৈ কঠিন কাম মা। তহঁতে ভবাৰ দৰে বংশী ইমান সহজ-সৰল নহয়। তাক মই হাড়ে-হিমজুৱে জানো। সি কিয় ভনীয়েকক বিদেশত নি পঢ়ুৱাই, দৰা ঠিক কৰি বিয়া দিব লগা হ’ল সেইবোৰ কথা ক’লে তহঁতে আৰু সৰুপোনা দাইটিহতৰ লগত সম্পৰ্ক নাৰাখিবি। তহঁতে ককা আইতাৰ দিনবোৰৰ দৰেই চিধা-চিধিকে ভাব সকলো কথা। দুনীয়াখন বহুত জটিল মা। আৰু ববিতাৰ লগত মোৰ ভালপোৱা আগৰ দৰেই আছে। বিবাহ ভালপোৱাৰ উত্তৰ নহয়। সেই কথা তাইও বুজিছে। আমি পৰিস্থিতিৰ দাস। মাথোঁ আমি দুয়ো আঁতৰি থাকিবলগীয়া হোৱা হেতু কিছুমান অনাকাংক্ষিত সমস্যাক আমি মোকাবিলা কৰিবলৈ সাহস কৰিব নোৱাৰিলোঁ। তথাপিও ববিতাহঁতৰ পৰিয়ালে অকনমান সঁহাৰি জনোৱাহেঁতেন ববিতা আজি তোৰ বোৱাৰী হৈ থাকিলহেঁতেন। সেইবোৰ কথা ঘৰত গৈ পাতিম। আৰু মই তোৰ সেই বাউনিত খেলা বাবুয়ে হৈ আছোঁ। বংশীয়ে মোৰ সকলো খবৰ পায়, তহতৰ ৰং চাবলৈয়েহে মাথোঁ সি তহঁতক মোৰ কথা সুধে। সি বহুত অহংকাৰী মা।
মই তিনি বছৰ ঘৰত নোযোৱা কথাটো তহঁতে ঘৰত ইমান বেয়াকে ল’বি বুলি মই ভবাই নাছিলোঁ। অৱশ্যে ভাবিবিয়েই দেচোন। আজিকালিৰ ল’ৰা, তাতে আকৌ বিদেশৰ বতাহ। কিন্তু মোৰ গাত তহঁতৰ তেজ থকা কথাটো তহঁতে কেনেকৈ পাহৰিব পাৰিলি মই সেইটোতহে আচৰিত হৈছোঁ। আৰু বাবলী। প্লিজ মা, মই বাবলীক কৰা মৰমৰ তই হিচাপ বিছাৰিছ? মই বুজিছো,ওচৰ চুবুৰীয়াই তহঁতৰ মূৰ খাইছে। আৰু শুন, এই যে বাংলাদেশী ৱৰ্কাৰবোৰ ইয়াতে কাম কৰে, ৭-৮ বছৰ ঘৰলৈ নাযায়। সিহঁতৰ কি যাবলৈ মন নাযায়? পিছে বিমানৰ টিকট কিনি ঘৰ যাবলৈ অসমৰ্থ।
কথাটো এটা বিশেষ কাৰণতহে কলোঁ। মা,ক্ষমা কৰি দিয়া যদি যোৱা তিনিবছৰে লুকুৱাই ৰখা সঁচা কথা এটা কওঁ। তহঁতে সপোন দেখাৰ দৰে মই টাই-কোট পিন্ধি অফিচত চহী কৰি দৰমহা নাপাওঁ। লাষ্ট পৰীক্ষাত নকল কৰোঁতে ধৰা পৰাত মোক কলেজৰ পৰা বৰ্খাস্ত কৰিলে। নকল কিয় কৰিছিলোঁ সেইবোৰ কথা ক’বলৈ গলে মোৰ এমাহৰ দৰমহা এই চিঠিখন পোষ্ট কৰোতেই যাব। মা, দূৰৰ পাহাৰ দেখিবলৈহে ধুনীয়া। মোৰ স্কলাৰশ্বিপ বাতিল কৰিলে, হোষ্টেলৰ পৰা উলিয়াই দিলে। সেই মুহুৰ্ত্তত বেংকৰ ধাৰ মৰা, নতুন ৰুম ভাড়া লোৱা ইত্যাদি সমস্যা ঘৰত নোকোৱাকৈয়ে সমাধান কৰিম বুলি দিহা কৰিছিলোঁ আৰু তহতৰ আশীৰ্বাদত অহা ৩ মাহ মানৰ ভিতৰত সকলো সমস্যাৰ পৰা মুক্ত হৈ ঘৰৰ ল’ৰা ঘৰলৈ গুচি যাম। সদ্যহতে মই বাইক ডিলাৰ এখনত টেক্নিচিয়ানৰ কাম কৰোঁ। ঠাণ্ডাৰ দিনত পুৱতি নিশা যেতিয়া কম্বল খন লৈ “দ” এটাৰ দৰে শুই থকা, গৰমৰ দিনকেইটাত দুপৰীয়াৰ সাজ খাই বেতৰ পাটিত টোপনি মাৰি ফিৰিঙি জলকীয়াৰ সৈতে কেঁচা আম খোৱা সেই সময়ত মই কি কৰি থাকোঁ তহঁতেও চাগে কেতিয়াও নাভাব।
বিয়াৰ কথা ক’লে চক খাই উঠিবি। এই বিয়া চিয়া মই নাই কৰোৱা। বাবলীৰ বিয়াৰ আগতেই ধুমধামেৰে তোৰ বোৱাৰী অনা যো-জা কৰিম। ক’লে বুজিবি জানো। এইবোৰ বিচিত্ৰ দেশৰ বিচিত্ৰ কথা। মোৰ ভিছা দুবাৰকৈ বাতিল হ’ল। শেষত ডিপেন্ডেন্সি ভিছাৰ কাৰণে ইয়াৰে সন্তান থকা মাইকী এগৰাকীৰ লগত মিছা বিয়া এখন পাতিব লগা হ’ল। সেয়ে কোনো সমস্যা নোহোৱাকৈয়ে মই ৱৰ্ক ভিছা পাই গলোঁ। মোৰ দৰমহাৰ ১০% তাইক মই মাহে মাহে তাইৰ একাউন্টত দি থাকিব লাগে। এইবোৰ সিহঁতৰ ব্যৱসায়। যিহে বিয়া, শুনিলে তোৰ হাঁহিয়েই উঠিব চাগে। অফিচ এটালৈ গ’লোঁ, দুয়োকে একেলগে ফটো এখন উঠালে। সিহঁতৰ ভাষাতে লিখা কাগজ এখনত চহী মাৰিলোঁ।তাৰ দুদিনৰ পিছতে ভিছা পাই গলোঁ। সেই যে অফিচৰ পৰা আহিলোঁ আজি প্ৰায় দুবছৰ হ’বৰ হ’ল দেখা দেখিয়ে নাই। পৰিয়ালৰ কোনো উপস্থিত নথকা হেতু এজেন্টে মোৰ পাছপৰ্টৰ পৰা ঠিকনা লৈ ফটোখন ঘৰলৈ পঠিয়াই দিলে চাগে। ফটো পঠিওৱা কথা পিছে মই আজিহে তোৰ মুখত শুনিলোঁ।
আৰু আমাৰ বাবলীক এজন জীৱন বুজি পোৱা ভাল পুৰুষ এজনৰ হাতত গতাম। সেয়া মোৰ দায়িত্ব। অইল-চয়লৰ ইঞ্জিনীয়াৰ এইবোৰ ধাৰণা মনৰ পৰা উলিয়াই দে। সাজ-পোছাক ভাল পিন্ধিলেই, কম কষ্ট কৰি বেছি দৰমহা পোৱা চৰকাৰী চাকৰি এটা কৰিলেই মানুহ নহয়। অহা মাহত অভাৰ টাইমৰ পইছা পালে চিধাই বাবলীক ফোন লগাম।
বেছি নিলিলোঁ। মই গৈ কিবা এটা খাওঁ। যোৱাৰাতি ডিউটিলৈ যাওঁতেই দুখন ব্ৰেড আৰু জেলী খোৱা। কিমান দিন যে ভাত খোৱা নাই। ইয়াতে আমাৰ ধান খেতি থকাহেঁতেন কিমান যে ধনী হলোঁহেতেন। যিহে চাউলৰ দাম। সোণ খোৱাও ভাল। হ’বদে। পিতাক মোৰ সেৱা জনাবি আৰু মাই দিয়েৰ বাবলীলৈ এটা মস্ত চুমা ……
ইতি
তোৰ হেঁপাহৰ বাবু