অসমত নাৰীশিক্ষাৰ ইতিহাস, বৰ্তমান, স্মৃতি-বিস্মৃতি আৰু কিছুমান খেয়ালী অনুভৱ (পংকজ বৰা)

অসমত নাৰীশিক্ষাৰ ইতিহাস, বৰ্তমান, স্মৃতি-বিস্মৃতি আৰু কিছুমান খেয়ালী অনুভৱ

পংকজ বৰা


১৯৯১ চনৰ কোনোবা এটা দিন: এখন বালিকা বিদ্যালয়ত এজন ছাত্ৰ –

লখিমপুৰ জিলাৰ এখন গাঁও বৰবালিৰ একমাত্ৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খনৰ বাৰ্ষিক বঁটা বিতৰণী সভা ৷ মুকলি সভাৰ সভাপতি আসনত অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ হিতেশ্বৰ বৰুৱা বৰদেউতা ৷ এইবাৰ প্ৰহেলিকা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হ’ব ৷ মাইকত ঘোষণা- প্ৰথম পুৰস্কাৰ শ্ৰী পংকজ বৰা ৷ কি অঘটন, বালিকা বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিযোগিতাৰ বঁটা পাইছে এজন ল’ৰাই ! সভাঘৰত গিৰ্জনি মৰা হাঁহি ৷ লাজ লাজ কৰি অমুকা আগবাঢ়ি গ’লোঁ ৷ সভাপতি বৰুৱা বৰদেউতাই ক’লে- ইয়াৰ নাম শ্ৰীমতী পংকজা বৰা কৰিব লাগে ৷ মই লাজত ৰঙা-চিঙা পৰিলোঁ ৷ আচলতে কথাটো এনেধৰণৰ – আমি তেতিয়া লোকেশ্বৰ কাকতি বৰবালি ভকত নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ৷ বৰবালিৰ অ’লিয়ে গ’লিয়ে, মানুহৰ বাৰীৰ চুকে কোণে আম-জাম-বগৰী বিচাৰি পিট-পিটাই আমাৰ অবাধ বিচৰণ৷ আমাৰ বাবে বিশেষ আকৰ্ষণ আছিল ওচৰৰ ডাঙৰ স্কুল দুখন মানে বৰবালি উচ্চ মাধ্যমিক বিদ্যালয় (এতিয়াৰ উচ্চতৰ মাধ্যমিক), বৰবালি বালিকা উচ্চ-মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ বিভিন্ন কৃষ্টি তথা সাহিত্য আদিৰ কাৰ্য্যসূচীসমূহ । সেইবছৰৰ বৰবালি বালিকা বিদ্যালয়ৰ সাহিত্য প্ৰতিযোগিতাৰ দিনা আমিও গৈ দৰ্শক হৈ বহি আছিলোঁ ৷ দৈব্যক্ৰমে দৰ্শকলৈ বাগৰি অহা প্ৰশ্নসমূহৰ উত্তৰ দি দি আমাৰ ব্যক্তিগত নম্বৰ প্ৰথম স্থানৰ প্ৰতিযোগী দলৰ নম্বৰতকৈ বেছি হ’ল ৷ সেয়ে প্ৰহেলিকা প্ৰতিযোগিতাৰ পৰিচালকে (কোন আছিল মোৰ সঠিককৈ মনত পৰা নাই) প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ দৰ্শক হৈও অধিক নম্বৰ পোৱাৰ বাবে আমাকেই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ আজি এটা দশকৰ পিচত ঘূৰি চাই কিবা এক অনিৰ্বচনীয় আনন্দ উপভোগ কৰিছোঁ ৷

২০১০ চনৰ জুন মাহৰ এটা সন্ধিয়া, স্থান কেম্ব্ৰিজ :ন’বেল বিজয়ী বিজ্ঞানী আৰু উন্নত দেশত নাৰী সৱলীকৰণৰ ব্যৱস্থা

মই আছোঁ ব্ৰিটেইনৰ লণ্ডন মহানগৰীৰ পৰা প্ৰায় ৮০ মাইল দূৰৰ এখন দৃষ্টিনন্দন গাঁৱত, নাম হিংষ্টোন ৷ সঠিককৈ ক’বলৈ গ’লে কে’ম্ব্রিজ মহানগৰৰ পৰা ১২ কিমি নিলগৰ এক নিৰিবিলি পৰিৱেশত অৱস্থিত এটা বিশ্ব-বিখ্যাত গৱেষণাকেন্দ্র ‘চেংগাৰ জিন’ম গৱেষণা কেন্দ্ৰ’ৰ অতিথিশালাত ৷ মনত পৰিল কৈশোৰৰ দিনবোৰত বিজ্ঞান জেউতি, জিজ্ঞাস , প্রান্তিকৰ আদিৰ পাতত পঢ়া মানৱ জিন’ম প্রকল্পৰ বিষয়ে না-না লিখাবোৰ ; মনত পৰিল মহাবিদ্যালয়ৰ আলোচনীত মই লিখা মানৱ জিন’ম প্রকল্প সম্পৰ্কীয় প্ৰবন্ধটো ; আৰু তাত কল্পনাৰে উল্লেখ কৰা বিশিষ্ট বিজ্ঞানী ফ্রে’দ্ চেংগাৰ, ক্রে’ইগ ভেন্টাৰ আদিৰ লগত জীৱিত কালত এবাৰ হলেও লগ হোৱাৰ সেই সপোনটোৰ কথা । কৈশোৰৰ এটা অদ্ভুত কিন্তু মধুৰ সপোনৰ বাস্তৱত পৰিণত হোৱাৰ প্ৰাকক্ষণত এক নুবুজা আনন্দই দেহ-মন-প্ৰাণ দেওদি গ’ল । দিনযোৰা যাত্রাৰ ক্লান্তি-অৱসাদে আগুৰি ধৰিছিল । পোনে পোনে গৈ চেংগাৰ জিন’ম কেম্পাছৰ অতিথি গৃহত মোৰ বাবে ৰখা অতিথিগৃহৰ বিচনাত বাগৰ মাৰিলোঁ । কিবা এক নুবুজা আনন্দত মই নিদ্রাদেৱীৰ কোলাত হেৰাই গ’লো । সপোনত মনটো মোৰ সেই কলেজীয়া দিনবোৰলৈ; আম-জাম-বগৰী বুটলি ফুৰা শৈশৱৰ গাঁৱৰ দিনবোৰলৈ গতি কৰিলে ।

কেম্বি্ৰজত ভৰি দি মই আৱেগিক হৈ পৰিছিলোঁ এই বাবেই যে মই মোৰ শৈশৱটোক দেখা পাইছিলোঁ, শৈশৱৰ গাঁওখনক দেখা পাইছিলোঁ ৷ এদিন সপোন সপোন যেন লগা উন্নত সভ্যতাৰ পৃথিৱী বিখ্যাত গৱেষণাগাৰত ন’বেল বঁটা বিজয়ী বিজ্ঞানীৰ সংস্পৰ্শত একেলগে কাম কৰাৰ বিৰল অভিজ্ঞতাৰ উত্তেজনা ৷ আজিলৈকে মই কেইবা গৰাকী ন’বেল বঁটা বিজয়ী মহিষীক সোঁ-শৰীৰেৰে লগ পাইছো ; কিন্তু দুবাৰকৈ ন’বেল বঁটা বিজয়ী ফ্ৰে’দ্ চেংগাৰক লগ পোৱা অভিজ্ঞতাটো মই ইয়াত বিশেষভাৱে উল্লেখ কৰিব খোজাৰ কাৰণ আছে ৷ বিজ্ঞানী ফ্রে’ড চেংগাৰৰ নামেৰে গ্রেট ব্রিটেইনৰ কে’ম্ব্রিজত প্ৰতিস্থা কৰা ‘চেংগাৰ জিন’ম কেম্পাছ’ত এটা বিশেষ (Next Generation Genome Technology) নৱতম প্ৰযুক্তি কৰ্মশালাত অংশগ্রহন কৰিবলৈ  বিশ্বৰ বিভিন্ন দেশৰ ১৮ জন যুৱ গৱেষক/বিজ্ঞানীক আমন্ত্রণ জনাইছিল । সৌভাগ্য পূর্ণ ভাৱে মইও নৰৱে দেশক প্ৰতিনিধিত্ব কৰি এই বিশেষ কৰ্মশালাত অংশগ্রহন কৰাৰ বাবে নিৰ্বাচিত হৈছিলোঁ । এই কৰ্মশালা চলি থকা সময়তে মানৱ জিন’ম প্রকল্পৰ প্রথম খচৰা প্রকাশৰ ১০ বছৰ সম্পুর্ণ হোৱাৰ উদ্দেশ্যে আয়োজন কৰা এটা নৈশ-ভোজলৈও নিমন্ত্ৰণ পাইছিলোঁ । সেই অনুষ্ঠানত উপস্থিত থাকি দেখিলো ব্ৰিটেইনৰ বিভিন্ন ঠাইৰ বিদ্যালয়ৰ পৰা এশৰো অধিক ছাত্ৰীক অনুষ্ঠানটোলৈ লৈ আহিছে ৷ তেওঁলোকে বিশিষ্ট বিজ্ঞানী সকলৰ লগত মত বিনিময় কৰিছে ৷ এই কৰাৰ উদ্দেশ্য – যাতে সৰু কালৰে পৰা এনে বিশ্বমানৰ গৱেষণাৰ প্ৰাণকেন্দ্ৰবোৰ দেখি যাতে ছাত্ৰীসকলৰ মনত উচ্চস্তৰৰ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় ৷ বিশেষকৈ কৰ্মস্থানত ছোৱালী বা মহিলাৰ সম অধিকাৰ দিবৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সলনি এনেধৰণৰ কাৰ্য্যৰে বাল্যকালৰে পৰা উদ্বুদ্ধ কৰাৰ আদৰ্শ মোৰ বাবে আকৰ্ষণীয় আছিল ৷ পৰৱৰ্তী সময়ত ইউৰোপৰ আনবহুকেইখন দেশতেই এনেদৰে চুক-কোণৰ বিদ্যালয়ৰ ছাত্ৰী সকলক চৰকাৰে বিশেষ সুবিধা দি ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰিভ্ৰমণ কৰোৱা আমি প্ৰত্যক্ষ কৰিছোঁ । আমাৰ বিশ্ববিদ্যালয়তে বছৰৰ দুটা বিশেষ দিনত দুৰ-দুৰণিৰ বিদ্যালয়ৰ ছাত্ৰী সকলক চৰকাৰে লৈ আনি বিশ্ববিদ্যালয়ৰ পৰিৱেশ আদি দেখুৱাৰ নিয়ম আছে ৷ তেতিয়াই অনুভৱ হৈছিল আমাৰ চৰকাৰে, আমাৰ বৌদ্ধিক নেতাসকলে আমাৰ সমাজৰ নাৰীসকলৰ বৌদ্ধিক সৱলতাৰ বাবে কি কৰিছে ? উত্তৰটো অতিশয় হতাশাজনক  !

ইতিহাসৰ জলঙাইদি: অসমত নাৰীশিক্ষাৰ আৰম্ভণিৰ দিনবোৰ

মানৰ আক্ৰমণ অসমীয়া বুৰঞ্জীৰ আটাইতকৈ ক’লা অধ্যায় । ৬০০ বছৰীয়া আহোম শাসনৰ শেষৰ চোৱা ডা-ডাঙৰীয়া সকলৰ খাম খেয়ালী আৰু ক্ষমতাৰ অঁৰিয়া-অঁৰিয়ে অসম আক্ৰমণ কৰিবৰ বাবে মান ৰজাক সৈমান কৰাবলৈ বদন বৰফুকন সক্ষম হয় । ইষ্ট ইন্দিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ লোৱাৰ পাছত প্রথম চকু দিয়ে শান্তি স্থাপনত । কেপ্টেইন ফ্রান্সিস অসমৰ কমিচনাৰ নিযুক্ত হৈ (১৮৩৪-১৮৬১) চেৰাপুঞ্জীৰ পৰা গুৱাহাটীলৈ অসমৰ ৰাজধানী স্থানান্তৰ কৰে । এই চাহাবেই থলুৱা অসমীয়া ল’ৰাক উচ্চ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিবলে তদানীন্তন ভাৰত চৰকাৰলৈ এটি টোকা পঠিয়াই । এই টোকাত তেওঁ অতিশীঘ্ৰে গুৱাহাটী, দৰং, নগাঁও আৰু বিশ্বনাথত একোখনকৈ ইংৰাজী শিক্ষাৰ স্কুল স্থাপনৰ পৰামৰ্শ আগবঢ়াই । গতিকে অসমৰ আধুনিক শিক্ষাৰ ইতিহাস আৰম্ভ হয় ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়ান্দাবু সন্ধিৰ পাছৰ পৰা । ১৮৪০ খ্রীষ্টাব্দত ৰবিনছন চাহাবক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রথম শিক্ষা পৰিদর্শক হিচাপে নিযুক্তি দিয়ে । অসমৰ প্রথমখন ইংৰাজী স্কুল স্থাপন হ’ল ১৮৩৫ খ্রীষ্টাব্দৰ জুন মাহত – তেতিয়াৰ গৌহাটী ছেমিনাৰী আৰু আজিৰ কটন কলেজিয়েট উচ্চত্বৰ মাধ্যমিক বিদ্যালয় ।

কিন্তু ৰক্ষণশীল পুৰুষশাসিত সমাজব্যৱস্থাত তেতিয়াও নাৰীসকলৰ শিক্ষা-দীক্ষাৰ বাবে কোনো সুবিধা দিয়া হোৱা নাছিল ৷ ১৮৫৪ তেতিয়াৰ ফ’ৰ্ট ইউলিয়াম দুৰ্গত থকা ব্ৰিটিছ প্ৰাধিকাৰী সকলে নাৰী-শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে বিশেষ অধিসূচনা জাৰী কৰে ৷ ১৮৫৭ চনৰ পৰা ব্ৰিটিছ চৰকাৰে যিবিলাক প্ৰাইমেৰী বিদ্যালয়ত কোনো ছাত্ৰীক নামভৰ্ত্তি কৰাব পাৰিছিল, তেনে বিদ্যালয়ক পুৰষ্কৃত কৰাৰ ঘোষণা কৰে ৷ ১৮৬০-৬১ চনত উজনি অসমৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক উৎসৱানন্দ গোঁসাইৰ পৃষ্ঠপোষকতাত তেখেতৰ তিনিজন ভ্ৰাতৃৰ সহযোগত অসমৰ শিৱসাগৰ জিলাত প্ৰথমখন বালিকা প্ৰাথমিক বিদ্যালয় স্থাপন কৰে ৷ নামনি অসমত ১৮৬২ চন গুৱাহাটীৰ ওচৰৰ ধাৰাপুৰত মাত্ৰ এখন বালিকা বিদ্যালয় আছিল যদিও ১৮৬৩-১৮৬৪ চনলৈ ইয়াৰ সংখ্যা ১২ খন হয়গৈ ৷ সেই সময়তে মধ্য অসমত আৰু ৩ খন বালিকা বিদ্যালয় প্ৰতিষ্ঠা হয় আৰু ১৫ বছৰৰ ভিতৰত আৰু ৪৫ খন বালিকা বিদ্যালয় প্ৰতিস্থাৰে মুঠ ছাত্ৰীৰ সংখ্যা ৫৫২ গৰাকীলৈ বৃদ্ধি কৰে ৷ এই সময়চোৱাত গুৱাহাটীৰ মুঞ্চী ৰাধামোহন গোস্বামী, অসমৰ অতিৰিক্ত আয়ুক্ত ৰাজা ফুট্চ সিং , অসমৰ বিদ্যালয়সমূহৰ উপপৰিদৰ্শক তথা বিশিষ্ট সমাজ সংস্কাৰক গুণাভিৰাম বৰুৱা আদিয়ে অসমত নাৰী শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে বিশেষ আগভাগ লৈছিল ৷ এই ব্যক্তিসকলৰ মহৎ প্ৰচেষ্টাৰ ফলত উনবিংশ শতিকাৰ শেষৰ ফাললৈ অসমত বালিকা বিদ্যালয়ৰ সংখ্যা ২০২ খনলৈ আৰু নামভৰ্ত্তি কৰা ছাত্ৰীৰ সংখ্যা সৰ্বমুঠ ৩১৫৯ গৰাকীলৈ বৃদ্ধি হয় ৷ কিন্তু এই বিদ্যালয় সমূহৰ বেছি ভাগেই নগৰাঞ্চলত প্ৰতিস্থিত হোৱাৰ বাবে গ্ৰামাঞ্চলৰ ছাত্ৰীসকল তেতিয়াও শিক্ষা-দীক্ষাৰ পৰা বঞ্চিত হৈ আছিল ৷ গাঁৱৰ অভিভাৱক সকলক তেখেতসকলৰ ছোৱালী সন্তানক শিক্ষা-গ্ৰহণৰ বাবে বিদ্যালয়লৈ পঠাবলৈ মান্তি কৰোৱাতো কাৰ্য্যতঃ অসম্ভৱ আছিল ৷ সেই সময়ত অসমৰ আয়ুক্তই গাঁৱত থকা বালক বিদ্যালয়সমূহত এগৰাকী নতুন ছাত্ৰী নামভৰ্ত্তি কৰোৱাব পাৰিলে শিক্ষকসকলৰ দৰমহা চাৰিমাহত এক অনাকৈ বৃদ্ধি কৰাৰ পুৰস্কাৰ ঘোষণা কৰে ৷ এই বুদ্ধিটোৱে কাম দিলে আৰু তিনিবছৰৰ ভিতৰত ২১১৪ গৰাকী ছাত্ৰী বালক বিদ্যালয় সমূহত নামভৰ্ত্তি কৰে ৷ তাৰ বিশবছৰৰ পাচত এই সংখ্যা ৪২৬৯ হয়গৈ ৷ গতিকে কেৰাণী-মহৰী সৃষ্টি কৰা শিক্ষা বুলি আমাৰ সমাজে গালি পাৰিলেও, কাৰ্য্যতঃ ব্ৰিটিছ চৰকাৰেই যে অসমত নাৰী শিক্ষাৰো বাটকটীয়া আছিল সেইয়া অনস্বীকাৰ্য্য ৷

কিছু শেহতীয়া তথ্য: এক হতাশাৰ প্ৰতিচ্ছবি

অসম এখন অৰ্থনৈতিক ভাৱে অতি পিচপৰা ৰাজ্য আৰু চৰকাৰী পৰিসংখ্যা অনুসৰি মুঠ জনসংখ্যাৰ ৩১ % এতিয়াও দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে য’ত সৰ্বভাৰতীয় পৰিসংখ্যাটো হ’ল ২৬% ৷ বিশেষ ভাৱে উল্লেখযোগ্য যে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ ভিতৰত দৰিদ্ৰতাৰ সংখ্যা অসমতেই বেছি ৷ দৰিদ্ৰতাৰ লগত মহিলাৰ এটা বিশেষ সমন্ধ আছে ৷ পৃথিৱীৰ প্ৰতি দহগৰাকী দুখীয়া মানুহৰ ছগৰাকীয়ে মহিলা ৷ গতিকে স্বাভাৱিকতেই অসমৰ গৰিষ্ঠসংখ্যক মহিলা দাৰিদ্ৰতাৰ চিকাৰ ৷ অৱশ্যে ঐতিহাসিকভাৱে ভাৰতৰ আন আন ৰাজ্যসমূহৰ তুলনাত অসমৰ মহিলাসকলে যে যথেষ্ঠ স্বাধীনতা ভোগ কৰি আহিছে সেইয়া সত্য ৷ কাৰণ ঐতিহাসিক ভাৱেই অসমীয়া সমাজত সতী-প্ৰথা, যৌতুক প্ৰথা, কন্যা-সন্তানৰ হত্যা আদিৰ প্ৰথাবিলাকৰ পৰা মুক্ত ৷ তথাপিও যে অসমীয়া নাৰী পাৰিবাৰিক হিংসা বা লিংগ বৈষম্যৰ বলি হোৱা নাই তেনে নহয় ৷ শেহতীয়া ৰাষ্ট্ৰীয় তথ্যত অসম আৰু কেৰেলাৰ দৰে ৰাজ্যত নাৰী উৎপীড়ণৰ সংখ্যাধিক্য হোৱাৰ বাতৰি নিশ্চয়কৈ চিন্তনীয় ৷ কেইবছৰমানৰ আগত বেলতলাত এগৰাকী জনজাতীয় মহিলাক আৰু সৌ সিদিনা গুৱাহাটীৰ উলুবাৰীৰ ৰাজপথত এগৰাকী গাভৰুক বিবস্ত্ৰ কৰি কৰা অত্যাচাৰৰ ঘটনা অসমীয়া জাতিৰ বাবে চৰম লাজৰ বিষয় ৷ ২০০৮ চনৰ National Crime Records Bureau ৰ প্ৰতিবেদন অনুসৰি অসমৰ ২৭% মহিলাই পুৰুষৰ দ্বাৰা লাঞ্ছিত হৈছে ৷ প্ৰায়েই ডাইনী প্ৰথাৰ দৰে কু-সংস্কাৰৰ বশৱৰ্তী হৈ আজিও অবলা নাৰীক হত্যা কৰা হৈছে ৷ এইবোৰ কাৰ্য্যত যে কেৱল অশিক্ষিত লোকসকলেই জড়িত তেনে নহয়, বৰং বহু শিক্ষিত আঢ্যৱন্ত ঘৰৰ জীয়াৰী-বোৱাৰীও লাঞ্ছিতা, বঞ্চিতা, ধৰ্ষিতা হৈছে ৷ মনুসংহিতাৰ আধাৰত সৃষ্ট ভাৰতীয় সমাজ ব্যৱস্থাত আজিও ‘লাও পাতৰ তল’৷

মোখনি: মহিলা সৱলীকৰণৰ নিস্বাৰ্থ সেৱাত নিবৃত্ত ব্যক্তি আৰু অনুস্থান

ইয়াৰ মাজতো অসমৰ সমাজত এনে কিছুমান ব্যক্তি আছে, এনে কিছুমান অনুষ্ঠান আছে যিয়ে ব্যক্তি স্বাৰ্থৰ উৰ্দ্ধত গৈ সমাজৰ এই নাৰী সকলক জ্ঞানৰ পোহৰ বিলাবৰ বাবে নিঃস্বাৰ্থৰ ভাৱে জীৱনৰ সমস্তখিনি সমৰ্পন কৰিছে ৷ মই ওচৰৰ পৰা দেখা তেনে এখন অনুষ্ঠান লখিমপুৰ জিলাৰ বৰবালি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু তাৰ মহান শিক্ষক-শিক্ষয়িত্ৰী সকল৷ আজিও অপাদেশীকৃত বিদ্যালয়খন এসময়ত অসমৰ জাতীয়তাবাদী আন্দোলনৰ নেত্বৃবৃন্দই ঢাক-ঢোল বজাই প্ৰতিষ্ঠা কৰিছিল ৷ পৰৱৰ্তী সময়ত এই বিদ্যালয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান পোৱা ছাত্ৰীও সৃষ্টি কৰিছে ৷ আজি দিল্লীত বা দিছপুৰত স্বাধীন ভাৰতৰ গৌৰৱোজ্জ্বল ৬৪ বছৰীয়া পৰিপূৰ্তিৰ ঢাকঢোল বজোৱাৰ সময়ত ৰূপে-গুণে উজলি উঠা বৰবালি বালিকা বিদ্যালয়ে অপ্ৰাদেশীকৃত ৰূপত ৰূপালী জয়ন্তী উদ্ যাপন কৰিব লগীয়া দূখঃজনক ঘটনা ঘটিছে ৷ তিনি দশক ধৰি নাৰীশিক্ষাৰ বাবে অহৰহ লাগি থকা শিক্ষকে বিনা-বেতনে অৱসৰ গ্ৰহণ কৰিছে ৷ আমি বেয়া কিবা এটা হ’লেই বা দেখিলেই সততেই বিলাতী চাহাবক দোষ দিওঁ; পশ্চিমীয়া সংস্কৃতি বুলি থুই পেলাওঁ । কিন্তু নাৰী সমাজৰ প্ৰগতিৰ বাবে বিদেশী চাহাবসকলে নিজৰ দেশত বাদেই, ভাৰতত বা অসমতে যিমানখিনি কৰি গৈছে, পৰৱৰ্তী সময়ত আমাৰ নিজৰ স্বাধীন দেশৰ চৰকাৰেই সিমানখিনি কৰা নাই৷ নাৰীৰ স্বাধীনতা, অধিকাৰক কাগজে কলমে গুৰুত্ব দিয়া হৈছে যদিও প্ৰকৃত অৰ্থত ৰূপায়ণ নোহোৱাটো আমাৰ স্বাধীন দেশ আৰু একবিংশ শতিকাৰ মানৱ সভ্যতাৰ বাবে অতিশয় দুৰ্ভাগ্যজনক !

( লেখকৰ টোকা: বৰবালি বালিকা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ বাবে প্ৰস্তুত কৰা মূল লেখাটোৰ কিছু সম্পাদিত ৰূপ ৷ )
————————-
নিৰ্বাচিত তথ্যসূত্ৰ:
1) History of Education in Assam,Archana Chakravarty, 1989, Mittal Publications, New Delhi
2) Status of women in Assam- Fatima Tohsin Sahidullah, The Assam Tribune, June 17, 2009
3) Report of the National Knowledge Commission, 2011
4) WOMEN EDUCATION AND RURAL ECONOMIC DEVELOPMENT OF THE BODO COMMUNITY OF ASSAM;Ritul Talukdar, A Case Study In Barpeta and Baksa District of Assam, International Journal of Science, Environment and Technology, Vol. 1, No 1, 41 – 48, 2012
5) National Crime Records Bureau www.ncrb.nic.in/

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!