অসমীয়া কোন ? (দেৱব্ৰত গগৈ)


( ১)

মই তেতিয়া সপ্তমমানত , ছবছৰীয়া আন্দোলনটো শেষ হোৱাৰ এবছৰ হৈছেহে , সচেতন মগজুটোৱে গমেই নাপাও ক’ত কি ঘটিছে , তেনেকুৱা দিনতে বুৰঞ্জীৰ নাথছাৰে সুধিছিল আমাক – “কছোন , অসমীয়া মানুহ কোনবোৰ”? সধ্য কৈশোৰ প্ৰাপ্ত আমি ছাত্ৰবোৰে নানানটা উত্তৰ দিলো । প্ৰতিটো উত্তৰৰ শেষত নিঃৰ্দোষ খিকিন্দালি । নাথ ছাৰ এনেয়ে ৰসাল মানুহ , ( যেনে – তেখেতৰ নিত্যবৰ্তমান কালৰ উদাহৰণ – “গাধই বেবাই”) তেখেতে আমাক ৰসালভাবে বুজোৱাত লাগিল – অসমীয়া কোন – “জন্মাষ্টমীত পকামিঠৈই খাৱ নহয় , তাত কি কি থাকে?” আমি এফালৰ কৈ গলো -“পিঠাগুৰি , গাখীৰ , ঘিউ , মৌ , গুৰ , গৰমপানী, ইলাচি..” চকু দুটা মুদি ছাৰে ক’লে “অ, এতিয়া এইগোটেইখিনি একেলগে সানিলে যেনেকে মিঠৈ হব ঠিক তেনেকৈ অসমত থকা সকলো আহোম, বামুণ, কোঁচ , চুতীয়া , বড়ো , মিচিং , কাৰ্বি , মুছলিম , খ্ৰীষ্টান মানুহক মিলাই দিলেই অসমীয়া হব।” সেইমুৰ্হুতত হয়তো মই কথাখিনিক হৃদয়ংগম কৰিব পৰা নাছিলো , ছাৰে ৰসালভাবে কওতে মনত ৰৈ গৈছিল । বুজন বয়সত অসমীয়া কোন বিৰ্তক ওলালেই ছাৰৰ সেই পকামিঠৈটোক সদায় মই মনত পেলাও ।

 

 

(২)

সৰুতে তাই কথাষাৰ বুজি পোৱা নাছিল , মা-দেউতাকক সুধিলেও কথাষাৰ আওকান কৰে , তেনেদৰে কথাষাৰ নুবুজাকৈয়ে তাই বুজন বয়স চুলেহি আৰু এদিন কথাষাৰ তাই বুজা হ’ল – তাহাঁত অসমীয়া নহয় , তাহাঁত বড়োহে , বেলেগ মানুহবোৰে তেনেকৈয়ে ভাবে , সৰুৰে পৰা তাই মুখামুখি হৈ আহিছে সেই একেটা প্ৰশ্ন “ ইয়ে তুমি বড়ো ছোৱালীহেনেকি , মই আক’ তোমাক অসমীয়া বুলিহে ভাবিছিলো ! তাই অসমীয়া নহয় । কিন্ত কিয় ? তাই ডাঙৰ হৈছে কেৱল অসমীয়া কৈ , স্কুলত পঢ়িছে অসমীয়াত ,লগৰ সকলো যদি অসমীয়া হব পাৰে , তেন্তে তাই কিয় নহয় , ঘৰত প্ৰাথনা কৰে “ তুমি চিত্ত বৃত্তি মোৰ” আৰু আটাইতকৈ ডাঙৰ কথা তাই বড়ো ভাষাৰ “ব”টোও নাজানে – তথাপিও তাই অসমীয়া নহয় কিয় ? ? ?

সেই প্ৰশ্নটোৰ উত্তৰ নোপোৱাকৈয়ে এদিন তাই বোৱাৰী হ’ল । কথা প্ৰসংগত এদিন তাই জীৱনসংগীজনক সেই প্ৰশ্নটোৰ কথা কলে । মৰমৰ জীৱনসংগীয়ে তৎক্ষণাত প্ৰশ্নটোৰ উত্তৰ পাবলৈ এটা উপায় দিলে । তাই অপেক্ষা কৰিলে সেই উপায়টো প্ৰয়োগ কৰিবলৈ । পেছাত আইনজীৱি ছোৱালীজনীয়ে এদিন কাছাৰীত পুনৰ সেই পূৰণি প্ৰশ্নটোৰ মুখামুখি হ’ল —- ইয়ে তুমি বড়ো ছোৱালীহেনেকি , মই আক’ তোমাক অসমীয়া বুলিহে ভাবিছিলো ! তাই অলপো সময় নষ্ট নকৰি সেই প্ৰশ্ন কৰোতা গৰাকীক ওলোটাই সুধিলে– “আপোনাৰ নামটো ?” তেওঁ কলে – “মাধৱ বৰুৱা” , তাই চিঞৰি উঠিল আৰু কলে – ইয়ে আপুনি বৰুৱাহেনেকি , মই আক’ আপোনাক অসমীয়া বুলিহে ভাবিছিলো !” “মই যে আজিলৈকে অসমত এজনো অসমীয়া মানুহ লগ পোৱা নাই” প্ৰশ্ন কৰোতা গৰাকী প্ৰথমে থতমত খালে আৰু পাছত নিজৰ ভুলটো মানি ললে ।

 

(৩)

ৰূপাঞ্জলিয়ে কাৰো কথাই নুশুনে । তাই ৰাজেনৰ লগতেই বিয়া হব । ডাঃ ৰাজেন হানচে । ভাবী জোৱাঁয়েকৰ নামটো উপাধিটোৰে সৈতে শুনি মাকে প্ৰথমদিনা উচপ খাই , কাণ-মূৰ , হাত-ভৰি গৰম হৈ বিছনাত পৰি দিছিল । তেনেকৈ পৰি থাকোতে তেওঁ চকুৰ সন্মুখত কিছুমান তৰা দেখিছিল আৰু সেই তৰাবোৰৰ মাজত স্পষ্টকৈ জিলিকি আছিল ৰূপাঞ্জলিৰ দেউতাকে গ্ৰেণাইট শিলেৰে ধুনীয়াকৈ সজাই লোৱা নতুন গোসাঁইঘৰটোত গাঁৱৰ পুৰণা ঘৰখনৰ পৰা হেপাহেৰে আনি স্হাপন কৰা পৰিয়ালৰ কৌটিকলীয়া পবিত্ৰ শালেগ্ৰামক পূজা কৰি থকাৰ দৃশ্যটো । আজিকালিৰ দিনবোৰ হয়তো আগৰ দৰে নহয় , যেনে তলৰকূলৰ মানুহ আহিলে পাছচোতালৰ চুকত ফলাখৰি এডালত বহিবলৈ দিয়া আৰু যোৱাৰ পৰত বহি থকাটোৱেই নি খৰিডাল বাৰীৰ বাহিৰত পেলাই থৈ যোৱা । ৰূপাঞ্জলিৰ মাক বোৱাৰী হৈ অহাৰ বহুদিনৰ পাছতো গাঁৱৰ পুৰণা ঘৰখনত এনেবোৰ দৃশ্য সুলভ আছিল , যিবোৰ হয়তো আজিকালি আৰু নাই । ৰূপাঞ্জলিৰ দেউতাকেই এইবোৰৰ বিৰুদ্ধে কাগজে-পত্ৰই লিখা-মেলা কৰে , কিন্ত তেওঁলোকৰ ভাবী জোঁৱায়েকৰ উপাধিটো হানচে হব ? নামৰ আগত ডাঃ থাকিলে কি হব ? কথাষাৰ শুনিলে দেউতাকে হয়টো সেই গোসাঁই ঘৰটোৰ পৰাই পোনে পোনে অনন্ত ধামলৈ গতি কৰিব ।

“উপাধিটো হানচে হ’লে কি হয় ? মানুহ নহয়নেকি ? ৰাজেনৰ দেউতাক অসমৰ তিনিখন জিলাৰ DC, excise commissioner, labour commissioner হৈ ৰিটায়াৰ কৰিছে , খুড়াক ICARৰ North-East Regionৰ নাম কৰা Scientist , ৰাজেনৰ মাকৰ ফালৰ ককাক দুবাৰকৈ ৰুলিং পাৰ্টিৰ MLA হৈছে । মইটো তহঁতি বিচৰামতেই আমাৰ সৈতে মিলা familyৰ ল’ৰা পছন্দ কৰিছো, মা । তেন্তে এতিয়া না বুলি কেলেই কৈছ? – ২মাহৰ পাছত বিভাগীয় মূৰব্বী পদ লবলৈ উদ্ৰগীৱ হৈ থকা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা অৰুণা শৰ্ম্মাৰ সন্মুখত Microbiologiest ডাঃ ৰূপাঞ্জলি শৰ্ম্মাৰ অকাট্য যুক্তি ।

দেউতাকৰ আগত মাকে ৰূপাঞ্জলিৰ এই ভয়ংকৰ প্ৰেমৰ কাহিনীটো কব নোৱাৰে , সেয়ে কথাবোৰ বহল হোৱাৰ আগতে তেওঁ একেখন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহ-অধ্যাপক নিজৰ ভায়েক ড° জয় গোস্বামীক মতাই আনিলে । “চা ৰূপা , এইবোৰ বলিয়ালি এৰ”- মোমায়েকৰ পোনপটীয়া কথা । “আৰে মামা , তুমিও কোৱা এনেকৈ ? আকৌ তুমিয়েই পেপাৰত article লিখা যে, অসমত মংগোলীয়ান আৰু আৰইয়ানৰ ব্লাড বহু শ বছৰৰ আগতেই মিস্কড হ’ল বুলি”?

“লাইফটো পেপাৰৰ article নহয় । সেইটোৰ লগত তোৰ বিয়া হ’লে তঁহতৰ familyৰ কি হব এবাৰ ভাবি চাবি” – মাক আৰু ৰূপাঞ্জলিক তেনেকৈ আধাতে এৰি মোমায়েক ফোঁ-ফোঁৱাই গুচি গ’ল । ৰূপাই ভালেই পালে , এনেই তৃতীয় পক্ষ এটাক টানি অনাৰ কিহৰ প্ৰয়োজন ? সেই বুলি তাই মাকক পুনৰ কোৱাত লাগিল – “ তইয়ে কছোন মা , মোৰ যদি ৰাজেনৰ লগত বিয়া হয় তই কি আমাৰ হবলগীয়া ল’ৰা-ছোৱালী কেইটাক নিজৰ নাতি বুলি মৰম নকৰিবিনেকি নে হানচেৰ ল’ৰা বুলি হেলা কৰিবি”? “ধেৎ , মনে মনে থাক” – দোমোজাত থকা মাকে সৰু ধমকি এটা মাৰিলে । “নাতিৰ কথা বাদ দে , তই তোৰ ডাক্তৰ জোঁৱাইটোক জানো মৰম নকৰিবি? হওঁতে হয় যে ,প্ৰথমবাৰৰ বাবে তই ৰাজেনহঁতৰ দৰে মানুহবোৰৰ কাৰোবাক অন্তৰৰ পৰা ভাল পাবি , তাহাঁতক লৈ ৰচা কৌতুকবোৰ শুনি হাঁহি হাঁহি বাগৰি পৰিবলৈ বেয়া পাবি আৰু তোৰ কাৰণে ৰাজেন খাটি অসমীয়া হৈ পৰিব। আচলতে মোৰ আৰু ৰাজেনৰ দৰে আজিকালি অসমৰ সবেই এইদৰে বিয়া পাতিব লাগে , অসমখনলৈ বহুত শান্তি আহিব|” এইজনী ৰূপাঞ্জলিয়েই নে ? মাকৰ যেন তাইক অলপ অচিনাকী লাগিল – “নিজে বেলেগ কাষ্টৰ লগত বিয়া হবলৈ বিচাৰি বৰ ডাঙৰ ডাঙৰ লেকচাৰ দিছ’ দেখোন”?

“তেনেকৈ নাভাবিবি মা। তই নিজেই কছোন মই কোৱা কথাবোৰ মিছানেকি? আমাৰ হবলগীয়া ছোৱালী বা ল’ৰাটোৱে ৰাজেনহঁতৰ কাষ্টটোক কেতিয়াও ঘিণ কৰিব নোৱাৰে আৰু আমাৰ কাষ্টটোৰ ওপৰতো খং ভাব এটা মনত পুহি ৰাখিব নোৱাৰে , কাৰণ তেনেকুৱাখন কৰিলে তাহাঁতি নিজকে নিজে কৰা হব” ।

“ইস , একেবাৰে পলিটিছিয়ানৰ লেকচাৰ |” মাক ভেকাহি মাৰি উঠিল ।

“অ’ , নিজৰ বিয়াখনৰ কাৰণে পলিটিক্স কৰিছো , একেই পলিটিক্স এতিয়া দেউতাৰ লগতো কৰিম । কোনো মামা-খুড়াক তই আৰু মাতিব নালাগে , মই তেওঁক নিজেই বুজাম , যদি বুজে তেন্তে ৰাজেনৰ লগত হোমৰ গুৰিত বহিম আৰু নামানিলে ৰাজেনৰ লগতে গুচি যাম আদাম-আচাৰ পাতিবলৈ”।

 

(৪)

অজিত শৰ্ম্মা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লৈ ঘৰতে বহি আছিল , চাকৰিৰ বাবে চেষ্টা কৰি আছে কিন্ত একোতে লগা নাই , তেনেকুৱাতে আহিল খৱৰটো ,  চাকৰিৰ খৱৰ । পিছে শৰ্ম্মা দোমোজাত পৰিল । মাক-দেউতাক আৰু ককায়েকৰ পোনছাটেই বাধা- “পগলা হৈছ’নেকি? অসমীয়া মানুহ এটা পাবলৈ নাই ঠাইখনত , কেইটামান দিন ৰৈ দেছোন , দিল্লীৰ কোম্পানীটোৰ খৱৰ পাই যাবও পাৰ”| শৰ্ম্মাৰ ডেকা মনটো গৰম হৈ গ’ল – “থ’ , সেইটোৰ প’ৰা একো খৱৰ নাহে আৰু দিল্লীতনো কেইটা অসমীয়া পাম?” ইয়াত ঘৰৰ ওচৰতে , ভালহে”| হকাবাধা নেওচি শৰ্ম্মা ওলাল চাকৰি কৰিবলৈ , জীৱনৰ প্ৰথম চাকৰি , স্হান নগাওঁ জিলা , এটা সুগন্ধি তৈয়াৰী প্ৰতিস্হানত , মানদণ্ড নিয়ন্ত্ৰকৰ ৰূপত । যোগদিয়াৰ প্ৰথম দিনা প্ৰতিষ্ঠানটোৰ সৰ্ম্পকৰক্ষী বিষয়াজনে শৰ্ম্মাক আদৰি নিলে আৰু প্ৰস্তাৱ দিলে প্ৰথমদিনাৰ ৰাতিৰ সাজ তেওঁৰ ঘৰতে খাবলৈ । আগতে   গৈ নোপোৱা সেই ঠাইখনৰ পৰিৱেশটো শৰ্ম্মাৰ বাবে সঁচাই আচহুৱা আছিল । বিশেষকৈ কথা-বতৰাবোৰত ।  সেই সৰ্ম্পকৰক্ষী বিষয়াজনে আন স্হানীয় মানুহখিনিৰ লগত কথা পাতিলে শৰ্ম্মাই একো বুজি নাপায় , কিন্ত তেওঁৰ লগত কথা পাতিলে একেবাৰে সলসলীয়া অসমীয়া কয় । শৰ্ম্মা চিন্তাত পৰিল । মানুহখিনি আচলতে কি ? হঠাৎ শৰ্ম্মাৰ কাণত পৰিল — “নিচিনো তোমাক ক’ত আছা প্ৰভু আমি অতি সৰু ল’ৰা ……..” বিষয়াজনৰ ঘৰৰ ভিতৰৰ পৰা সৰু ল’ৰা এটাৰ মাত , হয়তো পাঠ আওৰাইছে । এইবাৰ শৰ্ম্মাৰ আচৰিত হোৱাৰ পাল ।  ভাত খোৱাৰ পৰত শৰ্ম্মাই    বিষয়াজনক সুধিলে –“আচ্ছা ৰছিদদা , আপোনালোকে যে কথাবোৰ কয় , কি ভাষাত কয়”?

“ দেচী ভাষাত কওঁ , কিয় সুধিছে”?

“কিন্ত আপুনি যে অসমীয়াও ইমান ধুনীয়াকৈ কয়”?

“আৰে, কি অসমীয়া ধুনীয়াকৈ  কয় ?  নিজৰ ভাষাটো ভালদৰে নকৈ লোকৰ ভাষা ভালকৈ কমনেকি”?

“অসমীয়াটো আপোনালোকৰ নিজৰ ভাষা কেনেকৈ হ’ল”? শৰ্ম্মাৰ প্ৰশ্নত মৃদু ঠাট্টাৰ সুৰ |

“অসমীয়া ভাষাটো কেৱল কি আপোনালোকৰ নেকি”? ৰছিদদাই যেন শৰ্ম্মাৰ ঠাট্টাটোৰ উমান পালে – “আৰে , শিৱসাগৰীয়া বা বৰপেটীয়াৰ অসমীয়া কোৱাৰ যেনেকৈ নিজা ষ্টাইল আছে আমাৰ ইষ্ট-বেংগল অৰিজিন অসমীয়াখিনিৰো নিজৰ ষ্টাইল আছে , তাতে কি হ’ল? আপোনালোকৰ দৰে আমিও অসমীয়া মিডিয়ামতে পঢ়া আৰু মোৰ ল’ৰাইও এতিয়া অসমীয়াতেই পঢ়িছে”।

আগতে আনুমানিকৈ বিশ্বাস কৰি থকা এখিনি কথাৰ সৰ্ম্পূণ বিপৰীত অভিজ্ঞতা এখিনিক লৈ শৰ্ম্মাই বৃত্তিগত কাৰণত সেই সুগন্ধি প্ৰতিস্হানৰ চাকৰি এৰি গুৱাহাটী পালেহি আৰু পাকচক্ৰত পৰি আমাৰ সংগী হলহি । আমাৰ ৰঙীন পানীৰ আড্ডা আৰু অসমৰ বিদেশী সমস্যা এই দুটাৰ যিদিনাখন মণি-কাঞ্চন সংযোগ ঘটে , শৰ্ম্মাই সদায় উদাত্ত কণ্ঠৰে , জিভাখন সামান্য পাক খুৱাই চিঞৰি উঠে– “নাই নাই , তেওঁলোক বিদেশী নহয় , কেতিয়াও হবই নোৱাৰে , তেওঁলোক ১০০%ই  অসমীয়া ।  তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে এতিয়াও আছামিজ মিডিয়ামত পঢ়ে আৰু মোৰ ছোৱালীয়ে আমটোক মেংগ’ বুলি কৈ নাখালে হজম কৰিব নোৱাৰে । ছিঃ , আমিবোৰ সঁচাই নিধক”|

হাতত থকা ৰঙীন পানীৰ গিলাচটোৰ শেষকণ ডিঙিত পেলাই শৰ্ম্মাই  মুখখন বিকটাই দিয়ে ।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
জ্যোতিপ্ৰসাদ দাস
1 year ago

ভাল লাগিল । বৰ প্ৰাসংগিক । চেয়াৰ কৰিলোঁ । দায় দোষ নধৰে যেন ।