অসমীয়া গ্ৰেনেড (-ৰাতুল বেজবৰুৱা)
অসমীয়া গ্ৰেনেড
ৰাতুল বেজবৰুৱা
কেই দিন মানৰ আগৰ কথা । সিদিনা ঘৰৰ পৰা আহিছো মোৰ কৰ্মস্থান কলকাতা লৈ বুলি । ঘৰৰ পৰা মায়ে বিচাৰি বিচাৰি যোগাৰ কৰা মোৰ ভাল লগা অস্ংখ্য বস্তু লগত লৈ আহিছো । আমাৰ তাৰপৰা (মানে ঢকুৱাখানাৰ) আকৌ কলকাতা আহিবলৈ একদম সহজ । আপোনাৰ বেছি কষ্ট কেতিয়াও নহয়। ঘেটেলেং মেটেলেং কৰি ১৪ ঘ্ন্টা বাছেৰে ৰাতিটো আহি ৰাতিপুৱা এয়াৰপৰ্ট পালেই হ’ল । তাৰ পাছত মাত্ৰ ৫০ মিনিট । বচ আপুনি কলকাতাত হাজিৰ । কিযে মজাৰ যাত্ৰা। (অবশ্যে গুৱাহাটীৰ পৰা ট্ৰেইনেৰে আহিলে কথাটো অলপ বেলেগ)।
সিদিনা আকৌ মই একেবাৰে নিদ্ৰা দেৱীৰ কোলাত স্থান নোপোৱাকেই গুৱাহাটী পালোহি । মোৰ সন্মুখৰ চিটটোত এজন উদীয়মান বহি গোটেই ৰাতিটো কিবা টেব নে ফেব এটা পিতিকি থাকিল। সেইটোৰ পৰা পোহৰ আহি ডাইৰেক্ট মোৰ চকুতে পৰিছিল গতিকে নিদ্ৰা দেৱীয়েনো কেনেকৈ ঠাই দিব । ৰাতিপুৱা আই এচ বি টিতে প্ৰাত: কাম ফেৰা সম্পন্ন কৰি টেক্সি এখন লৈ এয়াৰপৰ্ট পালোগৈ । এটা প্ৰকাণ্ড হামি মাৰি চি.আই.এচ.এফৰ জোৱান জনক মোৰ পৰিচয় পত্ৰ আৰু টিকট দেখুৱালো । মানুহ জনে বস্তু কেইটা ভালকৈ পৰীক্ষা কৰি মোক ভিতৰলৈ যাবলৈ দিলে। মই খৰধৰকে বেগটো স্কেন কৰি লওঁ বুলি স্পাইচজেটৰ স্কেনাৰটোৰ ওচৰ পালোগৈ। স্পাইচজেটৰ কৰ্মচাৰী এজনে বেগটো দাঙিবলৈ লোৱাত মই মেচিনটোৰ ইটো পাৰে বেগটো অহালৈ ৰ’লো ।
হঠাৎ স্কেনাৰটোৰেৰে যাত্ৰী সকলৰ বস্তুবোৰ পৰীক্ষা কৰি থকা কৰ্মচাৰী জনে “এইটো কাৰ বেগ”, “এইটো কাৰ বেগ”, বুলি চিঞৰ বাখৰ লগালে আৰু হাতেৰে ইংগিত দিলে নিৰাপত্তাৰক্ষীলৈ । লগে লগে কেইজন মান চি.আই.এচ.এফৰ জোৱানও আহি পালেহি । মই খাটাং যে বেগত কিবা ভয় লগা বিস্ফোৰক বস্তুৱে আছে, নহ’লেনো কিয় ইমান হুলস্থুল লগাব। “যি হে দিন কাল পৰিছে গ্ৰেনেড ছ্ৰেনেড এনেদৰে ওলোৱটো একো অস্বাভাবিকো নহয়”, মনতে ভাবিলো । আন যাত্ৰীবোৰৰ দৰে উৎসুক হৈ বেগটোনো কাৰ আৰু সেইটোতনো কি থাকিব পাৰে চাবলৈ ধাৰিলো ।
তাৰ পাছত মোৰ চকু ডাঙৰ হৈ গ’ল । বেগটো দেখোন মোৰ বেগটোৰ সৈতে দেখাত একেই । একেবাৰে বেগটোৰ ওচৰলৈ গৈ চালো । আৰে এইটো দেখোন মোৰ বেগটোৱেই । বুকু খনে ধান বানিবলৈ ধাৰিলে । যোৱাৰাতি কোনোবাই কিবা সুমোৱাই দিয়া নাইতো !! একে উশাহতে ৩৩ কোটি দেৱতাৰ যিমানৰ নাম মনলৈ আহে সকলোকে এবাৰ স্মৰণ কৰি ল’লো ।
বেগটোৰ গৰাকী যেতিয়াই ওলাল “কি আছে বেগত সোনকালে খোলক”, “ক্যা হে বেগ মে খোল’ জলদি” আদি বিভিন্ন হেঁচা মোৰ ওপৰত পাৰিল। মই কি থাকিব পাৰে ভাবিবলৈ ধাৰিলো । কিন্তু যেতিয়াই বেগটোৰ চেইন ডালত হাত দিলো মোৰ ফটকৈ মনলে আহি গ’ল । মই বুজাবলৈ যত্ন কৰিলো যে ভয় কৰিব লগা একো নাই । নাই মোৰ কথা কোনেও নুশুনে । মুঠৰ ওপৰত মই সোনকালে বেগটো খুলিব লাগে ।
অৱশেষত কোনো উপায় নাপাই সেমেনা সেমেনি কৰি মই মায়ে কাপোৰত আঠা লাগিব বুলি প্ৰত্যেকটোকে একোটাকৈ পলিথিনত ভৰোৱা ঔ-টেঙা কেইটা উলিয়াই দিলো । সকলো উৎকন্ঠাৰ অন্ত পৰিল । জুম বান্ধি থকা যাত্ৰী সকলৰ মাজত এটা হাঁহিৰ ৰোল বৈ গ’ল । স্পাইচজেটৰ কৰ্মচাৰী জনে চি.আই.এচ.এফৰ জোৱান কেইজনক বুজাব ধৰিলে যে এইবিধ এবিধ ফল জাতীয় বস্তু আৰু অসমীয়া সকলৰ অতি প্ৰিয় খাদ্য বিষেশকৈ মাছৰ লগত ।