অসমীয়া নিচুকনি গীত সমূহ
সংকলক : সুস্মিতা বৰা
টোকা : অসমীয়া লোকসাহিত্য ভঁৰালৰ মানিকী মধুৰী জহাৰ দৰে আমোলমোলাই থকা সুৱাসিত সাহিত্যৰ এটি শাখা নিচুকনি গীত সমূহ | শিশুৰ সঙ্গীতৰ প্ৰতি থকা টান আৰু সুৰে সৃষ্টি কৰা মায়াময়তাই শিশুৰ মনত সন্মোহনী শক্তিৰ দৰে কাম কৰে |নিচুকনি গীতৰ মাজেৰে এগৰাকী মাতৃৰ সপোন , উজ্জ্বল আশা , বিশ্বাস-অবিশ্বাসৰ অভিব্যক্তিৰ ইংগিত পোৱা যায় |আমাৰ দ্বাৰা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰাৰ প্ৰচেষ্টা লোৱা হৈছে |{ কোনো সদাশয় ব্যক্তিৰ হাতত উক্ত নিচুকনি গীতটিৰ শেষাংশ থাকিলে জনাবলৈ অনুৰোধ জনোৱা হ’ল }
নাওঁ হেঙুলীয়া বঠা হেঙুলীয়া
আৰু হেঙুলীয়া চৈ এ |
চৈ ৰে তলতে জোনবাই গইছে
হাততে বিচনী লৈ এ ||
আগেয়ে খুজিলোঁ ফুলৰে বিচনী
এতিয়া তুলাইছা দৈ এ |
কেলেই লাগিছে ফুলৰে বিচনী
গ’ল মহে জহে বৈ এ ||
আমাৰে মইনা শুব এ’,
বাৰীতে বগৰী ৰুব এ’,
বাৰীৰে বগৰী পকি সৰিব,
আমাৰে মইনাই বুটলি খাব ৷
শিয়ালী এ’ নাহিবি ৰাতি, তোৰে কান কাটি লগামে বাটি ৷
শিয়ালীৰ মূৰতে মৰুৱা ফুল, শিয়ালী পালেগৈ ৰতনপুৰ ৷৷
(এখুদ ককাইদেউ, মহুৱা ফুল)
লাই হালে জালে আবেলি ব্তাহে
লফা হালে জালে পাতে |
আমাৰে মইনাই হালিছে জালিছে
কালি আবেলিৰে ভাতে ||
হাতীয়ে খোজ কাঢ়ে লোদোৰে পোদোৰে
ঘোঁৰাই খোজকাঢ়ে লৰি |
শিলৰে আলিতে কোনে খোজ কাঢ়ে
তিয়ঁহৰ জালি যেন ভৰি ||
জোন বায়ে এ বেজি এটি দিয়া
বেজি নো কেলেই মোনা সী-বলৈ
মোনানো কেলেই ধন ভৰাবলৈ
ধননো কেলেই হাতী কিনিবলৈ
হাতীনো কেলেই উঠি ফুৰিবলৈ
হাতীত উঠি পানীৰাম ঘৰলৈ যায়
আলিবাটৰ মানুহবোৰে ঘুৰি ঘুৰি চায় |
মোৰ বোপাই লাহৰী নেপাইছোঁ আহৰি
বৰা জুৰিছোঁ আহু |
সেই বৰা বানি পিঠাগুড়ি সানি
বোপাইলৈ লৈ যাম লাৰু ||
মোৰ বোপাই সৰু ৰাখে বৰে গৰু
এচাৰি হেৰুৱাই কান্দে |
লোকৰ ধানে খাব কোবাই কিলাব
লৰুৱাই আনিব গৰু ||
বাপুকণ ধুনীয়া পিন্ধে পাতৰ চুৰীয়া
মূৰত হেঙুলীয়া ছাতি |
বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে
কোন বিষয়াৰ নাতি ||
বৰ চৰাৰ মূৰতে বকুল ফুল ফুলিছে
নিতৌ তিনিপাহি সৰে |
মইনাৰ মুখলৈ চাবকে নোৱাৰি
হীৰা কি মুকুতা জ্বলে ||
লাউ কলি কলি
জিকা কলি কলি
মইনাই ভাত খালে বৰপীৰাত বহি
মইনাই ভাত খালে ককায়েকে চক ৷
মাহীয়তী পেহীয়তী ঠেং তলে যক ৷
বুঢ়ীআই এ কৰাই ভাজি দিয়া খাওঁ
ইকৰা পাতেৰে নাও সাজি দিয়া
বঙাল মাৰিবলৈ যাওঁ
বঙালো মাৰিলা ভালকে কৰিলা
আমালৈ আনিছা কি ?
তোমালৈ আনিছোঁ পৰলা ঘোঁৰা টো
সোণৰে শিকলি দি ৷
ই বোলে কাণখোৱা, সি বোলে কাণখোৱা
কাণখোৱাই কি কাম কৰে
হাতত দা-যাঠি,
কাল্ধত ৰঙা ছাতি
ল’ৰাৰ কাণ খাই ফুৰে ৷
আমাৰ আইটি নিচেই কুমলীয়া
নিচেই কলাপাতৰ থুৰি ৷
পিন্ধিব নাজানে কঁকালৰ কাছুটি
বান্ধিব নাজানে চুলি ৷৷
বেৰতে বগালে জয়ন্তী পৰুৱা
বগাই চোম গছত মুগা ৷
আমাৰে মইনা ৰণলৈ ওলাইছে
সজাই এ পৰলা ঘোঁৰা ৷৷
এফালে বান্ধিছে চেঁউৰী কাজলী
এফালে বান্ধিছে হাতী ;
হাতীৰে ওপৰত কোনে কাহঁ কোবায়
ভৰালী বৰুৱাৰ নাতি ৷
ভৰালী বৰুৱাৰ ছজনী তিৰোতা
তাৰে সৰু জনী কাজী ;
কাজীৰে জীয়েকক আনিব খুজিলো
মাটিৰে মৃদংগ সাজি ৷
মাটিৰে মৃদংগ ঘিটিঙাই বাজিলে
গড়গাওঁ দেশলৈ শুনি ;
গড়গাওঁ দেশতে কোৱঁৰ বহি আছিল
পাট কটা দাড়ঁ যেন দেখি ৷
জোনবাইৰ আগৰে একোটি তৰা
আয়ে বিয়া দিলে গঁঠীয়া দৰা
হেৰ’ তই গঁঠীয়া নেপাৰ গালি
আইৰ ঘৰলৈ যাম ভৰি পখালি ৷
আয়ে বুলিব মোৰ জী আহিছে
বৰা ভাত এগালি ৰান্ধো ৷
বোপায়ে বুলিব মোৰ জী আহিছে
গঁৰালৰ হাঁহিনী মাৰোঁ ৷৷
ককায়ে বুলিব মোৰ ভনী আহিছে
ভাল তামোল এথোকি পাৰোঁ ৷
বৌয়ে বুলিব মোৰ ননদ আহিছে
মূৰতে তলীয়া ফালো ৷৷
বোপাইলৈ আনিছোঁ শালৰ বৰ কাপোৰ
আইলৈ আনিছোঁ খাৰ ৷
ককাইলৈ আনিছোঁ পাটৰ টঙালী
বৌলৈ বাঢ়নী টাৰ ৷৷
আমাৰে মইনা শুব এ
বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পকি সৰি যাব
আমাৰে মইনাই বুটলি খাব ৷
শিয়ালী এ নাহিবি ৰাতি
তোৰে কাণ কাটি লগামে বাতি
শিয়ালীৰ মুৰতে মৰুৱা ফুল
শিয়ালী পালেগৈ ৰতনপুৰ ৷
আইটি শুবলৈ পাটী পাৰি দিয়া
শিমলু তুলাৰে তুলি
চকু তিৰেবিৰে কৰিছে আইদেউৰ
হ’লহি শয়নৰ বেলি ৷
এটি তৰা দুটি তৰা
সৰগত বহি কি কৰা
আম জাম লেটেকু টোক
বহি আছে ভাটুক টোক ৷
টোপনি টোপনি অ’ আই টোপনি
টোপনিৰ কলৰ তলত হয়
আনৰে চকুতে টোপনি নধৰি
মইনাৰ চকুতে ধৰ
আমাৰে মইনাই শুব এ
সোণালী ধাননি দাব এ
ন-চাউলৰে চিৰা ভাজি দিম
বাতি ধৰি ধৰি খাব এ
অ’ কুমলীয়া খাবলৈ বঢ়িয়া
কটাৰীৰ আগৰে লোণে এ ,
বাপা কুমলীয়া অতিকে ধুনীয়া
গাতে জিলিকে সোণে এ ৷৷
ই বোলে পোনাকণ সি বোলে পোনাকণ
পোনাকণ কলৈকে গ’ল হে ,
পোনাকণ আছেগৈ ককাকৰ বঙলাত
ঘিলা খেলিব পাই হে ৷৷
উৰে দৰিকী ঘূৰে দৰিকী
ৰাঙলী দৰিকীৰ বিয়া ,
ৰাঙলী দৰিকীৰ বিয়ালৈ মাতিছে
পচলা খৰিকাত দিয়া ৷
চৈ চৈ এ চিচৈ পোৱালি
লোণে মাছে ভাত খায় কি কৈ খীনালি
চৈ চৈ এ চিচৈ পোৱালি
বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি
লাই শাক লাহৰি ঘিলা গ’ল পাহৰি
কিহেৰে উমলি থাকে
আইৰে ঘৰৰে ঘিলা ধাৰে কৰি
তাৰেই উমলি থাকে ৷৷
খালে কি নাখালে কেঁচা পিঠা গুড়ি
দিলে কি নিদিলে বাই
ধুমুৰ ধুমুৰ কৰি খুন্দো পিঠাগুড়ি
পৰুৱা পিপৰাই খায় ৷৷
পিৰালিৰ পঁইতাত সৰিয়হ পৰিলে
পাৰই বুটলি খায়
আমাৰ ভাইটিয়ে বুটলি ফুৰোঁতে
পিছলি পৰিব যায় ৷৷
জপনা খিৰিকী ভন্টি টিলিকি
নাপায় ভাইটিয়ে ঢুকি ৷
যেনে তেনে কৰি ঢুকি পাই ভাইটিয়ে
পাখৰি কুকুৰত উঠি ৷৷
বৰ ঘৰৰ মুধৰে ভৰুণ তামোল থুকি
খপৰাই কাটিব পাৰো
আমাৰ বোপালৈ আজি দুপৰ ৰাতি
ছোৱালী আনিব পাৰো ৷৷
নাখাও নাখাও বুলি খালি যে ৰৌমাছ
বাৰীৰ মৰলীয়া তুলি
নলওঁ নলওঁ বুলি ল’লি দহে টকা
ধৰুৱাই ধৰিছে বুলি ৷৷
চোতালত সোমাবা মৰণা মাৰিবা
খেৰ জোকাৰিব লাগে
খেৰ জোকাৰিবা ঘুগুলা চালিবা
তেহে যদি কেচুৱা শোৱে ৷৷
মৰিয়া হাতৰে লাৰু
আমাৰে ভণ্টি নাচিব ধৰিছে
হাতত নাইকিয়া খাৰু
মাৰ নিচিনা নহ’লি তই
বাপেৰৰ নিচিনা নহ’লি তই
বাৰীতে আছিলে ভেকুলী বেং
তাৰে নিচিনা লেপেটা ঠেং
নেকান্দিবি মইনা এ
পাবি পাবি পাবি
বাপেৰে গৈছে কল ৰুবলৈ
ঠোক মেলিলেই খাবি
খুব সুন্দৰ। ভাল লাগিল।