অসমীয়া ব্যাকৰণ পাঠ – ১ (বিশ্বজিৎ নাথ)
অসমীয়া ব্যাকৰণ পাঠ – ১ (বিশ্বজিৎ নাথ)
ক্ৰিয়া পদ (Verb)
সংজ্ঞা: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে ।
ক্ৰিয়া পদৰ ভাগ:
১) বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নোহোৱাক লৈ ক্ৰিয়া পদক দুটা ভাগত ভগোৱা হৈছে । তলত উল্লেখ কৰা হ’ল ।
ক) সমাপিকা ক্ৰিয়া (Finite Verb)
খ) অসমাপিকা ক্ৰিয়া (Infinite Verb)
সমাপিকা ক্ৰিয়া : যিবোৰ ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ হোৱা বুজায়, সেইবোৰক সমাপিকা ক্ৰিয়া বোলে ।
যেনে : মই ভাত খালোঁ ।
ইয়াত ‘খালোঁ’ ক্ৰিয়াই খোৱা কামৰ কথা বুজাইছে আৰু বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিছে । গতিকে ‘খালোঁ’ সমাপিকা ক্ৰিয়া ।
অসমাপিকা ক্ৰিয়া : যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ হোৱা নুবুজায়, তাকেই অসমাপিকা ক্ৰিয়া বোলে ।
যেনে : তাই মোমায়েকৰ মৃত্যুৰ খবৰ শুনি বৰকৈ কান্দিলে ।
ইয়াত ‘শুনি’ ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব পৰা নাই । ‘কান্দিলে’ ক্ৰিয়াৰ সহায়ত বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰা হৈছে । সেয়ে ‘শুনি’ ক্ৰিয়া অসমাপিকা ক্ৰিয়া ।
২) কৰ্ম থকা নথকাক লৈ ক্ৰিয়াক আৰু দুটা ভাগত ভগাব পাৰি । তলত উল্লেখ কৰা হ’ল ।
ক) অকৰ্মক ক্ৰিয়া (Intransitive Verb)
খ) সকৰ্মক ক্ৰিয়া (Transitive Verb)
অকৰ্মক ক্ৰিয়া : যি ক্ৰিয়াৰ কৰ্ম নাথাকে,তাকেই অকৰ্মক ক্ৰিয়া বোলে ।
যেনে : গৰু চৰে ।
ইয়াত ক্ৰিয়া সমাপন হৈছে, কিন্তু কৰ্ম নোহোৱাকৈ । গতিকে ‘চৰে’ অকৰ্মক ক্ৰিয়া ।
সকৰ্মক ক্ৰিয়া : যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে, তাকেই সকৰ্মক ক্ৰিয়া বোলে ।
যেনে : তাই চিঠি লিখিছে ।
ইয়াত ‘লিখিছে’ ক্ৰিয়াৰ কৰ্ম আছে আৰু সেইটো হ’ল চিঠি । গতিকে ‘লিখিছে’ সকৰ্মক ক্ৰিয়া ।
(কিছুমান সকৰ্মক ক্ৰিয়াৰ দুটা কৰ্ম থাকে । সেইবোৰক দ্বিকৰ্মক ক্ৰিয়া বোলে ।
যেনে : তাই প্ৰশান্তক এই কথা কৈছিল ।
ইয়াত দুটা কৰ্ম । ১) প্ৰশান্তক(কাক কৈছিল) ২) এই কথা (কি কৈছিল) ; গতিকে এই বাক্যত ‘কৈছিল’ দ্বিকৰ্মক ক্ৰিয়া ।)
কাৰক (Case)
সংজ্ঞা: ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ আছে,তাক কাৰক বোলে ।
অসমীয়াত ছবিধ কাৰক আছে । তলত উল্লেখ কৰা হ’ল ।
১/ কৰ্তা কাৰক (Nominative)
২/ কৰ্ম কাৰক (Accusative)
৩/ কৰণ কাৰক (Instrumental)
৪/ সম্প্ৰদান কাৰক (Dative)
৫/ অপাদান কাৰক (Ablative)
৬/ অধিকৰণ কাৰক (Locative)
কৰ্তা কাৰক:
যি স্বতন্ত্ৰ অৰ্থাৎ প্ৰধান ভাৱে কোনো কাম কৰে সেয়ে কৰ্তা । ক্ৰিয়া সম্পাদনত ক্ৰিয়াৰ লগত কৰ্তাৰ প্ৰধান সম্বন্ধ । কৰ্তৃ-বাচ্যৰ বাক্যত কৰ্তাত প্ৰথমা বিভক্তিৰ প্ৰয়োগ হয় ।
যেনে- সি যায় ।
ইয়াত যোৱা ক্ৰিয়া ‘সি’ সম্পাদন কৰিছে বাবে ‘সি’ কৰ্তা ।
কিছুমান অকৰ্মক ক্ৰিয়াৰ কৰ্তাত ‘-এ’ বিভক্তি যোগ নহয় ।
যেনে- ৰাম আহিল । গছ পৰিল ।
আনহাতে, হাঁহ, কান্দ, নাচ, আদি অকৰ্মক ধাতুৰ কৰ্তাত ১মা বিভক্তি ‘-এ’ যোগ হয় ।
যেনে- হাঁহে, কান্দে, নাচে ইত্যাদি ।
কৰ্ম বাচ্যৰ বাক্যত কৰ্তাতো ১মা বিভক্তি হয় । কৰ্তাত ৩য়া বা ষষ্ঠী বিভক্তি যোগ হয় ।
যেনে- তেওঁৰ ব্যাকৰণ লিখা হ’ল । বা তেওঁৰদ্বাৰা ব্যাকৰণ লিখা হ’ল ।
উভয় বাক্যতে ‘ব্যাকৰণ’ কৰ্ম হলেও ‘হ’ল’ ক্ৰিয়াৰ কৰ্তা ৰূপে প্ৰয়োগ হৈছে । প্ৰকৃত কৰ্তা তেওঁ । উক্ত কৰ্ম বাচ্যৰ প্ৰথম বাক্যত কৰ্তাত ষষ্ঠী আৰু দ্বিতীয় বাক্যত তৃতীয়া বিভক্তি প্ৰয়োগ হৈছে ।
কৰ্ম কাৰক:
যাৰ ওপৰত ক্ৰিয়া হয় বা ক্ৰিয়াৰ যি ব্যাপ্য বা ইপ্সিত তাকেই কৰ্ম বুলি কোৱা হয় । অৰ্থাৎ কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰি সম্পূৰ্ণতা লাভ কৰে সেয়েই কৰ্ম ।
কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয় ।
যেনে- ৰহিমে অঞ্জলিক ভাল পায় ।
ইয়াত ‘ৰহিমে’ কৰ্তা কাৰক । আৰু ‘অঞ্জলি’ৰ ওপৰত ‘ভাল পোৱা’ ক্ৰিয়া ব্যাপ্ত হৈছে । গতিকে ‘অঞ্জলি’ৰ লগত ২য়া বিভক্তিৰ চিন ‘-ক’ যোগ হৈছে ।
কিছুমান ক্ৰিয়াৰ দুটা কৰ্ম থাকে । সেই ক্ৰিয়াবোৰক দ্বিকৰ্মক ক্ৰিয়া কোৱা হয় । অপ্ৰাণীবাচক কৰ্মটো ক্ৰিয়াটোৰ প্ৰধান বাবে মুখ্য প্ৰাণীবাচক কৰ্মটোক গৌণ কৰ্ম কোৱা হয় । অপ্ৰাণীবাচক অৰ্থাৎ মুখ্য কৰ্মত বিভক্তি লোপ পায় ।
যেনে- সি মোক কিতাপখন দিলে ।
‘মোক’ প্ৰাণীবাচক বাবে গৌণ কৰ্ম । গতিকে ২য়া বিভক্তি যোগ হৈছে । আনহাতে ‘কিতাপখন’ অপ্ৰাণীবাচক বাবে মুখ্য কৰ্ম । গতিকে ২য়া বিভক্তি লোপ পাইছে ।
অসমাপিকা ক্ৰিয়াৰ কৰ্ম থাকিব পাৰে । সেই কৰ্মতো ২য়া বিভক্তি হয় । অপ্ৰাণীবাচক কৰ্ম হ’লে ২য়া বিভক্তি লোপ পায় ।
যেনে- সি ভাত খাই স্কুললৈ গ’ল ।
ইয়াত ‘খাই’ অসমাপিকা ক্ৰিয়াৰ ‘ভাত’ কৰ্ম । অসমাপিকা ক্ৰিয়া বাবে ২য়া বিভক্তি লোপ পাইছে ।
কৰণ কাৰক:
কৰ্তাই যাৰ দ্বাৰা ক্ৰিয়া সম্পাদন কৰে তাকেই কৰণ কাৰক বোলে ।
কৰণ কাৰকত ৩য়া বিভক্তি যোগ হয় ।
যেনে- অসীমে কটাৰীৰে তামোল কাটিছে ।
ইয়াত তামোল ‘কাটিছে’ ক্ৰিয়াটো ‘অসীম’ কৰ্তাই ‘কটাৰী’ৰ দ্বাৰা সম্পাদন কৰিছে । গতিকে ‘কটাৰীৰে’ কৰণ কাৰক আৰু ইয়াত ৩য়া বিভক্তি যোগ হৈছে ।
সম্প্ৰদান কাৰক:
যাৰ উদ্দেশ্য নিজ স্বত্ব ত্যাগ কৰি কিবা এটা বস্তু দান কৰি দিয়া বুজায়,তাকেই সম্প্ৰদান কাৰক বোলে ।
যেনে- গোপাললৈ শৰাই এখন দিবা ।
সম্প্ৰদান কাৰকত সাধাৰণতে চতুৰ্থী বিভক্তি যোগ হয় । কিন্তু কেতিয়াবা ২য় বিভক্তিও যোগ হয় ।
যেনে- গুৰুক দক্ষিণা দিলোঁ ।
অপাদান কাৰক:
যাৰপৰা পৃথক হোৱা, উৎপন্ন হোৱা, আৰম্ভ হোৱা, নিৰস্ত হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, অন্তৰ্ধান হোৱা, ব্যাপ্ত বা স্খলন হোৱা বুজায় তাকে অপাদান কাৰক বোলে । অপাদান কাৰকত ষষ্ঠী বিভক্তিৰ চিন ব্যৱহাৰ হোৱাৰ উপৰিও ‘পৰা’ অনুসৰ্গ যোগ কৰা হয় ।
যেনে-
পৃথক– তিলৰপৰা তেল ওলায় ।
জন্ম– গুটিৰপৰা গছ হয় ।
আৰম্ভ– ১ তাৰিখৰ পৰা তুমি আহিবা ।
ভয়– বনত বাঘৰপৰা সাৱধান ।
ৰক্ষা– বেমাৰৰপৰা ৰক্ষা পাবলৈ সাৱধান হ’বা ।
অন্তৰ্ধান– মানুহজন সভাৰপৰা গুছি গ’ল ।
ব্যাপ্তি– সোমবাৰৰপৰা সি অহা নাই ।
স্খলন– গছৰপৰা ফল সৰিল ।
অধিকৰণ কাৰক:
যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ কৰ্তা আৰু কৰ্মই যাৰ ওচৰত ক্ৰিয়া সম্পাদন কৰে তাকেই অধিকৰণ কাৰক বোলে ।
অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয় ।
যেনে- পানীত মাছ থাকে ।
ইয়াত ‘আছে’ ক্ৰিয়াৰ আধাৰ পানী । গতিকে অধিকৰণ কাৰক ।
অধিকৰণ কাৰক প্ৰধানকৈ দুবিধ । তলত উল্লেখ কৰা হ’ল ।
(ক) কালাধিকৰণ
(খ) আধাৰাধিকৰণ
(ক) কালাধিকৰণ: যি সময়ত ক্ৰিয়া সম্পন্ন হয় তাকেই কালাধিকৰণ কোৱা হয় ।
যেনে- সন্ধ্যা সময়ত ঘূৰি ফুৰা অনুচিত ।
(খ) আধাৰাধিকৰণ: যি ক্ৰিয়াৰ আধাৰ অৰ্থাৎ য’ত ক্ৰিয়া সম্পন্ন হয় তাকেই আধাৰাধিকৰণ কোৱা হয় । ইয়াক তিনিটা ভাগত ভগাব পাৰি ।
(১) একদেশ — পানীত মাছ থাকে ।(গোটেইখিনি পানীত মাছ নাথাকে, কিছু অংশতহে থাকে)
(২) ব্যাপ্ত — সাগৰৰ পানীত লোণ আছে । (গোটেই সাগৰৰ পানীতেই লোণ থাকে)
(৩) বিষয় — গীতাৰ গানত বৰ ৰাপ । (ইয়াত ‘গান’ বিষয়ৰ ওপৰত ক্ৰিয়া সম্পন্ন হৈছে ।