অসমীয়া লোকগাথা -(সন্ধ্যা বেজবৰুৱা)
-সন্ধ্যা বেজবৰুৱা
অসমীয়া লোকগাথা
অসমীয়া সাহিত্য ভঁড়ালৰ অমূল্য সম্পদ আমাৰ বাপতি সাহোন ”লোকগাথা”সমূহ লুপ্তপ্ৰায় অৱস্থা পোৱাৰ দৰে হৈছেগৈ । মৌখিকভাবে চলি অহা এই গীতবোৰে সৰু অৱস্থাত যথেষ্ট আনন্দ দিছিল । আইতা-ককাৰ মুখেও শুনিবলৈ পাইছিলো । মাৰ মুখত শুনা নিচুকনি গীত বোৰ এতিয়াও মনত আছে ।সময়ৰ লগে লগে এই গীত বোৰৰো প্ৰভাব কমি আহিল ।…….
আই বোঁলো লাহৰী ঐ ,বাই বোলোঁ লাহৰী ঐ,
দা দে খৰিলৈ যাওঁ।
খৰি বন্ধা হজুৱাই, খৰি বান্ধি নিদিলে
কাঁহি পাতে কাটিলে গা,
তলিতে বহি মই ,নাচিবলৈ ধৰিলোঁ,
মোমাইটি চাপৰি বা।
**********************
উকুলি মুকুলি দুকুলি কাঁহী,
আদৌ দৌ ফুলৰ দাঁহী।
চুৱা গুটি লৰফৰ,
সাত ভাই দেবন টেপৰ।
*******************
ক খ গ ঘ ঙা পানী খাবৰ নাই চুঙা ,
ভাত খাবৰ নাই চৰু ,
কিয় শুই থাক হালোৱা গৰু
চৰায়ে তুলিলে ছ’অঁৰা পোৱালি
গছৰ ডাল শুৱনি কৰি ,
আমাক তুলিলে আয়ে -বোপায়ে
লোকৰ ঘৰ শুৱনি কৰি ।
ঔৰে গছতে মৌৱে বাহ ললে
দাদা পাৰি দিয়া খাওঁ ,
ছকুৰি টকাৰে দিয়া ৰিহা কিনি
শহুৰৰ ঘৰলৈ যাও।
****************************
আইৰ শালৰ মাজত এডালি গৰকা
গছকত নাচনী লৰে
আইৰ বুকুৰ মাজত আমি ডাঙৰ হলো
পৰে নিও পৰে নিও কৰে।
********************************
এলানি মাছৰে তেলনি মাৰিলে
কৰতি মাছৰে ভজা ,
আগতে গৈছে চাওদাং টেকেলা
পাছতো গৈছে ৰজা ।
******************************
নাচ বাই জেতুকী ঐ
হাতে মেলি মেলি নাচ
নাচ বাই জেতুকী ঐ
ভৰি মেলি মেলি নাচ
তয়ো বগী,ময়ো বগী
একেখন বিলৰে মাছ।
*******************************
নামধৰা ,নামধৰা
কচুপাতৰ খোলা
বুঢ়া গোঁসাই নামি আহে
হেকোৰ কেকোৰ দোলা ।
*****************************************************