“অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য ডট অৰ্গ”ৰ বতৰা

“অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য ডট অৰ্গ”ৰ বতৰা

পংকজ বৰা……..সত্যকাম দত্ত আৰু মৃণাল জ্যোতি গোস্বামীয়ে লিখা সাহিত্য ডট্ অৰ্গৰ প্ৰবন্ধ “অসমীয়া লিপিৰ ইতিহাস” সৰ্বাধিক প্ৰচাৰিত অসমীয়া কাকত “অসমীয়া প্ৰতিদিন”ৰ দেওবৰীয়া আলোচনী ‘সম্ভাৰ’ত প্ৰকাশ পালে ৷ ইয়াৰ যোগেদি ‘সম্ভাৰ’ আলোচনীত সাহিত্য ডট্ অৰ্গৰ উঠি অহা লিখকৰ নিৰ্বাচিত লেখা প্ৰকাশৰ আনুষ্ঠানিক শুভাৰম্ভ হ’ল ৷ প্ৰতি সপ্তাহে তেখেতসকলে সাহিত্যৰ বাবে অন্ততঃ দুটা পৃষ্ঠা দিয়াৰ সিদ্ধান্ত লৈছে ৷ গতিকে সেই অনুসৰি আমিও উচ্চমানবিশিষ্ট লিখনিৰ যোগান ধৰিব লাগিব ৷ মাননীয় সদস্য সকলে মানবিশিষ্ট লিখা-মেলাৰ প্ৰতি বিশেষ মনোযোগ দিব বুলি আশা ৰাখিলোঁ ৷ ইন্টাৰনেট আৰু ছপা মাধ্যমৰ মাজত সমন্বয়ৰ “মণিকাঞ্চন সংযোগ” গঢ়াৰ যি প্ৰক্ষেপিত উদ্দেশ্য আছিল এইয়া সেই বাটত প্ৰথম খোজ ! তলৰ লিংকটোৰ পৰা পি.ডি.এফ ফাইল হিচাপে ডাউনলোদৰ সুবিধা কৰি দিয়া হ’ল ।

Lipi-Satyakam-Mrinal-xombhar.pdf
View Download
সত্যকাম দত্ত আৰু মৃণাল জ্যোতি গোস্বামীয়ে লিখা সাহিত্য ডট্ অৰ্গৰ প্ৰবন্ধ অসমীয়াত প্ৰতিদিনৰ দেওবৰীয়া আলোচনী সম্ভাৰত ৷ 919k v. 1 12 Nov 2011 01:21 অসমীয়াত কথা বতৰা

উচ্চজিৎ কলিতা……..ভূপেনদাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ হিচাপে “অসমীয়াত কথা-বতৰা” আৰু “সাহিত্য ডট্ অৰ্গ”ৰ তৰফৰ পৰা তেখেতৰ গীতৰ কথাবোৰ ইউনিক’ড ৰূপত ইণ্টাৰনেটত সংৰক্ষণ কৰাৰ মানসেৰে আমাৰ সদস্য শ্ৰীমান পংকজ বৰাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় দুঘণ্টাৰ ভিতৰতে অ.ক.ব-ৰ সদস্যসকলে ইউনিক’ড লিখি উলিয়ায় ২০০ ৰো অধিক গীত । (প্ৰথম আধাঘণ্টাতে ৫০ টা গান আহে) । আমাৰ ধমনীয়ে ধমনীয়ে যে সোমাই আছে ভূপেনদাৰ গান, ই তাকেই প্ৰমাণ কৰে । ইউনিক’ড ৰূপান্তৰে ভূপেনদাৰ গীতবোৰ জগতসভালৈ লৈ যোৱাত অশেষ সহায় কৰিব ।

মিতালী বৰ্মন………..চাওঁতে চাওঁতে আমাৰ “অসমীয়াত কথা-বতৰা” পৰিয়ালটোত সদস্যৰ সংখ্যাই ৩০০০ অতিক্রম কৰিলে । জন্মৰ এবছৰৰ ভিতৰতে ই এক আনন্দৰ বাৰ্তা । লগতে দায়িত্বও বাঢ়িল ।

উচ্চজিৎ কলিতা…….. “ইন্টাৰনেটত অসমীয়াত কথা-বতৰা” শীৰ্ষৰে  অসমীয়া প্ৰতিদিন, সম্ভাৰৰ ২৩ অক্টোবৰ ২০১১ সংখ্যত অসমীয়াত কথা-বতৰা ফে’চবুক গোট আৰু সাহিত্য ডট্ অৰ্গৰ দ্বাৰা আৰ্ম্ভ হোৱা ইন্টাৰনেটত অসমীয়া ভাষাৰ বৌদ্ধিক আন্দোলন সম্পৰ্কত এক বিতং লেখা প্ৰকাশ পায় ৷

 

 

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nilutpal Neog
8 years ago

অসমীয়া সাহিত্যক আগুৱাই নিয়াৰ এক সুন্দৰ প্ৰচেষ্টা…

Copying is Prohibited!