অসমীয়াৰ সংজ্ঞা নিৰুপণ হোৱাৰ পিছতেই স্কুলীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত হ’ব লগীয়া বিহু ৰচনা ( দীপাঙ্ক বৰা )

বিহু 

বিহু উৎসৱপ্ৰাণ অসমীয়াৰ জাতীয় উৎসৱ হিচাপে পালন কৰা হয়। কিছুদিন আগলৈকে বছৰটোৰ কিছুমান নিৰ্দিষ্ট সময়ত তিনিটা বিহু পালন কৰা হৈছিল। বহাগ মাহৰ আৰম্ভণিত ৰঙালী ওৰফে বহাগ বিহু, মাঘ মাহৰ আৰম্ভনিত ভোগালী ওৰফে মাঘ বিহু আৰু কাতি মাহত কঙালী ওৰফে কাতি বিহু। আগতে ৰঙালী বিহুৰ গছে পাত সলোৱা সময়ত অসমীয়া মানুহে প্ৰথম দিনা গৰুৰ লগতে নিজকো গা-পা ধুৱাই বিহু পালন কৰিছিল, হাতে বোৱা গামোচা, নতুন কাপোৰ ইত্যাদি পিন্ধি, ঘৰতে তৈয়াৰ কৰা পিঠা-পনা ইত্যাদি খাই সৰুৱে ডাঙৰক সেৱা কৰি ডেকা গাভৰু সকলে বিহু নাচ গানত মতলীয়া হৈ ৰং-ৰহইচ কৰিছিল । ভোগালী বিহুত মাঘ মাহৰ আৰম্ভণিত পথাৰত মেজি, বিহু ঘৰ, ভেলাঘৰ সাজি ৰাইজে একেলগে ভোজভাত খাইছিল। তেনেদৰে কঙালী বিহুত তুলসী পুলি ৰুই, চাকি বন্তি জ্বলাই, গুৰুজনাৰ নাম গুণ গাই, খেতি ভাল হ’বলৈ সেৱা জনাইছিল । (এইবোৰ পুৰণিকলীয়া ফাল্টু কাৰবাৰ আজিকালি উঠি গ’ল কাৰণে ছাত্ৰ-ছাত্ৰীসকলক এই পাঠটো কোনোবা আধুনিক মনৰ অভিভাৱকৰ উপস্থিতিতহে পঢ়িবলৈ অনুৰোধ কৰা হ’ল । নিজৰ মা-দেউতা আউট ডেটেদ হ’লে ওচৰৰ কোনোবা আংকল আণ্টিৰ সহায় লয় যেন ।)

আজিকালি বছৰটো জুৰি তিনিওটা বিহু পালন কৰা হয় । আঘোন মাহ সোমাবলৈ ধৰোতেই বিভিন্ন ধৰণে বিহু নাচ গান কৰি বিহুৰ অডিঅ’ আৰু ভিডিঅ’ চিডিৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হয় । টি.ভি.চেনেল বিলাকত পুহ মাহৰ মাজৰ ভাগৰ পৰা মানে ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ পৰা বিহু…২০১৫,১৬,১৭.. আদি বুলি বছৰজোৰা বিহু আৰম্ভ কৰি দিয়া হয়। লগতে ৰাইজে কেনেকৈ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ঢেকি দি, জুহালত পিঠা পনা প্ৰস্তুত কৰে তাকো দেখুৱাই পুহ মাহৰ কঁপনি উঠা জাৰতে ৰাইজৰ গাত জোৰ জবৰদস্তি বিহু লগাই দিয়া হয়। আচল ভোগালী বিহুৰ দিনা কিন্তু বেছিভাগ ৰাইজে বজাৰৰ পৰা কিনি অনা পিঠা-পনা খাই বিহু পালন কৰে। উৰুকাৰ ৰাতি আকৌ মদ-মাংস খাই ভোগালীৰ আনন্দ উপভোগ কৰে। বিভিন্ন অঞ্চলত ভোগালী উৎসৱ বুলি সপ্তাহজোৰা ৰঙীন কাৰ্য্যসূচীও পালন কৰা হয়। সমান্তৰালভাবে টিভিত বিহুকুৱঁৰী.., বিহুৰাণী…বিহুসম্ৰাজ্ঞী..২০১৬,১৭,১৮  ইত্যাদি তামাম ৰংগাৰং কাৰ্য্যসূচী দেখুৱাই থকা হয়।

আগতে চ’তে গৈয়ে গৈয়ে বহাগ বিহু পাইছিলহি। আজিকালি অক্টোবৰ নবেম্বৰ গৈয়ে গৈয়ে বিহুক টানি আঁজুৰি হাজিৰ কৰি দিয়া যায়। ফাগুণৰ বতাহ বলিল কি নবলিল…ৰঙালী বিহু আৰম্ভ হৈ যায়। বিভিন্ন বিহু সমিতিয়ে ডকা-হকা দি চান্দা সংগ্ৰহ কৰি পোন্ধৰ –বিশ লাখ টকাৰ বাজেটত অনুষ্টুপীয়াকৈ ৰঙালী বিহুৰ আয়োজন কৰি দিয়ে। টিভি চেনেল সমূহত কোনে কিমান টকা দি কোন কোন দামী শিল্পীক মাতিছে সেই বিষয়েও গহীন গহীন আলোচনা আৰম্ভ কৰি দিয়া দেখা যায়। মাজে মাজে স্বনামধন্য স্বয়ম্ভূ বিহু গৱেযক সকলৰ গৱেষণালব্ধ বিভিন্ন জ্ঞানৰ প্ৰচাৰো কৰি থাকে। গৰু বিহুৰ দিনা টিভি চেনেলৰ কেমেৰাৰ সন্মুখত গৰুক গা পা ধুৱাই, নিজকো ধুই-পখালি ৰাইজ বিহুৰ আনন্দত মতলীয়া হৈ পৰে।

মঞ্চ বিহুৰ অনুষ্ঠান সমূহত সন্ধিয়া মানুহ নাহোতে টিভিত ওলাই নোপোৱা ভাল বিহুৱা দল সমূহ উঠাই দি টাইম পাচ কৰোৱা হয়। কোনোবা কোনোবা অঞ্চলত সন্ধিয়া পৰত সৰু সৰু ল’ৰা ছোৱালীৰ মাজত লুংগী ডান্স, ৰাগিনী ডান্স ইত্যাদিৰো আয়োজন কৰা হয়। ন মান বজাৰ পৰা আচল বিহুৰ অনুষ্ঠান আৰম্ভ কৰা হয়। ফিউজন, ৰিমিক্স, আৰু আধুনিক নাচ-গানৰ তালে তালে ৰাইজ আৰু কমিটিৰ মানুহ উলাহত মতলীয়া হৈ পৰে । টিভি চেনেলত দূৰ-দুৰণিৰ মানুহেও ‘বিহু লাইভ’ উপভোগ কৰে। প্ৰায়েই বিহু কমিটিৰ মানুহ বিলাকে শিল্পী সকলক ঠগে কাৰণে দামী শিল্পীসকলে প্ৰায় সমুদায় ধন আগে ভাগে লৈ থয়। ফিউজন কৰিব পৰা আৰু চুলি দীঘল হাই-ফাই বাদ্যযন্ত্ৰী বেছি অনা শিল্পীৰ দাম বেছি। অল্পখ্যাত শিল্পী সকলে খবৰ কাকতত বিজ্ঞাপন দিয়া দেখা যায়। বহাগৰ আৰম্ভনিৰ পৰা শাওন ভাদ মাহত বানপানী নোহোৱালৈকে এনেদৰে অসমত ৰঙালী বিহু চলি থাকে।

চক্ৰবৎ পৰিবৰ্তান্তে দুখানি চ সুখানি চ। বানপানীৰ দুখবোৰ শুকাবলৈ ধৰোতেই কঙালী বিহু পায়হি। তাৰ পিছত আৰু কোনে পায়….অক্টোবৰ নবেম্বৰ গৈয়ে গৈয়ে…হেপী নিউ ইয়েৰৰ পানীকণ টানিয়েই পৰবৰ্তী বছৰৰ বিহুৰ বাবে সাজু হৈ যায় উৎসৱপ্ৰাণ অসমীয়া ৰাইজ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!