অসমীয়া গ্ৰন্থৰ ভৱিষ্যত (টুনুজ্যোতি গগৈ)
অসমীয়া গ্ৰন্থৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে অসমীয়া গ্ৰন্থৰ অতীত আৰু বৰ্তমানৰ স্থিতিৰ বিষয়ে কিছু কথা ক’ব লাগিব৷ ছপাযন্ত্ৰ আৰু আধুনিক কাগজ উদ্ভাৱন হোৱাৰ বহু পূৰ্বৰ পৰাই অসমীয়া ভাষাত গ্ৰন্থ প্ৰণয়ন হৈ আহিছে৷ এচাম দূৰদৰ্শী জ্ঞানসাধকে অসমৰ সমাজ জীৱনত প্ৰচলিত লোক পৰম্পৰা, লোক সাহিত্য, ধৰ্মীয় বাণী আদিক সাঁচিপাত বা তুলাপাতত লিখিত ৰূপ দি অসমীয়া ভাষাৰ গ্ৰন্থ প্ৰণয়নৰ ইতিহাসক সমৃদ্ধ কৰি থৈ গৈছিল৷ সেইদৰে ৰাজঘৰীয়া পৃষ্ঠপোষকতাতো বহু বুৰঞ্জী আৰু ধৰ্মীয় গ্ৰন্থ প্ৰণীত হৈছিল, যিবোৰ গ্ৰন্থ এতিয়াও অসমীয়া ভাষা-সাহিত্যৰ অমূল্য সম্পদৰূপে পৰিগণিত হৈ আহিছে ৷ অসমত ইংৰাজৰ আমোলত ছপাযন্ত্ৰ স্থাপন হোৱাৰ পাছৰে পৰা অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত এক যুগান্তৰকাৰী পৰিৱৰ্তনৰ সূচনা হ’ল৷ ইয়াৰ আগলৈকে সকলো জ্ঞান-বিজ্ঞান কেন্দ্ৰীভূত হৈ আছিল এমুঠিমান বিদ্বান লোকৰ হাতত, যাৰ ভাগ সাধাৰণ মানুহে পোৱা নাছিল৷ ছপাযন্ত্ৰ স্থাপনৰ পাছত সাধাৰণ মানুহেও বিবিধ গ্ৰন্থৰ জৰিয়তে জ্ঞান-বিজ্ঞানৰ ভাগ পোৱাত তেওঁলোকৰ মানসিক দিগন্ত ক্ৰমশঃ বহল হৈ পৰিল আৰু ৰাজ্যখনত গ্ৰন্থ প্ৰকাশনে এক নীৰৱ আন্দোলনৰ ৰূপ গ্ৰহণ কৰিলে৷ এই ছেগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আধুনিক চহৰ ডিব্ৰুগড়ত কেৱল গ্ৰন্থ প্ৰকাশনৰ উদ্দেশ্যেৰে ছপাযন্ত্ৰ স্থাপন কৰি অসমৰ গ্ৰন্থ ইতিহাসলৈ অবিস্মৰণীয় অৱদান আগবঢ়োৱা শিৱনাথ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে স্মৰণ কৰিছো৷ ভট্টাচাৰ্যই কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হোৱা অসমীয়া ভাষাৰ বহু প্ৰাচীন গ্ৰন্থ, ধৰ্মগ্ৰন্থ, প্ৰবচন, তন্ত্ৰ-মন্ত্ৰ আদি সম্পৰ্কীয় পুথি উদ্ধাৰ কৰি ছপা কৰাই নহয়, এই গ্ৰন্থবোৰৰ সংৰক্ষণতো যথোচিত গুৰুত্ব দিছিল৷ গ্ৰন্থ প্ৰকাশনক বাণিজি্যক ৰূপ প্ৰদানতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ভট্টাচাৰ্যৰ দ্বাৰা প্ৰতিষ্ঠিত ভট্টাচাৰ্য এজেন্সেী আৰু ভট্টাচাৰ্য প্ৰেছে অদ্যপি ডিব্ৰুগড়ৰ ঐতিহ্য বহন কৰি আছে৷
আধুনিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে অসমত ভালেমান প্ৰকাশন প্ৰতিষ্ঠান জন্ম হ’ল আৰু এই প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ উদ্যোগত অসমীয়া ভাষাত বিভিন্ন বিষয়ক শত-সহস্য গ্ৰন্থ প্ৰকাশিত হৈ আহিছে৷ অসম প্ৰকাশন পৰিষদ আৰু অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানেও যথেষ্ট সংখ্যক আপুৰুগীয়া গ্ৰন্থ প্ৰকাশেৰে অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ইতিহাসক বৰ্ণাঢ্য কৰি তুলিছে৷ বৰ্তমান পূৰ্বতকৈ মুদ্ৰণ ব্যৱস্থা উন্নত আৰু সহজলভ্য হৈ পৰা বাবে বৰ্তমান অসমীয়া ভাষাত যথেষ্ট গ্ৰন্থ– কবিতাৰ পৰা গৱেষণা গ্ৰন্থলৈকে, ৰন্ধন প্ৰকৰণৰ পৰা ভ্ৰমণ কাহিনীলৈকে– প্ৰতিদিনেই প্ৰকাশিত হৈ আছে৷ কিন্তু, এই গ্ৰন্থবোৰৰ কিমানখন দীক্ষিত পাঠকৰ কাষ চাপিছে, কিমানখনে মানুহৰ মগজু আৰু হৃদয় উদ্বেলিত কৰি ৰসোত্তীৰ্ণ আৰু কালোত্তীৰ্ণ ৰূপে চিহ্নিত হৈছে, কিমানখনে সমাজ জীৱনক যুগে যুগে সঠিক পথৰ নিদেৰ্শনা দিব পাৰিছে বা নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰিছে, সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
অসমীয়া গ্ৰন্থৰ ভৱিষ্যতৰ বিষয়ে ক’বলৈ গ’লে একে সময়তে আশংকা আৰু সম্ভাৱনাৰ দুখন ছবি চকুৰ আগত ভাহি উঠে৷ আশংকা শব্দটো অৰ্থগতভাৱে নঞৰ্থক আৰু ভাৱগতভাৱেও তত্তুল্য বাবে ‘বিয়োগে বিয়োগে যোগ’ গাণিতিক সূত্ৰৰ বিচাৰেৰে আৰু মনস্তাত্বিক বৈপৰীত্য গুণে তাক ইতিবাচক দিশতহে ব্যৱহাৰৰ প্ৰয়াস কৰা হৈছে৷ আশংকা থাকিলেহে আমি ভৱিষ্যতক শংকাহীন কৰি তুলিবলৈ সচেষ্ট হওঁ আৰু তেতিয়াহে সম্ভাৱনাৰ স্বৰ্ণদ্বাৰ ৰিণিকি ৰিণিকি প্ৰত্যক্ষ কৰো৷ আশংকিত হোৱাৰ কাৰণবোৰ হ’ল– চৰম যান্ত্ৰিকতাৰ যুগত মানুহৰ ৰুচিৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে, ভোগবাদ আৰু বস্তুবাদৰ ধামখুমিয়াত তৰুণ প্ৰজন্মৰ মাজত পঠন-পাঠনৰ অভ্যাস কমি গৈছে, তৰুণ লেখক-লেখিকাৰ বেছিভাগেই খ্যাতিৰ মৰীচিকাৰ পিছে পিছে দৌৰাৰ ফলত সৃষ্টিৰ মান হ্ৰাস হৈছে ইত্যাদি৷ সৌ তাহানিতে বাণীকান্ত কাকতিয়ে ‘জাতীয় চৈতন্য’ শীৰ্ষক ৰচনাত আক্ষেপেৰে কৈছিল – ‘কিতাপ লিখা হ’ল, দোকানত মেলি দিয়া হ’ল৷ ল’ৰাই আঠ অনাৰে চিগাৰেটৰ বাহ এটা কিনিব, কিন্তু দহ পইছাৰে প্ৰেমৰ কাহিনী এটিও নিকিনে৷’ সেই পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন হোৱা নাই – শিক্ষিত ব্যক্তি আৰু গ্ৰন্থ প্ৰকাশৰ হাৰ বৃদ্ধিৰ অনুপাতে অসমত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাপ্ৰদ নহয়৷
এনেধৰণৰ আশংকাৰ মাজতো ন-পুৰণি প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ উদ্যেগত বা লেখকৰ ব্যক্তিগত উদ্যোগত ইখনৰ পাছত সিখন গ্ৰন্থ প্ৰকাশ হৈ থকাৰ খবৰ পায়েই আছো আৰু এনে খবৰবোৰ অসমীয়া সাহিত্য জগতৰ সমৃদ্ধিৰ লক্ষণ বুলিয়েই পতিয়ন যোৱাৰ চেষ্টা কৰিছো৷ প্ৰকাশিত এই গ্ৰন্থবোৰৰ অন্ততঃ দহ শতাংশই যে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিব, তাত সন্দেহ নাই৷ খেতিয়কৰ অমনোযোগিতা আৰু অনভিজ্ঞতাৰ বাবে পথাৰত ধানতকৈ পতান বেছি উৎপাদন হ’লেও ভঁৰালত ধানখিনিহে সংৰক্ষণ কৰা হয়, পতানখিনি নহয়৷ তদনুৰূপ, শব্দৰ পথাৰত উৎপাদিত ধানবোৰহে সাহিত্যৰ ভঁৰালত বহু যুগলৈ সংৰক্ষিত হৈ ৰ’ব, পতানবোৰ নিজে নিজেই উৰি যাব৷ সেইদৰে, নতুন প্ৰজন্মক ‘চিগাৰেটৰ বাহ’ৰ পৰিৱৰ্তে প্ৰথমে ‘প্ৰেমৰ কাহিনী’ আৰু পাছলৈ তত্ত্বগধুৰ ৰচনাৰ প্ৰতি আকৰ্ষিত কৰি তুলিবৰ বাবে ‘গ্ৰন্থ পঠনৰ নীৰৱ বিপ্লৱ’ক অধিক ত্বৰান্বিত কৰিব লাগিব৷ এই নীৰৱ বিপ্লৱক সফল কৰি তুলিবৰ বাবে অসমীয়া ভাষাত বিশ্বমানৰ ভাল গ্ৰন্থ প্ৰকাশ হ’ব লাগিব, বিশ্বমানৰ গ্ৰন্থ প্ৰকাশ হ’বলৈ হ’লে লেখকসকল পৰিশ্ৰমী, যত্নপৰ আৰু দায়বদ্ধ হ’ব লাগিব আৰু তেওঁলোকক উৎসাহিত কৰিব লাগিব প্ৰতিষ্ঠিত প্ৰকাশকসকলে৷ অতি সম্প্ৰতি অসমৰ চুকে-কোণে অনুষ্ঠিত হৈ থকা সৰু-বৰ গ্ৰন্থমেলাবোৰে মনত নতুন আশাৰ সঞ্চাৰ নকৰা নহয়৷ এই গ্ৰন্থমেলাবোৰ এক বৌদ্ধিক মিলন ক্ষেত্ৰ আৰু বৌদ্ধিক উৎসৱলৈ ৰূপান্তৰিত হৈ পৰিছে৷ গ্ৰন্থমেলাৰ গ্ৰন্থ সৰ্বস্ব পৰিৱেশটোৱে অজানিতেই পাঠকৰ মনত ইতিবাচক প্ৰভাৱ পেলায় আৰু ধীৰে ধীৰে মনত এক সুন্দৰ চেতনা জগাই তোলে৷ এনেদৰেই পাঠকক কিতাপৰ ওচৰ চপাই গ্ৰন্থ অধ্যয়নৰ এক অনুকুল পৰিৱেশ গঢ়ি তোলা হৈছে৷ ই নিঃসন্দেহে এক আশাব্যঞ্জক বতৰা৷
অদূৰ ভৱিষ্যতে ই-বুকে ছপা গ্ৰন্থৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে বুলি সঘনে চিন্তা-চৰ্চা চলিছে৷ আমাৰ বোধেৰে ই-বুকে ছপা গ্ৰন্থৰ স্থান সহজে লোৱাটো সম্ভৱ নহয়৷ পশ্চিমীয়া দেশবোৰত ই-বুক বা অডিঅ’ বুক বহু দিনৰ পূৰ্বৰে পৰা প্ৰচলন হৈ আহিছে যদিও ছপাগ্ৰন্থ প্ৰকাশৰ হাৰ হ্ৰাস হোৱা নাই৷ নোহোৱাৰ কাৰণ হ’ল, ছপাগ্ৰন্থ দৰে ই-বুকৰো সুবিধা আৰু সীমাবদ্ধতা– দুয়োটাই আছে৷ এখন গ্ৰন্থ শুই বা থিয় হৈ, দিনৰ ভাগত বিজুলী শক্তিৰ সহায় নোলোৱাকৈ পঢ়াৰ বা পাতত ভাঁজ দি কাষলতিৰ তলত লৈ ফুৰাৰ আমেজ ই-বুকে কেতিয়াও দিব নোৱাৰে৷
উপসংহাৰত কওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাই আশা কৰাৰ দৰেই– ‘কামৰূপা মোৰ সুৱদী সুৰীয়া/অসমীয়া ভাষা জগত সভালৈ যাব/ উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব’– অসমীয়া ভাষাই জগত সভাত হয়তো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে, কিন্তু উজ্জ্বল-সুজ্জ্বল কহিনুৰৰ জেউতিয়ে বিশ্বক চমকিত কৰি তুলিছে বুলিব নোৱাৰি৷ ইয়াৰ কাৰণ অসমীয়া ভাষীৰ সংখ্যা কম হোৱাটোৱে নেকি? নহয়, অসমীয়া ভাষীতকৈ ইহুদী ভাষীৰ সংখ্যা কম, কিন্তু ইহুদী ভাষাৰ সাহিত্যই জগত সভাত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ পৰিৱৰ্তে অসমীয়া সাহিত্যই তেনে আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এনেকুৱাও নহয় যে অসমীয়া ভাষাৰ সম্পদ আৰু মান ইহুদী সাহিত্যতকৈ কম৷ কৃষ্ণকান্ত সন্দিকৈ, বাণীকান্ত কাকতি, হীৰেন গোহাঁই আদি সাহিত্যিকৰ প্ৰবন্ধ ; জ্যোতিপ্ৰসাদ আগৰৱালা, অৰুণ শৰ্মা আদি নাট্যকাৰৰ নাটক; বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আদি ঔপন্যাসিকৰ উপন্যাস; নৱকান্ত বৰুৱা, নীলমণি ফুকন আদিৰ কবিতা; বিষ্ণু ৰাভা, ডঃ ভূপেন হাজৰিকা আদিৰ গীতক নিঃসন্দেহে বিশ্বমানৰ বুলি ক’ব পাৰি৷ কিন্তু, ইবোৰক জগত সভাত ভাস্বৰিত কৰি তুলিবৰ বাবে যেনেধৰণৰ ফলপ্ৰসূ আৰু দীৰ্ঘম্যাদী পদক্ষেপ অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান বা বিশ্ববিদ্যালয় কেইখনৰ ভাষা-সাহিত্যৰ সৈতে সম্পৰ্কিত বিভাগকেইটাই ল’ব লাগিছিল, তেনেধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই এথোন৷
অসমীয়া ভাষাক জগত সভাত বৰ পীৰা পাৰি বহুৱাবৰ বাবে, অসমীয়া গ্ৰন্থৰ ভৱিষ্যতক সমুজ্জ্বল কৰি ৰাখিবৰ বাবে সকলো স্তৰৰ লেখক-পাঠক -প্ৰকাশকসকলৰ লগতে বিশ্ববিদ্যালয় কেইখন আৰু অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান ঐকান্তিক প্ৰচেষ্টা আৰু গভীৰ দায়বদ্ধতাৰে আগুৱাই আহিব লাগিব৷ তড়িৎ কৰি তুলিব লাগিব ভাষা-সাহিত্যৰ আৰাধনাৰ নীৰৱ বিপ্লৱ আৰু উন্মোচিত কৰিব লাগিব নিত্য নতুন অলেখ বৌদ্ধিক দ্বাৰ৷ ৰুচিৰ পুননিৰ্মাণ আৰু বৌদ্ধিক অৱসাদ নিৰাময়েৰে – পৰিকল্পিত দীৰ্ঘম্যাদী গভীৰ চিন্তা-চেতনাৰে আগুৱাই গ’লে অসমীয়া গ্ৰন্থৰ ভৱিষ্যতকলৈ শংকিত হোৱাৰ প্ৰয়োজনো নাথাকিব৷