অসমীয়া চিনেমা আৰু কিছু নষ্ট আৱেগ (আদিত্য ৰঞ্জন দত্ত)
অসমীয়া চিনেমা আৰু কিছু নষ্ট আৱেগ
আদিত্য ৰঞ্জন দত্ত
মই অসমীয়া চিনেমাৰ বলিয়া পোক। অসমৰ বাহিৰত থাকোঁ যদিও যেতিয়াই সুবিধা পাওঁ হাজাৰটা কাম বন এৰি থৈ হ’লেও অসমীয়া চিনেমা এখন চাবলৈ যাওঁ।
২০১১ চনৰ কোনোবা এটা দিন। দিল্লীৰ পৰা অসমলৈ গৈছোঁ বহুত দিনৰ বিৰতিৰ পাছত। বন্ধু এগৰাকীয়ে ফোনতে খবৰ দিলে যে নতুন অসমীয়া চিনেমা এখন আহিছে। চিনেমাখনৰ নামটো- তোমাৰ খবৰ। অভিনয়ত বৰষাৰাণী বিষয়া। দুয়ো বন্ধু গ’লোঁ চিনেমা চাবলৈ, পহিলা দিনাৰ পহিলা দৰ্শনী একেবাৰে। পিছে কি হ’ব আধাঘন্টাও চাই থাকিব নোৱাৰিলোঁ চিনমাখন। চূড়ান্ত অধঃপতন। বহু চেষ্টা কৰিও চিনেমাখন নিজৰ ভাল লগাব নোৱাৰিলোঁ।
ঘৰৰ পৰা দিল্লীলৈ ঘূৰি অহাৰ আগদিনাৰ কথা। বন্ধুৱে ফোন কৰি ক’লে যে আকৌ এখন নতুন অসমীয়া চিনেমা আহিছে। এইখন চিনেমা ভাল হোৱাটো প্ৰায় খাটাং। মুম্বাইৰ পৰাও শিল্পী আনিছে এইখন চিনেমাত। বহু সাহস কৰি গ’লোঁ চিনেমাখন চাবলৈ। শেষলৈকে চালোঁ চিনেমাখন। চিনেমাখনৰ আৰম্ভণিতে যিটো কাহিনী দেখুৱাইছিল, শেষলৈ সেইটো কাহিনীৰ নাম গোন্ধেই নাপালোঁ। বুজিয়েই নাপালোঁ নেকি!
২০১২ চনৰ ফেব্ৰুৱাৰী মাহ। এনাজৰী ডট্ কমৰ সৌজন্যত দিল্লীত প্ৰথমবাৰৰ বাবে এখন অসমীয়া চিনেমাৰ প্ৰিমিয়াৰ শ্ব’ আয়োজন কৰা হৈছিল। চিনেমাখন আছিল “সমীৰণ বৰুৱা আহি আছে”। বৰ আশাৰে আয়োজন কৰা হৈছিল অনুষ্ঠানটি। সময়ত চিনেমা আৰম্ভ হ’ল। কাহিনী আৰম্ভ হৈছে আৰু। পিছে ই কি! চিনেমাৰ পৰ্দাত নায়িকাই কান্দিলে আমাৰ দৰ্শক সকলে দেখোন গিৰ্জনি মাৰি হাঁহি দিয়ে। ইয়াতকৈ দৃষ্টিকটু কিবা হ’ব পাৰেনে! তেনেতে আহিল এটা অভাৱনীয় দৃশ্য। চুইমিং পুলত নায়িকাৰ বিকিনি পিন্ধি সাঁতোৰাৰ দৃশ্য। পৰিচালকে কি ভাবি এই দৃশ্যটো দিছিলে নাজানো! আমাৰ চকুত দৃশ্যটোৱে কিন্তু বীভৎস ৰূপ এটাহে পাইছিল। তাৰ পাছতেই যিটো দৃশ্য আহিল সেইটোৰ কথানো কি কম! গা-ধোৱা ঘৰৰ ভিতৰৰ বাথটাবত নায়িকাই গা-ধুই থকাৰ দৃশ্য। কাহিনীৰ লগত সংগতিহীনভাৱে দৃশ্যকেইটাক টানি আনিছিল পৰিচালকে। লগতে গা ধোৱা ঘৰৰ দৃশ্যটোত যিখিনি পানী বাথটাবটোত ব্যৱহাৰ কৰা হৈছিল, ইমান ক’লা ৰঙৰ পানীৰে মই ঘৰৰ পাছচোতাল মচিবলৈকো নিদিওঁ। ধৃষ্টতা পৰিচালকৰ!
এইবাৰ আহোঁ ২০১৩ চনলৈ। বিহুৰ সময়ত ঘৰলৈ গৈছিলোঁ। ৰণাঙ্গন নামৰ নতুন চিনেমা এখন আহিছে। বৰ আশাৰে গৈছিলোঁ চাবলৈ। বহলাই নকওঁ। মুঠতে এটাই কথা হৃদয়ঙ্গম কৰিলোঁ যে এতিয়াৰে পৰা অসমীয়া চিনেমা এখন চাবলৈ যাবলৈ মোৰ বহুত সাহসৰ প্ৰয়োজন হ’ব।