অসমীয়া জাতীয় সত্তাৰ প্ৰতীক গামোচা আৰু সংস্কৃতিৰ চিহ্ন বিহু-নৃত্য,গায়ন-বায়নৰ ব্যৱহাৰঃ (নিতুল বৰা)

(মনৰ মাজত বহুদিনৰ পৰা উক-মুকাই থকা একান্ত ব্যক্তিগত অনুভৱ)

প্ৰথমেই কওঁ ৰঙা আঁচুৰ গামোচাখন হৈছে অসমীয়া জাতিৰ প্ৰতীক স্বৰূপ। অসমীয়া শিপিনীসকলৰ চানেকী গামোচাখন অসমীয়া লোক-কলাৰো এক অমূল্য সম্পদ। তাহানি আহোম ৰজাৰ দিনত একে ৰাতিৰ ভিতৰতে অসমীয়া মহিলাই কপাহ নেওঠি, সূতা কাটি, বাটি কৰি কৱচ কাপোৰ বৈ উলিয়াইছিল, ঠিক সেইদৰে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে বৈ উলিওৱা গামোচাখন অসমীয়া স্বকীয় গৰিমাৰ পৰিচায়ক। বিভিন্ন উপলক্ষত বিভিন্ন ৰুচি অনুসৰি দুয়োমূৰে আছু দি, সপোনৰ কাষৰি, লতাফুল, গুটিফুল বাচি গামোচাখন শিপিনীয়ে বৈ উলিয়ায়। তাৰোপৰি বিহুৰ সময়ত মৰমৰ চিনস্বৰূপে অসমীয়া গাভৰুৱে প্ৰিয়জনলৈ বুলি যতনাই ৰাখি বিহুৰ দিনা মঙ্গল কামনা কৰি সেঁৱা জনাই বিহুৱানখন যাঁচে। তাতেই সোমাই থাকে চেনাইলৈ বুলি অন্তৰৰ হিয়াভৰা মৰম, চেনেহ। বাপতি সহোন ৰঙালী বিহুটিত গামোচাৰ প্ৰয়োজনৰ কথা নকলোৱেই বা। গামোচাখন কান্ধত নাথাকিলে বিহু বিহুয়েই নালাগে। এই মৰমৰ গামোচাখনৰ কথা কৈনো কৈ থাকিলেও ওৰকে নপৰে। অসমীয়াৰ এই মৰমৰ গামোচাখনৰ মর্যাদা হানি হোৱাতো আমি সকলোৱে কেতিয়াও কামনা নকৰো।
কিন্তু বহুদিনৰ পৰা দেখি আহিছো যে এচাম ৰাজনীতিবিদ, মন্ত্ৰী-বিধায়ক, বিভিন্ন বিভাগৰ মূৰব্বী বিযায়ই আমাৰ চেনেহৰ গামোচাখনক নিজ নিজ কার্যালয়ত নিজৰ চকীখনত পাৰি আওজিবলৈ ব্যৱহাৰ কৰি আহিছে আৰু সেইখনত আওজিয়েই গোটেই দিনটোৰ কৰ্মভাৰ চলাই গৈছে। এই কথাটো মোৰ একেবাৰেই সহ্য নহয়। এনেকৈ গামোচাখনত আওজি কার্যালয়ত কাম কৰা কাৰ্যটোৱে গামোচাখনক অপমান কৰাই নহয় ই অসমীয়া সংস্কৃতিকো বুঢ়া আঙুলি প্ৰদৰ্শন কৰাৰ লেখিয়া হৈছে । যিখন গামোচা আমি অসমীয়াই বিভিন্ন সময়ত বিহুয়ে সংক্ৰান্তিয়ে ডাঙৰক সেঁৱা কৰি বিহুৰ দিনা যাঁছো, যিখন গামোচা গোঁসাইঘৰত শৰাই, থাপনা, আদি পাতিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচা হুঁচৰি দলক সেঁৱা জনাবলৈ বঁটা বা সফুৰাৰ ওপৰত দিবলৈ ব্যৱহাৰ কৰো, যিখন গামোচাক আমি বিবাহৰ দিনা তামোলৰ ঠোকৰ ওপৰত দি আলহী-অতিথীক আদৰিবলৈ ব্যৱহাৰ কৰি আহিছো, সেই একেখন গামোচা আন কোনোবাই বহি আওজিবলৈ ব্যৱহাৰ কৰিব, তাকো অসম আৰু অসমীয়াক জোকে তেজপিয়াদি চুহি চুহি খোৱা এচাম ভণ্ড লোকে, সেয়া মোৰ সহ্য সীমাৰ বাহিৰত। এই লেখাৰ যোগেদি সেইসকল মন্ত্ৰী, বিষয়া, আমোলাৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছো।
ঠিক সেইদৰে বিভিন্ন সময়ত অসমৰ প্ৰভাৱশালী, অজস্ৰ কেলেংকাৰী, দুৰ্নীতিৰ বোকাৰে লুটুৰি-পুতুৰী মন্ত্ৰী, বিধায়কসকলক বিভিন্ন অনুষ্ঠানলৈ বহু যোজন দূৰৰ পৰা আঁদৰণি জনোৱাৰ সময়তো দেখিবলৈ পাওঁ অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহু দলৰ বিহু-নাচ বা গায়ন-বায়নক ব্যৱহাৰ কৰা হয় । এইদৰে বিহুদল বা গায়ন-বায়নৰে কিয় আঁদৰি অনা হয়, সেইসকল তথাকথিত মন্ত্ৰী, বিধায়ক, নেতাৰ মগজুৱে হয়তো কাহানিও ঢুকি নাপায়গৈ। কেইটামান অৰ্থৰ বিনিময়ত এচাম লোকে অসমীয়াৰ জাতীয় কলা-সংস্কৃতিক মন্ত্ৰী-বিধায়ক, বিষয়া আমোলাক এনেদৰে আঁদৰণি জানাই ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাতো চুড়ান্ত ঘৃণনীয় কাৰ্য বুলি ভাবো। সঁচাকৈ তেওঁলোক এই সন্মানৰ উপযুক্ত নে..?? নে তেওঁলোকক এনেকৈ আঁদৰি আনিব লাগিবই বুলি কিবা নিয়ম-নীতি পূৰ্বৰে পৰা আছেই…? ই মোৰ বাবে এতিয়ালৈকে এটা সাঁথৰ যেন হৈ আছে। মই নিজেই এই বিষয়ে বিষদভাৱে‍ জানিবলৈ ইচ্ছুক। মই ভাবো গামোচা, বিহুদলেই হওঁক বা গায়ণ-বায়নেই হওঁক আমাৰ অসমীয়াৰ এই সংস্কৃতিবোৰ বা জাতীয় চিহ্নসমূহৰ সন্মান সেইসকল লোকতকৈ বহু ওপৰত। এনেবোৰ কাৰ্যৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে ৰাইজৰ ওচৰত সম্পূৰ্ণ বিতৰ্ক এৰি এটি সুন্দৰ আলোচনাৰ কামনা কৰিলো। এই কথাখিনি মোৰ মনত বহু দিনৰ পৰাই খু-দুৱাই আছিল, সময় আৰু সুবিধাৰ অভাৱত কথাখিনি লিখিম বুলিও আহৰি পোৱা নাছিলো।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!