অসমীয়া সাহিত্যৰ বুৰঞ্জী- সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য- ড° মৃণালজ্যোতি গোস্বামী

৭.৩.৪ উপন্যাস

জোনাকী যুগৰ আন সাহিত্য ধাৰাসমূহৰ দৰে অসমীয়া উপন্যাসো মূলতঃ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱেই ফল৷ অৰুণোদই যুগত উকমুকনি উঠা সাহিত্যৰ এই ন-ৰূপটিয়ে জোনাকী যুগতে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিল৷ ‘জোনাকী’ আলোচনীৰ বুকুতেই প্ৰকৃতাৰ্থত আধুনিক অসমীয়া উপন্যাসে উজ্বলি উঠিল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাৱিক প্ৰবৃত্তি মানুহৰ আছে, সেই প্ৰবৃত্তি বাস্তৱতাৰ ভেটিত চৰিতাৰ্থ কৰিবলৈ যোৱাৰ প্ৰয়াসতে উপন্যাসৰ জন্ম৷ অসমীয়া উপন্যাসৰ প্ৰকৃত ধাৰা আৰম্ভ হয় পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ (১৮৯০) উপন্যাসৰ যোগেদি৷ কিন্তু ইয়াৰ আগতেই উপন্যাসৰ বীজ অংকুৰিত হৈছিল আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে উলিওৱা ‘অৰুনোদই’ কাকতত৷ অৰুনোদইত প্ৰকাশিত ‘যাত্ৰিকৰ যাত্ৰা’ (১৮৫০), ‘ফুলমণি আৰু কৰুণা’ (১৮৩৩), ‘এলোকেশী বেশ্যাৰ কথা’ (১৮৩৩), ‘কামিনীকান্ত’ (১৮৩৩), ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪) আদি কাহিনীত উপন্যাসৰ সোৱাদ সেৰেকাকৈ হ’লেও পোৱা গৈছিল৷ আনহাতে, হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ত (১৮৩৬) উপন্যাসৰ জঁকাটো অন্ততঃ আমি দেখিবলৈ পাওঁ৷ কিন্তু আধুনিক অৰ্থত প্ৰকৃত উপন্যাস বুলিলে যি শ্ৰেণী সাহিত্যক বুজা যায়, ওপৰত উল্লেখ কৰা কাহিনীসমূহত সেই বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা নাযায়৷ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উৎকট প্ৰচেষ্টা, সমাজ সংস্কাৰৰ তীব্ৰ মানসিকতা তথা কলা-কৌশলৰ দুৰ্বলতা আদিৰ বাবে এইবোৰে প্ৰকৃত উপন্যাসৰ শাৰীত থিয় হ’ব নোৱাৰিলে৷ তথাপি অসমীয়া উপন্যাসৰ ইতিহাসত এই কাহিনীসমূহৰ বিশেষ মূল্য আছে৷ সেইবাবে অসমীয়া উপন্যাসৰ আলোচনাৰ প্ৰসংগত ‘ভানুমতী’ৰ পূৰ্বৱৰ্তীকালত ৰচিত উপন্যাসধৰ্মী কাহিনীসমূহৰ একোটিকৈ চমু পৰিচয় জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰা হ’ল৷

অসমীয়া উপন্যাসধৰ্মী কাহিনীসমূহৰ ভিতৰত প্ৰথম ৰচনা হ’ল ‘যাত্ৰিকৰ যাত্ৰা’৷ এই ৰচনা ১৮৪৮ চনৰ নভেম্বৰ মাহৰ পৰা অৰুনোদইত ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘যাত্ৰিকৰ যাত্ৰা’ দৰাচলতে জন বনিয়নৰ Pilgrim’s Progressৰ অসমীয়া ৰূপান্তৰ৷ অসমীয়ালৈ ইয়াক অনুবাদ কৰিছিল নাথান ব্ৰাউনে৷ পাপ ভাৰক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ পথিক হয় আৰু শেষত ভগৱৎ দৰ্শন লাভৰ দ্বাৰা জীৱন কেনেকৈ ধন্য কৰিব পাৰি তাকেই বনিয়নে বৰ্ণনা কৰিছে৷ অৱশ্যে ইয়াত খ্ৰীষ্টধৰ্মৰ মতবাদ প্ৰতিষ্ঠা কৰাৰ চেষ্টা স্পষ্ট৷ এইখন উপন্যাসৰ কাহিনীভাগৰ লগত অসমৰ সমাজ জীৱনৰ সম্পৰ্ক নাছিল, কাহিনী সুদৃঢ় নহয়, গদ্য ভংগী অপৰিমাৰ্জিত, বাক্যৰীতি ইংৰাজী বাক্যৰ ওচৰ চপা, আংগিকগত দিশতো বৰ দুৰ্বল৷ তথাপিতো অসমীয়া ৰাইজ উপন্যাস নামৰ কথাশিল্পৰ লগত পৰিচিত হ’ল৷ এক কথাত ক’ব পৰি অনূদিত হ’লেও ‘যাত্ৰিকৰ যাত্ৰা’ই ভৱিষ্যৎ অসমীয়া উপন্যাস-সাহিত্যৰ সম্ভাৱনা দাঙি ধৰিছিল বা উপন্যাস ৰচনাৰ পথ মুকলি কৰি দিছিল৷

‘যাত্ৰিকৰ যাত্ৰা’ৰ পাছতে একেলগে (১৮৩৩ চনত) তিনিখন উল্লেখযোগ্য কাহিনীমূলক প্ৰচাৰ গ্ৰন্থ মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশ পায়৷ সেইকেইখন হ’ল – ‘এলোকেশী বেশ্যাৰ কথা’, ‘কামিনীকান্ত’ আৰু ‘ফুলমণি আৰু কৰুণা’৷ প্ৰথম দুখন মিষ্টাৰ গাৰ্ণিয়ে আৰু তৃতীয়খন মিছেছ গাৰ্ণিয়ে ৰচনা কৰা৷ ‘এলোকেশী বেশ্যাৰ কথা’ আৰু ‘ফুলমণি আৰু কৰুণা’ বাংলা ভাষাৰ পৰা অনূদিত৷ ‘এলোকেশী বেশ্যাৰ কথা’ত এলোকেশী নামৰ এজনী কুমলীয়া কালতে বিধৱা হোৱা যুৱতীৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা, প্ৰলোভনত পৰি চৰিত্ৰস্খলন, ৰক্ষিতা আৰু পাছত বেশ্যা ৰূপে জীৱন যাপন আৰু সৰ্বশেষত উদাৰ খ্ৰীষ্টধৰ্মত শৰণ লৈ পৱিত্ৰ জীৱন পথলৈ প্ৰত্যাৱৰ্তন প্ৰদৰ্শন কৰিছে৷ ‘ফুলমণি আৰু কৰুণা’ত দুগৰাকী খ্ৰীষ্টীয়ান নাৰীৰ কাহিনী বৰ্ণনা কৰা হৈছে৷ খ্ৰীষ্টধৰ্মৰ সংস্পৰ্শলৈ আহি তেওঁলোকৰ জীৱন কেনেকৈ ধন্য হৈছে তাৰ বৰ্ণনা ইয়াত পোৱা যায়৷ আনহাতে কামিনীকান্তত পাৰিবাৰিক জীৱনৰ ঘটনা কিছুমানৰ যোগেদি খ্ৰীষ্টধৰ্মৰ মাহাত্ম্য প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ এই কেইখন উপন্যাসো অসমীয়া সমাজৰ ৰুচি আৰু মানসিকতাৰ লগত বৰ ক্ষীণ সম্পৰ্কেৰেহে সংযোজিত আছিল৷

মিছনেৰীসকলৰ প্ৰচাৰধৰ্মী উক্ত কাহিনীকেইটিৰ সমসাময়িকভাৱে প্ৰকাশ পায় হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ (১৮৩৬)৷ ই ব্যংগাত্মক কাহিনী৷ ইংৰাজ আমোলৰ আগছোৱাৰ ‘বাহিৰ শুৱনি ভিতৰি ফোঁপোলা’ সমাজখনৰ ভণ্ড, চৰিত্ৰহীন আৰু দুৰ্নীতিগ্ৰস্ত একশ্ৰেণী ব্যক্তিৰ কদৰ্য ৰূপ ইয়াত প্ৰকাশ কৰা হৈছে৷ প্ৰধানতঃ ব্যঙ্গাত্মকভাৱে সমাজৰ ভণ্ডামিবোৰ দাঙি ধৰাৰ উদ্দেশ্য ৰচিত এইখন পুথিত সুগঠিত সুবিন্যস্ত কাহিনী আৰু নিটোল চৰিত্ৰাঙ্কন নাই৷ উল্লেখ্যযোগ্য যে ব্যঙ্গ প্ৰধান সাহিত্য প্ৰকৃত ভাল উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰে, কাৰণ এনে ৰচনাত উপন্যাসৰ প্ৰয়োজনীয় অংগবোৰৰ সুস্থ আৰু কলাত্মক বিকাশলৈ লক্ষ্য ৰখা নহয়৷ অৱশ্যে এটা কথা ঠিক যে এইখন পুথিৰ গদ্যই অসমীয়া গদ্যৰীতিৰ বিকাশত বিশেষ পদক্ষেপ ল’লে৷ অসমীয়া সাহিত্যৰ ইতিহাসকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই এই পুথিখনৰ ৰচনাত বংগদেশত প্ৰকাশ হোৱা ব্যংগধৰ্মী ‘নৱবাবুবিলাস’,‘আলালেৰ ঘৰেৰ দুলাল’ আদি উপন্যাসকল্প ৰচনাই প্ৰভাৱিত কৰিছে বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷

১৮৮৪ চনত প্ৰকাশ হয় পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’৷ এই উপাখ্যানটিত মিছনেৰীসকলৰ দৰে ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য নাই; কিন্তু কাহিনী বৰ্ণনাৰ ক্ষেত্ৰত প্ৰাচীন আখ্যানৰ ৰীতি অনুকৰণ কৰা হৈছে৷ হয়৷ ছয়টা পৰিচ্ছেদত বৰ্ণিত ৪২ পৃষ্ঠাৰ এই উপন্যাসখনত ‘সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল’ দেখুৱাইছে বুলি ঔপন্যাসিকাই মন্তব্য কৰিছে৷ আকস্মিক সংযোগ, অপ্ৰত্যাশিত ঘটনাই কাহিনীটোক বাস্তৱধৰ্মী উপন্যাসৰ পৰা ভালেখিনি আঁতৰাই নিছে৷ সেয়ে এইখনো সাৰ্থক উপন্যাস হিচাপে চিহ্নিত নহ’ল৷ অৱশ্যে সেই সময়ত এগৰাকী অসমীয়া নাৰীয়ে এনেধৰণৰ এখন উপন্যাস লিখি প্ৰকাশ কৰাটো সঁচাকৈয়ে আদৰণীয়৷

১৮৮৫ চনত প্ৰকাশ হৈ থকা ‘আসাম বন্ধু’ (সম্পাদক : ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা)ৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা ‘প্ৰমীলা’ নামৰ উপন্যাস এখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল যদিও তাৰ পাছৰ সংখ্যাকেইটাত এইখন প্ৰকাশিত নহ’ল৷ অসমীয়া সাহিত্যত ‘উপন্যাস’ শব্দটো এইখন উপন্যাসৰ প্ৰসংগতে ‘আসাম বন্ধু’ত পোন-প্ৰথমবাৰৰ বাবে প্ৰয়োগ হয়৷
এনেদৰে আলোচনা কৰিলে দেখা যায় যে ‘ভানুমতী’ৰ পূৰ্বৱৰ্তী কালত যিবিলাক উপন্যাসধৰ্মী কাহিনী ৰচনা হৈছিল তাৰ বেছিভাগেই আছিল অনূদিত৷ আনহাতে, এই কাহিনীসমূহ ৰচনাৰ উদ্দেশ্য আছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা৷ ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ আৰু ‘সুধৰ্মাৰ উপাখ্যান’ত ধৰ্ম প্ৰচাৰৰ প্ৰচেষ্টা নাই যদিও তীব্ৰ ব্যংগভাব আৰু কাহিনী-কথনৰ প্ৰাচীনতাৰ বাবে এই দুখনেও প্ৰকৃত উপন্যাসৰ শাৰীত থিয় হ’বলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে৷ তথাপি এই কথা উল্লেখনীয় যে অসমীয়া উপন্যাসৰ জন্ম তথা বিকাশত এইকেইখনৰ ঐতিহাসিক মূল্য তথা গুৰুত্ব কোনোপধ্যে অস্বীকাৰ কৰিব নোৱাৰি৷

প্ৰকৃতাৰ্থত উপন্যাসৰ বৈশিষ্ট্যৰে সমৃদ্ধ অসমীয়া প্ৰথমখন উপন্যাস হ’ল ‘ভানুমতী’, ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা৷ এই উপন্যাসখন পুথি হিচাপে প্ৰকাশ পাইছিল ১৯০৮ চনত৷ পুথিখনৰ পাতনিতে গোহাঞিবৰুৱাই লিখিছে— ‘‘ভানুমতী ৰচোঁতাৰ পোন প্ৰথম সাহিত্যিক অৰ্জ্জন৷ ইয়াক অসমীয়া সাহিত্যৰ ভঁড়ালত তেওঁৰ প্ৰথম লখিমী বুলিব লাগিব৷ ১৮১২-১৩ শকৰ ‘বিজুলীৰ’ পোহৰত ছোৱা-ছোৱাকৈ প্ৰকাশ হৈছিল৷ তাৰ পাছত, ইয়াক সুকীয়াকৈ উলিয়াবৰ অৰ্থে ভালেমান দিনৰে পৰা মন কৰা হৈছিল; আনকি ৰচোঁতাৰ আনবিলাক কিতাপৰ তালিকাত ইয়াৰ নামো ওলাইছে৷ কিন্তু সময় আৰু সুবিধাৰ অভাৱত ইমান দিনলৈকে মনৰ কথা মনতে ৰৈছিল৷ এই গ্ৰন্থকাৰৰ দ্বাৰাই সম্পাদিত ‘বিজুলী’ৰ পোহৰত দেখা ভানুমতীৰ আঁতিগুৰি আগৰভাৱেই আছে; এতিয়া মাথোন ভানুৰ কিৰণত সুকীয়াকৈ চালে, আৰু অলপ বেছিকৈ জেউতি চৰা দেখা যাব৷ সি যি হওক, সেই ৰাতিপুৱা ৰোৱা পুলিটি দুপৰীয়াৰ ৰ’দত ওলাব লগা হৈছে, এতিয়া, সি পাঠকৰ অনাদৰত লেৰেলি জঁয় নপৰিলেই হয়৷’’ এইখিনিতে অসমীয়া সাহিত্যৰ এগৰাকী সাধক পৰীক্ষিত হাজৰিকাই ‘অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব’ শীৰ্ষক প্ৰবন্ধত উল্লেখ কৰা মন্তব্যটি স্মৰ্তব্য— ‘‘কাহিনী, পটভুমি, চৰিত্ৰ, সংলাপ, পৰিৱেশ, ৰস, উৎকণ্ঠা, আদৰ্শ আৰু ৰচনা-ৰীতিৰ পিনৰ পৰা ১৮৯১ চনত বিজুলী কাকতত প্ৰকাশিত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’ নামৰ ঘৰুৱা উপন্যাসখন নিঃসন্দেহে প্ৰথম মৌলিক অসমীয়া উপন্যাস বুলি ক’ব পাৰি৷’’ এইখিনিতে উল্লেখযোগ্য যে বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ উপন্যাসখনো ‘পদ্মাকুমাৰী’ নামেৰে ১৮৯১ চনৰ ‘জোনাকী’ কাকতৰ তৃতীয় বছৰ প্ৰথম সংখ্যাৰ পৰা ছোৱা-ছোৱাকৈ প্ৰকাশ হৈছিল৷ এইখন উপন্যাস ১৯০৫ চনত ‘পদুমকুঁৱৰী’ নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ এক কথাত ক’ব পাৰি এইখন দ্বিতীয় সাৰ্থক অসমীয়া উপন্যাস৷

১৮৯২ খ্ৰীঃত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘লাহৰী’ নামৰ উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ উল্লেখ্য যে এইখনেই প্ৰথম পুথি হিচাপে ছপা হোৱা অসমীয়া উপন্যাস৷ পুথিখনৰ প্ৰথম তাঙৰণৰ পাতনিত লিখা কথাখিনি উল্লেখযোগ্য— ‘‘অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই৷ সেই অভাৱ আৰু দুৰ্নাম গুচাবৰ মনেৰেই ‘লাহৰী’ ৰচিবলৈ লোৱা হয়৷’’ গোহাঞিবৰুৱা ৰচনাৱলীৰ ভূমিকাত অসমীয়া সাহিত্যৰ আন এগৰাকী সাধক মহেশ্বৰ নেওগে ‘লাহৰী’ সম্পৰ্কে কৰা এষাৰ মন্তব্য স্মৰণীয় —‘‘১৮৯২ চনত এইখনি ছপা হৈ ওলাল আৰু পুথি আকাৰত ওলোৱা প্ৰথম অসমীয়া উপন্যাস বুলি পৰিগণিত হ’ল৷ কাৰণ বেজবৰুৱাৰ ‘পদুম কুঁৱৰী’ আৰু স্বয়ং গোহাঞিবৰুৱাৰ ‘ভানুমতী’ তেতিয়াও ‘জোনাকী’ আৰু ‘বিজুলী’ৰ পাততে সিঁচৰতি হৈ আছিল৷’’ গোহাঞিবৰুৱাৰ উপন্যাস দুখন আহোম যুগৰ পটভূমিত আৰু বেজবৰুৱাৰ উপন্যাসখন দন্দুৱাদ্ৰোহৰ পটভূমিত ৰচিত ঐতিহাসিক উপন্যাস৷

‘বিজুলী’ৰ দ্বিতীয় বছৰতো আন এখন উপন্যাস ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘মেম’ নামৰ এই উপন্যাসখনৰ ঔপন্যাসিক আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ জেষ্ঠ ভাতৃ নীলকণ্ঠ বৰুৱা৷ আঠটা অধ্যায়ত বিভক্ত এই উপন্যাসখনত ব্যঙ্গাত্মক উপস্থাপন ৰীতি ব্যৱহাৰ কৰা হৈছে যদিও কাহিনী গতিশীল ৰূপত উপস্থাপিত হৈছে৷ ‘মেম’খন উপন্যাসৰূপে বৰ সাৰ্থক নাছিল যদিও সামাজিক সমস্যা, নাৰী-নিৰ্যাতনৰ প্ৰতি দৃষ্টি নিক্ষেপ তথা তাৰ প্ৰতিকাৰৰ উপায় বিচৰা উপন্যাস হিচাপে এইখন উপন্যাসৰ ঐতিহাসিক মূল্য অস্বীকাৰ কৰিব নোৱাৰি৷

এই কেইখন উপন্যাসৰ পাছত ৰচিত হ’ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাস ‘মিৰি-জীয়ৰী’৷ প্ৰকাশৰ চন ১৯৯৪৷ পাছলৈ ঐতিহাসিক উপন্যাস ৰচনা কৰি ‘অসমৰ স্কট’, ‘উপন্যাস সম্ৰাট’ হিচাপে খ্যাতি অৰ্জন কৰা ৰজনীকান্ত বৰদলৈয়ে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ পটভুমিত এইখন প্ৰণয়মূলক উপন্যাস ৰচনা কৰিছিল৷ উল্লেখ্য যে এই সময়চোৱাত ৰচিত উপন্যাসসমূহৰ ভিতৰত এইখন উপন্যাস নিঃসন্দেহে উৎকৃষ্ট বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মত পোষণ কৰিছে৷ ‘অনভিজ্ঞ নবীন লিখকৰ প্ৰথম স্তৰৰ ৰচনা কৰণেই উপন্যাস কেইখন ত্ৰুতিশূন্য নহয়’৷ আৰু ‘…উপন্যাস-সাহিত্যৰ ভেটি নিৰ্মাণ কৰাত এওঁলোকৰো বৰঙণি মুক্তকণ্ঠে স্বীকাৰ কৰিব লাগিব৷’ ইয়াৰ পাছত এই শতিকাটিত আৰু দুখন অসমীয়া উপন্যাস প্ৰকাশ পাইছিল৷ যথা— হৰেশ্বৰ শৰ্মা বৰুৱাৰ ‘কুসুম-কুমাৰী’ (১৮৯৮) আৰু মহীৰাম দাসৰ ‘হৰিদেও কানীয়াৰ কথা’ (১৮৯৮)৷ প্ৰস্তুতি কালত অনুবাদ উপন্যাসেৰে (১৮৪৮)অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাটি আৰম্ভ হৈ ১৮৯১ চনত নিভাঁজ অসমীয়া উপন্যাস সৃষ্টিৰ পৰিক্ৰমাৰে ১৮৯৪ চনত ই ৰজনীকান্ত বৰদলৈৰ হাতত পল্লৱিত হৈ উঠে৷

প্ৰকৃততে অসমীয়া উপন্যাসৰ ভেটি সুপ্ৰতিষ্ঠিত হয় ৰজনীকান্ত বৰদলৈৰ হাততহে৷ সেই যুগত তেৱেঁই আশাশুধীয়াভাৱে উপন্যাস ৰচনা কৰে আৰু আজিলৈকে অসমীয়া উপন্যাসৰ ক্ষেত্ৰত বৰদলৈয়ে এখনি বিশিষ্ট আসন লাভ কৰি আহিছে৷ বৰদলৈয়ে ৰচনা কৰা নখন উপন্যাসৰ ভিতৰত আঠখনেই ঐতিহাসিক উপন্যাস৷ সেইকেইখন হ’ল– ‘মনোমতী’ (১৯০১), ‘ৰঙ্গিলী’ (১৯২৫), ‘ৰাধা-ৰুক্মিণী’ (১৯২৫), ‘নিৰ্মল ভকত’ (১৯২৫), ‘দন্দুৱাদ্ৰোহ’ (১৯২৮), ‘ৰহদৈ লিগিৰী’ (১৯৩০), ‘তাম্ৰেশ্বৰী মন্দিৰ’ (১৯২৬) আৰু ‘খাম্বা-থুইবী’ (১৯৩২)৷ বৰদলৈক অতিক্ৰম কৰি যাব পৰা ঐতিহাসিক ঔপন্যাসিক দ্বিতীয় এজন আজিলৈকে ওলোৱা নাই৷ সেইবাবে বৰদলৈক ‘উপন্যাস সম্ৰাট’ আখ্যা দিয়াই নহয়, ‘অসমীয়া স্কট’, ‘অসমৰ বংকিমচন্দ্ৰ’ বুলিও অভিহিত কৰা হয়৷ বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখন হ’ল ‘মিৰি জীয়ৰী’ (১৮৯৪)৷ এইখনেই আছিল তেওঁৰ প্ৰথম উপন্যাস৷ ‘মিৰি জীয়ৰী’ত অসমৰ অন্যতম জনজাতি মিচিংসকলৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক আদি অৱস্থাৰ পটভূমিত প্ৰণয়মূলক কাহিনী এটা গঢ়ি তোলা হৈছে৷

ৰজনীকান্ত বৰদলৈৰ পাছত ঐতিহাসিক ঔপন্যাসিক নাই বুলিয়েই ক’ব পাৰি৷ দৰাচলতে, বৰদলৈৰ হাতত অসমীয়া ঐতিহাসিক উপন্যাসৰ জন্ম আৰু বিকাশ ঘটিল, লগতে ই পূৰ্ণ প্ৰতিষ্ঠাও লাভ কৰিলে৷ বৰদলৈৰ পৰৱৰ্তী কালত আঙুলিৰ মূৰত লেখিব পৰা কেইখনমান ঐতিহাসিক উপন্যাসৰ জন্ম হৈছিল যদিও সাহিত্যৰ বুৰঞ্জীত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম নহ’ল৷ তেনে উপন্যাস কেইখনমান হ’ল হিতেশ্বৰ বৰুৱাৰ ‘মালিতা’ (১৯১৪), শৰৎ চন্দ্ৰ গোস্বামীৰ ‘পানীপথ’ (১৯৩০), হৰিনাৰায়ণ দত্তবৰুৱাৰ ‘চিত্ৰদৰ্শন’ (১৯৩১)৷ মালিতাৰ পটভূমি প্ৰতাপসিংহৰ ৰাজত্বকালত সংঘটিত আহোম-কছাৰীৰ সংঘৰ্ষ৷ বাবৰ আৰু ইব্ৰাহীম লোডীৰ মাজত হোৱা পানীপথৰ যুদ্ধ আৰু বাবৰ তথা ৰাণা সংগ্ৰাম সিংহৰ মাজত ঘটা ফতেহপুৰ চিক্ৰিৰ যুদ্ধৰ পটভূমিত ৰচিত হৈছে গোস্বামীৰ পানীপথ উপন্যাস৷ আনহাতে দত্তবৰুৱাৰ চিত্ৰদৰ্শন শৰাইঘাট যুদ্ধৰ পটভূমিত ৰচিত৷

১৯৪০ চনলৈ অসমীয়া উপন্যাসৰ ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমছোৱাত ঐতিহাসিক উপন্যাসে আৰু তৃতীয় দশকৰ পৰা সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু বৰদলৈক বাদ দিলে একান্তভাৱে উপন্যাস ৰচনাত মনোনিৱেশ কৰা ঔপন্যাসিক নাই বুলিলেও হয়৷ তথাপি ছেগা-চোৰোকাকৈ হ’লেও সামাজিক উপন্যাস কেইখনমানো এই সময়ছোৱাৰ ভিতৰতে প্ৰকাশ পাইছিল৷ তেনে উপন্যাস কেইখনমান হ’ল– হৰেশ্বৰ শৰ্মা বৰুৱাৰ ‘কুসুম কুমাৰী’ (১৯০৫), নবীনচন্দ্ৰ ভট্টাচাৰ্যৰ ‘চন্দ্ৰপ্ৰভা’ (১৯০৮), চিন্তাহৰণ পাটগিৰিৰ ‘সংসাৰ-চিত্ৰ’ (১৯২১), দণ্ডীধৰ সোণোৱালৰ ‘চপলা’ (১৯২২), ভৱদেৱ ভাগৱতীৰ ‘লীলা’ (১৯২৪), কমলেশ্বৰ চলিহাৰ ‘প্ৰিয়া’, স্নেহলতা বৰুৱাৰ ‘বীণা’ (১৯২৬), ‘বেমেজালি’ (১৯৩৪), চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিঠা’ (১৯৩৩) আদি৷

এই সময়ছোৱাৰ ভিতৰত আৱিৰ্ভাৱ ঘটা ঔপন্যাসিকসকলৰ ভিতৰত দুগৰাকী বিশেষভাৱে উল্লেখনীয়৷ সেই দুগৰাকী ঔপন্যাসিক হ’ল– দণ্ডিনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰ৷ দণ্ডিনাথ কলিতাই ‘ফুল’ (১৯২০), ‘সাধনা’ (১৯২৮), ‘আৱিষ্কাৰ’ (১৯৩৮), ‘গণবিপ্লৱ’ (১৯৪৮) – এই চাৰিখন উপন্যাসৰ যোগেদি ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যত পৰিচয় দিবলৈ সক্ষম হৈছে৷ ইয়াৰে ভিতৰত ‘সাধনা’ নিঃসন্দেহে শ্ৰেষ্ঠ উপন্যাস৷ দৈৱচন্দ্ৰ তালুকদাৰে ‘ধুঁৱলী-কুঁৱলী’ (১৯২২), ‘আগ্নেয়গিৰি’ (১৯২৪), ‘অপূৰ্ণ’ (১৯৩১-৩২), ‘আদৰ্শপীঠ আৰু দুনিয়া’ (১৯৬১) – এই পাঁচখন উপন্যাস ৰচনা কৰিছে৷ ইয়াৰ ভিতৰত ‘অপূৰ্ণ’ শ্ৰেষ্ঠ উপন্যাস৷ এই দুয়োগৰাকী ঔপন্যাসিকৰ উপন্যাসতে সমাজ-সমালোচনাই মুখ্য স্থান লাভ কৰিছে৷

এনেদৰে আলোচনা কৰিলে দেখা যায় যে ১৯৪০ চনৰ ভিতৰত অসমীয়া ভাষাত যিখিনি উপন্যাস ৰচনা হ’ল, সেই উপন্যাসখিনিৰ প্ৰথমাৰ্ধত ঐতিহাসিক উপন্যাসে বিস্তাৰ লাভ কৰিছিল, কিন্তু তৃতীয় দশকৰ পৰা ঐতিহাসিক উপন্যাসৰ সলনি সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক