অসমৰ কেইবিধমান চৰাই

লেখক- - জোনমণি কলিতা

 

ডঁৰিক চৰাই: 

 

২০১৯ ৰ অক্টোবৰ মাহৰ কোনোবা এটা দিন, দিহিং পাটকাইৰ মাজত এনেই ঘূৰি আছোঁ। চকামকাকৈ ক’লা-নীলা, মূৰটো ৰঙা ধৰণৰ দীঘল নেজ থকা চৰাই এটা দেখিছিলোঁ, ভালকৈ চাবলৈ লওঁতেই ভুৰুং কৈ উৰি জোপোহাৰ মাজলৈ সোমাই যায়। অলপ বেয়া লাগিল, কিন্তু সেই পলকৰ বাবে লগ পোৱা সময়তে চৰাইটোৱে মনত সাঁচ বহাই গল। প্ৰায় এবছৰৰ পিছত কাজিৰঙাৰ মাজত আকৌ সেই চৰাইটো একদম ওচৰৰ পৰা খুব ধুনীয়াকৈ খেলি থকা দেখিলোঁ, লগত মটীয়া ৰঙৰ আৰু এজনী। পিছত গম পালো সেয়া ডঁৰিক চৰাই, ক’লাটো মতা আৰু মটীয়াজনী মাইকী। অসমৰ ডাঠ হাবিৰ মাজত আপোন মনে খেলি থকা এই যুৰীয়া ডঁৰিকহাল যেনেকৈ মোহনীয়া তেনেকৈ দেশৰ কিছু ক্ষেত্ৰত বিশেষত্বও আছে, সেয়া লেখাটোৰ শেষলৈ জানিব পাৰিব বাৰু। পিছে আপুনি জানেনে, আমাৰ অসমীয়া সাহিত্যৰো ডঁৰিকৰ ওপৰত বেছ কিছু সম্পৰ্ক আছে !! 

জনশ্ৰুতিমতে ডঁৰিক চৰাইৰ নামটো হেনো টাই ভাষাৰ পৰা অহা — ডৈ-ৰিক্= পৰ্বতত মতা চৰাই। আকৌ স্বাধীনতা সংগ্ৰামী তথা দেশভক্ত তৰুণৰাম ফুকনৰ “চিকাৰ কাহিনী” শীৰ্ষক গ্ৰন্থত এই চৰাইৰ উল্লেখ আছে – “কাতিমাহৰপৰা জাকে জাকে ৰাজহাঁহ সশব্দে বিললৈ উৰি যোৱা গুৱাহাটীৰ ঘৰত বহিয়েই দেখোঁ ……. হাঁহত বাজেও কোঢ়া, কাইঠা, দলমৰা, দলপুঙা, পানী-কাউৰী, চেঁচা-বগ, ওৱাক, কৰ্চন, ঘোগ বা দৈ-কলা, হাড়-গিলা, শামুক-খোলা, তেলীয়াসাৰেং, কনোৱা আদি অসংখ্য চৰাই দেখা যায়। এইবিলাক বিলৰ চৰাই। পৰ্বতত পোৱা যায় ডৰিক, দেও-ডৰিক, কইৰা, তিতৰ, হাইঠা ইত্যাদি চৰাই।” 

ডঁৰিক চৰাই (ইংৰাজী: Khalij Pheasant বৈজ্ঞানিক নাম: Lophura leucomelanos) মূলতঃ হিমালয়ৰ পাদদেশ, পাকিস্তান, নেপালৰ পৰা পশ্চিম থাইলেণ্ডলৈকে ডাঠ অৰণ্য আৰু ঘাঁহনিত পোৱা এবিধ ময়ূৰ জাতীয় চৰাই। এই চৰায়ে ডাঠ অৰণ্য আৰু সুউচ্চ গছ-গছনি থকা বাসস্থান পছন্দ কৰে। ইয়াক হিমালয়ৰ পাদদেশত পোৱা যায় য’ত ই বাসস্থান আৰু সুৰক্ষাৰ বাবে ঘন গছ-গছনিৰ ওপৰত নিৰ্ভৰশীল। 

মতা চৰাইবোৰ চিকচিকিয়া নীলা-ক’লা, আনহাতে মাইকী চৰাইবোৰ সামগ্ৰিকভাৱে বাদামী ৰঙৰ। দুয়োটা লিংগৰ মুখখন ৰঙা আৰু ভৰি ধূসৰ ৰঙৰ। 

মতা চৰাইৰ মুঠ দৈৰ্ঘ্য ৬৩ৰ পৰা ৭৪ চে.মি. (২৫ৰ পৰা ২৯ ইঞ্চি) আৰু মাইকী চৰাইৰ দৈৰ্ঘ্য ৫০ৰ পৰা ৬০ চে.মি। ডঁৰিকৰ খাদ্য তালিকাত উদ্ভিদ, পোক-পৰুৱা আৰু সৰু মেৰুদণ্ডী প্ৰাণী থাকে। মূলতঃ অৰণ্যত খাদ্য বিচাৰি ফুৰা এই ৰঙীন চৰাইবোৰে তীক্ষ্ন দৃষ্টিশক্তি ব্যৱহাৰ কৰি নিজৰ চিকাৰ ধৰে। 

প্ৰজননৰ সময়ত মতা চৰাইবোৰে মাইকী চৰাইক আকৰ্ষণ কৰিবলৈ বহুলভাবে প্ৰেমৰ প্ৰদৰ্শন কৰে। মাইকী চৰায়ে মাটিত বাহ সাজি কণী পাৰে আৰু পোৱালি জগায়। সৰু পোৱালিবোৰে প্ৰথমে পোক-পৰুৱা খাই উদ্ভিদ ভিত্তিক খাদ্যলৈ পৰিৱৰ্তিত হয়। 

ডঁৰিক চৰাই সাধাৰণতে সাধাৰণ আৰু ব্যাপক যদিও ইয়াৰ পূবৰ তিনিটা উপপ্ৰজাতি (L. l. oatesi, L. l. lineata, আৰু L. l. crawfurdi) বিপন্ন। ২০২১ চনৰ ২১ অক্টোবৰত জম্মু-কাশ্মীৰ চৰকাৰে এই চৰাইটোক কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ চৰাই হিচাপে ঘোষণা কৰে। অৱশ্যে এই চৰাই বিধৰ সংৰক্ষণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু ইহঁতৰ বাসস্থান সুৰক্ষিত কৰা আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে সমগ্ৰ বিশ্ব জুৰি চেষ্টা চলোৱা হৈছে। 

 

বনকুকুৰা চৰাই: 

 

ৰ’ব ৰ’ব…জিভাৰ পানী পেলাব নালাগে। আপুনি ভবাৰ দৰে এই চৰাইটো আপোনাৰ প্ৰিয় আমিষ আহাৰ হোৱা নোদোকা মূৰ্গীটো একদম নহয়, বৰঞ্চ ই বনৰ বাসিন্দাহে। গতিকে খোৱা লোৱাৰ কথা সপোনতো নাভাবিব। ওলোটাই ইয়াক সংৰক্ষণ কৰাৰ কথাহে ভাবক। 

ফটোত দেখা চৰাইটোক বনকুকুৰা বুলি কওঁ আমি অসমীয়াত। বনকুকুৰা (ইংৰাজী: Red Junglefowl; বৈজ্ঞানিক নাম-Gallus gallus) Pheasant পৰিয়ালৰ অন্তৰ্গত আৰু ইয়াক বৰ্তমান পোহনীয়া কুকুৰা চৰাইৰ পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়। দক্ষিণ-পূব এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ এছিয়াৰ প্ৰায়বোৰ দেশতে বনকুকুৰা দেখা যায়। 

ফটোত দেখা চৰাইটো মতা বনকুকুৰা। ইহঁতৰ মতা আৰু মাইকী চৰাই দেখিবলৈ ভিন্ন। মতা চৰাইটো মাইকীজনীতকৈ যথেষ্ট ডাঙৰ, মূৰত ডাঙৰ ৰঙা বৰণৰ মুকুট থাকে আৰু নেজত ক’লা বৰণৰ ডাং খাই থকা পাখি থাকে। আনহাতে মাইকীজনীৰ দেহ পাতল মটিয়া ধৰণৰ আৰু চাৰিওকাষৰ পৰিৱেশৰ স’তে মিলিও থাকে। মাইকী বনকুকুৰাৰ মূৰত কোনোধৰণৰ মুকুট নাথাকে। বনকুকুৰাই মূলতঃ পোক-পৰুৱা, গছৰ গুটি আৰু ফল-মূল ইত্যাদি খায়। বেছি দুৰ উচ্চতালৈ ইহঁতে উৰিব নোৱাৰে। 

সম্পূৰ্ণ জিনম ক্ৰমবিন্যাসৰ আণৱিক স্তৰৰ পৰা পোৱা প্ৰমাণে প্ৰকাশ কৰে যে আমাৰ খাদ্য হোৱা কুকুৰাটোক প্ৰায় ৮, ০০০ বছৰ আগতে এই বনকুকুৰাৰ পৰাই ঘৰচীয়া কৰা হৈছিল। তেতিয়াৰ পৰাই ইহঁতৰ ঘৰুৱা ৰূপ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে য’ত ইহঁতক মানুহে ইহঁতৰ মাংস, কণীৰ বাবে পোহনীয়া চৰাই হিচাপে ৰাখে। 

বনকুকুৰা বনাঞ্চলৰ সংকৰকৰণৰ বাবে ভাবুকিৰ সন্মুখীন হোৱা বুলি ভবা হয়, য’ত পোহনীয়া মুক্তভাৱে চলা কুকুৰা সাধাৰণতে দেখা যায়। তথাপি আই ইউ চি এন-এ ইহঁতক কম সংকটজনক প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰিছে। 

কাকৈশিৰা বা গোবৰ খোচৰা চৰাই: 

 

গাঁও বা নগৰৰ আশেপাশে থকা কাঠনি জাতীয় অৰণ্যত উৰি ফুৰা এই চৰাইটো দেখিছেনে? চৰাইটোৰ নাম কাকৈশিৰা বা গোবৰ খোচৰা(ইংৰাজী: Hoopoe; বৈজ্ঞানিক নাম: Upupa epops)। ই প্ৰধানকৈ আফ্ৰিকা, এছিয়া আৰু ইউৰোপত পোৱা এক আকৰ্ষণীয় ৰঙীন চৰাই, মূৰত থকা মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য, যিবোৰ ইচ্ছামতে ওপৰলৈ তুলিব বা নমাই দিব পাৰি। 

কাকৈশিৰা এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ’দত ইহঁতে পাখিমেলি ৰ’দ লোৱা (sunbathe) দেখা যায়। তদুপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে। কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই। দীঘলে প্ৰায় ২৭ চেণ্টিমিটাৰ, পাখিৰে সৈতে ৪৪চেণ্টিমিটাৰ, ওজন প্ৰায় ৬৮ গ্ৰাম। দেহ বগা, কলা, মুগা পাখিৰে আবৃত। ঠোঁট অত্যন্ত দীঘল। ঠোঁটৰ আগমূৰ জোঙা। উৰিবৰ সময়ত মূৰৰ পাখিখিনি বিচনীৰ আকৃতিত ফুলাই উৰা মাৰে। ডেউকা বহল আৰু গোলাকৃতিৰ। 

কাকৈশিৰাৰ বাসস্থানৰ দুটা মূল প্ৰয়োজনীয়তা হ’ল – কম গছ-গছনিযুক্ত ঘাঁহনি য’ত খাদ্য বিচাৰিব পাৰি আৰু খোৰোং বা গহ্বৰ থকা উলম্ব পৃষ্ঠ (যেনে গছ, শিল বা আনকি দেৱাল, বাহৰ বাকচ, ঘাঁহৰ গোট আৰু পৰিত্যক্ত গাঁত, যত বাহ বনাব পাৰি। ইয়াৰ জোঙা ঠোঁটটোৰে মাটি খুচৰি খাদ্যৰ সন্ধান কৰি ফুৰে। ফৰিং, উঁইচিৰিঙা আদি খোৱাৰ উপৰিও পোক-পৰুৱা, গছৰ গুটি আদিও খায়। কণীপৰাৰ সময় অক্টোবৰৰপৰা ডিচেম্বৰলৈ। এবাৰত ৬-৭ টাকৈ কণী পাৰে। 

কাকৈশিৰাই ডেউকা আৰু ঠেং মাটিৰ ওপৰত তললৈ মেলি মূৰটো ওপৰলৈ হেলনীয়া কৰি থকা ধৰণটো বহুদিনৰ পৰা প্ৰতিৰক্ষামূলক ভংগিমা বুলি ভবা হৈছিল, আচলতে ইহঁতে এনেদৰে ৰ’দত গা সেকে; ইহঁতে প্ৰায়ে ডেউকা ভাঁজ কৰি আধাতে চেপি ধৰে। 

কাকৈশিৰাৰ তিনিটা জীৱিত আৰু এটা বিলুপ্ত প্ৰজাতি চিনাক্ত কৰা হৈছে যদিও বহু বছৰ ধৰি বৰ্তমানৰ সকলো প্ৰজাতিকে একক প্ৰজাতি (Upupa epops) হিচাপে গোট খোৱা হৈছিল। আচলতে কিছুমান শ্ৰেণীবিভাজনবিদে এতিয়াও তিনিওটা প্ৰজাতিক সমবিশেষ বুলি গণ্য কৰে। কিছুমান কৰ্তৃপক্ষই আফ্ৰিকান আৰু ইউৰেছিয়ান হুপো একেলগে ৰাখে যদিও মাদাগাস্কাৰৰ হুপোক বেলেগে বিভাজিত কৰে। ইউৰেছিয়ান হুপো ইয়াৰ পৰিসৰত সাধাৰণ আৰু ইয়াৰ জনসংখ্যা বৃহৎ, গতিকে ইয়াক আইইউচিএনৰ বিপন্ন প্ৰজাতিৰ ৰঙা তালিকাত কম সংকটজনক বুলি মূল্যায়ন কৰা হৈছে। কিন্তু পশ্চিম ইউৰোপত ইহঁতৰ সংখ্যা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে দক্ষিণ চিনাইৰ ডগা শ্বাৰম এল শ্বেখত হুপ’ৰ সংখ্যা বৃদ্ধি পাইছে। বছৰটোৰ ভিতৰতে কেইবা ডজনো বাহ সজাযোৰ বাসিন্দা হৈ থাকে। 

হুপোৰ খাদ্য তালিকাত মানুহে কীট-পতংগ বুলি গণ্য কৰা বহু প্ৰজাতিৰ প্ৰাণী অন্তৰ্ভুক্ত কৰা হয়, যেনে অৰণ্যৰ বাবে ক্ষতিকাৰক এক প্ৰকাৰৰ মথৰ পলু, যাক তাৰ শৰীৰৰ নোমবোৰৰ বাবে খুব কম চৰায়ে খাদ্য হিচাপে গ্ৰহণ কৰে। এই কাৰণেই বহু দেশত এই প্ৰজাতিটোক আইনৰ অধীনত সুৰক্ষা প্ৰদান কৰা হয়। 

কণামুছৰি চৰাই: 

 

চুটি ডিঙি আৰু শকত দীঘল ঠোঁটেৰে সৈতে বগা মুগা বৰণৰ এই চৰাইটো প্ৰায়ে আমাৰ জলাশয় কিম্বা ধাননি পথাৰত থকা দেখা যায়, গহীনত থিয় হৈ থাকে, ঠিক পাঠশালাত পৰীক্ষাৰ সময়ত নিৰীক্ষক থিয় হৈ থকাৰ দৰে। ইয়াৰ নামটোও হয়তো আপুনি নুশুনাকৈ থকা নাই। হয়, ইয়াৰ নাম কণামুছৰি। আচলতে পথাৰত এনেদৰে ইহঁতে প্ৰায়ে অকলে খাদ্যৰ সন্ধানতহে থিয় হৈ থাকে। প্ৰায়ে ইহঁতে চিকাৰ নেদেখালৈকে অগভীৰ পানীত স্থিৰ হৈ থিয় হৈ থাকে। চিকাৰ দেখাৰ লগে লগে বজ্ৰপাতৰ দৰে দ্ৰুত আক্ৰমণ কৰে আৰু চিকাৰ কাঢ়ি লৈ যায়। 

কণামুছৰি (ইংৰাজী: Indian Pond Heron, বৈজ্ঞানিক নাম: Ardeola grayii) এবিধ বগলী (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই। ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰীলংকাত প্ৰজনন কৰা বুলি জনা যায়। সাধাৰণতে ৪০–৫০ চে.মি. (১৬–২০ ইঞ্চি) দীঘল হয়, পাখিৰ দৈৰ্ঘ্য ৮০–১০০ চে.মি.। 

প্ৰায় সকলো জলাশয়তে বা পুখুৰী আদিত ইয়াক দেখা যায়। উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ই সহজে চকুত পৰে, কিন্তু অন্য সময়ত অৰ্থাৎ খাদ্যৰ সন্ধানত চৰি থকা অৱস্থাত চাৰিওকাষৰ পৰিৱেশৰ সৈতে এনেদৰে মিলি থাকে (camouflage) যে একেবাৰে কাষ পালেও ইয়াক সহজে দেখা নাযায়। এইবাবেই জনমানসত এই প্ৰজাতিৰ চৰাইক কণা বুলি ধাৰণা কৰি ইয়াৰ নাম কণামুছৰি দিয়া হয়। 

কণামুছৰি চৰায়ে মাছ, পোক-পতংগ, আৰু উভচৰ প্ৰাণী খায়। ইহঁতে পতংগৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আৰু ইয়াৰ বাসস্থানৰ সামগ্ৰিক জৈৱ বৈচিত্ৰ্যত অৰিহণা যোগাই পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

কাম চৰাই (Grey Headed Swamphen): 

 

“কাম চৰাইৰ ৰঙা ঠোঁট 

তাতে দিলে সেন্দূৰৰ ফোঁট”

মেৰবিলৰ নাম শুনিছেনে? যদি এতিয়ালৈকে নাই শুনা তেন্তে কওঁ, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাচনি মৌজাৰ অন্তৰ্গত, বৃহত্তৰ চাচনি গাঁৱৰ মধ্যস্থলত অৱস্থিত এইখন এখন ভৰপূৰ জৈৱ বৈচিত্ৰ্যৰ চহকী জলাশয় যি নেকি প্ৰায় ১৫৫০ বিঘা মাটি আগুৰি আছে। এই মেৰবিলক কেন্দ্ৰ কৰি বহু কাহিনী, জনশ্ৰুতি আছে, তালৈ গ’লে স্থানীয় লোকৰ মুখত নিশ্চয় শুনিবলৈ পাব। কিন্তু আজিৰ বিষয় ৰঙা ঠোঁটৰ কাম চৰাইহে। গতিকে কৈ থওঁ, এই কাম চৰাই জাকে জাকে লগ পাব চাচনি মেৰবিলত। তাৰ বাহিৰেও কাম চৰাইক লগ কৰি আহিব পাৰে তিনিচুকীয়াৰ মটাপুং-মাগুৰী বিলত। অৱশ্যে মই এই দুখন বিলৰ নাম কৈছোঁ, কিন্তু অসমৰ প্ৰায়বোৰ জলাশয় বা বিলত কাম চৰাই দেখাৰ সৌভাগ্য হ’ব পাৰে। 

 

কামচৰাই (ইংৰাজী: Grey Headed Swamphen, বৈজ্ঞানিক নাম-Porphyrio poliocephalus) মধ্যপ্ৰাচ্য আৰু ভাৰত উপমহাদেশৰ পৰা দক্ষিণ চীন আৰু উত্তৰ থাইলেণ্ডলৈকে পোৱা এটা Rallidae পৰিয়ালৰ প্ৰজাতি। ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জ্বল নীলা-বেঙুনীয়া বৰণ আৰু ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়। 

কাম চৰাই জলাশয়, হ্ৰদ আদিৰ বাসিন্দা; সাধাৰণতে সৰু সৰু গোটত থাকে। প্ৰায়ে অনাড়ম্বৰভাৱে, বোকাময় পানীৰ প্ৰান্তত, নলত আৰু ভাসমান গছ-গছনিৰ ওপৰত খাদ্য গ্ৰহণ কৰে। ইহঁতে বেছিভাগেই সৰু সৰু উদ্ভিদ খায়, বিশেষকৈ অৰ্ধজলজ আৰু জলজ উদ্ভিদ যেনে নল আদি খায়। 

 

এই প্ৰজাতিটোৱে পানীৰ ধাৰৰ পৰা কেইফুটমান দূৰত ভাসমান গছ-গছনিৰ ওপৰত বা নল খাগৰিৰ মাজত বাহ সাজে। চৰাইৰ গোটবোৰে কেইবাটাও বাহ সাজি কণীৰ বাবে ভালদৰে লুকুৱাই থোৱা এটা বাহ ব্যৱহাৰ কৰিব পাৰে। 

 

যদিও IUCN ৰ তথ্য অনুসৰি কাম চৰাই সাংৰক্ষণিক ফালৰ পৰা সংকটমুক্ত তথাপি দ্ৰুত গতিত নগৰীকৰণৰ ফালে আগবঢ়া আমাৰ প্ৰাকৃতিক জলাশয় সমূহৰ ধ্বংসই এই মনোমোহা জীৱবিধৰ জীৱনৰ প্ৰতিও বিপন্নতা মাতি আনিব পাৰে আৰু এই বিষয়ত আমি সচেতন হোৱা উচিত। 

 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!