পাপা টেষ্ট, মম্মি টেষ্ট
লেখক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
চাওঁতে চাওঁতে ২০২৫ চনৰ আঠটা মাহ চকুৰ পলকতে পাৰ হৈ গ’ল। নতুন বছৰ উদযাপন, মাঘবিহু, শিৱৰাত্ৰী, ফাকুৱা, ৰমজান মাহ, বহাগ বিহু আৰু শেহতীয়া কৈ গণেশ পূজা আদি ভাৰতত একেৰাহে ইটোৰ পিছত সিটো উৎসৱ পাৰ্বন চলিয়েই থাকে। তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ পৰীক্ষা সমূহো আৰম্ভ হৈ শেষ হয়। সৰ্বত্ৰে এতিয়া ঢাকৰ সুৰ, পূজাৰ মন্ত্ৰ, প্ৰতিমা নিৰ্মাণৰ উখল মাখলে শাৰদীয় উৎসৱৰ আগমনিৰ বতৰাই ভক্তপ্ৰাণ লোকৰ মন প্ৰাণ পুনৰ ৰঙীন কৰি তুলিছে। পৰীক্ষা, আনন্দ, উৎসৱ আদিত মানুহ ব্যস্ত থকাৰ সময়তে শুনিবলৈ পাওঁ অসমৰ গাঁৱে ভূঞে বহুতো ল’ৰা-ছোৱালী বৰ্তমান ড্ৰাগছৰ কৱলত পৰি নিজৰ সোণোৱালী ভৱিষ্যত অন্ধকাৰৰ দিশে আগবঢ়াই লৈ গৈছে। বাতৰি কাকতত পঢ়িবলৈ পাওঁ অ’তবোৰ চৰকাৰী সা-সুবিধা, সৰ্বশিক্ষা, গুণোত্সৱ, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা থকাৰ পিছতো অসমত হেনো প্ৰাক প্ৰাথমিক পৰ্য্যায়ত বিদ্যালয় ত্যাগ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা শতকৰা ৬.০২ ভাগ। উচ্চ প্ৰাথমিক বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা শতকৰা ৮.৮২ ভাগ। বিষয়টো সঁচাকৈয়ে চিন্তনীয়। ইয়াৰোপৰি দেশত সঘনাই হৈ থকা হত্যা, ধৰ্ষণ, ঠগ প্ৰৱঞ্চনাৰ ঘটনাবোৰে যিকোনো চিন্তাশীল ব্যক্তিকে ভৱিষ্যত সম্পৰ্কে সন্দিহান কৰি তুলিবলৈ যথেষ্ট। ইয়াৰোপৰি আকৌ ভূতৰ ওপৰত দানহ পৰাদি ডাঙৰৰ পৰা শিশুলৈকে মোবাইল ফোনৰ অতিৰিক্ত আসক্তিৰ কথা নকলোৱেইবা। ‘ইজি মণি’ আৰু মুহূৰ্ততে জনাজাত হোৱাৰ লোভত পৰি বহু ছোৱালী, বোৱাৰীয়ে অন্য কৰিবলগীয়া কাম বাদ দি ৰীলচ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। বহুতে নতুন কনটেণ্ট ক্ৰিয়েট কৰাৰ নামত সামাজিক মূল্যবোধ, ৰুচিবোধ আদিক পদপিষ্ট কৰি মুঠতে আগুৱাই গৈ আছে। পথৰ শেষত কি? সেয়া ভাবিবলৈ কাৰো আহৰি নাই।
সহজ গ্লেমাৰাছ পৃথিৱীৰ প্ৰতি আকৰ্ষিত হোৱাটো মানুহৰ এক স্বাভাৱিক নিয়ম। কিন্তু শিক্ষাই আমাক শুদ্ধ-অশুদ্ধ বিচাৰ কৰিব পৰা শক্তি আৰু জ্ঞান প্ৰদান কৰে। ৰংচঙীয়া পৃথিৱীৰ চকু চাট মাৰি যোৱা প্ৰতিটো বস্তুৱেই যে উপকাৰী আৰু চিৰস্থায়ী নহয়, সেয়া জনাতো আৰু বহু বস্তুৰ মাজত ভাল কোনটো আৰু বেয়া কোনটো সেয়া বাচি উলিয়াব পৰাটো কিশোৰ আৰু সদ্যযৌৱন প্ৰাপ্ত সকলৰ বাবে আজিৰ যুগত এক বৃহৎ প্ৰত্যাহ্বান। তাতোকৈয়ো অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগাত পৰিছে সচেতন অভিভাৱক সকল। হাজাৰ বিজাৰ বিকল্পৰ মাজত কোনতো সন্তানৰ বাবে কৰণীয় আৰু কোনতো বৰ্জনীয় সেয়া সন্তানক আয়ত্ত কৰিবলৈ শিকোৱাৰ উপৰিও অভিভাৱকসকলে নিজেই নিজকো তুলাচনীত জুখি থাকিবলৈ বাধ্য হৈ পৰিছে। সন্তান সৰু হৈ থকালৈকে প্ৰতিটো বিষয় পিতৃ-মাতৃৰ চকুৰ সন্মুখত থাকে। কিন্তু পিছলৈ পঢ়া শুনা কৰিবলৈ ওলাই যোৱাৰ লগে লগে প্ৰতিদিনেই তেওঁলোকক অভিভাৱকে নিৰীক্ষণ কৰি থাকিব পৰাতো সম্ভৱ নহয়। সেই সময়ত সন্তানে নিজেই ভাল বেয়া বিচাৰ কৰি সিদ্ধান্ত ল’ব পৰাকৈ পৰিপক্ব হ’ব লাগিব। কিন্তু শুদ্ধ বিশ্লেষণ কৰিবলৈ শিকাব কিদৰে?
ইয়াৰ বাবে এটি অতি সুন্দৰ আৰু আকৰ্ষণীয় পদ্ধতি হৈছে পাপা টেষ্ট-মম্মি টেষ্ট। পাপা টেষ্ট-মম্মি টেষ্টত চাৰিটা ঢাপ আছে। এই টেষ্ট যে কেৱল সন্তানৰ বাবে উপযোগী তেনে নহয়। সকলোৰে বাবে এই টেষ্ট কামত অহা বিধৰ। সন্তান যিমানেই ডাঙৰ নহওক কিয়! মাক-দেউতাক জীয়াই থকালৈকে তেওঁলোকে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে মাক-দেউতাকৰ পৰামৰ্শ লোৱাতো বা জনোৱাতো আমাৰ ভাৰতীয় পৰম্পৰাত পৰে। মাক-দেউতাকে যিদৰে সন্তানৰ প্ৰতিতো বিচাৰ, আচৰণ, অনুভৱ তেওঁলোকে ব্যক্ত নকৰিলেও নিৰীক্ষণ কৰিয়েই অনুধাৱন কৰিব পাৰে, ঠিক সেইদৰে সন্তানেও পিতৃ মাতৃৰ মনোভাৱ সহজেই বুজিব পাৰে। এজন সন্তান যেতিয়া শিক্ষা বা উপাৰ্জন কৰাৰ অৰ্থে ঘৰৰ পৰা দূৰৈত থাকে বা তেওঁলোকৰ পিতৃ মাতৃৰ বিয়োগ হয় তেনে পৰিস্থিতিতো যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত উক্ত টেষ্ট অতি ফলপ্ৰসূ।
প্ৰথম ঢাপত ল’ৰা-ছোৱালীয়ে যিকোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ভাবিব লাগিব যে এই সিদ্ধান্তৰ বিষয়ে যদি তেওঁ দেউতাকক অৱগত কৰিলেহেঁতেন তেন্তে দেউতাকে কি পৰামৰ্শ দিলেহেঁতেন? এই সম্পৰ্কে গভীৰ বিশ্লেষণৰ অন্তত যদি তেওঁ ভাবে যে দেউতাকে তেওঁক কামটো কৰিবলৈ অনুমতি নিদিলেহেঁতেন তেন্তে তেওঁ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু সময় লোৱা উচিত।
দ্বিতীয় ঢাপত তেওঁ ভাবিব লাগিব যে এই ক্ষেত্ৰত তেওঁক তেওঁৰ মাকে অনুমতি দিলেহেঁতেন নে নাই? মাকৰ পৰাও যদি তেওঁ বিয়োগাত্মক উত্তৰ পায় তেন্তে তেওঁ সেই কামটোত আগবঢ়াৰ পৰা সম্পূৰ্ণ বিৰত থকা উচিত। দুয়োজনৰ বিয়োগাত্মক উত্তৰৰ অৰ্থ এয়ে যে সন্তানৰ বাবে এই কাম লাভজনক বা সুৰক্ষিত নহ’ব পাৰে।
আনহাতে তৃতীয় ঢাপত একেটা পৰিস্থিতিত যদি দেউতাক বা মাক যিকোনো এজনে সিদ্ধান্তটোৰ সপক্ষে আৰু আনজনে বিপক্ষে মতামত আগবঢ়াই তেন্তে সন্তানে আৰু অধিক গভীৰতাৰে বিষয়টো বিশ্লেষণ কৰি চাব লাগিব। মাকৰ যুক্তি আৰু দেউতাকৰ যুক্তিৰ মাজত কোনতো অধিক বাস্তৱধৰ্মী আৰু বিজ্ঞানসন্মত সেয়া বিচাৰ কৰি উলিয়াব পাৰিব লাগিব। শেষত যুক্তিৰ তুলাচনীত দুয়োজনৰ ভিতৰত যিজনৰে যুক্তিৰ ওজন বেছি হয়, তাৰ লগত নিজৰ বিচাৰ বুদ্ধি যোগ দি এক উচিত আৰু শুদ্ধ সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰিব লাগিব।
অন্তিমটো ঢাপ অতি গুৰুত্বপূৰ্ণ। এই ঢাপত শিশুৰ পৰা মধ্য বয়সৰ ব্যক্তিলৈকে সকলোৱে যিকোনো কাম কৰাৰ আগতে বিশ্লেষণ কৰি চাব লাগিব যে তেওঁলোকে কৰিবলৈ বিচৰা কামটোৰ বিষয়ে মাক-দেউতাকক স্পষ্টভাৱে জনোৱাৰ সাহস আছে নে নাই? যদি নাই তেন্তে সেই কাম নিশ্চয়কৈ ভাল কাম হ’ব নোৱাৰে বা সেই কামটোৰ সম্পৰ্কে তেওঁ নিজেই এশ শতাংশ নিশ্চিত নহয়।
পাপা টেষ্ট-মম্মি টেষ্টৰ অভ্যাস শিশুক সৰু অৱস্থাৰ পৰাই কৰোৱা উচিত। জীৱনৰ সৰু সৰু সিদ্ধান্তৰ পৰা ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণলৈকে শিশুৱে যাতে প্ৰথম পৰ্যায়তে এই টেষ্ট কৰি উপকৃত হ’ব পাৰে তাৰ বাবে চেষ্টা কৰা উচিত। সৰু অৱস্থাৰ পৰাই এটা চকলেট বা এপেকেট চিপছ খোৱা, মোবাইল ফোনত এটা গেম খেলা, পঢ়া টেবুলত সময়মতে বহা, লগৰীয়াৰ সৈতে কাজিয়া কৰা বা কথা বতৰাত অশ্লীল শব্দ ব্যৱহাৰ, অতিৰিক্ত খং আদি যিকোনো কামতে শিশুৰ পৰা বৃদ্ধলৈকে পাপাটেষ্ট -মম্মিটেষ্টৰ ফৰ্মূলা ব্যৱহাৰ কৰি নিজকে নিয়ন্ত্ৰিত কৰি জীৱনৰ সঠিক পথ প্ৰশস্ত কৰিব পাৰি।
আজিৰ শিশু ভৱিষ্যতৰ দেশৰ ধৰোহৰ। এসময়ত তেওঁলোকৰ হাততে দেশ তথা পৰম্পৰা ৰক্ষাৰ গুৰুভাৰ অৰ্পণ কৰিব লাগিব। গতিকে তেওঁলোকক উচিত শিক্ষাৰে শিক্ষিত কৰাতো প্ৰত্যেক পিতৃ মাতৃৰ দায়িত্ব।
