অসম জাতীয়তাবাদী চিন্তা-চৰ্চা তথা বিশ্লেষণ (প্রাণজিত শৰ্ম্মা)
জাতীয়তাবাদ বুলিলে প্ৰথম প্ৰশ্নটো আহে জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ মাজৰ সম্পৰ্ক, দুয়োৰে মাজত এক সম্পৰ্ক আছে যদিও জাতীয়তাবাদৰ ক্ষেত্ৰখন যথেষ্ঠ বহ’ল | জাতীয়তাবাদক বিভিন্ন দিশেৰে চাব পাৰি ঃ ভাষিক জাতীয়তাবাদ, অস্তিত্ব ৰক্ষা তথা আত্মনিয়ন্ত্ৰনৰ অধিকাৰৰ বাবে সৄষ্টি হোৱা জাতীয়তাবাদ, জাতীয়-অৰ্থনীতিৰ জাতীয়তাবাদ, সাংস্কৃতিক জাতীয়তাবাদ, ভূমি-ভাষা-সংস্কৄটি-অস্তিত্বক সুৰক্ষা দিয়াৰ জাতীয়তাবাদ, ৰাজনৈতিক তথা আঞ্চলিকতাবাদী জাতীয়তাবাদ ইত্যাদি | যিয়েই নহওক কিয়, জাতিতোৰ অস্তিত্ব, ভাষা, সংস্কৄটি, ঐতিহ্য, সমাজ ব্যবষ্ঠাক সুৰক্ষা দিয়া তথা উন্নয়নৰ বাবে কৰা সংগ্ৰাম, প্ৰচেষ্ঠা, চিন্তা-চৰ্চাৰ প্ৰতিফলনেই হৈছে জাতীয়তাবাদ |
গতিকে যিকোনো ৰাজনৈতিক তথা অৰ্থনৈতিক দৄষ্টিভঙ্গীৰ লোকেই জাতীয়তাবাদৰ অংশীদাৰ হ’ব পাৰে যদিহে তেওঁ নিজৰ জাতিতোক, ভাষা-সংস্কৄটি, সমাজ ব্যবষ্ঠাক ভাল পায়, তথা ইয়াৰ ৰক্ষা আৰু উন্নয়নৰ বাবে চিন্তা আৰু কাম কৰে | যিসকলে সমাজ, সংস্কৃটি, ভাষা আৰু জাতিতোৰ বাবে নিঃস্বাৰ্থ ভাবে কাম কৰি আছে তেওঁলোকেই জাতীয়তাবাদৰ মুল কাণ্ডাৰী |
এই খিনিতে এটা প্ৰশ্ন উঠে আঞ্চলিকতাবাদী ৰাজনীতিৰ পুনৰ উত্থান অবিহনে জাতীয়তাবাদ জীয়াই থাকিবনে, আনহাতে জাতীয়তাবাদক মুল তত্ব হিচাপে গ্ৰহন কৰি আগ নাবাহিলে আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোক জনসাধাৰণে আকোৱালি ল’ব জানো, দুয়োটাই বৄহত্ পৰিমানে যুত্তিসংগত সচাঁ কথা | এখন চৰ্কাৰে গ্ৰহন কৰা শৈক্ষিক, সামাজিক, অৰ্থনৈতিক তথা সাংস্কৄতিক সিদ্ধান্ত তথা নীতি সমুহে জাতীয়তাবাদক নিশ্ব্য় প্ৰভাব পেলাব, গতিকে জাতীয়তাবাদৰ বাবে আনুগাত্যশীল এনে এখন চৰকাৰ, যি জাতিতোৰ অস্তিত্বৰ প্ৰশ্নবোৰৰ লগত আপোচ নকৰে, তেনে এখন চৰকাৰ ৰাজ্যখনত থকাটো প্ৰয়োজনীয় |
কিন্ত বিভিন্ন জতি-জনগোষ্ঠীৰে গঠন হোৱা অসমীয় জাতিতো কৄষ্টি-সংস্কৄটি-ভাষা-ঐতিহ্য-সমাজ ব্যৱষ্ঠাৰে স্বয়ং সম্পুৰ্ণ আৰু জাতিতোৰ এক সুকীয়া বিশেষত্ব আছে, ইয়াৰ বাবেই আমাৰ মাজত এক জাতীয় দৄষ্টিভঙ্গী আৰু আবেগ আছে যি অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম, ভাষা সংগ্ৰাম, আত্মনিয়ন্ত্ৰনৰ সংগ্ৰাম আদিৰ ৰূপ লৈছে | গতিকে আমাৰ মাজত জাতিতোৰ প্ৰতি থকা সচেতনতাই জাতীয়বাদক জীয়াই ৰাখিব আৰু আহিব লগা প্ৰজন্মবোৰলৈও ইয়াক আগবঢাই লৈ যাব |
জাতীয়তাবাদ মাথো আমাৰ জনসাধাৰনৰ জাতিতোৰ প্ৰতি থকা ত্যাগ আৰু সচেতনতাৰ মনোভাৱৰ মাজতহে জীয়াই থাকিব | মনিপুৰৰ ইৰম শৰ্মিলা ছানোৱে ১১ বছৰ ধৰি অনশনত আছে AfSPA আইনখন আতৰাবলৈ | মনিপুৰৰে এজন যুবকে কিছু বছৰৰ আগতে আত্মজাহ দিছিল সেই একেটা দাবীতে | সৌ-সিদিনা এজন তিব্ব্তীয় যুবকে চীনা ৰাষ্ট্ৰপ্ৰতিৰ ভাৰত ভ্ৰমনৰ প্ৰতিবাদত নিজকে আত্ম্জাহ দিলে | অসম আন্দোলনত এজন শ্বহীদে নিজৰ বুকুত তেজেৰে লিখিছিল ” তেজ দিলেও তেল নিদিও ” | অসংখ্য যুবক জাতীতোৰ নামত শ্বহীদ হ’ল | তথাপিও যেন কিছু বছৰৰ পৰা আমাৰ মাজত জাতীতোৰ প্ৰতি থকা সচেনতা কমি আহিছে | মই ক’ব বিচৰা নাই যে আমাক আৰু শ্বহীদ লাগে, কিন্তু জাতিতোৰ অস্তিত্বৰ লগত জৰিত প্ৰশ্নবোৰক লৈ আপোচ কৰিব নোৱাৰি, আমি জাগ্ৰত, সচেতন আৰু সদায় জাতিতোৰ প্ৰহৰী হৈ থকিব লাগিব |
অসম নামৰ জাপিতোৰ তলত সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এখন ঐক্যবদ্ধ অসম গহিব লাগিব | তাৰ বাবে সকলো সংস্থা, সংগঠন, আৰু আমাৰ সকলোৰে কৰনীয় আছে | জনগোষ্ঠী সমুহক জাতীয় অৰ্থনীতি শক্তিশালী কৰি তেওলোকক সাংস্কৃটিক, সামাজিক ভাবে শক্তিশালী কৰি জাতিতোক প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিব লাগিব, আত্মনিয়ন্ত্ৰনৰ অধিকাৰ তেওলোককো দিব লাগিব, তেতিয়াহে বৰ অসম গঢা সম্ভব হ’ব |