অসম বুৰঞ্জীৰ কেইটিমান উল্লেখযোগ্য চৰিত্ৰ -জ্যোতিৰূপম দত্ত
বাদুলী ফুকন – মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত মোগলৰ ফলীয়া হৈ দেশদ্ৰোহিতাৰ আচৰণ কৰা বাদুলী ফুকন লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল৷ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত অসম আক্ৰমণ কৰা মোগলৰ সেনাপতি মিৰজুমলাক বাদুলী ফুকনে ৰজাকে ধৰি ঘাই ৰজাঘৰীয়া বিষয়াসকলক ধৰাই দিয়াৰ প্ৰস্তাৱ দিছিল৷ এই কাৰ্য্যৰ বিনিময়ত মোগলে বাদুলী ফুকনক গড়গাঁও আৰু নামৰূপৰ মাজৰ অংশটিৰ ‘ডেকাৰজা’ খিতাপ দিছিল৷ বাদুলী ফুকন আৰু ভায়েক মৌপিয়াই মোগলৰ ফলীয়া হৈ অসমীয়া সেনাৰ বিৰুদ্ধে যুদ্ধতো অৱতীৰ্ণ হৈছিল৷ মিৰজুমলাৰ সৈতে হোৱা সন্ধিৰ পাচত বাদুলী ফুকনে মোগল সৈন্যৰ সৈতে পা-পৰিয়াল সহিতে অসম এৰি গুচি যায়৷ পাছলৈ বাদুলী ফুকনক ঢাকাৰ কাষৰ পৰগনা এখনত সংস্থাপিত কৰা হয় বুলি জনা যায়৷
ডেবেৰা হাজৰিকা – ১৬৭১ চনত স্বৰ্গদেউ উদয়াদিত্য সিংহ বা চুন্যাৎফাৰ ৰাজত্বকালতেই মোগল সেনাপতি ৰামসিংহক বীৰ লাচিতে শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰে৷ এইজনা স্বৰ্গদেউকেই ১৬৭৩ চনত ডেবেৰা হাজৰিকা নামৰ এজন ৰাজবিষয়াই চক্ৰান্ত কৰি বিহ খুৱাই হত্যা কৰে৷ এই সময়চোৱাৰ পৰাই আহোম ৰাজবংশীয় লোক কোৱঁৰসকলক সকলক ‘অংগক্ষত’ কৰি সিংহাসনৰ পৰা বাৰণ কৰাৰ কলংকিত অধ্যায়টো আৰম্ভ হয়৷ উদয়াদিত্য সিংহক হত্যা কৰি ডেবেৰা হাজৰিকাই উদয়াদিত্য সিংহৰ ভাতৃ চুক্লাংফা বা ৰামধ্বজ সিংহক ৰাজপাটত বহুৱায় আৰু নিজে বৰবৰুৱা হয়৷ ৰামধ্বজ সিংহ নামতহে ৰজা আছিল, পিছে সেই সময়ত ৰাজ্যৰ সৰ্বেসৰ্বা আছিল এই ডেবেৰা বৰবৰুৱাহে৷ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সাধাৰণ প্ৰজাক নানা লাঞ্ছনা ভুগিবলৈ বাধ্য কৰোৱা এই ডেবেৰা বৰবৰুৱাক আতন বুঢ়াগোহাঁইৰ মন্ত্ৰণাত কৰায়ত্ব কৰি মৃত্যুদণ্ড প্ৰদান কৰা হয়৷
কালশিলীয়া গোহাঁই – ৰুদ্ৰসিংহ স্বৰ্গদেউৰ কনিষ্ঠ পুত্ৰ, যাক স্বয়ং ৰুদ্ৰসিংহ স্বৰ্গদেউকে আদি কৰি বেছিভাগেই অবৈধ সন্তান বুলি সন্দেহ কৰিছিল৷ তেওঁ প্ৰায় ৫৩ বছৰ বয়সত স্বৰ্গদেউ লক্ষ্মীসিংহ নাম লৈ শিঙৰী ঘৰত উঠি ৰাজকাৰ্য্যৰ গুৰুভাৰ কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক সঁপি দিছিল৷
জলমবটা – কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ বংশৰ পূৰ্বপুৰুষ এজনে জলমবটাৰ ঘৰত কাম কৰা নিমিত্তে চকৰী ফেঁটী বুৰঞ্জী প্ৰণেতা নুমলী বৰগোহাঁয়ে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ বংশ জলমবটা বুলি উল্লেখ কৰিছিল৷ তাতেই ক্ষুণ্ণ হৈ প্ৰতাপী কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই সেই যুগৰ অসংখ্য বুৰঞ্জী পুৰি পেলাইছিল৷
ৰাণী ফুলেশ্বৰী বা ‘বৰৰজা’ – স্বৰ্গদেউ শিৱসিংহৰ ৰাণী ফুলেশ্বৰী৷ দৈৱজ্ঞৰ কথামতে ৰজাৰ ছত্ৰভংগ যোগ পৰা বাবে ‘বৰৰজা’ উপাধি লৈ ৰাজপাটত উঠিছিল৷ ঘোৰ শাক্ত ৰাণী ফুলেশ্বৰীয়ে মোৱামৰীয়া মহন্তসকলক জোৰ কৰি বলিৰ ফোঁট দি দুৰ্গাপূজাৰ প্ৰসাদ খুৱাই মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কৰাৰ বাট মোকলাইছিল৷
ৰাঘৱ মৰাণ – আহোমৰ ৰজাৰ বিৰুদ্ধে হোৱা প্ৰথম বিদ্ৰোহ মোৱামৰীয়া বিদ্ৰোহৰ এগৰাকী সেনাপতি ৰাঘৱ মৰাণে স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰি নিজে বৰবৰুৱাৰ বাব লৈছিল আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ বিধবা পত্নী মণিপুৰী কুঁৱৰী কুৰঙ্গনয়নীক নিজৰ ভাৰ্যা কৰি লৈছিল৷ পিছে কুৰঙ্গনয়নী আইদেৱে চল কৰি বিহুৰ সেৱা লওতেই ৰাঘৱ মৰাণক দুচেও কৰি স্বৰ্গদেউ লক্ষ্মীসিংহক মুকলি কৰিছিল৷
ৰমাকান্ত – নাহৰখোৰা মৰাণৰ পুত্ৰ৷ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ ফলস্বৰূপে স্বৰ্গদেউ লক্ষ্মীসিংহক বন্দী কৰি কিছুদিনলৈ ৰজা হৈছিল৷
কেপ্টেইন ৱেলছ – দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই আমন্ত্ৰণ কৰি অনা ইংৰাজ বিষয়া৷ কেপ্টেইন ৱেলছে বিদ্ৰোহ দমন কৰি উভতিবৰ সময়ত ৰংপুৰৰ কাৰেংঘৰ লুৰুকি অনেক ধন সোণ লুটি লৈ যায়৷ আনকি জাতিটোক সামৰিক শক্তিক পৰ্য্যুদস্ত কৰি অসংখ্য যুদ্ধৰ সামগ্ৰী যেনে নাও, হিলৈ, বৰটোপ ইত্যাদি লুটি নিয়ে৷
সৎৰাম –চন্দ্ৰকান্ত সিংহৰ সৰুকালৰ খেলৰ লিগিৰা হিচাপে ৰাজকাৰেং গচকি পাচলৈ চাৰিঙীয়া ফুকনৰ বাব পোৱা সৎৰাম যি পাচলৈ অসমৰ ৰাজমন্ত্ৰী পুৰ্ণানন্দ বুঢ়াগোহাঁইৰ হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল৷
পিজৌ আইদেউ – বদন বৰফুকনৰ জীয়েক পিজৌ আইদেউক পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বোৱাৰী আছিল৷ সম্বন্ধত বিয়ৈ হলেও পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে বদন বৰফুকনৰ সংঘাত হৈছিল৷ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত থকাৰ বিষয়ে সম্ভেদ পাই গুৱাহাটীত বাহৰ পাতি থকা বদন বৰফুকণক বন্দী কৰিবলৈ বুঢ়াগোহাঁইৰ এটা দল পঠিওৱাৰ যো-জা কৰে৷ পিছে বুঢ়াগোহাঁইৰ বোৱাৰীয়েক পিজৌ আইদেৱে বদন বৰফুকণক আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ ফলস্বৰূপে বদন বৰফুকনে পলাবলৈ সক্ষম হয়৷ এই ঘটনাৰ ফলস্বৰূপে বদন বৰফুকনে ব্ৰহ্মদেশলৈ পলাই গৈ মানসেনাৰ সহায় বিচাৰে৷
ৰঙিলী কুঁৱৰী – ৰঙিলী কুঁৱৰী ব্ৰহ্মদেশৰ ৰজাৰ কুঁৱৰীসকলৰ এগৰাকী অন্যতম কুঁৱৰী আছিল৷ বদন বৰফুকনে ব্ৰহ্মদেশলৈ পলাই গৈ সম্বন্ধত বদন বৰফুকনৰ সম্বন্ধীয়া তথা ব্ৰহ্মদেশৰ ৰজাৰ কুঁৱৰী ৰঙিলী কুঁৱৰীক নিজৰ দুখ-দুৰ্দশাৰ কথা সজাই-পৰাই কৈ ব্ৰহ্মদেশৰ ৰজাৰ পৰা সামৰিক সাহায্য বিচাৰে৷ ৰঙিলী কুঁৱৰীয়েও দেশদ্ৰোহী বদনৰ কথাত বিশ্বাস কৰি ব্ৰহ্মদেশৰ ৰজাক বদন বৰফুকনক সামৰিক সাহায্যৰ বাবে মান্তি কৰায়৷ এই মৰ্মেই অসম আক্ৰমণ কৰিবলৈ প্ৰায় ১৮১৬ চনৰ শেষৰফালে মানসেনাৰ এটা বৃহৎ দল আহি অসম আক্ৰমণ কৰে৷ সেয়াই আছিল মানৰ প্ৰথম অসম আক্ৰমণ৷
ৰূপচিং চিপাদাৰ – বদন বৰফুকনে মাতি অনা মানসেনাৰ ভয়াবহ আক্ৰমণত অসমীয়া সেনাৰ পৰাজয় হয় আৰু এই যুদ্ধৰ সময়তেই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়৷ বহুতৰে মতে পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কালহীৰা চেলেকি আত্মহত্যা কৰে৷ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছত বদনচন্দ্ৰই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ফলীয়া লোক সকলক কৰা অত্যাচাৰে চৰমসীমা পায়গৈ৷ এই বাবেই ৰাজমাওৱে বিষয়াবৰ্গৰ সৈতে আলচ কৰি ৰূপচিং চিপাদাৰ নামৰ এজন চিপাহীৰ হতুৱাই বদনচন্দ্ৰক হত্যা কৰে৷
——————————
প্ৰসংগ পুথি:
১. সংক্ষিপ্ত অসম বুৰঞ্জীকোষ – শান্তনু কৌশিক বৰুৱা
২.বুৰঞ্জীয়ে পৰশা ৰংপুৰ
৩.Atan Burhagohain and his times – Suryya Kumar Bhuyan