অসম সন্মিলনলৈ গৈছিলো (২):(ভাস্কৰ মজুমদাৰ)
ভিতৰলৈ সোমাই গৈ দেখিলো যে আয়োজন বৰ বিশাল। সকলোকে একোটা উপহাৰৰ টোপোলাৰে আঁদৰিছে। টোপোলাটোত আছে ঐকতান নামৰ এখন স্মৰণিকা পুথি, কাৰ্য্যসূচী, সন্মিলনৰ logo থকা এটা কাপ আৰু তাৰ ভিতৰত ধুনিয়াকৈ বন্ধা অসমৰ চাহপাত এটোপোলা। আমাৰ দাদা আয়োজক সমিতিৰ সহকাৰী সম্পাদক হোৱা বাবে আমিও আঁদৰণিৰ লগতে আন আন কামত অলপ লাগিবলৈ পালো। বহুতো চিনাকি মানুহ লগ পালো, বহুতৰ লগত চিনাকি হ’লো। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা Champions of Change পুৰষ্কাৰ প্ৰাপ্ত উদিয়মান যুব entrepreneur তথা চাত্ৰ ঋদ্ধিমান দাসো আহিছিল। অসমৰ পৰা ফুৰিবলৈ অহা বহুতৰ পৰিয়ালৰ মানুহকো লগ পালো। আমাৰ এসময়ৰ শিক্ষাগুৰু কুলেন্দু পাঠক আৰু সত্যেন কুমাৰ চৌধুৰী চাৰো তেনেদৰে আহিছিল।
প্ৰথম নিশাৰ নাম দিয়া হৈছিল চিনাকি নিশা। আঠ মান বজাত অনুষ্ঠান আৰম্ভ হ’ল। আমেৰিকাত কেইবা দশক ধৰি থকা বহুতেই কলে কেনেদৰে এই সন্মিলন আৰম্ভ হ’ল, কেনেদৰে আজিৰ ৰূপ পালেহি। বহুতো নাচ-গান পৰিবেশন কৰা হ’ল। অসমৰ পৰা অহা অতিথি শিল্পীসকলক আঁদৰণি জনোৱা হ’ল-গায়ক সীমান্ত শেখৰ, গায়িকা প্ৰাৰ্থনা চৌধুৰী, সত্ৰিয়া নৃত্যৰ বিষেশজ্ঞা মল্লিকা কন্দলি। লগতে আছিল News Live পৰা অহা অনুপম চক্ৰবৰ্তী আৰু এলবাৰ্ট। মাজে মাজে লাড়ু-পিঠা, চাহ আদি চলি থাকিল। আয়োজক সকলে ঘৰে ঘৰে সেইবোৰ বনাই আনিছিল। অনুষ্ঠানৰ পিছত আছিল অনুপম চক্ৰবৰ্তীৰ আড্ডা। আমি পিচে তাত ভাগ নল’লো, চাৰে এঘাৰ মান বজাত ঘৰলৈ গৈ শুই থাকিলো। দ্বিতীয় দিনা (৫ জুলাই)ৰাতিপুৱাৰ ভাগত আমেৰিকাৰ অসমীয়া সংগঠন কেইটাৰ বৈঠক হৈছিল। মূল অনুষ্ঠান আৰম্ভ হ’ল দুই মান বজাত। প্ৰথমতে ভাৰত আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হ’ল। ভুপেন হাজৰিকাৰ ফটোত মাল্যৰ্পন কৰি তেওঁক সোঁৱৰা হ’ল। ভুপেনদাৰ পুত্ৰ তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়ালো আহিছিল। সেইদিনা সৰু ল’ৰা ছোৱালীৰ গীত মাতৰ প্ৰতিযোগীতা আছিল। প্ৰতিযোগীতা বুলি কৈছো হে, আচলতে সকলোকে কিবা এটা কৰিবলৈ সুযোগ দিয়া হৈছিল আৰু সকলোকে পুৰষ্কাৰ দিছিল। আমেৰিকাতে জন্ম হোৱা আৰু ইয়াৰ পৰিবেশতে ডাঙৰ দীঘল হৈ থকা অকনমাণিবোৰৰ নাচ-গানবোৰ সঁচাই চাবলগিয়া হৈছিল। কোনোবাই আকৌ গিটাৰ, তবলা আদি বজালে, কোনোবাই অসমীয়া, হিন্দী, ইংৰাজী গানো গালে।
সেইদিনাৰ আন এটা আকৰ্ষণ আছিল সমবেত সংগীত প্ৰতিযোগীতা। এইটো অবশ্যে সঁচাকৈয়ে প্ৰতিযোগীতা আছিল, মানে এটা দলহে জিকিব। বিভিন্ন ঠাইৰ দলবোৰে বহুদিনৰ পৰাই আখৰা কৰি আছিল। মই আৰু মোৰ পৰিবাৰেও আমাৰ কলম্বাছৰ দলটোৰ লগত এমাহমানৰ পৰা লাগি আছিলো। আমাৰ পাল পৰিল দুই নম্বৰত। আমি “মোৰে ভাৰতৰে মোৰে সপোনৰে” জ্যোতি সংগীতটো গালো। সকলোৱে ক’লে আমাৰ বোলে বৰ ভাল হৈছে, জিকিব লাগে। আমিও তেনেদৰেই ভাবি আছিলো, যেতিয়ালৈ মিনিচ’টাৰ (Minnesota) দলটোৱে গোৱা নাছিল। তেওঁলোকে “নাহৰ ফুলে নুশুৱায়” ৰাভা সংগীতটো ইমান ধুনিয়াকৈ গালে যে সকলোৱে একমুখে তেওঁলোকক শ্ৰেষ্ঠ বুলি ক’লে। বিচাৰকসকলেও একেই সিদ্ধান্ত ল’লে।
খোৱাৰ বাবে পঞ্জীয়ণ কৰি থোৱা সকলৰ বাবে সেইদিনা সন্ধিয়াৰ পৰা তাত দিয়া হৈছিল। সেইদিনাৰ সাঁজত Chinese দিলে। ইয়াত সাত-আঠমান বজাতে ৰাতিৰ আহাৰ খোৱা হয়। পৰিবেশন বৰ ধুনীয়া আছিল। পেট ভৰাই খাই লৈ এইবাৰ সন্ধিয়াৰ অনুষ্ঠান চাবলৈ বহিলো। স্থানীয় আৰু আন ঠাইৰ শিল্পীসকলে বিহু, হুচঁৰি গালে, বলিউড আৰু শাস্ত্ৰীয় নৃত্য কৰিলে। কোনোবাই পাশ্চাত্য নাচ গানো কৰিলে। সমীৰ বৰুৱা নামৰ প্ৰবাসী অসমীয়া ডেকাজনে ডিট্ৰইটৰ স্থানীয় বেন্ড এটাৰ লগত পৰিবেশন কৰা Motown music মোৰ বৰ ভাল লাগিল। আমি মাজতে এবাৰ হোটেলতে থকা বাৰ খনলৈ গলো। তাত long island iced tea cocktail এগিলাছ লৈ বহিলো। বাৰখন সেইদিনা অসম সন্মিলনলৈ অহা মানুহেৰেই ভৰি আছিল। বহুতৰ লগত কথা পাতিলো, বহু কথা জানিলো। ৪০-৫০ বছৰতকৈও বেছিদিন ধৰি আমেৰিকা আৰু কানাডাত থকা অসমীয়া পৰিয়ালো বহুত পালো। আড্ডাটো বেচ জমি উঠিছিল।অলপ পিছত সাংস্কৃতিক অনুষ্ঠান চাবলৈ উভতি আহিলো। মাজে মাজে লাড়ু-পিঠা, নিমকি, কেক আদি আহিয়ে থাকিল। আয়োজক সকলৰ কষ্ট স্বীকাৰ কৰিব লাগিব। দিন-ৰাতি একাকাৰ কৰি লাগি আছিল। মোৰ দাদাকো সেইকেইদিন চাৰি ঘন্টামানহে শোৱা দেখিলো। ইতিমধ্যে অতিথি শিল্পীসকলৰ অনুষ্ঠান আৰম্ভ হৈছিল। সেইদিনা অৱশ্যে অলপ সময়ৰ বাবেহে পৰিবেশন কৰিলে, তেওঁলোকৰ মূল অনুষ্ঠান শেষৰ দিনা আছিল। মল্লিকা কন্দলিৰ সত্ৰীয়া নাচৰ পিছত প্ৰাৰ্থনা চৌধুৰীৰ গান। বিভিন্ন ন-পুৰনি গান কেইটামান গোৱাৰ পিছত বিহু আৰম্ভ কৰিলে। আৰু বহি থাকিব নোৱাৰিলো, মঞ্চৰ ওচৰত নাচি থকা সকলৰ লগত লাগি গলো। তাৰ পিছত সীমান্তই গালে, আমাৰ নাচো জোৰদাৰ ভাবে চলি থাকিল। পিচে ওস্তাদৰ খেল শেষ ৰাতি বুলি যে কয় আমাৰো সেয়ে হ’ল, আৰম্ভ হ’ল DJ Night। এইবাৰ কোনে পায়;, ভাগৰি নোযোৱালৈকে গান বাজি থাকিল, আমাৰ নাচ চলি থাকিল। তিনি-চাৰি বছৰৰ ল’ৰা ছোৱালীৰ পৰা সত্তৰ-আশী বছৰীয়া ককা আইতালৈ কোনো বহি থকা নাই।পুৱতি নিশালৈ নাচি বাগি তিনি মান বজাত ভাগৰে জোগৰে আহি শুই থাকিলো।
শেষ আংশ আগলৈ….
Nice…