অসহায় অসমীয়াৰ কবিতা – ড° মনোজ কুমাৰ ডেকা
(এক)
সময় টুটি আহিছে খাৰখোৱা
সাৰ পাবি কেতিয়া?
অই খাৰখোৱা
তই ভয় কৰিছ কাক?
এই মাটি তোৰ
এই নদী তোৰ
এই দেশ তোৰ
তই ভয় কৰিছ কাক?
সীমা ভাঙি সোমাই অহা চোৰক!
নিজৰ দেশৰ পৰা পলাই অহা ভগনীয়াৰ জাতক!
শিক্ষাই ঢুকি নোপোৱা ধৰ্মান্ধ তালিবানক!
অই খাৰখোৱা
তোৰ ঘৰত সোমাই তোকে গতা দিব খোজা ডকাইতক
তই ওলোটাই ধৰ
নধৰ কিয়?
বাদ দে’ তোৰ সহোদৰ অসভ্য কুমাৰৰ কথা
বাদ দে’ বুদ্ধিজীৱী বুদ্ধিজীৱী গোন্ধোৱা কোনাবা ময়ূৰৰ বিশ্বাসঘাটকতা
যাব দে এই দুৰ্দিন
বহাগত লবি পন – হিচাপ লবি পিছত বিশ্বাসঘাটক সহোদৰৰ
এতিয়া তই টঙালি বান্ধ
এতিয়া চকু ৰঙা কৰি গুজুৰি উঠ
এতিয়া ওলাই আহ
এতিয়া ওলাই আহ
এতিয়াই বাধা দে সৰ্বতোপ্ৰকাৰে
সৰ্ব শকতিৰে
ধৰ বাঙালক ধৰ
ধৰ বাঙালক ধৰ
অই খাৰখোৱা
ভয় তোক কৰিব লাগিব
তই নহয়!
( দুই )
অই অবৈধৰ জাত
লজ্জা নালাগে – অইনৰ ঘৰলৈ আহি দখল ধৰিবলৈ
লজ্জা নালাগে – নিজৰ ঘৰৰ পৰা গতা খাই আহি বেলেগৰ ঘৰত হামলা দিবলৈ
লজ্জা নালাগে চাল্লা বেইমানৰ জাত
ডি ভোটাৰ নহ’বিনো কিয়?
নিজে আহি নিগাজি হবি
তাতো তোৰ ভোক নপলায়
আকৌ আনিবি
আকৌ আনিবি
চুচুৰিয়াই চুচুৰিয়াই
কাঁটা তাঁৰৰ তলেৰে
ভুতভুতিৰ বাহাদুৰিৰে
আহিয়ে গঢ়িবি বস্তি
আহিয়ে গোটাই লবি নথি
আইনে ধৰিলে ক’বি – কিয় ধৰিলি কিয় ধৰিলি
সাৱধান সাৱধান আমাক নধৰিবি
আল জাজিৰা আছে
মধ্যপ্ৰাচ্য আছে
আৰু আছে আমালৈ ৰাজনীতিকৰ দৰদ
অসভ্য কুমাৰৰ দৰদ
হাজাৰ ময়ূৰৰ সমৰ্থন
নহয়নে অবৈধ সকল!
(তিনি)
সমগ্ৰ পৃথিৱীয়ে মানে জন্ম নিয়ন্ত্ৰণ
অসমীয়া ইছলামেও মানে
তঁহতে নামান কিয়?
☆ ★ ☆