‘অহেতুক’ চালো (প্রশান্ত কুমাৰ বৰা)
‘অহেতুক’ চালো : প্রশান্ত কুমাৰ বৰা
“সূৰ্য্য উদয় কৰি হিমালয়/নদী জানো বয় অহেতুক/
সিক্ত হৃদয় অথবা প্ৰণয়/অনুভূতি জানো অহেতুক/
প্ৰাপ্য যদি নায্য নহয়/অধিকাৰ জানো অহেতুক/
ৰিক্ত সময় প্ৰতিবাদী হয়/এই দাবী জানো অহেতুক…”
টকাৰে প্ৰায়বোৰ বস্তু কিনিব পাৰি, কিন্তু সকলো নোৱাৰি। ভোগবাদী সমাজৰ পৰিচায়ক হিচাপে চিহ্নিত কৰি নতুন প্ৰজন্মৰ আশা-আকাংক্ষা, দায়িত্ববোধ-কৰ্তব্যবোধ, আৱেগ-অনুভূতিক সদায় আণ্ডাৰ এষ্টিমেট কৰি থাকিব নোৱাৰি। সময় এদিন সজাগ হ’বই। শুই থকা মানুহবোৰ এদিন জাগিবই। সকলো বস্তু, সকলো কথা সকলো সময়তে অহেতুক বুলি উৰুৱাই দিব নোৱাৰি।
‘অহেতুক’ চালো। পূৰ্বৰ সুস্বাদৰ অভিজ্ঞতাৰে বাণী দাসৰ ছবিৰপৰা অলপ বেছিয়েই আশা কৰিছিলো। নিৰাশ নহ’লো। বহুত দিনৰ মূৰত এখন সৰ্বাংগসুন্দৰ পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি চালো। পৰিচালক-প্ৰযোজককে প্ৰমুখ্য কৰি ছবিখনৰ লগত নামী-বেনামী জড়িত প্ৰতিগৰাকী কলা-কুশলীলৈকে আন্তৰিক ধন্যবাদ – ‘অহেতুক’ৰ ৰূপত নৱবৰ্ষৰ আটাইতকৈ সুন্দৰ উপহাৰ এটা দিয়াৰ বাবে।
যিবোৰ নেতিবাচক দিশৰ বাবে অসমীয়া ছবি চাবৰ বাবে চিত্ৰগৃহলৈ মানুহ নোযোৱা হৈছে, আমাৰ দৃঢ় বিশ্বাস – ‘অহেতুক’ৰ দৰে ছবি সঘনাই ওলালে সেই কাৰণবোৰ নোহোৱা হ’ব। এটাও অপ্ৰয়োজনীয় সংলাপ নোহোৱাকৈ, অতিনাটকীয়তা বৰ্জন কৰি, সংলাপ আৰু কাহিনী প্ৰক্ষেপনৰ জড়তা দূৰ কৰি সম্পূৰ্ণ সময় ধৰি চিত্ৰগৃহত দৰ্শকক ধৰি ৰাখিব পৰা অসমীয়া ছবি সাম্প্ৰতিক সময়ত খুব কমেই ওলাইছে। ‘অহেতুকে’ এইবোৰ অতিক্ৰম কৰি এক নতুন আশাৰ সঞ্চাৰ কৰিছে। পৰিচালকৰ নিপুণতাৰ পৰশে এটা গতানুগতিক কাহিনীকে সকলোৰে গ্ৰহণযোগ্যকৈ ইমান সৰ্পিলভাৱে উপস্থাপন কৰাইছে যে এক মুহুৰ্তৰ বাবেও দৰ্শকে তাৰ মায়াজালৰ পৰা ওলাই যোৱাৰ সুযোগ নাপায়।
অভিনয়ৰ দিশৰপৰাও ‘অহেতুক’-এ যথেষ্ট সফলতা আৰ্জিছে। নৱাগতা অমৃতা গগৈ আৰু গুঞ্জন ভৰদ্বাজকে ধৰি সৰু-বৰ চৰিত্ৰত অভিনয় কৰা প্ৰতিগৰাকী শিল্পীৰে অভিনয় যথেষ্ট মনপৰশা হৈছে। হিয়া চুই যোৱা আৱহ- সংগীতে ছবিখনৰ মান বহু ওপৰলৈ তুলিছে। ছবিখনৰ গীত কেইটাও অতি শুৱলা। বিশেষকৈ জুবিনৰ কণ্ঠৰ ‘অহেতুক’ শীৰ্ষক শীৰ্ষ সংগীতটি আৰু পম্পী গগৈৰ কণ্ঠৰ ‘মেঘৰ জলঙা’ শীৰ্ষক গীতটিয়ে বুকু জুৰ পেলাই গৈছে। কাহিনী, চিত্ৰনাট্য, সংলাপ, চিত্ৰগ্ৰহণ, শব্দ, পোহৰ আদি সকলো কামেই নিখুঁত ৰূপত ধৰা দিছে ‘অহেতুক’ৰ মাজত।
সচেতন দৰ্শক আৰু চিত্ৰ-সমালোচকৰ চকুত হয়তু ছবিখনৰ নেতিবাচক দিশ যদি কিবা আছে, সেয়া ধৰা পৰিব – কিন্তু আমাৰ দৰে এজন সাধাৰণ দৰ্শকে ‘অহেতুক’ৰ পৰা মনে বিচৰা সকলোখিনিয়ে পাইছে। মোৰ দৃষ্টিত ‘অহেতুক’ৰ আটাইতকৈ ডাঙৰ সফলতা হৈছে ইয়েই যে এই ছবিখন চোৱাৰ পাছত অসমীয়া ছবি চাবলৈ মানুহৰ আকৌ মন যোৱা হ’ব। মই, মোৰ পত্নী আৰু মোৰ ঘনিষ্ঠ কেইগৰাকীমান বন্ধু-বান্ধৱীৰ ব্যক্তিগত অনুভৱৰ আঁত ধৰি এই কথা মই জোৰ দি ক’বলৈ সাহ কৰিব পাৰিছো।