অ’হোহো মহোহো (দীপুল হালৈ)

হোহো মহোহো

দীপুল হালৈ


অ’হোহো মহোহো
মহ খেইদ্বা জাঙ‍ জৌ
মহে বুলে মইজল্লু দে

টেপৰ মূৰা খালু দে
টেপৰিত নহ’ল দূন
চাউল দিয়ে দূন দূন
এন্থোৰ ঘৰ লৰি ছৰি
লৰি ছৰি জাঙটে
সোনাৰ লৰু পাঙটে
সোনাৰ লৰু ৰূপাৰ হ’ল
ভাল ভুল্কা খেইদ্বা ভাল…

___ এইয়া “মহোহো গীত|” আমি মহোহো খেদিছিলোঁ আঘোণৰ পূৰ্ণিমাৰ ফৰিঙ ফুটা জোনাকত(আজি) গাঁৱৰ গৃহস্থৰ চোঁতালে চোঁতালে | ই নামনি অসমত প্ৰচলিত মহ খেদা এক উত্সৱ | লগৰীয়া সমনীয়া ৬/৭ জন মান মিলি আমি ম’হ খেদিবলৈ ওলাই গৈছিলোঁ | হাতত একোডাল লাঠি আৰু পিন্ধনত হাত দীঘল চোলা পেন্ট বা গামোছা আৰু যাৰ চুৱেটাৰ আছে সি ছুৱেটাৰ পিন্ধিছিল; বাকীবোৰে গাত একোখন কাপোৰ লৈ গৈছিল | ওপৰোক্ত গীত গাই গাই আমি মহ খেদিছিলোঁ | এজনে তাৰ লাঠিডাল হেলনীয়াকৈ চোঁতালত ধৰি থাকিছিল আৰু দলৰ আন কেইজনে তাত কোবাই কোবাই চক্ৰাকাৰে ঘুৰিছিল গীত গাই গাই | গৃহস্থই লেম-চাকি লৈ হাস্যবদনে মহোহো গীত শুনিছিল আৰু চাইছিল | গীত শেষ হোৱাৰ পাছত গৃহস্থীয়ে আশীৰ্বাদ লৈ আমাক মাননি হিচাপে চাউল দিছিল | আমি চাউল ল’বলৈ দুখন মোনা লৈ গৈছিলোঁ – এখন আৰৈ চাউলৰ বাবে আৰু আন খন উহুৱা চাউল ল’বলৈ | গোটেই গাঁওখনত এঘৰো মানুহ বাদ নিদিয়াকৈ আমি মহোহো খেদিছিলোঁ | বেছ ফূৰ্তিৰে আমি এই উত্সৱ পালন কৰিছিলোঁ | পাছত গোট খোৱা চাউল বেচি আমি এটা খানাৰ যোগাৰ কৰিছিলোঁ | এই ভোজটো দলৰ কোনো এঘৰত ৰাতি হৈছিল | ডাঙৰ এজনে আমাক ৰান্ধি বাঢ়ি দিছিল | সিদিনা আমাৰ মহাফূৰ্তি | খানাটোৰ কাৰণে সাধাৰণতে মাছ, মাংস অনা হৈছিল | মাংসৰ ভিতৰত পাৰ বা হাঁহ অনা মনত পৰে | আজিও ল’ৰালি দিনৰ এই উত্সৱটোলৈ মনত পৰিলে এক আনন্দৰে মনতো ভৰি পৰে |

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!