অৰণ্যৰ কথা — অভিজিত দত্ত

মোৰ দৰে আপোনালোকেও নিশ্চয় অৰণ্য ভ্ৰমণ কৰি পাইছে। হয়তো এটা বা দুটা নিশা অৰণ্যত যাপন কৰি আপুনি আনন্দত আত্মহাৰা হৈ পৰিছে। নেটৱৰ্কৰ অভাৱত আপোনাৰ জেপত থকা মবাইল ফ’নটোৱে মাত এটাও মাতিব পৰা নাই। আচৰিতভাবে সি নিশ্চুপ হৈ পৰিছে। হয়তো নিশা জিলিৰ মাতত আপুনি থকা ঠাইটুকুৰাৰ আশে পাশে এক ৰহস্যময় পৰিবেশৰ সৃষ্টি হৈছে। এটা নিজম নিজম পৰিবেশে আপোনাক লাহে লাহে নিজৰ কৰি লৈছে।

হ’য়, এনে এটা অভিজ্ঞতাৰ ওপৰতেই এই লেখাটি প্ৰস্তুত কৰি তোলা হৈছে।

সেইয়া ২০১২ চনৰ জানুৱাৰী মাহ। মোৰ নলেগলে লগা বন্ধু নৱ, ৰাতুল, নিপু আদিয়ে প্ৰায়েই ‘ট্ৰেকিং’লৈ যায়। এইবাৰ সিহঁতে মোকো লগ ধৰিলে। আগপিছ নুগুনি ময়ো যাম বুলি কলোঁ।

সেইয়া জানুৱাৰী মাহৰ সোতৰ তাৰিখ। আমি যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ সতে ওলাল মোৰ ভাতৃসম বন্ধু দিগন্ত। আমাৰ সতে একেলগে অধ্যয়ন কৰা আৰু বৰ্তমান চিকিৎসা সেৱাত নিয়োজিত হিৰণ সেই গোটটোৰ সদস্য হ’ল। আমাৰ যাত্ৰা আৰম্ভ হ’ল।

আবেলিলৈ আমি তুৰা নামৰ ঠাইটুকুৰা পালোঁ। তাৰ পিছতেই ভাৰত-বাংলাদেশ সীমান্ত। আমি সেই ঠাই পাৰ হলোঁ। আমাৰ গন্তব্য স্থল বালপাক্ৰাম অভয়াৰণ্য পাবলৈ আৰু অলপদূৰ আছে। আমাৰ ম’বাইল ফ’নবোৰত তেতিয়া নেটৱৰ্ক নোহোৱা হৈছে। অৰ্থাৎ বৰ্হিবিশ্বৰ লগত আমাৰ যোগাযোগ নোহোৱা হৈ পৰিছে।

বালপাক্ৰাম পোৱালৈ সাত মান বাজিল। আমি অভয়াৰণ্যখনৰ অতিথিগৃহত প্ৰবেশ কৰিলোঁ। ইতিমধ্যে আমাৰ লগৰ ৰাতুলে চিলংৰ জনপ্ৰিয় বাতৰি কাকত এখনত কৰ্মৰত হোৱাৰ সুবাদত আগতেই সকলো ঠিক কৰি থৈছিল। অতিথিগৃহত থকা, পিছদিনাখন অভয়াৰণ্য ভ্ৰমণ কৰা আদি সকলো বিষয় ৰাতুলে নিৰ্ধাৰণ কৰা হিচাপে আগবাঢ়িল।

অতিথিশালাৰ ওচৰতে ৰখীয়া এজন থাকে। তাৰ পৰা সেই অতিথিশালাটো পাবলৈ দুই মিনিটমান লাগে। এঢলীয়া পথটোৰে নামি গৈ আকৌ অলপদূৰ উঠিলেই অতিথিশালাটো পায়। আমাক ৰখীয়াজনে সকলোখিনি দেখুৱাই দিলে। পাকঘৰটোত জুহাল দেখি আমাৰ লগৰ নিপুৰ গা উঠিল। সি বোলে নিশা আমাক ভাত ৰান্ধি খুৱাব। ৰখীয়াজনে তাৰ কথাত ভালেই পালে। আমাক লাগতিয়াল ৰচদ আদি দি তেওঁ নিজৰ কোঠাত সোমাল।

ঠাইখিনি গছ-বনে আগুৰি আছে। এটা লাইট আছে যদিও পথটোত সেই লাইট যথেষ্ট নহ’য়। আমি আন্ধাৰৰ ফালে চাই পাকঘৰটোত আড্ডা মাৰি সময় কটাবলৈ ললোঁ। ৰাতুলে মাজতে ৰখীয়াৰ ঘৰৰ পৰা কণী কেইটামান সংগ্ৰহ কৰি ললে।

ইতিমধ্যে আমি ৰখীয়াজনৰ পৰা কথা এটা গম পালোঁ। আমি থকা অতিথিশালাটোৰ তলতেই নিজৰা এটা আছে। তাত বোলে নিশা বনৰীয়া জীৱ-জন্তুৱে পানী খাবলৈ আহে। ৰখীয়াজনৰ কথা পাগুলি থকাৰ সময়তেই হঠাৎ হিৰণে এটা প্ৰস্তাৱ আগবঢ়ালে।

”ব’ল, আৰু অলপ নিশা হলে আমি নিজৰাৰ পাৰলৈ যাওঁ।”

আমাৰ সেই সময়ত কি হ’ল নাজানো। আমি সকলোৱে তাৰ কথাত হয়ভৰ জনালোঁ। হয়তো তেতিয়া নিশা ন বাজিছে। আমি সন্তৰ্পণে অতিথিশালাটো অৱস্থান কৰা পাহাৰখনৰ পৰা লাহে লাহে তললৈ নামিলো। হিৰণৰ হাতত এটা শক্তিশালী টৰ্চ লাইট। নিপু, মোৰ, দিগন্ত, নৱ আৰু ৰাতুলৰ হাতত একোডাল বাঁহৰ লাখুটি।

আমি বেছ কিছুদূৰ সন্তৰ্পণে নামি এসময়ত নিজৰাৰ ওপৰত থকা গছ এডালৰ ঠেঙুলিত অৱস্থান কৰিলোঁ। এঢলীয়া পাহাৰত থকা গছডালত উঠিবলৈ আমাৰ বৰ বিশেষ কষ্ট হোৱা নাছিল। আমি গছডালৰ পৰা তললৈ দৃষ্টি নিক্ষেপ কৰিলোঁ। সৌৱা নিজৰাটো। এতিয়ালৈ এটা জন্তুৱেও পানী খাবলৈ নিজৰাটোলৈ অহা নাই। আমাৰ মুখত মাত নাই। নীৰৱে আমি জোনবাইৰ পোহৰত জিকমিকাই থকা নিজৰাটো লক্ষ্য কৰি থাকিলোঁ। হঠাৎ মোৰ কঁকালৰ সেই বিশেষ ঠাইটুকুৰাত চকু পৰিল। ছেঃ, মই কোঠাত মোৰ কেমেৰাটো এৰি আহিলোঁ।

নাই, জন্তুৱে পানী খাবলৈ নাহে হে নাহে। পিছে আমাৰ কাৰো মুখত ঘূৰি যোৱাৰ নাম নাই। আমি যেন গছডালৰ বাবে নিশাৰ আলহী। জিলিৰ মাতে গভীৰ কৰা সেই নিশাত জোনাকে ফৰিংফুটা দিছে। আমি যেন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অংশ হৈ গছডালতেই বহি আছোঁ।

এসময়ত আমাৰ তন্ময়তা ভাঙিল। দিগন্তই কোঠালৈ ঘূৰি যোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। অনিচ্ছাসত্ত্বেও আমি ঘূৰি আহিলোঁ। তেতিয়া নিশা প্ৰায় একমান বাজিছে।

পিছে অভিযান ভাল পোৱা আমাৰ এটাৰো টোপনি নাই। আমি ঘূৰি আহি এঢলীয়া পথটোত লৰা ঢপৰা আৰম্ভ কৰিলোঁ। এসময়ত ভাগৰে আমাক হেঁচা মাৰি ধৰিলে। আমি আমাৰ কোঠা পালোগৈ। ডাঙৰ বিছনাখন নৱ, হিৰণ, নিপু আৰু ৰাতুলে অধিকাৰ কৰিলে। মই আৰু দিগন্তই সৰু বিছনাখন ললোঁ। লাহে লাহে আমি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ।

হঠাৎ কিবা এক শব্দত মোৰ টোপনি ভাঙিল। অতিথিশালাৰ পদূলিত যেন কিবা এটা ঘূৰি ফুৰিছে। বাৰাণ্ডাখনতো কিবা এটা শব্দৰ সৃষ্টি হৈছে। মই দিগন্তক মাত লগালোঁ। সি উঠি একে শব্দই শুনিলে। কাষৰ বিছনাখনত শুই থকা ৰাতুল, নৱ, নিপু আৰু ৰাতুলৰ সাৰসুৰ নাই। দিগন্তই লাহেকৈ মোক মাত লগালে,

”অভিজিত দা, দিয়ক শুবলৈ চেষ্টা কৰক। কিবা জন্তু আহি শব্দ কৰিব পাৰে।”

আমি দুজনে শুবলৈ চেষ্টা কৰিলোঁ। মোৰ যেন চকুত দিঠক আৰু সপোনে অগাদেৱা কৰিবলৈ আৰম্ভ কৰিছে। শব্দবোৰ লাহে লাহে কমি আহিছে। এজাক বতাহৰ শব্দই বাঁহগছত যেন হালিজালি উমলি আছে। সৌৱা অৰণ্যখনে যেন আমাক হাত বাউল দি মাতিছে। কালিলৈ আমি অৰণ্য চাবলৈ যাম। ভাগৰ, পৰিতৃপ্তি আৰু প্ৰকৃতিয়ে মোক যেন নিচুকাই বতাহৰ গান এটা গাবলৈ আৰম্ভ কৰিছে। মোৰ চকু মুদ খাই আহিছে। বতাহৰ শব্দ অলপ অলপকৈ আহি মোৰ কাণত পৰিছে।

পিছদিনাখন আমি পুৱাই উঠিলোঁ। অৰণ্য পৰিভ্ৰমণ কৰাত আমাক সহায় কৰিবলৈ ‘গাইড’ জেমচ আহি অতিথিশালাত উপস্থিত হৈছে। ৰখীয়াই আগবঢ়োৱা চাহকাপত চুমুক দি মই তেওঁক নিশা শুনা শব্দৰ কথা কলোঁ। মানুহজনে লাহেকৈ হাঁহি এটা মাৰি কলে,

”এইবোৰ জংঘলৰ আৱাজ চাহাব। ময়ো শুনি থাকো ৰাতি হলে।”

ভঙা ভঙা অসমীয়াত কথা কোৱা মানুহজনৰ প্ৰতি মোৰ মায়া উপজিল। সহজ-সৰল মানুহ। সহজ-সৰল অৰণ্যখনো। অৰণ্যৰ বননি, জীৱ-জন্ত আদি সকলোৱেই সহজ। আমিও কৃত্ৰিমতা পাহৰি সেই সৰল জীৱনৰ মাদকতা বিচাৰি অৰণ্যত উপস্থিত হৈছোঁ। হয়তো এই যাত্ৰাই আমাক প্ৰদান কৰিব এক অনাবিল শান্তি।

কথাবোৰ ভাবি ভাবি মই গাড়ীখনত বহিলোহি। অৰণ্যৰ এক অঞ্চললৈ গাড়ীখনে আমাক লৈ যাব। তাৰ পিছত আমি আগুৱাম পদব্ৰজে।

গাড়ীখনৰ চালকজনে অৰণ্যৰ যিমান ভিতৰলৈ যাব পাৰে, আমাক থৈ অহাৰ বাবে সাজু হ’ল। পিছে আমাৰ লগৰ ৰাতুল নাচোৰবান্দা। তাৰ মতে আমি সকলোৱেই খোজ কাঢ়ি অৰণ্যৰ ভিতৰলৈ যোৱা উচিত। মই খোজ কাঢ়ি সিমান ভাল নাপাওঁ। পিছে সকলোৰে ইচ্ছাক সন্মান জনাই মই সিহঁতৰ সতে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আমি জেমচ মানে আমাৰ গাইডজনৰ কথামতে হাতত লাখুটি একোডাল ললোঁ।

সৌৱা আগত জেমচ। আমি মানুহজনৰ পিছে পিছে। জেমচে আমাক অৰণ্যখন সম্পৰ্কে থকা এক লোকবিশ্বাস সম্পৰ্কে জনালে। এই বালপাক্ৰামৰ পাহাৰখনত তেওঁ লোকৰ পূৰ্বপুৰুষসকল বাস কৰে বুলি জেমচ আৰু তেওঁলোকৰ মানুহবোৰে ভাবে। তেওঁলোক খ্ৰীষ্টান ধৰ্মত দীক্ষা লোৱাৰ আগতে বোলে মৃত্যুৰ পিছত পাহাৰৰ পাদদেশত শৱদাহ কৰিছিল। শৱদাহ কৰা চিতাৰ পৰা ধোঁৱা ওলাই সেই ধোঁৱা ওপৰলৈ গৈ থাকি অৰণ্যত মিলি যায়। জনশ্ৰুতি মতে সেই ধোঁৱাৰ সতে মৃতদেহৰ পৰা আত্মা উঠি আহে। সেই আত্মাই বসতি স্থাপন কৰে বালপাক্ৰামৰ গছ-গছনিত, শিল আৰু জলাশয়ত।

এসময়ত আমি পাহাৰখনৰ চূড়াত উপস্থিত হলোঁ। এইবাৰ এটা লু‌ংলুঙীয়া বাটেৰে জেমচ তললৈ নামিবলৈ আৰম্ভ কৰিলে। আমিও তেওঁক অনুসৰণ কৰিলোঁ। তেওঁ বোলে আমাক জুৰি এটাৰ পাৰলৈ নিব। জেমচৰ মতে সেই জুৰিত নিশা হলে জীৱ-জন্তুই বিচৰণ কৰে।

আমি গৈ সেই জলাশয়ৰ পাৰত উপস্থিত হলোঁ। আচলতে সেই জলাশয়ৰ পাৰ নাই। আছে মাথোঁ সৰু সৰু ঠাই এটুকুৰা।

পানী পানী আৰু পানী। আমি ঠাইটুকুৰা দেখি আনন্দত উত্ৰাৱল হৈ পৰিলোঁ। ফটিকৰ সৌন্দৰ্যৰে যেন উদ্ভাসিত হৈ পৰিছে সেই জলাশয়। আমি বেছ কিছুসময় সেই ঠাইতেই অতিবাহিত কৰিলোঁ। মোৰ মনলৈ ভাব এটা আহিল। এটা সৰু তম্বুত অকলশৰে এটা নিশা এই ঠাইত কটাব পৰা হলে কিমান ভাল লাগিলহেতেন! জীৱ-জন্তুৰ অগোচৰে সিহঁতৰ নিশাৰ বিচৰণথলীত আমি সিহঁতৰ উপস্থিতি স্বচক্ষে দেখিলোহেতেন!

জেমচৰ কথামতে আমি সেই ঠাই ত্যাগ কৰিলোঁ। এইবাৰ জেমচে আমাক ঠাই এটুকুৰা দেখুৱালে। বহু দীঘল বাট এটা অতিক্ৰম কৰিলেহে আমি পাহাৰৰ পথটো পাম। পিছে আমাৰ লগৰে নৱ আৰু নিপুৰ চকুত পৰিল পাহাৰৰ মাটিয়ে নিৰ্মাণ কৰা এখন ওখ প্ৰাকৃতিক দেৱাল। সেই দেৱালখন পাৰ হৈ আমি ওপৰলৈ যাব পাৰিম নে নাই সেইয়া নিপুৱে জেমচক সুধিলে। জেমচে মিচিকিয়াই কলে যে তেওঁলোকে কাহিনীও দীঘল পথেৰে পাহাৰ পৰিভ্ৰমণ নকৰে। এনেধৰণৰ দেৱাল বগাই পাৰ হৈ যোৱা কথাটোতেই তেওঁলোকে পাহাৰ বগোৱাৰ মাদকতা উপভোগ কৰে।

জেমচৰ কথাত আমাৰ মনবোৰ উৎসাহিত হৈ পৰিল। আমি এটা এটাকৈ সেই দেৱাল পাৰ হলোঁ। পিছে সমস্যাটো হ’ল হিৰণক লৈ। সি দেৱালখনৰ মাজভাগতেই ওলমি ৰ’ল। ত্ৰাণকৰ্তাৰ ৰূপত জেমচে তাক সহায়ৰ হাত আগবঢ়ালে। হেলনীয়া গছ এডালৰ ঠেঙুলিত ধৰি তেওঁ হিৰণক ওপৰলৈ উঠাত সহায় কৰিলে।

আমি অলপদূৰ আগবাঢ়িলোঁ। হঠাৎ দিগন্তৰ গাটো অলপ বেয়া লাগিল। ভাগৰত জুৰুলা হৈ পৰা দিগন্তই মাটিত বাগৰি দিলে। আমাৰ চিকিৎসক বন্ধু হিৰণে তাক পৰীক্ষা কৰি চালে। তাৰ মতে দিগন্ত ঠিকেই আছে। পিছে দিগন্ত নুঠে কোনোমতে। ভাগৰত সি লেবেজান হৈ পৰিছে। নিপুৱে তাৰ আলপৈচান ধৰা আৰম্ভ কৰিলে। এসময়ত সি সুস্থ হৈ উঠিল। সি নিপুৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিল।

এইবাৰ আমি জেমচৰ পিছে পিছে আগবাঢ়িলোঁ। আমি অলপমান ঠাই আগবঢ়াৰ পিছতেই জেমচে দুজনমান মানুহক লগ পালে। মানুহকেইজনে তেওঁ লোকৰ ভাষাত উচ্চবাচ্য কৰিছে আৰু আমাৰ ফালে চাই আঙুলি জোকাৰি কিবা কথা কবলৈ আৰম্ভ কৰিছে। জেমচে মানুহকেইজনক কিবা বুজাই আছে। জেমচৰ বুজনিয়ে হয়তো মানুহকেইজনৰ খঙৰ অলপমান হলেও উপশম ঘটালে। মানুহকেইজনৰ বিষয়ে আমি পিছতহে জানিব পাৰিলোঁ। আমি আকৌ আগবাঢ়ি গলোঁ।

সৌৱা দূৰত এখন বিশাল ক্ষেত্ৰ আমাৰ চকুত পৰিছে। পাহাৰৰ ওপৰত সেইয়া এখন যেন উকা পথাৰহে। পথাৰখনত আছে এসোপামান বেদী। সেই বেদীবোৰ শিলেৰে নিৰ্মিত। আমি গৈ সেই ক্ষেত্ৰত উপস্থিত হলোঁ। জেমচৰ পৰা পথাৰখন আৰু বেদী সম্পৰ্কে আমি জানিবলৈ বিচাৰিলোঁ। জেমচে আমাক কলে যে এই পথাৰখনত এসময়ত নৰবলি দিয়া হৈছিল। এই বেদীবোৰত মানুহৰ শিৰশ্ছেদ কৰি তেওঁলোকৰ মুণ্ড অৰ্পণ কৰা হৈছিল আৰাধ্য দেৱতাক।

বেদীবোৰ দেখি মোৰ হিয়াখন যেন উচুপি উঠিল। হয়তো এনে এখন বেদীতেই কোনোবা এজনৰ শিৰশ্ছেদ কৰা হৈছিল। মানুহজনে হয়তো চকুপানী টুকি আছিল। শিৰশ্ছেদ কৰাৰ আগমুহূৰ্তত তেওঁৰ চকুলোৱে শিলৰ বেদী ধুই নিছিল। বলি দিয়া মানুহৰ দেহৰ তেজে হয়তো ৰাঙলী কৰিছিল শিলবোৰক!

আমি এসময়ত সেই ঠাইৰ পৰা আঁতৰি আহিলোঁ। হঠাৎ আমি লক্ষ্য কৰিলোঁ যে অলপমান ঠাইত এসোপামান চৰাইৰ পাখি পৰি আছে। আমি কথাটো সম্পৰ্কে জেমচক সুধিলোঁ। জেমচৰ মতে কিবা জন্তুৰ দ্বাৰা অলপ সময়ৰ আগতে কিবা এটা চৰাই নিধন কৰা হৈছে। চৰাইটোক জন্তুটোৱে ভক্ষণ কৰিছে। চৰাইটোৰ পাখি এনেদৰেই এতিয়া পৰি আছে অৰণ্যৰ বিশাল ভূমিত।

আমি এইবাৰ ওভটনি যাত্ৰা আৰম্ভ কৰিলোঁ। জেমচে লাহে লাহে গান এটা গাই আছে। মই জেমচৰ ওচৰতেই আছোঁ। গানটো জেমচে তেওঁৰ ভাষাত গাই আছে। মই একো নুবুজিও জেমচৰ সতে তাল মিলাই গাবলৈ আৰম্ভ কৰিলোঁ। দলটোৰ সকলোৱে লাহে লাহে তাল মিলাই সেই অজানা গীতটোৰ সতে একাত্ম হৈ পৰিছে। জেমচৰ মুখত এটা হাঁহি নিগৰিছে। হাঁহিটোত যেন কিবা এটা সুখ লাগি আছে।

এসময়ত আমি অতিথিশালাটো পালোহি। ৰখীয়াই ইতিমধ্যে প্ৰস্তুত কৰি তোলা সুস্বাদু আহাৰে আমাৰ মনবোৰ তথা শৰীৰটো সতেজ কৰি তুলিলে। জেমচৰ মুখত হাঁহিটো এতিয়াও লাগি আছে।

আমি আহি গাড়ীত উঠিলোঁ। আমি এতিয়া ঘৰলৈ ঘূৰিম। অলপ পিছতেই আমাৰ ম’বাইল ফ’নবোৰ বাজিবলৈ আৰম্ভ কৰিব। আমাৰ জীৱনৰ চকৰি আকৌ ঘূৰিবলৈ আৰম্ভ কৰিব। সেই চকৰিৰ ঘূৰণত সতেজতা আনিব বালপাক্ৰাম, জেমচ আৰু ৰখীয়াজনৰ স্মৃতিয়ে। হয়তো আমি কেতিয়াবা এই স্মৃতি সুৱৰি ৰোমাঞ্চকৰ অভিজ্ঞতাকো সুৱৰিম। পাহাৰত জেমচে লগ পোৱা মানুহকেইজন বোলে উগ্ৰপন্থী সংগঠন এটাৰ সদস্য আছিল। জেমচৰ মতে তেওঁলোকে বোলে আমাক দেখি অসন্তুষ্ট হৈ পৰিছিল।

সেইবোৰ অভিজ্ঞতা, সেইবোৰ স্মৃতি মোৰ মনটোত আজিও সজীৱ আৰু সতেজ হৈ আছে। হয়তো এনেধৰণৰ অভিজ্ঞতাই মানুহ গঢ়ে, মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰকৃতিৰ সতে থকা মানুহৰ চিৰন্তন সম্পৰ্কক। সেই সম্পৰ্ক অনুভৱ কৰি মানুহে বিচাৰি যায় প্ৰকৃতিয়ে নিতৌ প্ৰদান কৰা আশ্বাস আৰু বিশ্বাসক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments