অৰুণাই আঁচল পতা টাৱাংলৈ যাত্ৰা – উৎপলা বৰুৱা
ভ্ৰমণ কাহিনী
✍
আমাৰ পৰিয়ালৰ লগত অতি ঘনিষ্ঠ এজন ব্যক্তি আছিল; সকলোৰে পৰিচিত ডাঃ জীৱ বৰা৷ তেখেতৰ যোৰহাটৰ ভিতৰতে নাম থকা এখন পুৰণি নাৰ্ছিং হোম আছিল, য’ত মোৰ স্বামীয়ে এটা সময়ত প্ৰায় বিলাক ছিজাৰীয়ান অস্ত্ৰোপ্ৰচাৰত এনাস্থেছিয়া দিছিল৷ ডাঃ জীৱ বৰা এজন প্ৰসূতি বিভাগৰ ডাক্তৰ৷ তেখেতৰ ঘৰত অনবৰতে বেলেগ বেলেগ অনুষ্ঠান বিলাক হৈ থাকে৷ প্ৰতি বছৰে তাৰ ষ্টাফৰ সৈতে আমি নামৰূপ, ভালুকপুং আদি ঠাইলৈ পিকনিক খাবলৈ যাওঁ৷ যাওঁতে বাছত উঠিবৰ সময়ত নাৰ্ছিং হোমৰ ষ্টাফে নাচি-বাগি ফুৰ্তি কৰি বিহু মাৰি গৈছিল৷ এনেকুৱা ফুৰ্তি বিলাক মই জীৱনত পাহৰিব নোৱাৰিম৷ ডাঃ জীৱ বৰা আৰু তেখেতৰ পত্নীয়ে আমাৰ ল’ৰা-ছোৱালী কেইটাক খুব মৰম কৰিছিল আৰু খা-খবৰ ৰাখিছিল৷
এদিন তেখেতে মোৰ স্বামীক ক’লে- “ ব’লক বৰুৱা, আমি দুইটা পৰিয়াল টাৱাঙৰ পৰা আহোঁ৷” কথাষাৰ শুনাৰ লগে লগে এখেতৰ বমদিলা, টাৱাং অৰ্থাৎ কামেং সীমান্ত চোৱাৰ দুৰ্বাৰ আকাংক্ষা মনত জাগি উঠিছিল৷ মোৰ স্বামীয়ে অৰুণাচলৰ বহুত ঠাই ফুৰাৰ পিছতো টাৱাঙলৈ যোৱাৰ কথা সদায় ভাৱি আছিল৷ ভাৱি থাকোঁতেই সুযোগ আপোনা-আপুনি আহিল আৰু ডাঃ জীৱ বৰাৰ কথাত যাবলৈয়ে ওলাল ৷ মনত বিশাল উৎকণ্ঠা লৈ তিনিওটা ল’ৰা-ছোৱালীৰে গৰম কাপোৰ, চুৱেটাৰ সামৰি ময়ো সাজু হ’লো আৰু টাৱাঙৰ নিচিনা বৰফাবৃত আৰু মেঘাচন্ন ঠাইবোৰৰ সৌন্দৰ্য উপভোগ কৰিম বুলি ভাবি পেলালো৷
ভৱামতেই কাম৷ তেতিয়া নৱেম্বৰ মাহ৷ নৱেম্বৰ মাহৰ কঁহুৱা ফুলাৰ বতৰত আমি এখন টাটা চুমু লৈ যাত্ৰা আৰম্ভ কৰিলো৷ আমাৰ যাত্ৰাৰ সংগী আছিল ডাঃ জীৱ বৰা, তেখেতৰ পত্নী, মোৰ দেওৰ প্ৰশান্ত বৰুৱা, আমাৰ পাঁচ জনীয়া পৰিয়াল আৰু আমাৰ গাড়ী চালক পঁচিশ / চাব্বিছ বছৰীয়া চফল ডেকা তপন বেজবৰুৱা৷এইদৰে বহু বাট অতিক্ৰম কৰি আমি ভালুকপুং পালোগৈ৷ কঁহুৱা ফুলৰ বতৰত এজাক শীতল বতাহে গা-মন জুৰ পেলালে৷ বতাহ জাকে যেন আমাক আদৰণি জনাইছে৷
ভালুকপুং পায়েই মোৰ বমি বমি লাগিবলৈ আৰম্ভ কৰিলে! কাৰণ মই এভমিন(টেবলেট) খোৱাৰ কথা ভাৱিবলৈ নাপালোঁ; ভালুকপুঙৰ ফাৰ্মেচিতো বিচাৰি নাপালো৷
ভালুকপুং হ’ল অৰুণাচল প্ৰদেশৰ দুৱাৰমুখ৷ যি কি নহওক ইয়াতেই অৰুণাচলত প্ৰৱেশ কৰিবলগীয়া সকলোবোৰ গাড়ী আৰু যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰা হয়৷ প্ৰৱেশপত্ৰ পোৱাৰ পিছত আমাৰ পাহাৰ যাত্ৰা পুনৰ আৰম্ভ হ’ল৷ পাহাৰৰ মনোমোহা দৃশ্য মই নয়নভৰি উপভোগ কৰিছিলো৷ ৰাষ্টাৰ কাষে কাষে লানি নিছিগা গছ-গছনি আৰু পাহাৰবোৰ ৷ বহু ওপৰৰ পৰা বৈ আহিছে সৰু সৰু ঝৰ্ণাবোৰ৷ ৰাষ্টাৰ কাষে কাষে শিলৰ নদী৷ আমাৰ গাড়ীচালক তপনে দাগ চিনেমাৰ গান লগাই লগাই গৈ আছিল৷ এতিয়াও মোৰ দাগৰ গান গালে ’মনলৈ উভতি আহে’ টাৱাং খন৷ পাহাৰৰ কাষে কাষে শিলৰ মাজত ৰঙা বগা গালৰ ধুনীয়া ছোৱালী বিলাক ৰৈ থাকে৷ বাটত আলকেটেৰা লৈ ৰাস্তা বনাই থকা মানুহ বিলাকো ৰঙা-বগা৷ আমাৰ যাত্ৰা আছিল সেইদিনা বমদিলা লৈকে৷ ৰাষ্টা ঠেক আৰু অকোৱা-পকোৱা৷ গৈ থাকিলে ৰাষ্টা ওলাই গৈ থাকে৷ একোটা একোটা পাহাৰ বহু ওখত৷ ওখ পাহাৰৰ জোঙ বিলাক ডাৱৰ ফালি ফালি ওলাই থাকে৷ ডাৱৰৰ মাজে মাজে আমি গৈ আছো৷ ওপৰৰ পৰা তললৈ চালে ক’ত শেষ হৈছে গম নাপায়৷ তললৈ কেনেবাকৈ পৰিবলৈ হ’লে মানুহৰ চিন-মকাম বিচাৰি নাপাব৷ মই বম’ডিলালৈ আৰু কিমান দূৰ আছে মাইলৰ খুটিবোৰ চাই চাই গৈ আছো৷ বহুদূৰ যোৱাৰ পিছত আমি ব’ম ডিলা পালোগৈ৷ ৰক্ষা বুলি কৈ মই দীঘলকৈ হুমুনিয়াহ কাঢ়িলো আৰু ব’মডিলা পোৱাৰ লগে লগে মোৰ বমি বন্ধ হৈ গ’ল৷
ব’মডিলাত আমি “ চিফিয়াং ফং “ নামৰ এখন চাইনীজ হোটেলত আছিলো৷ হোটেলৰ পৰিবেশ বৰ ধুনীয়া৷ সুন্দৰ পৰিপাটি ৰূম৷ গৰম পানী, ঠাণ্ডা পানী আদি সকলো ব্যৱস্থা আছে৷ আমি গৰম পানীৰে গা-পা ধুই ডাইনিং হলত একেলগে সকলোৱে খাবলৈ গ’লো৷ হোটেলখনৰ খোৱা-বোৱা বিলাক খুব ভাল৷ কাষে কাষে বহুতো চিনাকি-অচিনাকি ফুলৰ টাব৷ মোৰ ল’ৰা-ছোৱালী কেইটাই আনন্দত ক’ব নোৱাৰা হৈছিল৷
সেইদিনা আমি তাতে থাকিলো৷ আমাক হোটেলৰ মানুহ জনে ক’লে – “ টাৱাঙলৈ ৰাতিপুৱাই যাব লাগিব ৷ ইয়াৰ পৰা বহুত দূৰ৷ গতিকে আপোনালোক সোনকালে শুই থাকিব৷ মোৰ পেটতে হাত-ভৰি লুকাল৷ আকৌ বমি হ’লে কি হ’ব! এখেতে ইঞ্জেকচন আৰু এভমিন বাটতে কিনি ল’লে৷ এখেতৰ সাহসতে মই ওলালো৷
ৰাতিপুৱা গা-পা ধুই ব্ৰেকফাষ্ট কৰি এভমিন খাই ল’লো৷ তাৰ পিছত আমি ব’মডিলাৰ পৰা টাৱাঙলৈ বুলি যাত্ৰা কৰিলো৷ চাৰিওফালে পৰ্বতৰ মাজে মাজে সৰ্পিল ৰাষ্টাবোৰেদি গাড়ী গৈ আছে৷ আমি এবাৰ পৰ্বতৰ ওপৰ পাইছো আকৌ এবাৰ তল পাইছো৷ এতিয়া যেনিয়েই চাওঁ তেনিয়েই বৰফ৷ ভয়ো লাগিছিল আৰু ভালো লাগিছিল৷ তথাপিতো চুলিৰ আগত জীয় বান্ধি গৈ আছো৷ ভগৱানক চিন্তা কৰাৰ বাহিৰে উপায় নাই৷ আৰ্মিৰ গাড়ীবোৰ ইটো কেম্পৰ পৰা সিটো কেম্পলৈ অহা-যোৱা কৰি আছে৷ আৰ্মিৰ গাড়ীৰ বাহিৰে আমি অন্য গাড়ী দেখিবলৈ পোৱা নাছিলো৷
আমি আহি এখন সৰু চহৰ, ডিৰাং পালোহি৷ ডিৰাঙৰ পৰা আমাৰ গাড়ী আৰু ওপৰলৈ উঠিল৷ এটাৰ পিছত এটা ওখ পৰ্বত৷ বিশাল জলপ্ৰপাত বিলাক পাহাৰৰ বুকু ফালি ফালি তলৰ গড়াত পৰিছেহি৷ আমি গাড়ীৰ পৰা নামি দিলো৷ সকলোৱে ফটো ল’লো আৰু ডাঙৰ জলপ্ৰপাত বিলাক কেমেৰাত বন্দী কৰি ৰাখিলো৷ ডিৰাঙৰ পৰা আমি আহি ৰাষ্টাৰ কাষত শত শত ফলক থকা এটা সুন্দৰ ৱাৰ মেমৰিয়েল (war memorial)দেখিলো৷ আমাৰ গাড়ী আৰু ওপৰলৈ আগবাঢ়িল৷ অৱশেষত উপনীত হলো সেই বিখ্যাত স্থান- Tsela Pass৷ তাতে আমি ৰং-বিৰঙৰ ফুলেৰে জকমকাই থকা এটা লেক(lake)দেখিলো৷ কি ভুৱনমোহিনী সৌন্দৰ্য !! এই লেকটোৱে চেলাপাছৰ সৌন্দৰ্য বঢ়াই তুলিছে৷ এই ঠাইখিনিক চে’লাতপ বোলে৷ ইয়াতেই আছে ১৯৬২ চনত ভাৰত চীনা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় জোৱান যশোৱন্ত সিংহৰ বাসস্থান৷
গাত শেষ বিন্দু তেজ থাকে মানে প্ৰাণে – পণে ৰণ কৰি ভাৰতীক শত্ৰুৰ হাতৰ পৰা বচাবলৈ নিজে প্ৰাণ আহুতি দিয়া যশোৱন্তৰ গৌৰৱ কালজয়ী কৰি ৰাখিবলৈ সুন্দৰকৈ তেখেতৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীবোৰ এটা ঘৰত সংৰক্ষণ কৰি ৰখা হৈছে৷ সেই স্মৃতি সৌধে তেখেতৰ বিজয় গাঁথা আজিও বৰ মাতেৰে ৰিঙিয়াই৷ ৰণৰ বেলি ভৰ দুপৰীয়া প্ৰখৰ হৈ থাকোঁতেই তেওঁৰ সাহসত আপ্লুত হৈ চেলা আৰু নুৰা নামৰ দুই যুৱতীয়ে তেওঁক আলপৈচান ধৰিছিল৷ নুৰা শত্ৰুৰ গুলিত নিহত হোৱাত ভগ্নী চেলাইও পৰ্বতৰ শিখৰৰ পৰা জঁপিয়াই আত্মঘাত হ’ল৷ দেশৰ প্ৰতি থকা নিষ্ঠাৰ বাবেই মৃত্যুৰ পাছতো চেলা আৰু নুৰাৰ স্মৃতি গোট মাৰি ৰৈছে দুটি অভ্ৰভেদি পৰ্বত শিখৰত৷ এই পাহাৰ দুটিৰ নাম “চেলা” আৰু “নুৰা” থোৱা হ’ল৷ আজিও এই কৰুণ কাহিনী সাক্ষী হৈ স্তব্ধ আৰু নিৰ্জন হৈ থাকে “Tsela Top”ত। মৌন হৈ এই ঠাইখিনিতে কিছুপৰ ৰ’লো৷ মনত গুঞ্জৰী উঠিল ডঃ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটি ―
“ আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ
সেই মৃত মৌন শত জোৱানলৈ
মোৰ অশ্ৰু -অঞ্জলি যাচিলোঁ
ক’ত জোৱানৰ মৃত্যু হ’ল৷
চে’লাতপৰ পৰা আমি গৈ থাকোঁতে শীতৰ তীব্ৰতা বাঢ়ি আহিছিল৷ গাৰ শিৰে-শিৰে কঁপনি৷ টাৱাং পোৱাৰ পিছত আমি হোটেল আৰু গেষ্ট হাউচ(guest house)বিচাৰিবলৈ গ’লো৷ কিছু পৰ বিচৰাৰ পাছত মাধুৰী গেষ্ট হাউচ পালোগৈ, য’ত বলিউড(bollywood) তাৰকা মাধুৰী দীক্ষিত কয়লা চিনেমাখনৰ শূটিঙৰ সময়ত থাকিছিল৷ আমি তাতে থাকিম বুলি ভাবিছিলোঁ যদিও গৰমপানীৰ সুবিধা নোহোৱাত বেলেগ এখন হোটেলত থাকিলো৷ হোটেলখন এগৰাকী মহিলাই সুন্দৰকৈ চলাইছে৷ মানুহ গৰাকীয়ে ৰন্ধা বঢ়াৰ পৰা সকলোবোৰ কাম কৰে৷ তেওঁলোকৰ থকা ঘৰটো ওপৰত৷ ৰাতিপুৱা আমি ঘৰটোৰ ওপৰলৈ গ’লো৷ দেখিলো বিভিন্ন ফুলৰ টাব আৰু টাব বিলাকত ভৰি ভৰি গোলাপ আৰু বিভিন্ন ফুল ফুলি আছে৷ সেইদিনা আমি হোটেলখনতে থাকিলো৷
ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি টাৱাং ফুৰিবলৈ ওলালো৷ বহুত দূৰ বৰফৰ মাজে মাজে গৈ থাকোঁতে এনে লাগিল যেন প্ৰাচ্যৰ চুইজাৰলেণ্ড৷ অলপ দূৰ আগবাঢ়ি গৈ “কয়লা” চিনেমা খনৰ শ্বুটিং খ্যাত নতুন নাম “মাধুৰী লেক” পালোগৈ৷ “মাধুৰী লেক”ৰ ওচৰত ল’ৰা-ছোৱালী কেইটাই বৰফৰ টুকুৰাবোৰ লৈ লৈ আনন্দত আত্মহাৰা হৈ পৰিছিল৷ স্নিগ্ধ আভূষণ পৰিধান কৰি থকা শাৰী শাৰী পাইন গছ বিলাকে শোভা বৰ্দ্ধন কৰিছিল৷ কি ঐশ্বৰিক দৃশ্য; মাধুৰী লেকৰ পৰা আহি আমি হোটেল খনলৈ গ’লোগৈ৷ হোটেলত এৰাতি থাকি ওভোটনি যাত্ৰা আৰম্ভ কৰিলো৷ আহি থাকোঁতে এটি ডাঙৰ জলপ্ৰ’পাত দেখিলো৷ বহুত ওপৰৰ পৰা বৈ অহা জলপ্ৰপাতৰ সৌন্দৰ্য দেখি আমি গাড়ী ৰখালো৷ তেতিয়া আমি আন্দাজত ভাবিলো “ হিয়া দিয়া নিয়া“ অসমীয়া ছবিখনৰ শ্বুটিং বোধকৰো এই ঠাই খিনিতেই হৈছিল৷ তেতিয়া সেইখিনিতে বহুত গাড়ী ৰখালে আৰু খাটাংকৈ গম পালো “হিয়া দিয়া নিয়া”ৰ শ্বুটিং ইয়াতেই হৈছিল৷ মোৰ লগে লগে মনত পৰিলে এই ধুনীয়া গানটো― “মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা, পঠিয়ালোঁ তোমালৈ, তুমি আদৰি ল’বা৷”
পুনৰ আমি গাড়ীত উঠি উভতি আহি থাকোঁতে দেখিলো আমি বাটত লগ পোৱা গাড়ীবিলাক উভতি উভতি আহিছে৷ গাড়ীবিলাক ৰখাই আমি খা-খবৰ ল’লো, তেতিয়াহে খবৰ পালো যে- ৰাষ্টাত ছফুট ওখ লৈকে বৰফ হৈছে; গাড়ী কোনোপধ্যে যাব নোৱাৰে৷ টাৱাংলৈ অহা বিলাকো ঘূৰি গ’লগৈ৷ আমিও উভতিবলৈ খুব চিঞৰিছো ৷ কিন্তু মোৰ স্বামী আৰু গাড়ী চালক তপনে সাহস হেৰুৱাই পেলোৱা নাছিল৷ মোৰ খুব ভয় লাগিছিল৷ অলপ দূৰ যোৱাৰ পাছত দেখিলো ৰাষ্টা, লেক, পাহাৰ সকলোবিলাক বৰফেৰে একাকাৰ৷ গাড়ী চালকজন আন্দাজত গৈ আছে৷ মোৰ চকু গাড়ীৰ ষ্টেয়াৰিঙত নিবদ্ধ হ’ল৷ অলপ দূৰ বৰফৰ মাজে মাজে যোৱাৰ পিছত আমাৰ গাড়ী ৰাখিলে৷ বৰফ খেলিবলৈ পাই মানু, মিঠু, ধুনুমনৰ আকৌ ফুৰ্তি আৰম্ভ হ’ল৷ গাড়ীচালক তপনৰ পাৰদৰ্শিতাক মই ধন্য মানিলো৷ পাহাৰৰ একাঁ-
বেঁকা বাটেৰে ক’তো গাড়ী খুন্দা নলগোৱাকৈ বৰফৰ মাজে মাজে আমাক লৈ গৈছিল৷ তপনৰ নাছিল কোনো দুখ-ভাগৰ,বিৰক্তি আৰু অৱসাদ৷ কোনো নিচা দ্ৰৱ্য নোখোৱাকৈ হাঁহি হাঁহি পৰ্বতৰ ওপৰৰ পৰা আমাক লৈ আহিছিল৷
পাহাৰৰ পৰা নামি আহি আহি পুনৰাই চেনেহী অসমৰ ভৈয়ামৰ বুকুলৈ উভতিলোঁ৷ এইদৰে আমি মনত তৃপ্তি দিয়া আৰু চকুত জুৰ পেলোৱা হৃদয়ভৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি টাৱাং যাত্ৰাৰ সামৰণি মাৰিলো৷ মোৰ স্বামীৰ টাৱাং ভ্ৰমণৰ সপোন বাস্তৱত পৰিণত হ’ল৷ পাহৰিব নোৱাৰা স্মৃতিৰ অনুভৱ বুকুত বান্ধি লৈ আমি ঘৰলৈ উভতিলো৷