অৰুণাভ ছাৰ (অনামিকা বৰুৱা)
উপন্যাস: অৰুণাভ ছাৰ।
লেখক: অজন্তা।
প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১০।
মূল্য: ১১০.০০ টকা।
প্ৰকাশক: অনন্ত হাজৰিকা, বনলতা, পাণবজাৰ; গুৱাহাটী।
“অৰুণাভ ছাৰ” মূলত: এক প্ৰেম কাহিনী যদিও উপন্যাসখনক এখন আত্মজীৱনীমূলক সামাজিক উপন্যাস যেন অনুমান হয়। এজন সত্ ভাৰতীয় প্ৰশাসনিক বিষয়া অৰুণাভ আৰু দুই সন্তানৰ বিধৱা মাতৃ তথা অৰুণাভৰ পাৰ্চনেল এচিছ্টেণ্ট মায়াবী—এই দুই প্ৰধান চৰিত্ৰক লৈ উপন্যাসখনৰ কাহিনী ভাগ গঢ় লৈ উঠিছে। উপন্যাসখনৰ শ্ৰীভূমি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু এই প্ৰদেশৰ মনোৰম প্ৰাকৃতিক শোভাৰ ভৰপূৰ টাৱাং, জিৰ’ আদি নানান নগৰ আৰু অঞ্চল। কবিতা কবিতা যেন লগা ভাষাৰে ভৰা উপন্যাসখন পঢ়িলে পাঠকৰ দুটা লাভ হ’ব বুলি ভাব হয়-প্ৰথম, গদ্যতেই কবিতাৰ ৰসাস্বাদন আৰু দ্বিতীয়তে, এটা নিটোল প্ৰেম কাহিনীয়ে পঢ়োঁতাৰ হৃদয় ভৰাই তুলিব প্ৰেমৰ মধুৰ গুঞ্জনেৰে।
: দেয়াৰ ইজ আনাদাৰ অ’চেন….!’
মায়াবীক কৈছিল অৰুণাভ ছাৰে। আচলতে, মায়াবীৰ দুচকুত লুকাই থকা অন্য এখন সাগৰৰ সন্ধানতে আৰম্ভ হৈছিল অৰুণাভ ছাৰৰ যাত্ৰা। এই যাত্ৰাৰ আগলৈকে মায়াবীয়ে বুজি পোৱা নাছিল-প্ৰেম মানে কি! স্বামী অংশুমানৰ সৈতে কটোৱা সময়খিনিত প্ৰেম আছিল নে নাই সেয়াও বুজি উঠা নাছিল মায়াবীয়ে! অংশুমানৰ ইন্দ্ৰিয়ৰ প্ৰয়োজনৰ বাবে ব্যৱহৃত হোৱা সময়খিনিতো তাই বুজিবলৈ চেষ্টা কৰা নাছিল- এনে শাৰীৰিক সান্নিধ্যৰ সৈতে প্ৰেমৰ সম্পৰ্ক কি! কিন্তু কি আচৰিত—অৰুণাভ ছাৰক লগ পোৱাৰ পিছৰে পৰা মায়াবীয়ে নতুনকৈ আৱিষ্কাৰ কৰিলে প্ৰেমৰ সংজ্ঞা।
…খৰাং পৃথিৱীলৈ বাৰিষাৰ প্লাবন অহাৰ দৰে অৰুণাভ ছাৰ মোৰ জীৱনলৈ আহিছিল। হঠাতে মোৰ মৰুময় পৃথিৱীখন সিক্ত হ’ল। মই আছিলোঁ মৰুভূমিত গজি উঠা শুকান বৃক্ষ এজোপাৰ দৰে। পৰম প্ৰত্যাশাৰে এজাক বৰষুণৰ আশাত আকাশখনলৈ চাই ৰৈছিলোঁ। দোপাল-পিটা বৰষুণজাক আহিছিল। মোৰ শৰীৰ ভৰি কুঁহিপাত ওলাইছিল। মনৰ কোঁহে কোঁহে ফুলি উঠিছিল ফুল।…মায়াবীয়ে কৈছিল।
অৰুণাচলৰ ইটানগৰ নামৰ সৰু চহৰখন ৰূপান্তৰিত হৈছিল এখন বৰ্ণময় পৃথিৱীলৈ। ভৰি উঠিল মায়াবী নামৰ দুটি সন্তানৰ মাতৃ, স্বামীহীনা মহিলাগৰাকীৰ জীৱন। আৰু অৰুণাভ ছাৰ! অৰুণাভ ছাৰে পাহৰি পেলালে পদমৰ্যাদাৰ কথা। পাহৰি পেলালে তেওঁ জীৱন বাটৰ ক্লান্তি, অৱসাদ। মায়াবীৰ দুচকুত অন্য এখন সাগৰৰ সন্ধান কৰি মায়াবীকো ভৰাই তুলিলে আৰু নিজেও ভৰি উঠিল অৰুণাভ ছাৰ।
কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে অজন্তাৰ এই প্ৰেমৰ উপন্যাসখনত কৈশোৰ বা যৌৱনৰ প্ৰথম প্ৰেমৰ দৰে তৰল আবেগ নাই। তাৰ পৰিবৰ্তে জীৱনৰ শত-সহস্ৰ ধুমুহাই অভিজ্ঞ কৰি তোলা পৰিপক্ক প্ৰেমৰ আত্মীয়তাৰে টানকৈ বান্ধি ৰাখিছে ’অৰুণাভ ছাৰ’ৰ প্ৰেম-কাহিনী। সেয়েহে স্বাভাৱিকতেই এই প্ৰেম-গাঁথাই পঢ়ুৱৈৰ আত্মা স্পৰ্শ কৰে। এই উপন্যাসৰ জৰিয়তে লেখিকাই যেন পুনৰ মনত পেলাই দিব খুজিছে—’প্ৰেমে বয়স নামানে, প্ৰেমৰ কোনো সীমা নাথাকে’….