অৱসৰ ( সোমনাথ বৰা )
মুকেশ ? চাইগল ? ৰফী ? এতিয়া আৰু ইমান মনত নাই । মুঠতে ভাল লাগিছিল । গানৰ সুৰটো বেছ মিঠা আছিল । প্ৰাণভৰি শুনিছিলোঁ । এবাৰ দুবাৰ নহয়, বহুবাৰ । একেটা গানেই বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ভাৱৰ সঞ্চাৰ কৰিছিল । এতিয়া নকৰে । হাজাৰজন চাইগল কিম্বা ৰফীৰ কণ্ঠইও মোক আগৰ দৰে আনন্দ দিব নোৱাৰে । আচলতে মোৰ ক’তোৱেই মন নবহা হৈছে । কিবা যেন সংকুচিত হৈ আহিছে মনটো দিনে দিনে । এই যে আৰামীচকীখন, এমূৰ বেকা বেতৰ লীখুটিডাল, ইহঁতক মোৰ তেজ মঙহৰ আপোনযেন বোধ হ’ব ধৰিছে । শ্ৰীমতীয়ে কয় ইহঁতৰ লগত হেনো মই কথা পাতি থাকো ।
মানুহ নাথাকিলে কাৰ লগত কথা পাতিম হে ! অন্ততঃ কথাটো পাতিব লাগিব । জীৱটোযে ভিতৰতে সোমাই আছে, তাকে প্ৰমাণ কৰিবলৈকেতো কথা পাতিব লাগিব ।
চাকৰিৰ পৰা অৱসৰ লোৱা এবছৰ মান পাছলৈকে শ্ৰীমতীৰ লগতে কথা পাতিছিলোঁ । কথা- কথা- কথাৰ আগ নাই, গুৰি নাই অনন্ত কথা । বাতৰি কাকতখনৰ প্ৰতিটো খবৰ আটি গুৰি মাৰি বুজাই দিছিলোঁ । আমেৰিকা, ৰাছিয়া, বাংলাদেশ, পঞ্জাৱ, অসম…কত কথা । পাছলৈ মোৰ হাতত বাতৰি কাকতখন দেখা পালে শ্ৰীমতী মোৰ ওচৰ নচপা হ’ল । পাকঘৰত হেনো কাম পৰি থাকে । ডাঙৰ নাতিটোক দুদিন মাতি চাইছিলোঁ । প্ৰথম দিনা শুনিলে । দ্বিতীয় দিনাৰ পৰা তাৰ কিবা নাটকৰ ৰিহাৰ্চেল আৰম্ভ হ’ল । আৰম্ভ হ’ল যে হ’লেই নাটকখননো কেতিয়াকৈ হ’ব সেইটোকে সুধিবলৈকে তাক নেদেখা হ’লো । নাতিনীজনীয়ে আকৌ – ককাটোযে ইমান বৰ… কাষেই চাপিব নোখোজে ।
সীমাৰে দত্তবৰুৱাৰ ঘৰলৈ গৈছিলোঁ । পত্নীৰ সৈতে বেছ সুখী মানুহ । পেছাত উকিল । জুকি মাখি কথা কোৱাৰ অভ্যাস নাই । সুন্দৰ কথা ক’ব জানে । সময়ে অসময়ে মোৰ ভৰি দুখন সেইফালে পোনাই থওঁ । পাছলৈ উকিলৰ মক্কেল সৰহ হ’ল । গেটত হাত দিয়াৰ লগে লগে উকিলৰ পত্নী ওলাই আহি মিচিকিয়া হাঁহিৰে ক’বলৈ ল’লে- “তেখেত নাই, পলমকৈ পাবহি…”
…যাবলৈ বাদ দিলোঁ । কেইদিন মানলৈ মনটো উচপিচ লাগি থাকিল ।
আনটো সীমাত শৰ্মাৰ প্ৰকাণ্ড চৌহদ । সন্মুখৰ লনখনতে পেঞ্চনভোগী শৰ্মাই নীতি নাতিনীৰ লগত দৌৰা ঢপৰা কৰি খেলি থাকে । কাৰো লগত বহি কথা পতাৰ আহৰি নাই । ওৱেট বেছি হেনো । ডাক্টৰে ওৱেট কমাবলৈ পৰামৰ্শ দিছে ।
মাজে মাজে সহকৰ্মীৰ ঘৰলৈও গৈছিলোঁ । প্ৰথম দুদিন বেছ আদৰ সাদৰ কৰিছিল । সুবিধা পাই মোৰ চাকৰিৰ জন্ম বৃত্তান্ত সহ সমস্ত বুৰঞ্জী পাঠ কৰিছিলোঁ । কোনজন বিষয়া কেনেকুৱা, কোনজনৰ টেবুলত প্ৰচণ্ড ভুকু মাৰি আমাৰ প্ৰাপ্য আদায় কৰিছিলোঁ, আৰু সেইটোৰ অৱিহনে আজিৰ কৰ্মচাৰীয়ে কেনেকুৱা অসুবিধা ভুগিব লগা হ’লহেঁতেন ইত্যাদি ইত্যাদি । পাছলৈ মোৰ কথা কোনেও নুশুনা হ’ল । মোৰ কথাৰ মাজতে ডেকাই পাকঘৰত থকা ঘৈণীয়েকক চিঞৰে- “হেৰা ভাতলৈ কেত পৰ, টোপনিয়েই ধৰিছে আৰু…।“ অথবা বৰুৱানীয়ে জানিব বিচাৰে বৰুৱাই কোনখন দোকানৰ পৰা আটা কিনিলে- ইমান যে বেয়া গোন্ধায়…। চক্ৰৱৰ্তীৰ আকৌ মই যোৱাৰ দিনাহে ক’ৰবাত সপৰিয়ালে নিমন্ত্ৰণ থাকে । অন্য একটা দিনে আসবেন মশাই… । পাছলৈ মোক কোনোবাই দেখা পালেও দূৰতে চকু পিৰিকিয়াই সম্ভাষণ শেষ কৰি দিয়ে ।
মই চালাক মানুহ । চাকৰিৰ পৰা অৱসৰ লোৱা এটা বৃদ্ধ । মই সকলো বুজি পাওঁ । লাহে লাহে মই সকলোৰে কক্ষপথৰ পৰা নিজাকৈ একাষৰীয়াকৈ আনি আৰামী চকীখনতে আৱদ্ধ কৰি ৰাখিলোঁ । মোৰ চৌপাশৰ ব্যস্ত মানুহবোৰৰ খবৰ মই নোলোৱা হ’লো । এদিন দুদিন বহুদিন । কিন্তু নোৱাৰিলোঁ । কথা ক’বৰ নোপোৱাৰ ক্ষোভত ঘৰটোৰ ভিতৰে বাহিৰে সকলোতে দৌৰা ঢপৰা লগাই দিলোঁ । তাক-ধিন-ধিন-দাওঁ-নাচ দিব ধৰিলোঁ । শ্ৰীমতীয়ে ভয় খালে ।
এহ ভয় কিহৰ হে ! শৰ্মাক দেখা নাই, কেনেকৈ জপিয়াই থাকে । মোৰ ওৱেট বেছি বুলিয়েই ধৰাচোন । নাই নধৰিলে । কৰযোৰ কৰি মোক সান্ধ্যভ্ৰমণৰ বাবে পঠায় দিলে ।
সন্মুখত জনবহুল বাট । মোৰ বাবে নিঃসঙ্গ নিৰৱ । ৰাস্তাত মোৰ বাবে কোনো মানুহ নাই । কেৱল মই । এইদৰে গৈ থাকিলেও মই হয়তো এই নিঃসঙ্গতাৰ ওৰ পেলাব নোৱাৰিম । তিনিআলিটোৰ লগতে এখন পাণ দোকান, বন্ধ । কাষতে সৰু খেলপথাৰখন । ফুলকলি যেন লগা লৰাকেইটামেন ক্ৰিকেট খেলি আছে । তাহানিতে ক্ৰিকেট খেলিছিলোঁ । পঢ়ি থাকোতে ক্ৰিকেটাৰ হিচাপে মোৰ এটা অন্য নাম আছিল । সেইদিনা দৌৰি ঢাপৰি ল’ৰাকেইটাৰ লগতে ক্ৰিকেট খেলিলোঁ । পাছদিনা সিহঁতক ক্ৰিকেট সম্পৰ্কে বুজালোঁ, তাৰ পাছদিনাও, তাৰ পাছদিনাও ।
মোৰ সন্ধ্যাভ্ৰমণৰ এটা অৰ্থ বিচাৰি পাইছোঁ । কথা ক’বলৈ কেইটামান নিৰৱ শ্ৰোতা পাইছোঁ । দিনটো উচপিচ কৰি কটাও, আৱেলি স্বয়ংক্ৰিয় ভাৱে খেলপথাৰ পাওগৈ । এয়াই মোৰ সীমা । ইয়াতকৈ অলপ কম বা বেছি নহয় ।
ল’ৰাকেইটাই দেখিছো মোক ভাল পায় । মোক দূৰত দেখিলে গোটেই কেইটা লগ হয় । মোৰ কথাই পাতে নিশ্চয় ! অন্যথা মই শিকোৱা ক্ৰিকেট সম্পৰ্কীয় কথাবোৰ আলোচনা কৰে । ওচৰ পালেগৈ অভিমানতে মুখবোৰ ফুলাই দিয়ে । মই চালাক মানুহ । সকলো বুজো । ককাকটো হৈ পাতি লোৱা নাতিকেইটালৈ সুদা হাতেৰে যাব পাওনে !
এদিন দোকানৰ পৰা চুইংগাম, চকলেট আদি দুপদমান বস্তু কিনি জেপদ ভৰাই ল’লোঁ । নাতিহঁতৰ অভিমান ভাঙিব লাগিব । সিহঁতৰ মৰম বোলা বস্তুটো এইবোৰ বস্তুতে লাগি আছে । খৰধৰকৈ বাট ললোঁ ।
খেলপথাৰ শূন্য । ল’ৰাজাক পোৱাহিয়েই নাই । ঘড়ীলৈ চালো সময় পাৰহৈ গৈছে । মোক নেদেখি গুচি গ’ল নেকি !! মনটো কেনেবা লাগিল । কাষৰ পাণ দোকানখনত এটা সৰু ল’ৰা বহি আছে । তাকে সুধিলো । সি হাঁহি মাৰি ক’লে – “সিহঁতে আজিৰ পৰা হাইস্কুলৰ ফিল্ডত খেলিব হেনো… ।“
কিয় ? কিয় ?
উত্তৰত সি যিষাৰ কথা ক’লে মোৰ ভাৱ হ’ল জীৱনটোৰ পৰা অৱসৰ লোৱাত মোৰ বহু পলম হৈ গ’ল । সি ক’লে- “ইয়াত বোলে বুঢ়া এটাই সদায় সদায় সিহঁতক আমনি দি থাকে…।“
(১৯৯৪ চনৰ নৱেম্বৰ মাহতে অসম বাণী কাকতত প্ৰকাশ পাইছিল এই গল্পটো । কেৱল প্ৰকাশ পোৱাই নহয়, অসমৰ ভিতৰতে এই গল্পটোৱে পাইছিল দ্বিতীয় শ্ৰেষ্ঠ পুৰষ্কাৰ।)