অ. ভা. উ. সা. স.-২ গঠন কৰক আৰু কাম কৰক (যতীন্দ্ৰ কুমাৰ বৰগোহাঞি)
“ইউনিকোড” আৰু “আই এছ চি আই” সম্পৰ্কীয় আলোচনাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে, আমাৰ বহু বিজ্ঞজনেও আলোচ্য বিষয়টোৰ সম্পূৰ্ণ ৰূপে কম্পিউটাৰকেন্দ্ৰিক লিপি তত্বৰ চৰিত্ৰ বুজিবলৈ প্ৰয়াস নকৰে। ইয়াৰ মাজত বঙালী জাতিৰ সম্প্ৰসাৰণবাদী চিন্তা-ধাৰাই প্ৰভাৱ বিস্তাৰ কৰা বুলি ভুলকৈ মত ব্যক্ত কৰাৰ সহজ উপায় এটা অৱলম্বন কৰি আমাৰ বৈয়াকৰণিক আৰু ভাষাতত্ববিদ সকলে এই যুগৰ লিপিৰ সমস্যা সমাধানত নিজৰ সমূহীয়া অমনোযোগিতা আৰু ব্যৰ্থতাক সামান্য উগ্ৰ-জাতীয়তাবাদী শ্লোগানেৰে ঢাকি ৰাখিবলৈ প্ৰয়াস কৰে।
মূল বিষয়টো যিহেতু অসমীয়া লিপিৰ script encodingৰ সম্পূৰ্ণ range এটাৰ বিকাশ সাধনৰ লগত জড়িত, গতিকে এই ক্ষেত্ৰত আবোল-তাবোল বকি অন্যক অযথা দোষ জাপি দি সাম্প্ৰদায়িক বিষ বিয়পোৱাতকৈ, নিজৰ বৈজ্ঞানিক আৰু কাৰিকৰী দিশত থকা লিপি উন্নীত কৰণৰ দায়িত্ব পালন কৰাটোহে প্ৰধান দায়িত্ব।
আমাৰ প্ৰসিদ্ধ শিলালিপি আৰু তাম্ৰলিপি সমূহত সুকীয়া লিপিৰ বিকাশ আৰম্ভ হৈছে খ্ৰীষ্টাব্দ পঞ্চম শতিকা মানৰ পৰা। উমাচল লিপি আৰু নাগজৰী লিপিৰ শুভাৰম্ভৰ পাছৰ পৰা অসমীয়া লিপি আৰু শব্দ তথা ভাষাৰ বিকাশৰ এটা অবিসম্বাদী সুষমতা আছে -যিটো সময়ে সময়ে বাহিৰা শক্তিৰ প্ৰভাৱত কিছু বিকৃত হ’লেও পুনৰ স্বাভাৱিক পথলৈ প্ৰত্যাৱৰ্তন কেতিয়াও বিঘ্নিত হোৱা নাই। উনবিংশ শতিকাৰ নৱম দশকত অসম ভাষা উন্নতি সাধিনী সভা (অ.ভ.উ.সা.স.)ৰ বিকাশৰ পৰা কম্পিউটাৰত সুকীয়া ভাৱে অসমীয়া লিখন পদ্ধতি উদ্ভাৱনৰ আগলৈ অসমীয়া ভাষা আৰু লিপিৰ প্ৰশ্নত স্বাভাৱিক জাতীয় আৰু ৰাজ্যিক নেতৃত্বৰ কাৰণতে অসম সাহিত্য সভাই নেতৃত্ব গ্ৰহণ কৰিছে। অসমৰ মানুহৰ সাধাৰণ সজাগতাৰ অভাৱৰ বাবেই যিদৰে বজাৰ, শিক্ষা-ব্যৱস্থা আৰু ঘৰুৱা জীৱনৰ পৰা অসমীয়া ভাষা যি দৰে কৰুণ ভাৱে সংকুচিত হৈছে; ঠিক সেই দৰে script encodingৰ ক্ষেত্ৰত বিশেষ সজাগতা সাহিত্য সভা আৰু সম্ভৱতঃ আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ কাৰিকৰী অৰ্হতা থকা লোক সকলেও সজাগতা প্ৰদৰ্শন নকৰা বাবেই অসমীয়া লিপি ইয়াৰ সুকীয়া স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। অসমীয়া লিপি আৰু বঙালী লিপি দেখাত একে। সেইবাবে ইউনিকোডে ISCIIৰ পৰা লৈছিল আৰু কিছুমান চিহ্নৰ বাহিৰে, দেখাত চিহ্নবোৰ একে হোৱা বাবেই সম্ভৱতঃ একেই range আৰু code point ব্যৱহাৰ কৰিছিল। আপাত দৃষ্টিত এইটো কাৰিকৰী ভুল। DOE আৰু ভাৰত চৰকাৰৰ ভাষা বিভাগে ভাৰতৰ বিভিন্ন ভাষাৰ ভাষাৰ লিপি encoding পদ্ধতি উদ্ভাৱন কৰোঁতে অসম চৰকাৰ আৰু সম্ভৱতঃ অসম সাহিত্য সভায়ো উপযুক্ত সজাগত আৰু তৎপৰতা প্ৰদৰ্শন কৰা নাছিল। ১৯৮৩ চনতে DOE-য়ে গ্ৰহণ কৰা Keyboard-ত সকলো লিপিৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ তৈয়াৰ কৰি লৈছিল Indian script (বা inscript)। DOE-য়ে ইয়াৰ এটা সংস্কৃত আৰ্হি ১৯৮৮ চনত প্ৰকাশ কৰে, এই আৰ্হিটোৰ পৰাই সম্ভৱতঃ ইউনিকোডে ভাৰতীয় লিপিৰ মূল আৰ্হিটো গ্ৰহণ কৰিছিল।
ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে এই আৰ্হিটোৰ শেষ সংস্কৰণ প্ৰকাশ কৰে ১৯৯১ চনত _ এইটো আৰ্হি জনাজাত ISCII -91 নামেৰে। এইটো ভাৰতীয় মান সম্পন্ন আৰ্হিৰ শেহতীয়া সংস্কৰণ বুলি কোৱা হয়। ISCII-91 ত অসমীয়া আৰু বাংলা লিপি সম্পূৰ্ণ পৃথক হিচাপে দেখুওৱা হৈছে। ভাৰত চৰকাৰে গ্ৰহণ কৰা মান সম্পন্ন কোড ISCII -88 ৰ পৰা ইউনিকোডে পদ্ধতিটো লৈছিল। অসমীয়া লিপিৰ বাবে এটা সম্পূৰ্ণ সুকীয়া range উদ্ভাৱন, আখৰবোৰৰ কোডবন্ধন আৰু সম্পূৰ্ণ পৃথক ভাষা এটাৰ সম্পূৰ্ণ পৃথক ভাৱেই লিপিৰ প্ৰস্তাৱনা দাঙি ধৰাৰ দায়িত্ব কাৰ? বাংলাদেশৰ চৰকাৰ নাইবা পশ্চিম বঙ্গৰ চৰকাৰৰ নহয়।
এই দায়িত্ব নিঃসন্দেহে অসম চৰকাৰ আৰু অসমীয়া ভাষাৰ মূল কাণ্ডাৰীসকল গোট খাই থকা অসম সাহিত্য সভাৰ। সজাগতাৰ অভাৱত যিটো ভুল কৰিলে তাৰ বাবে অন্যক দোষ দি একো লাভ নাই। আমাৰ ধাৰণা এই যুগৰ দাবী আৰু প্ৰয়োজনবোৰ পূৰণ কৰিব পৰাকৈ যি তৎপৰতা আমাৰ প্ৰয়োজন, তেনে তৎপৰতা আমাৰ নাই। তাৰ বাবে আমি দায়ী। অ.ভা.উ.সা.স.ৰ দ’ৰে এটা নতুন _ এই যুগৰ অ.ভা.উ.সা.স.-২ স্থাপন কৰাৰ দায়িত্ব আমাৰ কাৰিকৰী জ্ঞান থকা অসমীয়া লিপিবদ আৰু ভাষাবিদসকলৰ। সাম্প্ৰদায়িকতাবাদ পৰিহাৰ কৰি মুক্তভাৱে এই গুণগত ভাৱে উন্নত, দোষ মুক্ত পথ উদ্ভাৱন কৰিবলৈ তেওঁলোক নিশ্চয় ওলাই আহিব।