অ হেৰা দৰঙীয়া মিতা – মুনীন্দ্ৰ শৰ্মা
অ হেৰা দৰঙীয়া মিতা
চাৰিউফালে দেখো গোতাই নলবেৰীয়া কবিতা
আমাৰ কি কৰা পিচে ইতা
মাৰোদে ভাই আমিও পানী একচিতা৷
হাইহালত সুমাল চৰুমাৰা মেকুৰী
ভাখেৰীৰ ধান পতন হ’ল
মৈঝেলীৰ মাটীমাহ কত বেচা যাবো ভাই
কেউফালে পৰিবৰ্তন হ’ল৷
ইদায় কৰ্লিও দায় সিদায় কৰ্লিও ঝগৰ
কোম্বা যদি বিজেপি কোম্বা চাপৰ্তাৰ হাতৰ৷
চলিপলিৰ চাউলো বোলে চান কাৰি খাই
গলিঘৰৰ গৰুগিতাও বোলে ৰাজনীতিৰ বস্তু ভাই
গগৈ বোলে গগৈ গোহাই বোলে গোহাই৷
এংকে হলি কেংকে হবো হেৰা
পাৰা যদি বেয়া ভাব এৰা
মইনো কোন কুটা
যাৰ বৰঘৰ তাৰে খুটা
হলিও দেচোন কৈ চাইছো
দেশৰ লোন আমিওতো খাইছো৷
কলিও পাবি বেয়া
নকলিও নৰো থাকবা৷
ভাইহাত কাম কৰেই ভাই
এনেয়ে গল ফালি লাভ নাই৷
নিজৰ দেখিহে কলো ভাই
বেয়া পালিও কথা নাই
এনেয়ু মুনীন কৰনো কোন
চিঙাকানিতহে বান্ধাই থাকেই সোণ৷■■