আঁমঠু(-শান্তনু চাংমাই)

পানীপতাত কিমান পানী
কিমান বৰষুণ নামি আহে
বাঁহৰ মাৰলি বগাই
মোৰ পঁজাত কিমান পোহৰ
আন্ধাৰে বধিব নোৱাৰা
এজাক সপোনৰ চৰাই

জোৱাৰ-ভাটাত কিমান জোৱাৰ
কিমান খোজৰ চিন উটি যায়
লুণীয়া চকুলো বিলাই
মোৰ বুকুত কিমান মৰম
যেন এটি চন্দ্ৰমাক আৱৰিছে
এযুত হেঁপাহৰ তৰাই

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!