আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (৫) (প্ৰাঞ্জল কলিতা)
১৯৮৬ চনত ৰাজ্যৰ মৰ্য্যদা পোৱা মিজোৰামত উন্নয়নৰ গতি এতিয়াও মন্থৰ হৈয়ে আছে। ৫ বছৰ আগতে যেতিয়া মই মিজোৰামৰ আইজলত চাকৰি কৰিবলৈ আহিছিলোঁ, তেতিয়া মিজোৰামত জোৰামথাংগা নেতৃত্বাধীন মিজো নেশ্যনেল ফ্ৰন্টৰ চৰকাৰ আছিল। ২০০৮ চনৰ ডিচেম্বৰৰ বিধানসভাৰ নিৰ্বাচনত ৪০খন আসনৰ ৩৬খনতেই কংগ্ৰেছ দলে জয়লাভ কৰি পু লালথানহোলাৰ নেতৃত্বত চৰকাৰ গঠন হয়। মিজো নেশ্যনেল ফ্ৰন্টে মাত্ৰ তিনিখন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৩ চনৰ ডিচেম্বৰ মাহত পাহাৰীয়া ৰাজ্যখনত আকৌ বিধান সভাৰ নিৰ্বাচন আহি আছে। বহুতৰে মুখত শুনিবলৈ পাইছোঁ এইবাৰ হেনো চৰকাৰ সলনি হ’ব। কাৰণ প্ৰতিটো দলেই ৫ বছৰ শাসন কৰে আৰু ৰাইজে অসন্তুষ্ট হৈ নতুন দলৰ চৰকাৰ গঠন কৰে, পিচৰ ৫ বছৰতো তাৰেই পুনৰাবৃত্তি হয়। ভাৰতবৰ্ষৰ অইন অইন ৰাজ্যৰ দৰে ইয়াতো দল আৰু চৰকাৰ নিৰ্বিশেষে দূৰ্নীতিয়ে গ্ৰাস কৰিছে। প্ৰথম যেতিয়া ইয়ালৈ আহিছিলোঁ, ভাৱ হৈছিল ইয়াতে দূৰ্নীতি নহয়। ইয়াৰ মানুহবোৰ যিহেতু বহুত সহজ-সৰল আৰু ঈশ্বৰভীতি বহুত বেছি সেই কাৰণেই চাগে’ তেনে এটা ধাৰণাই মোৰ মনলৈ আহিছিল। ইয়াৰ নিৰ্বাচনী প্ৰচাৰ মই দেখিছোঁ, একেবাৰেই সাধাৰণ। আমাৰ অসমত মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী প্ৰচাৰ ইয়াতকৈ বহুত গুণে বেছি বুলি ক’লে বঢ়াই কোৱা নহ’ব। বগা কাগজতে মাৰ্কাৰেৰে লিখি দুই এখন পোষ্টাৰ ওলোমাই থয়, ৰাস্তা বা দেৱাল লিখন দেখিবলৈ পোৱা দেখা নাযায়। ইয়াৰ ৰাজনীতিত গীৰ্জা আৰু ইয়ং মিজো এচ’ছিয়েছনৰ প্ৰভাব বহুত আছে। সঁচা কথা কবলৈ গলে এই সংগঠন দুটাই সমান্তৰাল ভাৱে চৰকাৰ চলাই থাকে।
আইজলত ধনী মানুহ বুলিবলৈ চৰকাৰী বিষয়া আৰু মন্ত্ৰী সকল মাত্ৰ। দুই এজন ব্যৱসায়ীক বাদ দিলে বেছি ভাগ ব্যৱসায়ী চৰকাৰী বিষয়া বা মন্ত্ৰী পৰিয়ালৰ সদস্য। ৰাইজৰ ধন ৰাইজৰ মাজলৈ গৈ নাপায়, চৰকাৰী প্ৰকল্প বেছিভাগ মন্ত্ৰী-বিষয়া বোৰে নিজৰ ঘৰতেই ৰূপায়ণ কৰে। ধনীবোৰ ধনী হৈ গৈ আছে আৰু দুখীয়াবোৰৰ অৱস্থা লাওলোৱা হ’ব ধৰিছে। কিন্তু আচৰিত কথা কোনোৱে ইয়াৰ প্ৰতিবাদ নকৰে, সাধাৰণ মানুহখিনেয়ে বুজি নাপায় নে বুজিবলৈ চেষ্টা নকৰে সেয়া মোৰ দুৰ্বোধ্য। গীৰ্জা বা ইয়ং মিজো এচ’ছিয়েছনে ইয়াৰ প্ৰতিবাদ কৰাও মই দেখা নাই। বাতৰি কাকতবোৰতো দূৰ্নীতিৰ বাতৰি প্ৰকাশ হোৱা চকুত নপৰে, গতিকে এজন নতুন ব্যক্তিয়ে ৰাইজৰ মাজত সোমাই নপৰিলে দুৰ্নীতিৰ গম ধৰিব নোৱাৰে। ৰেল লাইনৰ বিৰোধিতা কৰা, বিলাতী সুৰাৰ বিৰোধীতা কৰা আৰু উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাৰ ইয়ং মিজো এচ’ছিয়েছন আৰু ধৰ্মীয় ঐক্যৰ নেতৃত্ব দিয়া গীৰ্জাৰ ভূমিকাও সন্দেহৰ আওঁতাত নহয়।
পৰ্য্যটনৰ প্ৰচুৰ সুবিধা থকা আৰু আন্ত:ৰাষ্ট্ৰীয় সীমা চুই থকা এইখন সৰু পাহাৰীয়া ৰাজ্যই সংকীৰ্ণ ৰাজনীতি আৰু দূৰ্নীতিৰ উৰ্দ্ধলৈ আহিব পাৰিলে অনাগত দিনবোৰত নিজৰ জাতিটোৰ লগতে ৰাজ্যখনো উন্নতিৰ আধাৰ ৰচিব।