আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১০)- প্ৰাঞ্জল কলিতা

আইজলৰ পৰা মই প্ৰাঞ্জলে কৈছোঁ (১০)

প্ৰাঞ্জল কলিতা

 

মিজো-ছোৱালী আৰু প্ৰেম-বিবাহ: ২০০৮ চনত যেতিয়া মই মিজোৰামত চাকৰি কৰিবলৈ আহিছিলোঁ, তেতিয়া মই ২৩ বছৰীয়া চফল ডেকা, সেয়ে পৰিয়ালৰ মানুহৰ লগতে বন্ধুবোৰেও মোক মিজোৰামত সাৱধানে থাকিবলৈ কৈছিল, বিশেষকৈ মিজো ছোৱালীবোৰৰ পৰা। আজি প্ৰায় ৫ বছৰ মিজোৰামত পাৰ কৰাৰ পিছত মই দৃঢ়তাৰে ক’ব পাৰোঁ যে মিজোৰামৰ ধুনীয়া আৰু আবেদনময়ী ছোৱালীবোৰ সঁচাকৈয়ে আকৰ্ষণীয়।

কিন্তু আজিৰ পৰিৱেশ বহুত সলনি হ’ল। পুৰণি মানুহবোৰৰ পৰা শুনা পোৱা ১০-১৫ বছৰ আগৰ মিজোৰামৰ পৰিৱেশ আজি আৰু নাই। ভৈয়ামত মহিলাৰ সবলীকৰণৰ দাবী শুনি আহি অনুভৱ কৰিছিলোঁ এক ব্যতিক্ৰমী পৰিৱেশ, মিজোৰামত প্ৰয়োজন পুৰষৰ সবলীকৰণ। মিজোৰামত অধিকসংখ্যক দোকান-পোহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান মহিলাৰ দ্বাৰা পৰিচালিত। লাগিলে সেয়া পাচলি বা মাংসৰ দোকানেই হওক অথবা কাপোৰ বা চিমেন্টৰ দোকানেই হওঁক। ব্যৱসায়ৰ উপৰিও চাকৰি ক্ষেত্ৰতো অধিক সংখ্যক কাৰ্যালয়তে মহিলাৰ আধিপত্য দেখা যায়, লাগিলে সেয়া চৰকাৰী চাকৰিয়ে হওক অথবা ব্যক্তিগত খণ্ডৰ চাকৰিয়ে হওক। আনকি বিদ্যালয়-মহাবিদ্যালয়বোৰতো ছোৱালীয়ে গিজগিজাই থাকে, পৰীক্ষাৰ ফলাফলবোৰতো ছোৱালীয়েই শীৰ্ষস্থান দখল কৰি আহিছে। কিন্তু এটা প্ৰশ্নৰ উত্তৰ মই এতিয়াও বিচাৰি নাপাওঁ। সেয়া হল ৰাজ্যৰ ৰাজনীতিত বা অৰাজনৈতিক সংগঠন বোৰত মহিলাৰ অনুপস্থিতি। চাকৰি বা ব্যৱসায়ী ক্ষেত্ৰত সবল আৰু সফলভাৱে নেতৃত্ব লৈ অহা মহিলাখিনিক ৰাজনীতি বা অৰাজনৈতিক মঞ্চত নেতৃত্ব লোৱাৰ সময়ত এখন বিপৰীত চিত্ৰ প্ৰতিফলিত হয়। ইয়াৰ সঠিক কাৰণ আজিলৈকে মই বুজি নাপালোঁ যদিও বহুতে ইয়াক গীৰ্জাৰ প্ৰভাৱ বুলি কব খোজে।

 

এতিয়া আহোঁ অন্য এটা কথালৈ, মিজোৰামত সকলোবোৰ বিবাহেই প্ৰেম-বিবাহ বুলি এটা ধাৰণা সকলোৰে আছে। কিন্তু মই ক’ব খোজোঁ ইয়াত ‘এৰেঞ্জ মেৰিজ’ নহয়। তেন্তে সকলোৱে প্ৰেমত পৰিয়ে বিয়া হয় নেকি? যিহেতু বছৰ বছৰ ধৰি এনেকুৱা এটা ব্যৱস্থা চলি আহিছে যে পৰিয়ালৰ মানুহে দৰা বা কইনা বিচাৰি নিদিয়ে সেয়ে সকলোৱে নিজে নিজে দৰা বা কইনা বিচাৰি ল’ব লাগে। ল’ৰাবোৰৰ বাবে ছোৱালী পোৱা অসুবিধা নহয় কিন্তু ছোৱালীবোৰৰ বাবে পছন্দৰ ল’ৰা পোৱা সঁচাকৈ এক ডাঙৰ প্ৰত্যাহ্বান। গতিকে প্ৰেমত পৰিব নোৱাৰা জনৰ মানসিক অৱস্থা মনকৰিবলগীয়া। প্ৰেমত পৰা যেন এক প্ৰতিযোগিতা, আমাৰ ‘এৰেঞ্জ মেৰিজ’ত জাত-পাত বা ধনী-দুখীয়া বিচাৰ কৰাৰ দৰে ইয়াত তথাকথিত প্ৰেমবোৰতো জাত-পাত বা ধনী-দুখীয়া বিচাৰ কৰা হয়। মই দেখিছোঁ প্ৰেমৰ বাবে ভোকাতুৰ আবিয়ৈ ছোৱালীবোৰে দৰা পাবলৈ নিজকে প্ৰক্ষেপ কৰা আৰু দেখিছোঁ প্ৰেমত নপৰাকৈ জীৱন জীয়াৰ যাতনা। মই আগতে কৈছোঁ ইয়াৰ ছোৱালীবোৰ ল’ৰাবোৰতকৈ আগবঢ়া, সেয়ে বহু ছোৱালীয়ে নিজৰ সমকক্ষ ল’ৰা নাপাই এক বিৰাট সমস্যাৰ সন্মুখীন হয়। গতিকে ইয়াত দেখা যায় দৰাৰ বয়স কইনাৰ বয়সতকৈ কম বা আৰ্থিকভাৱে ছোৱালীজনী ল’ৰাজনতকৈ বেছি স্বচ্ছল। ল’ৰা-ছোৱালীৰ অনুপাত প্ৰায় সমান। কিন্তু বেছিভাগ ল’ৰাই নিচাসক্ত, ড্ৰাগছ বা মদ খাই তথাকথিত ‘স্পইলড চাইল্ড’। সেয়েহে মিজো ছোৱালীবোৰৰ পচন্দ অনা-মিজো ল’ৰা, যিয়ে কষ্ট কৰিব পাৰে বা যাৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধতা আছে। বহু অভিজ্ঞজনে ক’ব খোজে যে মিজো ল’ৰা বা পুৰুষবোৰ পৰিয়ালৰ প্ৰতি বা প্ৰেয়সীৰ প্ৰতি কম দায়বদ্ধ আনকি শাৰিৰীক সুখ দিয়াতো ব্যৰ্থ। এনেবোৰ কাৰণতে পুৰণি দিনত বহু অনা-মিজো ব্যক্তিৰ সতে মিজো ছোৱালী বিবাহ পাশত আৱদ্ধ হৈছে, পুৰণি দিনত চাকৰি কৰা বা পঢ়িবলৈ অহা অনা-মিজো ল’ৰাবোৰে মিজো ছোৱালী বিয়া পাতিছে বা মিজো ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে।

মই যেতিয়া প্ৰথম ইয়ালৈ আহিছিলোঁ এনেকুৱা দুই-এটা অবাঞ্চনীয় প্ৰস্তাৱ নোপোৱা নহয়। কিন্তু মিজো ছোৱালীবোৰৰ অনা-মিজো ল’ৰাৰ প্ৰতি থকা আকৰ্ষণে মিজো সমাজৰ সামাজিক সন্তুলন কিছু পৰিমাণে বিঘ্নিত হোৱাৰ উপক্ৰম হোৱাত এতিয়া অনানুষ্ঠানিকভাৱে স্থানীয় মিজো জাতীয়তাবাদী সংগঠনবোৰে মিজো ছোৱালীবোৰক অনা-মিজো ল’ৰাৰ সতে সম্পৰ্ক স্থাপনত বাধা আৰোপ কৰিছে। এক নিৰ্দেশনা জাৰি কৰা হৈছে অনা-মিজো ল’ৰাৰ সতে বিবাহ পাশত আবদ্ধ নহ’বলৈ। আগতে কোনো মিজো ছোৱালীৰ সতে অনা-মিজো ল’ৰাই বিয়া পাতিলে ল’ৰাজনে মিজোৰামত স্থায়ী বাসিন্দা হব পাৰিছিল বা সম্পত্তি ক্ৰয় কৰিব পাৰিছিল আৰু ছোৱালীৰ ভাগৰ সম্পত্তিবোৰ উপভোগ কৰিব পাৰিছিল। কিন্তু এতিয়া এই ব্যৱস্থাৰ পৰিৱৰ্তন আহিছে আৰু পুৰুষৰ দ্বাৰা পৰিচালিত জাতীয় সংগঠনবোৰে ইয়াৰ তদাৰকী কৰিছে, ইয়াৰ ফলশ্ৰুতিত এতিয়া মিজো ছোৱালী বিয়া পাতিলেই কোনোৱে মিজোৰামৰ স্থায়ী বাসিন্দা হ’ব নোৱাৰে বা সম্পত্তি ক্ৰয় কৰিব নোৱাৰে।

কিন্তু প্ৰেম-ভালপোৱাক জানো বাধা দি ৰাখিব পাৰে! আজিৰ প্ৰজন্মৰ বহু ছোৱালীৰ লগত কথা পাতিলে সিহঁতবোৰে মুকলিমুৰীয়াকৈ এই নিয়মাৱলীক সমালোচনা কৰে যদিও সমাজ এৰি অহাৰ সাহসো গোটাব নোৱাৰে, ইয়াৰ মাজতে দুই-এজনী বাহিৰত শিক্ষাগ্ৰহণ কৰা ছোৱালীয়ে সমাজৰ বাধা নেওচি অনা-মিজোৰ সতে সংসাৰ পাতে। আজিৰ দিনত এনেবোৰ উগ্ৰ জাতীয়তাবাদৰ বাবে মিজো ছোৱালী অনা-মিজো ল’ৰাৰ প্ৰেমত পৰাত বা বিয়া হোৱাত এতিয়া বাধা আহি পৰিছে। সেইকাৰণে বোধহয় আজিকালি ছোৱালীবোৰে ৰাস্তাত অনা-মিজো ল’ৰা দেখিলেও মূৰ তুলি নাচায় বা সমাজে দেখাকৈ অনা-মিজো ল’ৰাৰ সতে হাঁহি-ধেমালি নকৰে। কিন্ত কিমানদিন এনে বাধাই ধৰি ৰাখিব পাৰিব সেয়া লক্ষণীয় হ’ব। যিয়েই নহওক, এতিয়া মিজো ছোৱালীৰ পৰা ভয় কম, ৰাতি অকলে আৰামত আইজল চহৰত বিনাদ্বিধাই ঘূৰি ফুৰিব পাৰোঁ!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!